আপোনাৰ এই সপ্তাহৰ ৰাশিফল, ( দেওবাৰৰ পৰা শনিবাৰলৈ)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)
আপোনাৰ এই সপ্তাহৰ ৰাশিফল, ( দেওবাৰৰ পৰা শনিবাৰলৈ)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৮, ১৭, ২৬

শুভ বাৰসমূহঃ সোমবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ নীলা, সেউজীয়া, বগা

                                                               আপোনাৰ এই সপ্তাহৰ ৰাশিফল, ( দেওবাৰৰ পৰা শনিবাৰলৈ)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

কামৰ হেঁচা থকাৰ পৰিপ্ৰেক্ষিতত আপুনি দুঃশ্চিন্তাৰ সন্মুখীন হ'ব পাৰে ৷ কিন্তু কঠোৰ পৰিশ্ৰমৰ বলত আপুনি প্ৰচুৰ ধন অৰ্জন কৰিবলৈ সক্ষম হ'ব ৷ সময়ছোৱাত আপুনি ধনৰ ক্ষেত্ৰত পুৰস্কৃত হোৱাৰ দৰে হ'ব ৷ আপুনি ব্যৱসায়ী সু-পৰিচালনা কৰিব ৷ আপুনি কৰ্ম-আঁচনি প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে ৷ সময় আপোনাৰ বাবে অনুকূল। কেৰিয়াৰ আৰু চাকৰিৰ ক্ষেত্ৰত আপুনি ভাল সুযোগ পাব ৷ আপুনি ঘৰুৱা জীৱনত সন্মুখীন হোৱা সকলো সমস্যা আৰু জটিলতা সমাধান হ'ব ৷ এই সময়ছোৱাত আপুনি কোনো ধৰণৰ ৰিস্ক নলয় ৷ আপোনাৰ স্বাস্থ্য অধিক উন্নত হ'ব ৷ স্বামী-স্ত্ৰীৰ মাজৰ আৰু পিতৃ-মাতৃৰ সৈতে থকা সন্তানৰ ব্যৱধান দূৰ হ'ব ৷ আপোনাৰ ৰাশিচক্ৰৰ চন্দ্ৰৰ স্থানে আপোনাৰ যাত্ৰাপথ উজ্জ্বল কৰি তুলিব ৷ আপোনাৰ শত্ৰু আৰু বিৰোধী পৰাভুত হ'ব আৰু মানুহৰ লগত আপোনাৰ সংযোগ অব্যাহত থাকিব ৷ আপোনাৰ পৰিয়ালৰ সুখ বৃদ্ধি পাব ৷ 

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপুনি এই সপ্তাহত ভ্ৰমণৰ সৈতে জড়িত বহু কাম কৰিব ৷ আপুনি অনেক মানুহ লগ পাব আৰু তেওঁলোকৰ পৰা বহু কথা শিকিব ৷ আপুনি ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু লাভ অৰ্জন কৰিব ৷ আপুনি আপোনাৰ আচাৰ-আচৰণলৈ পৰিৱৰ্তন আনিব ৷ আপুনি অতি দায়িত্বশীল হব আৰু দায়িত্ব যথাযথভাবে সম্পাদন কৰিব। ভাই-ভনীৰ মাজত সুন্দৰ বুজাপৰা তথা বান্ধোন থাকিব। এই সময়ছোৱা আপোনাৰ বাবে ভাল। আপোনাৰ জীৱনসংগীয়ে আপোনাক সহায় কৰিব। আপুনি আপোনাৰ পৰিয়ালত প্ৰিয়পাত্ৰ হৈ উঠিব। আপুনি চাকিৰ বা ব্যৱসায়ত সুযোগ লাভ কৰিব। আপোনাৰ বাবে এই সময় হৈছে লাভ অৰ্জনৰ সময়। আপুনি প্ৰেম-ৰোমান্সক লৈ ব্যস্ত থাকিব। অ-বিবাহিতসকলে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ পৰা বিয়াৰ প্ৰস্তাৱ লাভ কৰিব। আপোনৰ স্বাস্থ্য অটুট থাকিব আৰু সময় উপভোগ কৰিব। অৱসাদৰ পৰা পৰিত্ৰাণৰ বাবে আপুনি কম দূৰত্ব ভ্ৰমণৰ আঁচনি ল'ব পাৰে ৷

মিথুন : (মে ২২ - জুন ২১)

