Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৪ অক্টোবৰ, বৃহস্পতিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৪ অক্টোবৰ, বৃহস্পতিবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Oct 2021 4:46 AM GMT


মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ বাবে এই সময়ছোৱা জটিলতাৰে ভৰা প্ৰত্যাহ্বানজনক সময়। আপুনি পেচাগত অত্যধিক মনোনিৱেশ কৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি আপোনাৰ প্ৰিয়জনক সময় দিব নোৱাৰিব পাৰে ৷ ইয়ে তেওঁক অ-সুখী কৰিব ৷ আপুনি পেচা আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ধৰি ৰখাৰ প্ৰয়োজন হ'ব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু বুজাবুজি থাকিব ৷ আপুনি আপোনাৰ অহংবোধ আঁতৰাই কামত মনোনিৱেশ কৰাৰ প্ৰয়োজন। আপুনি অ-সঠিক ব্যক্তিজনৰ প্ৰভাৱৰ পৰা নিজক মুক্ত কৰাৰ প্ৰয়োজন হ'ব ৷

বৃষ: (২১ এপ্ৰিল -২১ মে')

আপুনি অতীতৰ ভুল-ভ্ৰান্তিৰ পৰা অনেক কথা শিকিব আৰু বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কত গুৰুত্ব দিয়া উচিত ৷ আপুনি আনন্দ-স্ফূৰ্তি কৰিবলৈ সময় নাপাব ৷ ব্যৱসায়ৰ সৈতে জড়িত কাম-কাজে গুৰুত্ব পাব ৷ আপুনি উচ্চপদস্থ বিষয়াৰ লগত সংযোগ স্থাপন কৰিব ৷ আপুনি সামাজিক কাম-কাজৰ সৈতেও ব্যস্ত থাকিব ৷ আপুনি আপোনাৰ বন্ধুৰ পৰা অনুপ্ৰেৰণা পাব ৷

মিথুন : (২২ মে'-২১ জুন)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত অন্তভুৰ্ক্তিকৰণৰ এক অনুভূতি জাগ্ৰত হ'ব আৰু এই অনুভৱক লৈ আপুনি সুখী হ'ব। আপুনি বুদ্ধিমত্তাৰে সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন হ'ব ৷ আপুনি কামৰ প্ৰতি নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব ৷ মানুহৰ প্ৰতি আপুনি আনুগত্যশীল হ'ব ৷

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি খৰধৰকৈ সিদ্ধান্ত নল'ব ৷ আপুনি কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সময় লৈ চিন্তা কৰিব৷ আপুনি আজি বহু কাম কৰিব ৷ আজিৰ দিনটো আপোনাৰ বাবে কৃতিত্বৰ দিন ৷ আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ লগত সময় অতিবাহিত কৰিব ৷ আপুনি তেওঁলোকৰ লগত সুখৰ সময় পাৰ কৰিব ৷

