আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২২ অক্টোবৰ, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২২ অক্টোবৰ, শুকুৰবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি সময়ে সময়ে অনুভৱ কৰিব যে আপুনি নিজৰ আশা-আকাংক্ষাৰ প্ৰতি প্ৰয়োজনীয় গুৰুত্ব দিয়া নাই। আপুনি আপোনাৰ জীৱনসংগীক সুখী কৰাৰ ক্ষেত্ৰত সদায়ে তৎপৰ, কিন্তু ইয়াকে লৈ আপুনি নিজেই সুখী নহ'ব পাৰে ৷ গতিকে আপুনি আপোনাৰ জীৱনসংগীৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ প্ৰয়োজন ৷ আপুনি তেওঁৰ আগত আপোনাৰ দৃষ্টিভংগী দাঙি ধৰাৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপোনাৰ নিঃস্বাৰ্থ দৃষ্টিভংগীৰ জৰিয়তে আপুনি অনেক অনুগামীৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টিত আপোনাৰ ভাবমূৰ্তি অধিক বৃদ্ধি পাব ৷ তেওঁ আপোনাক প্ৰশংসা কৰিব ৷ আপোনাৰ সহকৰ্মীৰ লগত আপুনি এক সজীৱ আলোচনাত মিলিত হ'ব ৷ তেওঁলোকে আপোনাৰ মত গ্ৰহণ কৰিব ৷ আপোনাৰ স্বাস্থ্য অটুট থাকিব ৷

মিথুন : (২২ মে' – ২১ জুন)

আপুনি কোনো ডাঙৰ পৰিৱৰ্তন সাধন কৰিবলৈ যোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰি লোৱা উচিত ৷ যিহেতু এইক্ষেত্ৰত আপোনাৰ বহু কথা জড়িত আছে, গতিকে আপুনি ধীৰে-সুস্থিৰে আৰু সাৱধানেৰে সিদ্ধান্ত লোৱা উচিত। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গ আৰু শুভাকাংক্ষীৰ পৰামৰ্শ লোৱা উচিত ৷ আপুনি আপোনাৰ পদক্ষেপৰ বলত অপ্ৰত্যাশিতভাবে সহায় পাব ৷ আপোনাৰ আয় ভাল হ'ব।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপোনাৰ মইমতালিয়ে আপোনাক সমস্যাত পেলাব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আপোচ কৰিব বিচাৰিব পাৰে, কিন্তু সিয়েও কাম নিদিব ৷ আপোনালোক দুজন অহংবোধে দুয়োকে ধ্বংস কৰিব পাৰে ৷ আপুনি কিছু নমনীয় হৈ প্ৰেমৰ ভৱিষ্যতকলৈ সাৱধানেৰে চিন্তা কৰা উচিত ৷ দুয়োৰে দিয়া আৰু লোৱা মনোভাবে সকলো কথা ইতিবাচক দিশত অগ্ৰসৰ কৰি নিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে আপুনি দুঃখ অনুভৱ কৰিব পাৰে ৷ এক চমু ভ্ৰমণে এই কথা আপোনাক ভালদৰে পাহৰাই ৰাখিব পাৰে ৷ আপুনি আধ্যাত্মিক কাম-কাজৰ সৈতেও জড়িত হ'ব পাৰে আৰু এটা মন্দিৰ বা এক ধৰ্মীয় স্থান ভ্ৰমণ কৰিব পাৰে ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

