Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৯ অক্টোবৰ, মঙলবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (১৯ অক্টোবৰ, মঙলবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Oct 2021 4:23 AM GMT

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

যদি আপুনি কাৰোৰে প্ৰেমত পৰা নাই, তেন্তে আপোনাক আকৰ্ষণ কৰা কোনো ব্যক্তিক লগ পাব ৷ আপোনালোকৰ মাজত বহু কথাৰ ভাগ-বাটোৱাৰা কৰিবলৈ থাকিব আৰু দুয়োজনৰে অন্তৰত প্ৰেমৰ অনুভৱ জাগ্ৰত হ'ব ৷ কোনোবা এজনে আপোনাক আবেগিকভাবে শোষণ কৰিবলৈ বিচাৰিব, কিন্তু আপুনি তেওঁৰ জালত ভৰি নিদিব ৷ আপুনি আপোনাৰ জীৱনক অগ্ৰাধিকাৰসমূহক গুৰুত্ব দি যাব ৷ আপুনি কথা-বতৰাবোৰ আপোনাৰ অনুকূলে থকাটো লক্ষ্য কৰিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি এনে এটা পৰিস্থিতিৰ মুখামুখি হোৱা উচিত যাতে, আপুনি জানিব পাৰে, সেই পৰিস্থিতি আপুনিয়েই নিয়ন্ত্ৰণ কৰি আছে ৷ আপুনি সমস্যা সমাধানৰ চেষ্টা কৰা উচিত আৰু তাৰ ফলাফল চাওক ৷ গ্ৰন্থপ্ৰেমীৰূপে আপুনি অনুপ্ৰেৰণাদায়ক, জ্ঞানবৰ্ধক আৰু চিত্ৰাকৰ্ষক সাহিত্য পঢ়িব ৷ আপুনি কোনো নতুন কাম আৰম্ভ কৰিলে, একো বাধা নাপাব ৷

মিথুন : (২২ মে'- ২১ জুন)

মানুহলৈ সম্ভৱতঃ আপুনি ভুল সংকেত প্ৰেৰণ কৰিব , যাৰ বাবে আপুনি তেওঁলোকক আকৰ্ষণ কৰিব নোৱাৰিব ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আপুনি আনৰ লগত মিলি থকাৰ চেষ্টা কৰিলেও নিজকে অকলশৰীয়া অনুভৱ কৰিব ৷ গতিকে আপুনি আনৰ লগত খাপ খাবলৈ নিজৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন। আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব ৷ কোনো এজন ঘনিষ্ঠ ব্যক্তিয়ে আপোনাক সহায় কৰিব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷

কৰ্কট: (২২ জুন- ২২ জুলাই)

আপুনি আজি নিৰাশ হৈ থাকিবলগীয়া হ'ব পাৰে ৷ আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায়-সমৰ্থন নোপোৱাৰ বাবে আপুনি আপোনালোকৰ উমৈহতীয়া আগ্ৰহৰ বিষয়ত হতাশাৰ সূচনা হ'ব পাৰে ৷ আপুনি আন্তৰিকতাৰে আপোনাৰ কাম শেষ কৰিব ৷ আপুনি নাম-যশস্যা আহৰণ কৰিব আৰু মানুহৰ লগত প্ৰত্যক্ষভাবে কথা পাতিব ৷ পূৰ্বতকৈ মানুহৰ ওপৰত আপোনাৰ কৰ্তৃত্ব অধিক হ'ব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সৰু-সুৰা মতানৈক্যৰ বাবে জটিলতাৰ সৃষ্টি হ'ব পাৰে ৷ ইয়াৰ ফলাফল আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিছে। জীৱনসংগীৰ লগত আপোনাৰ সম্পৰ্ক উন্নত হ'ব ৷ আপুনি ভাল খবৰ পাব। আপুনি কৰা কামৰ বাবে ভৱিষ্যতে পুৰস্কৃত হ'ব। আইন সংক্ৰন্তীয় বিষয়ত আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লবলগীয়া হ'ব পাৰে।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

যদিও আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক চলাই ৰাখিব বিচাৰে, তথাপি আপোনাৰ প্ৰেমত আন্তৰিকতা নাথাকিব ৷ আপুনি এই সম্পৰ্ক ধৰি ৰাখিব বিচৰাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব ৷ সকলো দিশৰ পৰাই সময় আপোনাৰ বাবে অনুকূল ৷ বিত্তীয় দিশত আপুনি অতি শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ বাবে পিতৃ-মাতৃক দিবলৈ সময় উলিয়াব ৷ মহৎ কৰ্মৰ জৰিয়তে আপুনি পুৰষ্কৃত হ'ব ৷