সিংহ: (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি কথা-বতৰাবোৰ সহজে নল'ব ৷ কাৰণ এই সময়ছোৱা আপোনাৰ বাবে প্ৰত্যাহ্বানজনক পৰীক্ষণীয় সময় হ'ব ৷ কামেই সফলতাৰ মূল হ'ব ৷ আপোনাৰ নাম কোনো বিতৰ্কৰ লগত সাঙোৰা হ'ব পাৰে ৷ আপুনি সতৰ্ক হোৱাৰ প্ৰয়োজন আৰু কথা-বতৰাবোৰ নিৰীক্ষণত ৰখাৰ প্ৰয়োজন ৷ কিন্তু আপোনাৰ উপদেশক গুৰুত্ব দিব ৷ আপুনি আজি এগৰাকী চেলিব্ৰিটিক লগ পাব পাৰে ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ ভাবোজ্জ্বল প্ৰকৃতিৰ বাবে বহুজন আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু তেওঁলোকৰ ৰোধ কৰিব নোৱৰা যেন আপুনি অনুভৱ কৰিব ৷ আপুনি সকলোকে আকৰ্ষণ কৰি এক ভাল সময় পাৰ কৰিব ৷ আপোনাৰ পৰিকল্পনা ফলদায়ক হ'ব৷ আপোনাক কামৰ ক্ষেত্ৰত প্ৰত্যেকেই আপোনাক প্ৰশংসা কৰিব ৷ আপুনি আপোনাৰ প্ৰতিভাৰ সম্পূৰ্ণ প্ৰয়োগ কৰিব আৰু লাভ বৃদ্ধি কৰিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি প্ৰেমৰ অনুভৱক পুনঃপুনঃ চেপি ধৰি ৰাখিব ৷ জীৱনৰ ব্যস্ততাৰ মাজতে ই আপোনাৰ অন্তৰত অনেক সুখানুভূতি আৰু আনন্দৰ সৃষ্টি কৰিব ৷আপোনাৰ নিজৰ মানুহেই আপোনাক সংকটত পেলাব পাৰে ৷ আপুনি ঠগ খাব পাৰে ৷ কিন্তু আপুনি শিশুকে ধৰি নিকট সকলোৰে লগত সুন্দৰ ব্যৱহাৰ কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত দূৰ ভ্ৰমণ কৰিব পাৰে ৷ এই সময়ত আপুনি তেওঁৰ কোনো নজনা চিত্ৰাকৰ্ষক দিশ উদ্ঘাটন কৰিব ৷ আপোনা লোক দুয়োজনৰ বাবে দিনটো অতি আনন্দকৰ দিন হ'ব ৷ আপুনি এটা ভাল খবৰ পাব ৷ আপোনাৰ কিছু নতুন কথা শিকাৰো আকাংক্ষা থাকিব ৷ আপুনি সৃষ্টিশীলো হ'ব ৷ কৰ্মস্থলীত আপুনি নিজকে উপভোগ কৰিব ৷ কিছু নতুন কথাক লৈ আপুনি সুখী হ'ব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে একেলগে কটোৱা সময়ৰ পৰিমাণ বৃদ্ধি পাব ৷ আপুনি আপোনাৰ প্ৰিয়জনক সন্তুষ্ট কৰিবলৈ সকলোখিনি কৰাৰ চেষ্টা কৰিব আৰু তেৱোঁ তেনে কৰাত পিছ পৰি নৰ'ব ৷ কিন্তু আজিৰ দিনটো আপোনাৰ বাবে সংঘাতৰ দিন হ'ব ৷ আপুনি কাজিয়া-পেচাল কৰি সময় অপব্যয় কৰিব ৷ কিন্তু সেই কাজিয়া মূৰকত অনৰ্থক প্ৰমাণিত হ'ব ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ সৈতে আপোনাৰ জীৱনসংগীৰ বান্ধোন অধিক শক্তিশালী হ'ব ৷ আপুনি ইয়াকে কৰিবলৈ অনেক চেষ্টা কৰিব লাগিব। সেই সময়ছোৱাৰ প্ৰতিটো মুহূৰ্তত আপুনি আনন্দিত হ'ব৷ আত্মীয়-স্বজন আৰু বন্ধুবৰ্গক কৰা সাক্ষাতে আপোনাৰ অন্তৰত নতুন অনুভূতি আৰু শক্তি জাগ্ৰত কৰিব ৷ আপোনাৰ কামত আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী সম্পদ হ'ব ৷ আপুনি ধনৰ ভাল আয় কৰিব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কৰ্ম-ব্যস্ততাৰ বাবে আজিৰ দিনটোৰ আগবেলাৰ সময়চোৱা আপুনি দৌৰাদৌৰি কৰি থাকিব লাগিব৷ পাছৰ সময়ছোৱাত আপুনি কিছু জিৰণি ল'ব পাৰিব আৰু প্ৰিয়জনৰ সৈতে ভাল সময় অতিবাহিত কৰিব পৰাৰ সুযোগ পাব পাৰে ৷ আপুনি আপোনাৰ মৰমৰজনক লগ পাব ৷ আপুনি সফলতা পাবই ৷ আপুনি আপোনাৰ শাৰীৰিক আৰু আবেগিক দিশ শক্তিশালী কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক যিমানপাৰে সোনকালে বিবাহপাশত আৱদ্ধ হ'বলৈ কোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ আপুনি জীৱনত স্থিৰতা অৰ্জনৰ প্ৰয়োজন হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷ আপোনাৰ আঁতৰত বাস কৰা বন্ধুবৰ্গ আৰু আন মানুহৰ লগত আপুনি সংযোগ স্থাপন কৰিব ৷ আপুনি নিজৰ মাজত কিছু পৰিৱৰ্তন অনুভৱ কৰিব ৷

Next Story
চাকৰি