আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৫ অক্টোবৰ, শুকুৰবাৰ, ২০২১)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৫ অক্টোবৰ, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : ( ২১ মাৰ্চ – ২০ এপ্ৰিল )

কিছু আনন্দ-উৎসাহ লাভৰ বাবে আপুনি এক চমু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আপোনাৰ জীৱনসংগী আপোনাৰ প্ৰতি সঁহাৰি দায়ক হ'ব আৰু আপোনালোক দুয়োৰে সম্পৰ্কত প্ৰচুৰ ইতিবাচকতা বিৰাজ কৰিব ৷ আপুনি আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি যি বিচাৰে, সেয়া ইতিমধ্যে পাইছে ৷ আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গই সন্মুখীন হোৱা সমস্যা দূৰ কৰিবলৈ আপুনি নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি চেষ্টা কৰিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে)

আপুনি এজন নতুন ব্যক্তিক লগ পাব পাৰে আৰু তেওঁৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব ৷ আপোনাৰ প্ৰেম-ৰোমান্স আৰম্ভ হ'ব পাৰে ৷ আপুনি কোনো উৎসৱ-পাৰ্বণ উদযাপন কৰিব ৷ আপোনাৰ পৰিয়ালত কোনো নতুন সংযোগ ঘটিব ৷ আজিৰ দিনটো আপোনাৰ বাবে অতি সুখদায়ক দিন হ'ব ৷ ক্ৰয়-বিক্ৰয় আৰু ঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাম দ্ৰুতগতিৰে হ'ব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত কোনো অনিশ্চয়তাৰ সৃষ্টি হ'ব আৰু ইয়ে আপোনাক অশান্তি দিব ৷ এই বিষয়ে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আলোচনা কৰাটোৱেই সৰ্বশ্ৰেষ্ঠ উপায় হ'ব ৷ আপুনি নিজকে অধিক সামাজিক কৰি তুলিব ৷ মানুহৰ লগত আপোনাৰ সংযোগ অধিক বৃদ্ধি পাব ৷ এই সময় হৈছে কোনো ডাঙৰ কামৰ পৰিকল্পনা কৰাৰ সময় ৷ ভাগ্য আপোনাৰ অনুকূলে আছে ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ প্ৰিয়জনে কৰা এটা কামক লৈ সমালোচনাত্মক দৃষ্টি ল'ব ৷ ইয়াক লৈ আপোনাৰ সৈতে আপোনাৰ প্ৰেমিকাৰ মাজত ভুল বুজিবুজিৰ সৃষ্টি হ'ব পাৰে ৷ তেতিয়া আপুনি সম্পৰ্ক পুনৰ ভাল কৰাবলৈ অতিৰিক্ত চেষ্টা কৰিব লাগিব ৷ আপোনাৰ ধৰ্মীয় স্থানত চন্দ্ৰ সক্ৰিয় হৈ আছে ৷ গতিকে ধৰ্ম-কৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব ৷ আপোনাৰ ইতিবাচক দৃষ্টিভংগী আৰু চিন্তাই আপোনাক আগলৈ লৈ যাব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেম-জীৱন ভাল হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ সকলো কৰিব ৷ এনে মনোযোগৰ ফলত জীৱনত সুখ বিৰাজ কৰিব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ সংগ সহায়ক হ'ব ৷ আপুনি ধৰ্মীয় কাম-কাজকলৈ ব্যস্ত থাকিব ৷ আপুনি ধনৰ লাভ অৰ্জন কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ সৈতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ থকা উমৈহতীয়া আগ্ৰহৰ কথাবোৰে দুয়োকে দুয়োৰে অধিক ওচৰ চপাই আনিব ৷ আপোনালোক দুয়োজনকে উদ্বিগ্ন কৰা কোনো বিত্তীয় জটিলতা থাকিব ৷ আজি আপুনি এটা সুখৰ দিন উপভোগ কৰিব ৷ আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সফলতা আপোনাৰ পক্ষত ৷ এটা নতুন প্ৰকল্পক লৈ আপোনাৰ অন্তৰত প্ৰচুৰ উৎসাহ-উদ্দীপনা থাকিব ৷ আপুনি আপোনাৰ ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লৈ ভাব গধুৰ হ'ব ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কত আনন্দ বিৰাজ কৰিব ৷ আজি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব ৷ আপুনি আপোনাক সদায়ে সহায় কৰিবলৈ সাজু থকা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায় লওক ৷ আপুনি আজি কোনো প্ৰিয় স্থান ভ্ৰমণলৈ যাব আৰু তাৰ পৰাই কাম কৰিব ৷ আপোনাৰ সাহস আৰু শক্তি-সামৰ্থ বৃদ্ধি পাব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আজি আপোনাৰ মূল্যবান কাম কৰিবলৈ প্ৰস্তুত নহ'ব ৷ কিন্তু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই জীৱন আনন্দকৰ কৰি তুলিব ৷ আপুনি পৰিয়াল আৰু সমাজক সম্পূৰ্ণ সময় দিব ৷ আপুনি কাগজ-পত্ৰৰ কাম কৰি শেষ কৰিব আৰু আপোনাৰ কৰ আদায়ৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব ৷ আপুনি কোনো ব্যৱসায়ী বা ৰাজনীতিকৰ সংস্পৰ্শলৈ আহিব ৷

