আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২১ অক্টোবৰ, বৃহস্পতিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২১ অক্টোবৰ, বৃহস্পতিবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ ব্যস্ততাপূৰ্ণ কৰ্মজীৱনৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিব নোৱাৰিব ৷ আপোনাৰ এই ব্যস্ততাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই ভাল নাপাব পাৰে ৷ আপুনি পৰিয়ালত সন্মানৰ ক্ষেত্ৰত শীৰ্ষত থাকিব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব ৷ এক নিৰ্দিষ্ট ধৰণেৰে আপুনি কাম কৰিব ৷

বৃষ: (২১ এপ্ৰিল – ২১ মে' )

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কৰা আলোচনাই আপোনাৰ প্ৰেমৰ সম্পৰ্ক পূৰ্বতকৈ অধিক শক্তিশালী কৰি তুলিব ৷ কিন্তু আপুনি তেওঁৰ ওপৰত অধিক বোজা জাপি নিদিব ৷ আপুনি অৱহেলিত হ'ব পাৰে ৷ আপুনি কোনো নথিপত্ৰত স্বাক্ষৰ কৰোঁতে সাৱধান হ'ব ৷ আপুনি চেষ্টাৰ বলত ভাল ফল পাব ৷ আপোনাৰ আইনী সমস্যা সমাধান হ'ব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে, যিয়ে আপোনাৰ ওপৰত মানসিক চাপৰ সৃষ্টি কৰিব ৷ আপুনি মন আৰু হৃদয়েৰে চেষ্টা কৰি সমস্যা দূৰ কৰিব পাৰিব ৷ আপুনি চেষ্টাৰ বলত ধন আহৰণ কৰিবলৈ সক্ষম হ'ব ৷ আপুনি আপোনাৰ ফালে মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব ৷ কামৰ ক্ষেত্ৰত আপুনি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাক মানুহে বিচৰাটো কৰিব, কিন্তু সময়ে সময়ে আপুনি অকলশৰে থাকিবলৈ বিচাৰিব ৷ আপুনি প্ৰকৃততে কি কৰিব বিচাৰে, তাৰ বাবে সময় লওক ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিব আৰু তেওঁলোকৰ লগত আপোনাৰ ভাব-অনুভূতি ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰৰ পথ বাচি দিয়াত সফল হ'ব ৷ তেওঁলোকে এতিয়া অধিক সুৰক্ষিত অনুভৱ কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ অন্তৰত স্বাৰ্থপৰতাৰ ভাব জাগ্ৰত হ'ব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপোনাৰ লগত একেৰাহে থকাটো বিচাৰিব ৷ যদিও ই ভাল নহয়, তথাপি তেওঁৰ লগত সু-সম্পৰ্ক বৰ্তাই ৰাখিব ৷ আপুনি চাকৰিত পদোন্নতি লাভৰ বহু সুযোগ আছে। কৰ্মস্থলীত আপুনি বহু প্ৰত্যাহ্বান গ্ৰহণ কৰিব ৷ আপুনি নিজৰ সুন্দৰভাবে সম্পূৰ্ণ কৰি গৌৰৱ অনুভৱ কৰিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে অতি ইতিবাচক দিন নহ'ব ৷ আপোনাৰ প্ৰেমৰ সংগী সলনি হোৱাৰ ইংগিত স্পষ্ট হৈছে। আপুনি এক অতি বিপজ্জনক মানসিকতাত থাকিব আৰু সেয়া আপোনাৰ ৰোমাণ্টিক জীৱনটো প্ৰতিফলিত হ'ব ৷ আপুনি কিছু চৰকাৰী সা-সুবিধা লাভ কৰিব পাৰে ৷ আপুনি মানসিক চাপ আৰু দুঃশ্চিন্তাৰ পৰা মুক্তি পাব ৷ কাম সম্পূৰ্ণ হোৱাত আপুনি সুখী হ'ব ৷ আপুনি আনন্দিত হৈ থাকিব আৰু মানসিক শান্তি পাব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি ৰূপকথাৰ দৰে প্ৰেম বিচাৰিব, কিন্তু সেয়া বাস্তৱায়িত কৰিবলৈ আপুনি অনেক চেষ্টা কৰিব লাগিব ৷ আপুনি এই সময়ছোৱাত স্থায়ী সিদ্ধান্ত ল'ব লাগিব ৷ আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হ'ব ৷ আপুনি কামৰ ক্ষেত্ৰত সৰ্বোত্তম ফল পাব ৷ বিত্তীয় দিশত আপুনি গুৰুত্ব আৰোপ কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি এক চৌখিন প্ৰেমৰ সম্পৰ্কত থাকিব আৰু এই সম্পৰ্ক স্থায়ী হোৱাটো কামনা কৰিব ৷ আপোনাৰ চিন্তাধাৰা দীৰ্ঘম্যাদী ৷ আপুনি আপোনাৰ ভৱিষ্যতৰ আত্মীয় হ'বলগীয়া পৰিয়ালৰ গৃহলৈ এক দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মইমতীয়া আচৰণ কৰাৰ পৰিৱৰ্তে আপুনি সুমিষ্ট আচাৰ-আচৰণ কৰক আৰু তাৰ ফলাফল চাওক ৷ আপুনি আপোনাৰ পেচা বা চাকৰিকলৈ ব্যস্ত থাকিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰিয়জনৰ পৰা বিচৰা যথোচিত গুৰুত্ব নাপাব পাৰে ৷ আপুনি সকলো আদৰ যতনৰ কেন্দ্ৰত থাকিবলৈ বিচাৰিব আৰু ইয়াক বহু ধৰণেৰে পাবলৈ চেষ্টা কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল'ব ৷ ধৰ্মীয় কাম-কাজত আপোনাৰ সময় ব্যয় হ'ব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী

মানুহে আপোনাৰ মৰমৰ জন বা গৰাকীৰ বাবে ধন খৰচ কৰিব ৷ তেওঁৰ বাবে আপুনি সুন্দৰ উপহাৰ ক্ৰয় কৰিব বা এটা বিলাসী সামগ্ৰী কিনিব ৷ আপোনালোক দুয়োজনে একেলগে সুন্দৰ সময় অতিবাহিত কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল'ব ৷ আপুনি অপৰিচিত ব্যক্তিকো আপোনাৰ বন্ধুত পৰিণত কৰিব ৷ আপোনাৰ দৃষ্টিভংগীৰ দ্বাৰা তেওঁলোক মুগ্ধ হ'ব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ )

আপুনি প্ৰকৃততে কামনা ব্যক্তিজন সম্পৰ্কে আপোনাৰ মনত ভুল ধাৰণা গঢ় লৈ উঠিব পাৰে ৷ আপুনি আপোনাৰ প্ৰবৃত্তিৰ প্ৰতি গুৰুত্ব দিয়া উচিত ৷ এই সময় হৈছে ধন অৰ্জন কৰাৰ সময় ৷ আপুনি এটা সিদ্ধান্ত ল'ব পাৰিব ৷ আপুনি শক্তিশালীভাবে আপোনাৰ প্ৰতিপক্ষৰ সন্মুখীন হ'ব ৷ আপোনাৰ পেচাগত সংযোগ বৃদ্ধি পাব ৷ আপোনাৰ আয় ভাল হ'ব আৰু কামত আপুনি সহায় পাব ৷

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি প্ৰেমৰ বাবে সকলো কৰিবলৈ প্ৰস্তুত হ'ব। কোনো ব্যক্তিৰ লগত অ-প্ৰত্যাশিত সাক্ষাতে এক সুখৰ আৰু ভাগ্যবান প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব ৷ কাৰ্যালয়ৰ কামত আপুনি কৃতকাৰ্যতা অৰ্জন কৰিব ৷ আপুনি মানসিকভাবে সন্তুষ্ট হ'ব লাগিব ৷ আপোনাৰ ভাল স্বভাৱ আৰু গুণ প্ৰতিভাত হ'ব ৷ আপুনি সকলোকে মুগ্ধ কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com