আপুনি কেও দিশৰ পৰা প্ৰশংসিত হ'ব ৷ ক'ৰবাত আৱদ্ধ হৈ থকা ধন আপুনি লাভ কৰিব ৷ আপুনি অনেক নতুন ব্যক্তিৰ লগত সম্পৰ্ক গঢ়ি তুলিব আৰু দীৰ্ঘম্যাদী ভিত্তিত এনে সম্পৰ্ক ফলদায়ক প্ৰমাণিত হ'ব। আপোনাৰ ব্যৱসায়ৰ বাতাবৰণ অনুকূল হ'ব । আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ'ব৷ আপুনি আপোনাৰ কামকলৈয়ে ব্যস্ত থাকিব। আপুনি আকস্মিকভাবে এটা পদোন্নতি লাভ কৰিব। আপোনাৰ পুৰণি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ঘটা সাক্ষাতে আপোনাৰ হৃদয়ত আলোড়ন তুলিব আৰু আপুনি স্মৃতিৰ মাজত নিজক হেৰুৱাই পেলাব। আপোনাৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ নিষ্পত্তি হব। আপুনি দায়িত্বৰ পৰা পলায়ন নকৰে আৰু সকলোকে লগত লৈ অগ্ৰসৰ হব। আপুনি আগ্ৰাসী হব আৰু অধ্যয়নত প্ৰগতি সাধন কৰিব আৰু ভাল ফলাফল পাব।

কৰ্কট : (জুন ২২ - জুলাই ২২)

লোকচানক লাভত পৰিণত কৰাৰ ক্ষমতা আপোনাৰ আছে ৷ আপুনি সীমিত সুযোগৰ সফল প্ৰয়োগ কৰিব পাৰে ৷ আপুনি কায়িকভাবে সক্ৰিয় হৈ থাকিব। বাধাগ্ৰস্ত হৈ থকা কামে গুৰুত্ব পাব। আপুনি জীৱনত অগ্ৰসৰ হোৱাৰ সুযোগ লাভ কৰিব। প্ৰকৃতিৰ কোলাত সময় অতিবাহিত কৰাৰ বাবে এয়াই উপযুক্ত সময় । আপুনি আপোনাৰ পৰিয়ালৰ লগত এনেদৰে সময় অতিবাহিত কৰিব পাৰে। আপুনি অতি সাৱধানেৰে কাম কৰিব। আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ স৭ম নহব। আপুনি আপোনাৰ পিতৃ-মাতৃ আৰু পত্নীৰ লগত সময় অতিবাহিত কৰিব। আপুনি ভুল কাম কৰাৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন। আপোনাৰ বাবে এই সপ্তাহ অতি ভাল সপ্তাহ। আপোনাৰ আকাংক্ষিত কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি ব্যক্তিগত কথা গোপনে ৰাখিব 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপুনি এটা ঘৰ বা আন স্থাৱৰ সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰিব ৷ আপুনি আপোনাৰ ঘৰৰ কোনো ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰিব ৷ স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব ৷ আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় পাব। আপুনি আপোনাৰ কাম সম্পূ্ৰ্ণ কৰিবলৈ তৎপৰ হৈ উঠিব। আপুনি ব্যৱসায়ৰ কামত বিদেশলৈ যাবলৈও পৰিকল্পনা কৰিব । আপোনাক আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গই প্ৰশংসাৰে ওপচাই পেলাব। ভাগ্য আপোনাৰ অনুকূলে থাকিব। সময় আপোনাৰ বাবে সুবিধাদায়ক । পৰিস্থিতিগত সকলো কথা-বাৰ্তাই আপোনাৰ নিয়ন্ত্ৰণত থাকিব। পুৰণি তিক্ততা দূৰ হব। আপুনি জীৱনত নতুন আশা দেখিব। আপুনি কাম বা ব্যৱসায়ত আনতকৈ আগত থাকিব। আপুনি কাম আৰু বিশ্ৰামৰ মাজত ভাৰসাম্য স্থাপন কৰিবলৈ সক্ষম হব। আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব। আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। 

