আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলক)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ, ২০২২)
Published on

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ  তাৰিখসমূহ

১, ১০, ১৯, ২৮

শুভ বাৰসমূহ


সোমবাৰ, শুকুৰবাৰ, দেওবাৰ 

শুভ ৰংসমূহ

খাকী, বগা, ভায়'লেট

১, ১০, ১৯, ২৮

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আজিৰ এই নতুন দিনটোত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকলৈ অতি আবেগিক হ'ব৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আপোনাৰ প্ৰতি থকা আদৰ -যতনে আপোনাৰ প্ৰেম-জীৱন অতি মহত্ত্বপূৰ্ণ কৰি তুলিব ৷ ইয়ে চিৰকালৰ বাবে আপোনাৰ দৃষ্টিভংগী সলনি কৰিব ৷ আপুনি অৱতীৰ্ণ হোৱা পৰীক্ষাৰ ফলাফল আপোনাৰ অনুকূলে হ'ব ৷ আপুনি অধিক নীতি-নিষ্ঠ আৰু বহল মনৰ হ'ব। পৈত্ৰিক সম্পত্তিৰ সৈতে জড়িত বিষয়ত আপুনি কূটনৈতিক পদ্ধতিৰে কাম সম্পূৰ্ণ কৰিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

মাজে-সময়ে আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ককলৈ হতাশাত ভুগিব আৰু এই সম্পৰ্ক শেষ কৰাৰ অনুভৱ আপোনাৰ অন্তৰত জাগ্ৰত হ'ব। কিন্তু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কৰা উৎকৃষ্ট কামে প্ৰায়ে বিমোৰত পেলাব ৷ ইয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব ৷ আপুনি আপোনাৰ কামত সফলতা অৰ্জন কৰিব ৷ কেতবোৰ প্ৰতিযোগিতাত আপুনি সফলতা অৰ্জন কৰিব। আপুনি আপোনাৰ দৈনন্দিন কৰ্ম-সূচীত ভাল অভ্যাস আৰু ভাল কথা অন্তৰ্ভুক্ত কৰিব।    

মিথুন : (২২ মে' – ২১ জুন)

আপোনাৰ প্ৰেম-জীৱন লেহেমীয়া গতিৰে অগ্ৰসৰ হ'ব আৰু কোনো কোনো সময়ত আপুনি প্ৰেম-জীৱনত সুষমতাৰ পৰা বঞ্চিত হোৱা যেন অনুভৱ কৰিব ৷ কিন্তু ইয়াকে লৈ আপুনি কেতিয়াও চিন্তিত নহ'ব। কাৰণ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ উদ্বিগ্নতা দূৰ কৰিব ৷ আপুনি কোনো উৎসৱ-পাৰ্বন বা অনুষ্ঠানলৈ যাব পাৰে ৷ বিত্তীয় দিশত আপুনি এটা অতি শক্তিশালী স্থিতিত থাকিব ৷ আপুনি ক'ৰবাৰ পৰা এটা সুখপ্ৰদ খবৰ পাব ৷ 

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি অধিক ভাব বিনিময়ৰ সুযোগ পোৱাৰ পৰিপ্ৰেক্ষিতত বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হ'ব। কোনো কোনো সময়ত আপুনি বিবাহপাশত আৱদ্ধ হ'বলৈও বিচাৰিব আৰু জীৱনত স্থিৰতা অৰ্জন কৰিবলৈ বিচাৰিব ৷ এয়া বেয়া ধাৰণা নহ'ব আৰু আপোনাৰ এই কথাক আপোনাৰ পৰিয়ালে আদৰণি জনাব। আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপোনাৰ জীৱনত নতুন সম্ভাৱনীয়তাৰ বিষয়ে আপুনি চিন্তা কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেম-জীৱনৰ ক্ষেত্ৰত আপোনাৰ যুক্তি বা বিবেচনা শূন্য হ'ব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মন-মানসিকতা বুজি পাবলৈ সংগ্ৰামত অৱতীৰ্ণ হ'ব ৷ আপুনি বিশ্বাস ৰাখক যে হৃদয়ৰ সৈতে জড়িত বিষয়ৰ ক্ষেত্ৰত যুক্তি-যুক্ততা বিচৰাৰ কোনো প্ৰয়োজন নাই আৰু কোনো কোনো সময়ত আপুনি বতাহৰ সৈতে অগ্ৰসৰ হ'ব লাগিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু তাৰ ফলাফল শুভ হ'ব ৷ আপুনি আপোনাৰ কেৰিয়াৰকলৈ ছিৰিয়াছ হ'ব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এখন ডাঙৰ যুদ্ধ কৰিবলৈ অগ্ৰসৰ হৈছে। আপোনাৰ প্ৰেমত বিচ্ছেদ ঘটাৰ সম্ভাৱনা আছে ৷ কিছু কথা-বতৰাই আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব ৷ কিন্তু কথা-বতৰাবোৰ খুলাখুলিকৈ পাতিলে দীৰ্ঘস্থায়ী ফল পাব ৷ আপুনি আপোনাৰ ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব ৷

