আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( সোমবাৰ, ৩১ জানুৱাৰী, ২০২২)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( সোমবাৰ, ৩১ জানুৱাৰী, ২০২২)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৪, ১৩, ২২, ৩১

শুভ বাৰসমূহঃ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ বেঙুনীয়া, ৰঙা, মুগা  

                                                                  আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( সোমবাৰ, ৩১ জানুৱাৰী, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপোনাৰ পেচাগত কামে আপোনাৰ যথেষ্ট সময় ল'ব আৰু ইয়াৰ পৰিণতিস্বৰূপে স্বাভাৱিকতে আপোনাৰ প্ৰেম-জীৱন ক্ষতিগ্ৰস্ত হ'ব ৷ এই পৰিস্থিতিক লৈ আপোনাৰ হৃদয়ৰ ৰাণী সন্তুষ্ট নহব। আপোনাৰ জীৱনলৈ অহা ব্যক্তিজনে আপোনাৰ বাবে সকলোখিনি কৰাৰ যৎপৰোনাস্তি চেষ্টা চলাব ৷ ক'ৰবাত আবদ্ধ হৈ থকা আপোনাৰ ধন আপুনি লাভ কৰাৰ সম্ভাৱনা আছে ৷ আপুনি জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগ পাব ৷

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপোনাৰ প্ৰেম আৰু ৰোমান্স সৰ্বোত্তম চূড়াত উপনীত হ'ব ৷ আপোনাৰ জীৱনসংগীৰ ভুল-ত্ৰূটিৰ খোচৰাৰ অভ্যাস ত্যাগ কৰক ৷ আপুনি আপোনাৰ বাবে অনুকূল এটা ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিব ৷ অংশীদাৰী বা সন্থাগত ব্যৱসায়ৰে জড়িতসকলৰ বাবে এই সময়ছোৱা ভাল সময় ৷ আপুনি আপোনাৰ ব্যৱসায়ৰ ডাঙৰ সম্প্ৰসাৰণ সুযোগ আছে ৷ 

মিথুন : (মে ২২ - জুন ২১)

আপুনি আপোনাৰ ব্যক্তিত্বৰ বিশালতা ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰেমক উন্নত কৰিবলৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি এটা যতনশীল মনোভাৱ গ্ৰহণ কৰিব পাৰে। আপুনি অতীতত ঘটা ঘটনা অতীত বুলিয়েই লওক আৰু ভৱিষ্যতলৈ দৃষ্টি ৰাখি অগ্ৰসৰ হওক ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ সময় অতিবাহিত কৰি ভাল পাব ৷ ইয়াৰ ফলস্বৰূপে আপুনি সুখ অনুভৱ কৰিব ৷

৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কাম-কাজৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন। আপোনালোক দুজনৰ মাজত কোনো সন্দেহৰ সৃষ্টি নহয় ৷ আপুনি আপোনাৰ সন্তানৰ প্ৰয়োজনীয়তা পূৰণৰ চেষ্টা কৰিব ৷ আপুনি তেতিয়া অনুধাৱন কৰিব যে আপোনাৰ সন্তানে পঢ়া-শুনাক গুৰুত্বসহকাৰে লোৱা নাই ৷ আপুনি আপোনাৰ সন্তানক জ্ঞান দি আৰু ভাল ব্যৱহাৰ শিকাই সময় পাৰ কৰিব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপোনাৰ খেল খেলি ভালপোৱা মানসিকতাই ইয়াকে সূচায় যে আপুনি এজন ভাৰসাম্যশীল জীৱনসংগী পাবনে নাপায়, তাক লৈ নিশ্চিত নহয়। আপুনি আপোনাৰ মানসিক বান্ধোনৰ পৰা ওলাই আহক আৰু জীৱন উপভোগ কৰক ৷ এই সময়ছোৱা আপোনাৰ বাবে অনুকূল সময় ৷ আপুনি কিছু সৰু -সুৰা ৰোগত আক্ৰান্ত হ'ব ৷ আপোনাৰ বিত্তীয় সমস্যা দূৰ হ'ব ৷ আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন কৌশল অৱলম্বন কৰিব ৷ 