তুলা: (২৩ ছেপ্টেম্বৰ -২৩ অক্টোবৰ)

আপোনাৰ সামাজিক সম্পৰ্ক বৃদ্ধি পাব আৰু আপুনি নতুন নতুন মানুহ লগ পাব ৷ আপুনি প্ৰেম মৰিচীকা বুলি ভাবিব পাৰে, কিন্তু আপুনি বন্ধুবৰ্গৰ এজনক আকৰ্ষণীয় অনুভৱ কৰিব ৷ আপুনি এক প্ৰগতিশীল সময়ৰ অধ্যায়ত আছে ৷ পৰিয়াল আপোনাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ'ব ৷ আপুনি আপোনাৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে আপুনি অংশীদাৰী ব্যৱসায়ৰ চুক্তি কৰিব পাৰে ৷ যিটো আপোনাৰ সহজে ফলদায়ক প্ৰমাণিত হ'ব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি এক ৰোমাণ্টিক সম্পৰ্ক আৰম্ভ কৰিব ৷ আপোনাৰ আত্মবিশ্বাসী ভাবমূৰ্তিৰ জৰিয়তে আপুনি অনেক মানুহৰ লগত সহজে বন্ধুত্ব গঢ়িব পাৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ বিচাৰিব ৷ আপুনি আনৰ অতি সহায়কাৰী হ'ব আৰু তেওঁলোকৰ দুখ-অসুবিধাৰ বিষয়ে জানিবলৈ বিচাৰিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি এক ভাল সময়ৰ দিশে অগ্ৰসৰ হৈছে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কৰিবলগীয়া বহু কাম আছে ৷ দুয়োজনে ভাললগা কথা-বতৰা ভাগ-বাটোৱাৰা কৰিব আৰু ভৱিষ্যতৰ বাবে ডাঙৰ আঁচনি প্ৰস্তুত কৰিব ৷ যদি আপুনি চাকৰি কৰে, তেন্তে আপুনি নিজৰ পচন্দৰ স্থানলৈ বদলি হ'ব ৷ আপুনি আপোনাৰ সন্তানৰ যতন লোৱাৰ প্ৰয়োজন ৷ কাৰণ তেওঁলোকক আপোনাৰ দিহা-পৰামৰ্শৰ প্ৰয়োজন। আপুনি এজন নতুন ব্যক্তিৰ লগত সংযোগ স্থাপন কৰিব ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি কোনো বিষয় আলোচনা নকৰাকৈ সম্ভৱতঃ থাকি গৈছে ৷ এতিয়া তেনে বিষয় আলোচনা কৰাৰ সময়। আপুনি সুখী হ'ব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো আপোনাৰ দৰেই কথাবোৰ চিন্তা কৰিছে ৷ আপোনাৰ জীৱনত ইতিবাচক চিন্তা, আনন্দ-স্ফূৰ্তি আৰু ধন থাকিব ৷ আপুনি সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰিব ৷ ব্যৱসায়ত আপুনি দুগুণ লাভ পাব ৷

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

কেতবোৰ প্ৰতিবন্ধকতা দূৰ কৰিবলৈ কৰা চেষ্টাই আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল কৰিব ৷ আপুনি পৰিপক্কতাৰে কৰা কামে আপোনাক সহায় কৰিব৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব ৷ আপুনি কোনো ধৰণৰ অনিশ্চয়তা সহ্য নকৰিব আৰু কোনোৱেই আপোনাৰ কামৰ প্ৰতি থকা আনুগত্যক অস্বীকাৰ কৰিব নোৱাৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ পৰা আঁতৰি যাবলৈ ধৰা কোনো ব্যক্তিক ৰাখিবলৈ চেষ্টা নকৰিব ৷ কাৰণ আপুনি দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি দিব নোৱাৰিব ৷ ভাল পৰিৱেশ উপভোগ কৰি থকাৰ মাজতে আপুনি নিজৰ কামো সম্পূৰ্ণৰূপে কৰি শেষ কৰিব ৷ আপুনি আপোনাৰ ঘৰ আৰু কাৰ্যালয়ৰ ডেক'ৰেচন আৰু পুনৰ নিৰ্মাণৰ কাম কৰিব ৷

Next Story
চাকৰি