তুলাঃ    

আপোনাৰ প্ৰেম-ৰোমান্সৰ অনুভূতিয়ে আপোনাক জীৱনৰ আন গুৰুত্বপূৰ্ণ কাম-কাজৰ পৰা বিৰত ৰাখিব পাৰে ৷ আপুনি সুখী হ'ব ৷ কাৰণ কথা-বতৰাবোৰ সঠিক দিশত আগবাঢ়িব ৷ আপোনাৰ বিত্তীয় অৱস্থা অধিক উন্নত হ'ব। ভাগ্যই আপোনাক প্ৰচুৰ সহায় কৰিব। আপুনি অতি শান্তিপূৰ্ণতাৰে নিজৰ কাম কৰিব ৷

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)


আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ অনুপস্থিতি অনুভৱ কৰিব পাৰে ৷ কাৰণ তেওঁ নিজৰ কামক লৈ অত্যন্ত ব্যস্ত থাকিব আৰু পেচাগত ক্ষেত্ৰত নিজক উত্তৰণৰ চেষ্টা কৰিব ৷ ইয়াৰ বাবে আপুনি অকলশৰীয়া আৰু দুঃখ অনুভৱ কৰিব ৷ আপুনি কোনো ঘনিষ্ঠ বন্ধুৰ পৰা এটা সৰু-সুৰা ছাৰপ্ৰাইজ পাব। আপুনি সামাজিক কাম-কাজ আৰু নিজক পুনৰ সজীৱ কৰাত ব্যস্ত থাকিব ৷ আপোনাৰ সফলতা উচ্চতৰ হ'ব ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

শেহতীয়া ঘটনাৱলীয়ে এজন ব্যক্তিৰ জীৱনত সামাজিক গাঁথনিৰ গুৰুত্ব কেনে, সেয়া আপোনাক অনুধাৱন কৰাব ৷ আপুনি আপোনাৰ সামাজিক জীৱনত প্ৰয়োজনীয় সমৰ্থন পাব ৷ তাৰ বাবে আপুনি নিজৰ কামৰ লগতো আপোচ কৰিবলগীয়া হ'ব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সান্নিধ্যত থাকিবলৈ ভাল পাব ৷ আপুনি আকস্মিকভাবে এটা ভাল চাকৰিৰ প্ৰস্তাৱ পাব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি ক্ষণিকৰ বাবে তিষ্ঠি থকা কাজিয়াত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত অৱতীৰ্ণ হ'ব, তথাপি আজিৰ দিনটো আপোনাৰ জীৱনৰ বাবে এটা মহত্ত্বপূৰ্ণ দিন হ'ব ৷ আজি পেচাদাৰী জীৱনত লাভ কৰা সফলতাই আজিৰ দিনটোত আপোনাৰ মন আনন্দিত কৰি ৰাখিব ৷ আৰু আপুনি ব্যক্তিগত সমস্যা বুদ্ধিমত্তাৰে সমাধান কৰিব ৷ আপোনাৰ ব্যৱসায় বৃদ্ধি পাব ৷ আপোনাৰ বিশ্বাস শক্তিশালী হ'ব ৷ জীৱনসংগীৰ প্ৰতি আপোনাৰ ভাল ভাব থাকিব ৷

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপোনালৈ উৎকৃষ্ট সময়ে অপেক্ষা কৰিছে ৷ আপুনি আপোনাৰ জীৱনসংগীৰ লগত ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনা-আঁচনি কাৰ্যক্ষেত্ৰত প্ৰয়োগৰ বাবে আপোনাৰ মনত অনেক উৎসাহ-উদ্দীপনা থাকিব ৷ আপোনাৰ জীৱনসংগীয়ে আপোনাক এটা ছাৰপ্ৰাইজ দিব আৰু আপুনি তেওঁৰ প্ৰতিো আকৌ এবাৰ নতুনকৈ আসক্ত হ'ব ৷ আপোনাৰ কায়িক শ্ৰম কৰাৰ শক্তি বৃদ্ধি পাব ৷ এই সময়ছোৱা আপোনাৰ কেৰিয়াৰ আৰু বিত্তীয় দিশত ভাল ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আৰু আপোনাৰ প্ৰেমিকাই কৰি থকা গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ পৰা ভাল লাভ অৰ্জন কৰিব ৷ ইয়ে আপোনাক কথা-বতৰাবোৰ উন্নত কৰাত যথেষ্ট সুযোগ দিব ৷ আপোনাৰ আচাৰ-আচৰণত নম্ৰতা-ভদ্ৰতা থাকিব ৷ আপুনি আপোনাৰ ভাবমূৰ্তি উন্নত কৰাত সফল হ'ব আৰু প্ৰচুৰ লাভ অৰ্জন কৰিব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ আপুনি আপোনাৰ কাম আনক কৰিবলৈ নিদিব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com