আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৩ অক্টোবৰ, শনিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৩ অক্টোবৰ, শনিবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ ৰোমান্সক নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ দিবলৈ ভয় কৰিলে আপোনাৰ প্ৰেমৰ ক্ষতি হ'ব পাৰে ৷ এয়া এক জটিল পৰিস্থিতি হ'ব কাৰণ বৰ্তমানে আপোনাৰ ঘনিষ্ঠতা থকা ব্যক্তিজনৰ সৈতে আপুনি অন্তৰংগতা নিবিচাৰে। আপুনি হঠাতে প্ৰচুৰ ধন পাব ৷ বৃহস্পতিৰ স্থানে আপোনাৰ লাভ বৃদ্ধি কৰিব আৰু আপোনাৰ যশস্যাও বৃদ্ধি পাব ৷ সকলো পৰিস্থিতিয়েই আপোনাৰ নিয়ন্ত্ৰণত থাকিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপোনাৰ সংযোগৰ সমস্যাই আপোনাৰ প্ৰেম-ৰোমান্সত ব্যাঘাত জন্মাব পাৰে ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ মতামত গ্ৰহণ কৰক আৰু ইয়ে আপোনালোকৰ সম্পৰ্ক মসৃণ কৰি তুলিব ৷ আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হৈ থাকিব ৷ ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবেই এয়াই সঠিক সময়। আপুনি আপোনাৰ প্ৰিয়জনক লগ পাব ৷ মানসিক শান্তিৰ বাবে আপুনি এক নিৰ্জন তথা সুন্দৰ স্থান ভ্ৰমণ কৰিব ৷

মিথুন : (২২ মে'- ২১ জুন)

এই সময়ছোৱা হৈছে আপুনি আপোনাৰ প্ৰেমৰ প্ৰতি গুৰুত্ব দিবলগীয়া হোৱাৰ সময় ৷ আৰু আপোনাৰ প্ৰেমৰ শ্ৰীবৃদ্ধিত কিহে বাধা দিছে, সেয়া নিৰ্ণয় কৰাৰ সময় ৷ আপোনাৰ কামে বাধা হৈ থিয় দিছে নেকি, সেয়াও চিন্তা কৰাৰ সময় ৷ সমস্যা সমাধানৰ আগলৈকে আপুনি সাধাৰণ ভাবে জীৱন অতিবাহিত কৰা উচিত ৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু সেই অনুসৰি ফল পাব ৷ মহিলাসকলে কাম আৰু নিজকে পুনৰ সজীৱ কৰাৰ বাবে সময় উলিয়াব পাৰিব ৷ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব ৷

কৰ্কট: (২২ জুন- ২২ জুলাই)

আপুনি প্ৰচণ্ড উৎসাহ-উদ্দীপনাৰে নিজৰ কাম কৰিব ৷ পূৰ্বৰ প্ৰেমৰ বিচ্ছেদে গভীৰ আশা আৰু উদ্দীপনাৰে নতুন প্ৰেমৰ সম্পৰ্ক গঢ়াত আপোনাক বাধা দিব নোৱাৰিব ৷ ভাগ্যই আপোনাক সহায় কৰিব ৷ আপোনাৰ পাৰদৰ্শিতাক লৈ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী সুখী হ'ব ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গই আপোনাক প্ৰশংসাৰে উপচাই পেলাব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আজিৰ দিনটো আপোনাৰ বাবে প্ৰেমৰ ক্ষেত্ৰত ব্যতিক্ৰমীভাবে এটা সুন্দৰ দিন ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অতি যতনশীল হ'ব আৰু আপুনি তেওঁক সন্তুষ্ট কৰিবলৈ সকলো কামেই কৰিব ৷ এক ৰোমাণ্টিক সন্ধিয়া সূচিত হৈছে। সময় সুবিধাজনক আৰু আপোনাৰ অনুকূলে আছে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু আপোনাৰ অধীনৰ কৰ্মচাৰীসকলে আপোনাক প্ৰচুৰ সহায় কৰিব ৷ আপুনি সামাজিক কাম আৰু ৰাজনীতিৰ প্ৰতি আগ্ৰহী হ'ব ৷ আপোনাক অতিৰিক্ত দায়িত্ব দিয়া হ'ব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ সপোন পূৰ হ'ব ৷ আপুনি আপোনাৰ ব্যক্তিত্বৰে আপোনাৰ প্ৰিয়জনৰ মন জয় কৰাৰ বাবে এয়া উপযুক্ত সময়। আপোনাৰ উন্নতিত কোনো বাধা নাথাকিব ৷ আপুনি আপোনাৰ ঘনিষ্ঠজনৰ পৰা সহায় পাব ৷ কামৰ খাতিৰত আপুনি এটা সফল বিদেশ ভ্ৰমণ কৰিব ৷

