আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ৯ অক্টোবৰ, শনিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ৯ অক্টোবৰ, শনিবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ ভৱিষ্যতক লৈ বহু আশা দেখিব ৷ কোনো ব্যক্তিয়ে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে আৰু দুয়োজনে জীৱনক নতুন অৰ্থ দিব ৷ আপুনি মধুৰ সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ ঘৰলৈ যাবলৈ ভাল পাব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাক কিছু কথা ক'ব পাৰে ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপুনি আপোনাৰ প্ৰিয়তম বা প্ৰিয়তমাৰ সৈতে কিছু বিশেষ মুহূৰ্ত কটাব ৷ আপুনি বিত্তীয় লাভ আহৰণ কৰিব ৷ যদি আপুনি আপোনাৰ চাকৰি বা কামক লৈ বুদ্ধিমান হয়, তেন্তে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ লগত আজিৰ দিনটো অতিবাহিত কৰিব ৷

মিথুন : (২২ মে'- ২১ জুন)

আপুনি যিয়েই নকৰক কিয়, আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ সক্ষম নহ'ব ৷ আপুনি বুদ্ধিমান আৰু বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক শেষ কৰাৰ কথা চিন্তা কৰিব ৷ আপুনি এই কথা এনে কাৰণতে চিন্তা কৰিব যে আপুনি আন কামৰ চাপ বহন কৰিবলগীয়া হৈছে ৷ আপুনি আপোনাৰ কামৰ ক্ষেত্ৰত প্ৰণালী প্ৰস্তুত কৰিব ৷ আপুনি চাকৰিত উন্নতি সাধন কৰিব ৷ আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ কোনো বন্ধুৰ ঘনিষ্ঠ হৈ উঠিব পাৰে আৰু প্ৰেম-ৰোমান্সৰ সৃষ্টি হ'ব পাৰে ৷ আপোনালোক দুয়োজনৰে মাজত বহু কথাৰ মিল আছে আৰু দুয়োজনে জীৱন উপভোগ কৰাৰ ধাৰণাত বিশ্বাস কৰে ৷ মানুহৰ লগত আপুনি সংযোগ বৃদ্ধি কৰিব। আপুনি অ-প্ৰত্যাশিত লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব আৰু প্ৰচুৰ লাভ অৰ্জন কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাক আকৰ্ষণ কৰা কোনো ব্যক্তিক আজি লগ পাব ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী হ'ব ৷ আপুনি অতি সুখী আৰু আশীৰ্বাদ পুষ্ট অনুভৱ কৰিব ৷ আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব আৰু চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্ক উন্নত হ'ব ৷ আপুনি আপোনাৰ আচৰণ সলনি কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাত আপোনাক আপোনাৰ প্ৰিয়জনে সহায় কৰিব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে যি পাৰে কৰিব আৰু তেওঁ আপোনাৰ প্ৰতি কৃতজ্ঞ হ'ব ৷ আপুনি ব্যৱসায়ত ভাল লাভ অৰ্জন কৰিব। আপুনি চাকৰিৰ ক্ষেত্ৰত সন্মুখীন হোৱা বাধা-বিঘিনী দূৰ হ'ব ৷ আপুনি আপোনাৰ নিকট আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আজিৰ দিনটো আপোনাৰ বাবে ভালদিন হ'ব ৷ আপোনাৰ পৰিকল্পনা অনুসৰি সকলো কথা-বতৰা আগবাঢ়িব । আপোনাক আপোনাৰ জীৱনসংগীয়ে সহায় কৰিব আৰু আপোনাৰ বাবে বহুখিনি কৰিব ৷ আপুনি আনন্দ-সন্তুষ্টিৰ বাবে ভ্ৰমণ কৰাৰ ইংগিত সূচিত হৈছে। মানুহে আপোনাৰ কথা ইতিবাচকভাবে আলোচনা কৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ৷ আপোনাক মানুহে সহায় কৰি যাব ৷ আপুনি এটা ভাল খবৰ পাব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি ক্ষেত্ৰত এজনতকৈ অধিকৰ সৈতে সম্পৰ্ক গঢ়িব ৷ আপুনি কামত খৰধৰ নকৰিব ৷ অন্যথা সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷ আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব আৰু সিয়ে আপোনাক ব্যক্তিগতভাবে লাভান্বিত কৰিব ৷ আপোনাৰ মন সুখ-সন্তুষ্টিৰে ভৰি পৰিব। আপুনি উৰ্ধতন কৰ্তৃপক্ষৰ সংযোগলৈ আহিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

এজন আকৰ্ষণীয় ব্যক্তিয়ে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে ৷ আপুনি সেই ব্যক্তিজনৰ প্ৰতি পূৰ্বৰে পৰা আকৰ্ষিত হৈ আছে আৰু তেওঁৰ লগত আপোনাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব। আপোনাৰ ব্যক্তিগত সমস্যা সমাধানৰ বাবে আপুনি আবেগিক হোৱাৰ প্ৰয়োজন নাই। আপুনি শান্ত মনেৰে চিন্তা কৰক আৰু প্ৰতিটো কাম কৰক ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব ৷ আপুনি মনে মিলা বহু মানুহক লগ পাব আৰু ইয়ে আপোনাক জীৱন উপভোগ কৰাত সহায় কৰিব ৷ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি সদায়ে অতি ইতিবাচক মনৰ গৰাকী। কিন্তু বিবাহৰ উপযোগীসকলে সমস্যাৰ সন্মুখীন হ'ব ৷ আপুনি কামৰ বাবে বা অধ্যয়নৰ বাবে বিদেশলৈ যোৱাৰ কথা চিন্তা কৰিব ৷ আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কোনেও আপোনাৰ পৰা সুযোগ ল'ব নোৱাৰে তাৰ বাবে আপুনি সচেষ্ট থকাৰ প্ৰয়োজন ৷ আপুনি অতি উদ্যমী হ'ব আৰু কাম-কাজ সুন্দৰভাবে সমাপন কৰিব। প্ৰেমত আপুনি বিচৰা সকলোখিনিয়েই পাব ৷কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত অধিক চাপ থাকিব , যিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপুনি হ্ৰস্বম্যাদী ছুটী লোৱা উচিত ৷আপোনাৰ মন লক্ষ্যত নিৱদ্ধ থাকিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে তৰ্কাতৰ্কি কৰিব পাৰে। তেওঁ খঙত কোৱা কথাই আপোনাক আঘাত দিব পাৰে। আপুনি কথা-বতৰাবোৰ আগৰ দৰে আগবঢ়াই নিয়াৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব ৷ বহু যত্ন আৰু চেষ্টাৰ জৰিয়তে আপুনি সকলো কাম সমাপন কৰিবলৈ সক্ষম হ'ব ৷ আপুনি আপোনাৰ ব্যৱসায়ৰ জৰিয়তে অধিক আয় কৰিবলৈ চেষ্টা কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com