আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২০ অক্টোবৰ, বুধবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২০ অক্টোবৰ, বুধবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰিব আৰু তাক সঠিক পথেৰে আগুৱাই নিব৷ এয়া আপোনাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ইয়াক সঠিক পথলৈ অনাৰ বাবে চেষ্টাৰ ত্ৰুটি নকৰিব ৷ আপোনাৰ কামে গতি লাভ কৰিব আৰু ইয়াৰ শেষ ফলাফল ভাল হ'ব ৷ আপোনাৰ দৰমহা বৃদ্ধি পাব ৷ ভাই-ককাইৰ মাজত মৰম-স্নেহ বৃদ্ধি পাব ৷

বৃষ: (২১ এপ্ৰিল – ২১ মে' )

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আন্তৰিকতা বিচাৰিব, কিন্তু আপুনি অনুভৱ কৰিব যে সেয়া আপুনি পোৱা নাই ৷ আপুনি কি বিচাৰে আৰু আচল বিষয়বোৰক লৈ আলোচনা কৰাৰ প্ৰয়োজন ৷ আপুনি কোনোবা এজনৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়াব ৷ আপুনি আপোনাৰ কোনো ঘনিষ্ঠ এজনৰ দৃষ্টিভংগী সলনি হোৱাৰ কথা অনুভৱ কৰিব ৷ আপুনি আপোনাৰ কাম নিয়ন্ত্ৰণত ৰাখিব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সুন্দৰ আচৰণ কৰাৰ প্ৰয়োজন হ'ব, কাৰণ তেওঁ স্পৰ্শকাতৰ মুডত থাকিব আৰু দীঘলীয়া বা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ নিবিচাৰিব ৷ আপুনি আপোনাৰ চাকৰিত প্ৰচুৰ উন্নতি সাধন কৰিব ৷ আপোনাৰ শত্ৰু পৰাভুত হ'ব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ সংগ ভাল পাব ৷ জীৱনত নতুন চেষ্টা চলোৱাৰ বাবে এয়াই সুন্দৰ সময় ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আনৰ দ্বাৰা শ্বাসৰুদ্ধ হোৱাৰ দৰে অনুভৱ কৰিব আৰু এই অৱস্থাৰ মাজেৰে অগ্ৰসৰ হ'ব ৷ আপুনি কিছু পৰিৱৰ্তন সাধন কৰিবলৈ বিচাৰিব আৰু প্ৰেম-জীৱনত অধিক স্বাধীনতা বিচাৰিব ৷ আপুনি কাম বা চাকৰিত স্থিৰ হৈ ৰব ৷ আপুনি ব্যস্ত থাকিব; কিন্তু সুখী হ'ব যে আপোনাৰ কাম সম্পূৰ্ণ হৈছে৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনা ভালদৰে কৰিব আৰু আকাংক্ষিত ভাল ফলাফল পাব ৷ আপুনি মন হতাশ হ'বলৈ নিদিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আজি আপুনি আপোনাৰ প্ৰেমক নতুন গতি দিয়াৰ বাবে উপযুক্ত সময় ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এপাক ওলাই যাব পাৰে ৷ আপোনালোক দুয়োজনেই অতি উৎসাহী হ'ব ৷ আপুনি আপোনাৰ সহকৰ্মীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হ'ব পাৰে ৷ ইয়াৰ বাবে আপুনি আপোনাৰ স্পৃহা হ্ৰাস পাবলৈ নিদিব ৷ আপোনাৰ চাকৰি পৰিৱেশ আপোনাৰ অনুকূলে থাকিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কত অনেক পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি হ'ব আৰু আপুনি বহু ধৈৰ্যৰ গৰাকীও হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ কথা শুনাৰ পূৰ্বেই সিদ্ধান্তত উপনীত হোৱাৰ আচৰণ পৰিহাৰ কৰক ৷ সকলো দিশৰ পৰাই আপোনাৰ বাবে সময় অনুকূল ৷ আপুনি যিয়েই নকৰক কিয়, সফলতা অৰ্জন কৰিবই ৷ আপোনাৰ সৈতে সংযোগ থকা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি সম্ভৱতঃ প্ৰেমৰ এনে এক পৰ্যায়ত থাকিব, যি পৰ্যায়ত আপুনি অনেক প্ৰশ্ন কৰিব ৷ আপুনি বৈশিষ্ট্যপূৰ্ণ সফলতা লাভ কৰিব ৷ ইয়ে আপোনাৰ সামৰ্থ্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীও আপোনাৰ প্ৰতিভাক লৈ সন্তুষ্ট হ'ব ৷ আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ লগত সুন্দৰ সম্পৰ্ক ৰক্ষা কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ জীৱনৰ প্ৰতি ইচ্ছা-আকাংক্ষা অধিক শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ বাস কৰা স্থানৰ বাহিৰৰ চহৰত বাস কৰা এগৰাকী প্ৰেমিক বা প্ৰেমিকা পাব ৷ আপুনি বন্ধৰ দিন উদযাপনৰ বাবে কৰা ভ্ৰমণ প্ৰেম-ৰোমান্সেৰে ভৰি পৰিব ৷ আপোনাৰ ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে ৷ বিবাহৰ কথা-বতৰা সম্পূৰ্ণ হ'ব ৷ আপোনাৰ আত্মবিশ্বাসৰ মাত্ৰা বৃদ্ধিৰ বাবে আজিৰ দিনটো ভাল দিন ৷ আপুনি ধনৰ ভাল আয় কৰিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি নিজকে বিবুদ্ধিত পৰা যেন অনুভৱ কৰিব ৷ আপোনাৰ চাকৰিত প্ৰসাৰিত অনিশ্চয়তাৰ সময় থাকিব পাৰে ৷ আপুনি এই মানসিক চাপ সৃষ্টিকাৰী পৰিস্থিতিৰ পৰা শীঘ্ৰে ওলোৱা উচিত ৷ কৰ্মৰত মহিলাসকলে পূৰ্ণ সমৰ্থন পাব ৷ তেওঁলোকে ঘৰ আৰু কাৰ্যালয়ৰ কাম চম্ভালি ল'ব পাৰিব ৷ আপুনি আপোনাৰ ভ্ৰমণৰ সময়ত এজন আকৰ্ষণীয় ব্যক্তিক লগ পাব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী

কামে আপোনাক ব্যস্ত কৰি থাকিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক দিবলৈ সময় নাপাব ৷ ইয়ে সম্পৰ্কৰ ক্ষেত্ৰত কিছু আঘাত হানিব পাৰে আৰু তাৰ বাবে আপুনি নিজকে একধৰণে দোষী অনুভৱ কৰিব ৷ গ্ৰহ-গতিৰ অৱস্থানে আপোনালৈ সুখ-শান্তি কঢ়িয়াই আনিব ৷ আপুনি এটা নতুন কাম আৰম্ভ কৰিব ৷ আপুনি লক্ষ্য আৰু উদ্দেশ্যত দৃষ্টি ৰাখিব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ )

আপুনি আজি এটা ভাল দিনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি জীৱনসংগীক সাধাৰণতকৈ অধিক মৰমীয়াল অনুভৱ কৰিব আৰু ই আপোনাৰ বাবে এটা ভাললগা ছাৰপ্ৰাইজ হ'ব ৷ আপুনি কিছু ধন লাভৰ আশা কৰিব পাৰে ৷ আপুনি সুস্থ-সবল হৈ থাকিব ৷ আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ লগত সুখেৰে সময় কটাব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ প্ৰতি উৎসৰ্গিত হৈ থাকিব ৷

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমিকা বা প্ৰেমিকাৰ প্ৰতি প্ৰদৰ্শন কৰিলে জীৱনলৈ সুখ-সন্তুষ্টি আহিব ৷ আপুনি তেওঁৰ সৈতে বন্ধৰ দিন উদযাপনৰ বাবে দূৰ ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ জীবনত মানসিক শান্তি, সন্তুষ্টি আৰু ধনৰ আগমন অব্যাহত থাকিব ৷ আপুনি এজন বিশেষ বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে ৷ আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com