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ ওপৰত পৰা হেঁচা সহজে চম্ভালি ল'ব ৷ আপুনি চমু দূৰত্ব ভ্ৰমণৰ সম্ভাৱনা আছে ৷ আপোনাৰ জীৱন শিহৰণ মিশ্ৰিত আনন্দকৰ হ'ব ৷ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি ভালদৰে সময়ৰ ব্যৱস্থাপনা কৰিব ৷ কিছু আইনী বিষয়ক লৈ আপুনি অধিবক্তাৰ সৈতে আলোচনা কৰিব ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি আজি এটা সুন্দৰ দিনৰ অপেক্ষাত থাকিব পাৰে ৷আপুনি নতুন মানুহ লগ পাব আৰু নিজকে অধিক সামাজিক কৰি তুলিব ৷ আপোনাৰ কথাই আপোনাৰ বন্ধুবৰ্গক আঘাত দিব পাৰে ৷ পেচাগত প্ৰতিদ্বন্দ্বীৰ পৰা আপুনি কঠিন প্ৰত্যাহ্বান পাব পাৰে ৷ আপুনি ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা লক্ষ্য আৰু উদ্দেশ্যত আপুনি উপনীত হ'ব পাৰিব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

এটা ঘটনাবহুল দিনে আপোনালৈ অপেক্ষা কৰিছে ৷ আপুনি পৰিস্থিতি সাপেক্ষে সাৱধানেৰে কথা কোৱা উচিত হ'ব ৷ আপুনি এই কথা মনত ৰাখক আৰু আপোনাৰ প্ৰেমৰ পথ মসৃণ হ'ব ৷ আপুনি আপোনাৰ পেচাদাৰী জীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত এটা ভাৰসাম্য ধৰি ৰাখিব ৷ ব্যৱসায়ৰ সৈতে জড়িত বিত্তীয় বিষয়ক লৈ আপুনি ব্যস্ত থাকিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আজিৰ দিনটো আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত শান্তিপূৰ্ণভাবে অতিবাহিত কৰিব ৷ এই সময়ছোৱা আপোনাৰ বাবে পাতলীয়া কথা-বতৰাত আনন্দ লোৱাৰ সময় ৷ গুৰু-গম্ভীৰ বৌদ্ধিক আলোচনা এৰাই চলক ৷ পৰিয়ালৰ এক গে'ট টুগেদাৰ হ'ব ৷ আপুনি সুন্দৰভাবে আপোনাৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব ৷ ব্যৱসায়ত আপুনি প্ৰচুৰ ধন অৰ্জন কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com