যদি আপুনি অবিবাহিত তেন্তে আপুনি আজি এগৰাকী ব্যক্তিক লগ পাব, যিয়ে আপোনাক অত্যন্ত গুৰুত্ব দিব ৷ এই সময়ছোৱাত আপুনি প্ৰেমত পৰিব পাৰে আৰু এটা ভাল সম্পৰ্ক আশা কৰিব পাৰে ৷ আপুনি ধৰ্মীয় কাম-কাজৰ সৈতে জড়িত হ'ব পাৰে আৰু সিয়ে আপোনাক মানসিক শান্তি দিব ৷ আপোনাৰ প্ৰজ্ঞাৰ শক্তি শক্তিশালী হ'ব ৷ আপোনাৰ প্ৰেমৰ বহু গুৰুত্ব থাকিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ বাবে প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো এটা আদৰ্শপূৰ্ণ দিন হ'ব । আপুনি আজি আপোনাৰ প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব ৷ কিন্ত চাকৰিত আজি আপুনি বদলি হ'ব পাৰে । ইয়ে আপোনাৰ ওপৰত কিছু মানসিক চাপৰ সৃষ্টি কৰিব ৷কোনো সাধাৰণ কথাক লৈ আপুনি আপোনাৰ কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত তৰ্কাতৰ্কিত লিপ্ত হ'ব পাৰে ৷ আপুনি আপোনাৰ খং-ক্ষোভ আদি নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন ৷ বাকবিতণ্ডাই আপোনাক একো নিদিয়ে ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ বিচাৰিব ৷ আপোনালোকৰ বাবে এই সময় হৈছে সুখ ভাগ-বাটোৱাৰা কৰাৰ সময় ৷ বা খেলা-ধুলাই সম্ভৱতঃ অগ্ৰাধিকাৰ পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বহু ঘণ্টা সময় কটাব। আপুনি চৰকাৰৰ পৰা পুৰস্কাৰ পাব পাৰে। গৃহিণীসকলে দক্ষতাৰে কাম কৰিব আৰু জিৰণী লবলৈও সময় পাব। তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি সা-সামগ্ৰী ক্ৰয় কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক বৰ্তাই ৰাখিবলৈ বিচাৰিব ৷ ইয়ে আপোনলোক দুজনৰ জীৱন সুখৰ দুয়োৰে মাজত বান্ধোন অধিক শক্তিশালী কৰি তুলিব ৷ কামত আপোনাৰ পাৰদৰ্শিতা উন্নত আৰু বৰ্ণাধ্য হ'ব ৷ দীৰ্ঘদিন ধৰি পৰি থকা চৰকাৰী আৰু কাৰ্যালয়ৰ কাম সম্পূৰ্ণ হৈ উঠিব ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আপোনাৰ জীৱনত পৰিৱৰ্তন সাধনৰ কথা চিন্তা কৰিব ৷ কিন্তু ইয়াৰ প্ৰয়োজন নহ'ব, কাৰণ সকলো কথা ঠিকে-ঠাকে অগ্ৰসৰ হৈছে ৷ আপোনাৰ জীৱনসংগীয়ে কথা-বতৰাবোৰ বিশেষ কৰি ৰাখিবৰ বাবে আপোনাক পৰামৰ্শ দিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷ আপোনাৰ দৃষ্টিভংগী আৰু দায়বদ্ধতাৰ দ্বাৰা আপোনাৰ উৰ্ধতন বিষয়া সন্তুষ্ট হ'ব ৷ ইয়ে আপোনালৈ অতিৰিক্ত দায়িত্ব কঢ়িয়াব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ মন ইতিবাচক হৈ থাকিব ৷ আপুনি কৰ্মস্থলীত আগবঢ়োৱা প্ৰস্তাৱ আপোনাৰ মুৰব্বীয়ে গ্ৰহণ কৰিব ৷ আপুনি এটা ডাঙৰ ৰিস্ক গ্ৰহণ কৰিবলৈ সাজু হ'ব আৰু কিছু অসাধাৰণ কাম কৰাৰ পৰিকল্পনা কৰিব ৷ আপুনি বন্ধৰ দিনত ফুৰাৰ সময়ত কোনো এজন নতুন ব্যক্তিক লগ পাব পাৰে ৷ আপুনি তেওঁৰ সৈতে শীঘ্ৰেই বিয়া বন্দোৱস্ত কৰাৰ কথা চিন্তা কৰিব ৷ আপোনাৰ জীৱন চিৰদিনলৈ সলনি হ'ব পাৰে ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি ঘৰত পৰম শান্তি অনুভৱ কৰিব ৷ আপোনাৰ জীৱন অতি ভাল হ'ব ৷ আপুনি জীৱনসংগীৰ সৈতে ভৱিষ্যত সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰিব ৷ আপোনাৰ পৰিয়ালৰ কোনো কনিষ্ঠজনৰ বিয়াৰ কথা আলোচনা হ'ব পাৰে ৷ আপুনি কিছু সম্পত্তি ক্ৰয়ৰ কথা চিন্তা কৰিব ৷ আৰু আপুনি সেই দিশত চেষ্টা কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com