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপোনাৰ হাতলৈ আহিবলগীয়া ধন ক'ৰবাত আবদ্ধ হৈ পৰিব ৷ আপুনি কথা-বতৰাবোৰ নিজৰ অনুকূলে অনাৰ বাবে যথেষ্ট আলোচনা-বিলোচনা কৰিব লাগিব ৷ ব্যৱসায়ত মানুহৰ লগত লেনদেন কৰোঁতে আপুনি সদায় ইতিবাচক হৈ থাকিব৷ আপুনি জীৱনৰ ক্ষেত্ৰত এক ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব ৷ আপুনি নিজৰ পচ্ছন্দ অনুসৰি কাম কৰিব আৰু প্ৰিয় খাদ্য খাব। গৃহিণীসকলে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হব। আপোনাৰ বিনিয়োগে ভাল লাভ দিব। আপোনাৰ সকলো অৰ্ধ-সম্পূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠিব। যুৱক-যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিব। প্ৰতিবেশীৰ লগত আপোনাৰ বিবাদ নিষ্পত্তি হব। আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ সন্তুষ্ট হব। আপুনি নতুন কাপোৰ আৰু গহণা ক্ৰয় কৰিব পাৰে।আপুনি সঠিক-শুদ্ধ কাম কৰিব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি আপোনাৰ কাম আৰু ব্যৱসায়ত প্ৰচুৰ সময় ব্যয় কৰিব৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব ৷ আপুনি মানুহৰ প্ৰত্যাশা কৰাৰ পৰিৱৰ্তে নিজৰ কঠোৰ শ্ৰমৰ ওপৰত আস্থা ৰাখিব ৷ আপুনি জীৱনত সফলতা অৰ্জন কৰিব আৰু ভাল কথা আয়ত্ব কৰিব। প্ৰযুক্তিবিদ্যা আৰু সংবাদ মাধ্যমৰ সৈতে জড়িতসকলে সফলতা অৰ্জন কৰিব। আপুনি দৃঢ়তা আৰু সংবেদনশীলতাৰে কাম সম্পূৰ্ণ কৰিব। আপোনাৰ সফলতাৰ গতি ধীৰ হব। আপোনাৰ আয় বৃদ্ধি পাব। আপুনি অনেক মানুহৰ সংযোগত থাকিব। আপুনি এই সময়ছোৱাত এজন বিশেষ ব্যক্তিকো লগ পাব, যিজনে আপোনাৰ সফলতাৰ দুৱাৰ মকলি কৰি দিব। আপোনাৰ ঘৰুৱা বিবাদো দূৰ হব। আপোনাৰ বিয়া নিশ্চিত হব পাৰে। কোনো মাংগলিক কামৰ বাবে আপুনি পৰিকল্পনা বাস্তৱায়িত হব পাৰে।  

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

ই সময় হৈছে উপভোগ আৰু আৰাম কৰাৰ ৷ ব্যৱসায়ৰ পৰা আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব আৰু ইয়ে ভৱিষ্যতে আপোনাক উপকৃত কৰিব। লাভ বৃদ্ধি পোৱাৰ বাবে আপুনি অতি সুখী অনুভৱ কৰিব ৷ আপুনি ধনৰ লাভ অৰ্জন কৰিব। আপোনাৰ সফলতা-কৃতিত্বক সকলোৱে অনুকৰণ কৰিব ৷ আপুনি এটা ভাল চাকৰিৰ প্ৰস্তাৱ পাব। আপুনি মানসিকভাবে শক্তিশালী আৰু সক্ৰিয় হৈ থাকিব। আপুনি আধ্যাত্মিকতৰা প্ৰতিও ঢাল খাব। আপোনাৰ মনত নতুন বিষয়ৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হব আৰু নিজৰ জীৱন উপভোগ কৰিব। প্ৰেম-ৰোমান্সৰ বাবে আপোনাৰ ব্যক্তিগত জীৱন শীতল হৈ পৰিব। আপুনি এখন নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক কোনো কথা ক'বলৈ বিচাৰিব পাৰে। কথা-বতৰাবোৰ আপোনাৰ অনুকূলে ঢাল খাব। আপোনাৰ বাবে এক উত্তম সময় আৰম্ভ হ'বলৈ লৈছে৷ 

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

এই সপ্তাহৰ দিন আগবঢ়াৰ লগে লগে আপুনি ইস্পিত লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব আৰু ইয়ে আপোনাক সুখী কৰিব ৷ আপোনাৰ পথৰ পৰা প্ৰতিবন্ধকতা দূৰ হ'ব ৷ আপুনি যথেষ্ট ইতিবাচক হ'ব আৰু আত্মবিশ্বাসী হ'ব ৷ গুৰুত্বপূৰ্ণ কাম কৰোঁতে সংঘাত আৰু বাক-বিতণ্ডা এৰাই চলিব৷ সৰ্বশেষ আপোনাৰ অনুকূল হ'ব ৷ আপুনি প্ৰেম-ৰোমান্সত সফলতা অৰ্জন কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে সুন্দৰ সময় অতিবাহিত কৰিব। আপোনাৰ আয় বৃদ্ধি পাব। আপুনি উচাংগ হ'বলৈ বিচাৰিব আৰু আপোনাৰ সংগীয়ে আপোনাৰ যতন লোৱাটো বিচাৰিব। আপুনি নিশ্চয়তা নিশ্চয়তা বিচাৰিব। কাৰণ আপুনি লক্ষ্য হৈ পৰাৰ কথা চিন্তা কৰিবলৈ নাপাব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব।। 