তুলা: (২৩ ছেপ্টেম্বৰ -২৩ অক্টোবৰ)

বিশেষ সমস্যা অবিহনে আপোনাৰ বাস্তৱসন্মত দৃষ্টিভংগীয়ে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত দেখা দিয়া এটা সমস্যা সমাধান কৰিব ৷ কথা-বতৰাবোৰ সঠিক দিশলৈ অহাৰ বাবে আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো সহায় কৰিব আৰু দিনটো আপোনাৰ প্ৰিয়জনৰ সৈতে আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ কৰিব ৷ আপুনি এটা নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে ৷ আপোনাৰ আয়ৰ ভাল উৎস থাকিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ অধিক ঘনিষ্ঠ হৈ উঠিব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই পৰস্পৰক আকৰ্ষণ কৰিব ৷ ইজনে সিজনক ভালদৰে বুজি পাই ভৱিষ্যতে ভালৰ বাবে পৰিকল্পনা কৰিব ৷ চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত সময় আপোনাৰ বাবে অনুকূল ৷ আপুনি প্ৰচুৰ ধন লাভৰ ইংগিত সূচিত হৈছে ৷ আপুনি আপোনাৰ পৰিয়াল আৰু স্বামী বা পত্নীক অপৰ্যাপ্ত সময় দিব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ সিদ্ধান্তক লৈ শক্তিসম্পন্ন হ'ব আৰু আনৰ কথালৈ মন নিদিব ৷ কোনো ডাঙৰ পৰিৱৰ্তন সাধনৰ বাবে এই সময় সঠিক সময় নহয়। আপুনি কিছু বিত্তীয় সমস্যাৰ সন্মুখীন হ'বলগা হ'ব পাৰে ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে সকাহদায়ক হ'ব আৰু আপোনালৈ সহায়ো আগবঢ়াব ৷ আপুনি আপোনাৰ প্ৰেমৰ প্ৰতি স্বেচ্ছাই আৰু সততাৰে কাম কৰিব ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

পৰিয়াল অত্যধিক দায়িত্ব বহন কৰিবলগীয়া হোৱাটোৱে আপোনাৰ মন নিৰাশ কৰি ৰাখিব পাৰে৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সময় অতিবাহিত কৰা উচিত আৰু ৰোমান্স উপভোগ কৰিব ৷ এই সময়ছোৱা আপোনাৰ বাবে অনুকল ৷ আপুনি সপোনৰ পৃথিৱীৰ পৰা বাস্তৱৰ পৃথিৱীলৈ ওলাই অহা উচিত। আপোনাৰ কঠোৰ পৰিশ্ৰমে সুফল কঢ়িয়াব ৷

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ প্ৰেমত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে ৷ ইয়ে আপোনাক নিজকে পৰিত্যক্ত অনুভৱ কৰাব ৷ মানুহক অধিক বিশ্বাস কৰাৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে ৷ আপুনি দুই চকু খোলা ৰখা উচিত। অন্যথা আপুনি ঠগ খাব পাৰে ৷ ৰাজহুৱা জীৱনত আপুনি অতি প্ৰেক্টিকেল হোৱাৰ প্ৰয়োজন হ'ব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ হৃদয় জয় কৰিবৰ বাবে আত্মবিশ্বাসী হ'ব লাগিব। ইয়াকে কৰাৰ পাছত আপুনি পৃথিৱীখন জয় কৰা যেন অনুভৱ কৰিব আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৷ আপুনি আপোনাৰ পৰিয়ালৰো ভালদৰে তত্বাৱধান কৰিব ৷ আপোনাৰ দিক-নিৰ্দেশনাত এটা ডাঙৰ কাম সম্পন্ন হ'ব৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com