Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ১২ অক্টোবৰ, মঙলবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ১২ অক্টোবৰ, মঙলবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2021 4:56 AM GMT


মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ বাবে আজিৰ দিনতো শিহৰণ মিশ্ৰিত আনন্দৰ দিন হ'ব৷ আপোনাৰ বিপৰীত লিংগৰ পৰা অহা শক্তিশালী সংকেতে আপোনাৰ মনত অফুৰন্ত উৎসাহৰ সৃষ্টি কৰিব ৷ বৃহস্পতিবাৰে প্ৰচুৰ সুখ আৰু শান্তি আনিব। আপুনি আপোনাৰ জীৱনসংগীৰ পূৰ্ণ সমৰ্থন পাব ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ পৰাও সহায় পাব ৷ আপোনাৰ বাবে আজিৰ দিনটো আনন্দকৰ হ'ব ৷

বৃষ: (২১ এপ্ৰিল – ২১ মে' )

আপোনাৰ জীৱনত এজন নতুন ব্যক্তিয়ে প্ৰৱেশ কৰিব আৰু আপোনাৰ অন্তৰত প্ৰেমৰ অনুভূতিৰ জোৱাৰ উঠিব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷ আপুনি সকলো সা-সুবিধা লাভৰ বাবে চেষ্টা কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ শিক্ষাত ধন ব্যয় কৰিব৷ নতুন মানুহৰ লগত আপোনাৰ সংযোগ স্থাপন হ'ব ৷

মিথুন : (২২ মে' – ২১ জুন)

বৰ্তমানৰ অৱস্থাৰ পৰা আগলৈ যোৱাৰ বাবে আপুনি অতি সুন্দৰ সুযোগ পাব ৷ আপুনি ইয়াৰ পূৰ্ণ সুযোগ ল'ব আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা প্ৰেমৰ এনে এক অৱস্থাত থাকিব, য'ত আপোনালোকে জীৱন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে ৷ আপুনি আদালতৰ পৰা এক অনুকূল ৰায় পাব ৷ আপুনি প্ৰচুৰ সুযোগ পাব ৷ বিনিয়োগ সম্পৰ্কীয় কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সংশ্লিষ্ট নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰিব ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ পৰা সহায় পাব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি সময়ৰ কথা সময়তে গ্ৰহণ কৰক বা সময়ৰ সমস্যা সময়তে সমাধানৰ চেষ্টা কৰক ৷ ইয়ে জীৱন সহজ কৰি তুলিব ৷ আপুনি প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু ইয়ে আপোনাক হতাশ কৰিব পাৰে। কাৰণ তাৰ প্ৰভাৱ আপোনাৰ প্ৰেম-জীৱনতো পৰিব ৷ আপোনাৰ আশা-আকাংক্ষা পূৰণ হ'ব। আপুনি আপোনাৰ আগ্ৰহ পূৰণৰ বাবে সুযোগ পাব ৷ আপোনাৰ সৃজনশীল গুণ প্ৰতিভাত হ'ব ৷ আপুনি জ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আপোনাৰ বহু কথা নিমিলিলেও আজি আপুনি এই পাৰ্থক্যবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিব৷ বহুদিনৰ মূৰত আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বহু সময় কটাব ৷ আপুনি সুখী হ'ব আৰু তেওঁক বিয়াৰ প্ৰস্তাৱ দিব পাৰে ৷ আপোনালৈ ধনৰ আগমন ভাল হ'ব ৷ আপোনাৰ সন্তানে নতুন কথা শিকি সময় অতিবাহিত কৰিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি নাটকীয়তাৰ মাজেৰে কোনো সফলতা উদযাপন কৰিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিয়াৰ প্ৰস্তাৱ দিব পাৰে আৰু তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰি আপোনাৰ অন্তৰত প্ৰচুৰ আনন্দৰ সৃষ্টি কৰিব পাৰে ৷ ৷ আপুনি তেওঁক কোনো প্ৰতিশ্ৰুতি দিব পাৰে আৰু ইয়ে বিবাহৰ পৰিৱেশ সূচিত কৰিব পাৰে ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷ আপুনি বিদেশৰ পৰাও কামৰ অৰ্ডাৰ পাব পাৰে ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