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

এই সময়ছোৱা আপোনাৰ প্ৰত্যাহ্বানজনক আৰু ভাবুকিসূচক হ'ব ৷ আপুনি যথেষ্ট সাৱধানতাৰে কাম কৰিব লাগিব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ আপুনি খৰচ হ্ৰাস কৰা উচিত ৷ আপোনাৰ জেপৰ ধন খৰচ কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰতিভাৰ পৰিচয় দিয়া উচিত ৷ কৰ্মস্থলীত আপোনাৰ স্বকীয়তা প্ৰদৰ্শন কৰিব ৷ গতিকে আপুনি আপোনাৰ মুৰব্বী বিষয়াৰ পৰা প্ৰশংসা অৰ্জন কৰিব। আপোনাক অতিৰিক্ত দায়িত্বও দিয়া হব পাৰে। গৃহিণীসকলে নতুন ৰেচিপি তৈয়াৰৰ কৌশল আহৰণ কৰিব। এই উদ্দেশ্য তেওঁলোকে ইণ্টাৰনেট আৰু ইউটিউবৰ সহায় লব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব। আপোনৰ উৰ্ধতন বিষয়াই আপোনাক অতিৰিক্ত দায়িত্ব দিব পাৰে । আপুনি মানুহৰ কল্যাণৰ বাবেও কিছু কাম কৰিব। আপুনি এজন পৰিচিত ব্যক্তিৰ প্ৰেমতো পৰিব পাৰে। আপোনাৰ আকাংক্ষা আৰু সপোনবোৰ পূৰণ হ'ব। আপোনাৰ আধৰুৱা কাম সোনকালে সম্পন্ন হ'ব ৷ 

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)

এই সপ্তাহতো আপোনাৰ শান্তিপূৰ্ণ সময় হ'ব ৷ কথা-বতৰাবোৰ সুন্দৰ আৰু ভাললগা হ'ব ৷ আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ আপুনি কোনো কামৰ নতুন অৰ্ডাৰো পাব পাৰে । আপুনি সতৰ্ক হৈ থকাৰ প্ৰয়োজন, কাৰণ আপোনাৰ প্ৰতিদ্বন্দ্বী আৰু সহকৰ্মীয়ে পিছফালৰ পৰা সমালোচনা কৰিব পাৰে ৷ আপোনাৰ আধৰুৱা কাম সম্পূৰ্ণ হ'ব ৷ আপুনি একেলগে কাম কৰা কোনো ব্যক্তিৰ প্ৰেমত পৰিব পাৰে ৷ আপুনি আপোনাৰ প্ৰতিষ্ঠান আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত এটা বৃহৎ পৰিৱৰ্তন সাধনো কৰিব। আপুনি ব্যয় সংকোচনত গুৰুত্ব দিব। আপুনি আপোনাৰ জীৱসংগীৰ সৈতে ভাল সময় উপভোগ কৰিব। আপোনাৰ জীৱন আনন্দ আৰু আশীৰ্বাদপূৰ্ণ মুহূৰ্তৰে ভৰি থাকিব । সন্তানৰ সৈতে জড়িত সমস্যা ভালেখিনি উপশম হব। আপুনি এটা সুস্থিৰ কেৰিয়াৰ লাভ কৰিব। কাৰণ আপোনাৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল। আপুনি অধ্যয়ন আৰু গৱেষণাত সময় ব্যয় কৰিব ৷

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

এই সপ্তাহত আপুনি কোনো পুৰণি বন্ধু বা পৰিচিত ব্যক্তিক লগ পাই আনন্দিত হ'ব ৷ তেনে ব্যক্তিয়ে আপোনাক নষ্টালজিক কৰি তুলিব পাৰে ৷ আপুনি কেৰিয়াৰৰ সৈতে জড়িত কোনো সম্ভাৱনা উন্নত কৰিবলৈ নিজৰ সৰ্বোত্তম খিনি উজাৰি দি চেষ্টা কৰিব ৷ আপোনাৰ ধন-সম্পদ বৃদ্ধি পাব ৷ আপুনি কৰা বিনিয়োগৰ পৰা লাভ অৰ্জনৰ প্ৰবল সম্ভাৱনা আছে ৷ আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতিও আকৰ্ষিত হ'ব পাৰে ৷ আপোনাৰ মনত আধ্যাত্মিকতা গঢ়ি উঠিব আৰু পাৰ্থিৱতাৰ প্ৰতিও আপুনি সমানে আকৰ্ষিত হ'ব। আপোনাৰ প্ৰতিষ্ঠা, সন্মান আৰু গৌৰৱ বৃদ্ধি পাব। আপুনি আপোনাৰ আদৰ্শ আৰু মূল্যবোধৰ লগত কোনো আপোচ নকৰিব । আপুনি কাৰোবাৰ পৰা পাবলগা ধন দীৰ্ঘদিনৰ মূৰত ওভতাই পাব পাৰে। যিমানেই চেষ্টা নকৰক কিয়, শত্ৰু আৰু বিৰোধীয়ে আপোনাক বশ কৰিবলৈ সক্ষম নহ'ব। আপোনাৰ সৃষ্টিশীল প্ৰতিভাক সকলোৱে প্ৰশংসা কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com