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপোনাৰ ৰোমাণ্টিক জীৱনে উত্থান-পতন উপভোগ কৰিব নোৱাৰিব। আপোনালোক দুয়োজনে অনেক আনন্দ-স্ফূৰ্তি কৰিব ৷ আপোনালোকে সন্তষ্টিৰ বাবে এক চমু ভ্ৰমণ কৰিব ৷ আপোনাৰ শত্ৰু আৰু বিৰোধী সক্ৰিয় হৈ উঠিব৷ কিন্তু আপুনি তেওঁলোকক সহজে পৰাজিত কৰিব৷ আপুনি আলোচনা-বিলোচনাৰ মাজেৰে সময় অতিবাহিত কৰিব ৷ কামৰ অত্যধিক চাপে আপোনাক ভাৰাক্ৰান্ত কৰিব পাৰে ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকলৈ সুখী হ'ব ৷ কাৰণ তেওঁ আপোনাক আপোনাৰ প্ৰেমৰ প্ৰতিদান দিব। আপোনাৰ সপোনৰ ব্যক্তিজন আপোনাৰ ওচৰলৈ আহিবলৈ লৈছে। গতিকে আপুনি প্ৰফুল্লিত মনেৰে সাজু হওক। কাৰণ তেওঁ আপোনাৰ হৃদয় জয় কৰিব। আপোনাৰ স্বাস্থ্য ভাল হ'ব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সময় অতিবাহিত কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপুনি মানুহৰ সংগ উপভোগ কৰিব আৰু আপোনাৰ মোহনীয় ব্যক্তিত্বই বহু মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব ৷ আপুনি নতুন প্ৰেম-ৰোমান্স আৰম্ভ কৰাৰ ইংগিত সূচিত হৈছে ৷ এই প্ৰেম-ৰোমান্সত বহু সুখ থাকিব ৷ আপুনি উৎসাহ-উদ্দীপনাৰ মাজত থাকিব ৷ আপুনি আপোনাৰ আকাংক্ষা পূৰণৰ চেষ্টা কৰিব পাৰে ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতেও সময় অতিবাহিত কৰিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপুনি আকাংক্ষিত ফল পাবলৈ হ'লে এটা নতুন দৃষ্টিভংগী ল'ব লাগিব পাৰে । আপোনাৰ জীৱনসংগীয়ে আপোনাৰ পৰামৰ্শলৈ অপেক্ষা কৰিব আৰু জীৱন কেনেদৰে আকৰ্ষণীয় কৰিব পাৰি, তাৰ চিন্তা কৰিব ৷ কামৰ চাপৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যে আপুনি পৰিয়ালৰ লগত ওচৰৰে ক'ৰবালৈ ফুৰিবলৈ যাব ৷ গতিকে আপুনি আপোনাৰ মনৰ সন্দেহ মৰিষণৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা-বতৰা হওক

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপুনি অধিক আৱৰণী ব্যৱহাৰ নকৰিব, কাৰণ আপোনাৰ প্ৰকৃত ৰূপেই মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰে ৷ আপুনি জানে যে আপোনাৰ জীৱনত প্ৰেম-ভালপোৱা নাই। আপুনি কোনো ঘনিষ্ঠজনক উপদেশ দিব ৷ আপোনাৰ জীৱন মসৃণতাৰে আগবাঢ়িব ৷ সৃজনশীল চিন্তাৰে আপোনাৰ মন ভৰি থাকিব ৷ আপোনাৰ কামৰ প্ৰতি নিচা আছে ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)







আপুনি প্ৰেমৰ ক্ষেত্ৰত প্ৰথমে অগ্ৰসৰ হ'বলৈ আত্মবিশ্বাসৰ অভাৱ ঘটিব ৷ আপোনাৰ ভাললগা ব্যক্তিজন আপোনাৰ প্ৰতিও আকৰ্ষিত হব। আপোনাৰ মনলৈ বিয়াৰ চিন্তা আহিব আৰু ইয়ে আপোনাক অধিক সুৰক্ষিত অনুভৱ কৰাব ৷ জ্ঞানৰ ক্ষেত্ৰত আপুনি আপোনাৰ সহকৰ্মীসকলতকৈ আগত থাকিব ৷ আপুনি পদোন্নতিও পাব ৷ আপুনি আৰাম কৰক। 

 

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আজিৰ দিনটোৰ অধিকাংশ সময় আপোনাৰ বাবে সুখৰ সময় হ'ব ৷ আপুনি গভীৰ অনুধাৱনেৰে কিছু কাম কৰা উচিত ৷ আপুনি নিজকে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। আপোনাক আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনে দিক-নিৰ্দেশনা দিব ৷ আপুনি আপোনাৰ অতিথিৰ লগত আনন্দ উপভোগ কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com