জীৱিকাৰ সৈতে জড়িত কামে আপোনাক ব্যস্ত কৰি ৰাখিব। কিন্তু আপুনি আপোনাৰ প্ৰিয়তম বা প্ৰিয়তমাৰ সৈতেও সময় অতিবাহিত কৰিব ৷ আপুনি বৈশিষ্ট্যপূৰ্ণ সফলতা লাভ কৰিব ৷ ইয়ে আপোনাৰ সামৰ্থ্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীও আপোনাৰ প্ৰতিভাক লৈ সন্তুষ্ট হ'ব ৷ আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ লগত সুন্দৰ সম্পৰ্ক ৰক্ষা কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি কৰা কোনো ভ্ৰমণৰ সময়ত কোনো ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে ৷ আপুনি তেওঁৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ব্যক্তিৰ ঘনিষ্ঠ হ'বলৈ সকলো চেষ্টাই চলাব । আপুনি জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু নতুন নতুন কাম কৰে ৷ আপুনি কোনো অ-পৰিচিত ব্যক্তিৰ লগত ৰোমাণ্টিক সম্পৰ্ক গঢ়ি তুলিব পাৰে ৷ কিন্তু তেওঁক জীৱনসংগী কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আপুনি সময় ল'ব ৷ আপোনাৰ ব্যৱসায়িক সংগীয়ে আপোনাৰ ব্যৱসায়ৰ প্ৰস্তাৱ গ্ৰহণ কৰিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি প্ৰেমত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আপুনি মৰম-স্নেহ ধন্য হ'ব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাক আস্থাত ল'ব৷ আপুনি ভদ্ৰ আৰু ৰুচীশীল হব ৷ আপোনাৰ জীৱনসংগীৰ বুজাপৰা গুণ থাকিব ৷ তেওঁ আপোনাক সমৰ্থন কৰি যাব ৷ সমাজত আপোনাৰ মান-সন্মান বৃদ্ধি পাব ৷ আপুনি আপোনাৰ পৰিয়ালকো সময় দিব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক প্ৰত্যাশা কৰাটোৱে সম্পৰ্কত আঘাত হানিব পাৰে ৷ আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অধিক বাস্তৱবাদী হওক ৷ আপুনি আপোনাৰ কাম কৰি যাবলৈ দৃঢ়প্ৰতিজ্ঞ হ'ব ৷ উত্থান-পতনৰ মাজেৰে আপুনি অগ্ৰসৰ হ'ব ৷ আনক দোষ জাপি দি লাভ নাই ৷ আপুনি ব্যক্তিগত যোগোযোগৰ বলত কাম আদায় কৰিবলৈ সক্ষম হব। মানুহে আপোনাক সহায় কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ )

সকলো সময়তে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সমালোচনা কৰাৰ অভ্যাস ত্যাগ কৰিলে আপুনি ৰোমান্স উপভোগ কৰিব পাৰিব ৷ আপুনি জীৱন যাপনৰ গতি-পথ সলনি কৰক আৰু মৰম-স্নেহ প্ৰদৰ্শন কৰক। তাৰ পাচত ফলাফল চাওক। ইয়ে আপোনালৈ হাঁহি কঢ়িয়াই আনিব। আজিৰ দিনটো আপোনাৰ বাবে সুখৰ দিন হ'ব ৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু তাৰ ফল লাভ কৰিব ৷ আপুনি শান্ত-সৌম্য হৈ থাকিব। এই সময় হৈছে আপুনি নিজকে জুঁকিয়াই চোৱাৰ সময়।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ নতুন প্ৰেমিক বা প্ৰেমিকাক আজি আপুনি সাক্ষাৎ কৰিব আৰু ইয়ে আপোনাৰ জীৱনত নথকা সুখ জীৱনলৈ সুখ কঢ়িয়াই আনিব ৷ ঘৰৰ পৰা ওলাই এপাক ফুৰিবলৈ যাওঁতে আপুনি সুন্দৰ মুহূৰ্ত উপভোগ কৰিব ৷ আপুনি কঠিন প্ৰত্যাহ্বান অতিক্ৰম কৰিব আৰু অগ্ৰসৰ হ'ব ৷ দৈনন্দিন ব্যৱহাৰৰ বাবে আপুনি কিছু বস্তু কিনিব ৷ আপুনি শিক্ষাৰ সৈতে জড়িত সকলো সমস্যা সমাধান কৰিব ৷ আপুনি মানসিক শান্তি পাব ৷

Next Story