আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৫ অক্টোবৰ, সোমবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৫ অক্টোবৰ, সোমবাৰ, ২০২১)

মেষ : ( ২১ মাৰ্চ -২০ এপ্ৰিল)

আপোনাৰ ক্ষেত্ৰত আজি প্ৰেমতকৈ কামে অগ্ৰাধিকাৰ পাব ৷ আপুনি আজি আবেগক দমাই ৰাখিবলগীয়া হ'ব পাৰে ৷ অৱশ্যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বুজা-পৰা থকা গুণসম্পন্ন হ'ব ৷ সময়মতে কাম শেষ কৰিবলৈ আপোনাৰ ওপৰত হেঁচা থাকিব আৰু আপোনাৰ কিছু পৰিৱৰ্তন ঘটিব ৷ কিন্তু প্ৰয়োজনত তৎপৰ হ'ব ৷ চন্দ্ৰ অৱস্থানে আপোনালৈ সুখ কঢ়িয়াব ৷

বৃষ: (২১ এপ্ৰিল -২১ মে')

আপুনি কামৰ ক্ষেত্ৰত মূল ভূমিকা ল'ব বিচাৰিব, কিন্তু কামৰ সৈতে গুৰুত্বসহকাৰে এতিয়াই জড়িত নহ'ব ৷ এক বিশেষ অনুষ্ঠানত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে ৷ সেই অনুষ্ঠানত আপুনি আপোনাৰ বিপৰীত লিংগক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব ৷ আপোনাৰ ঘৰত কোনো বিশেষ আয়োজন থাকিব ৷ সুখ-হাঁহিৰ পৰিৱেশ গঢ়াত আপোনাৰ আপোনজনে সহায় কৰিব ৷ আপুনি প্ৰচুৰ মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুখ পাব ৷

মিথুন : (২২মে' – ২২ জুন )

আপুনি আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব খোজা প্ৰেমৰ সম্পৰ্কত স্থিৰতা আৰু শান্তি বৰ্তাই ৰখাৰ বাবে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব ৷ আপুনি নিজকে বান্ধোন আৰু নিয়ম-কানুনৰ পৰা মুক্ত যেন অনুভৱ কৰিব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক জিপাল কৰি ৰাখিব। আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব ৷ আপোনাৰ মৰমৰজনে শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টিত সহায় কৰিব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

যদিও আপোনাৰ তুলুঙা তথাপি আপুনি প্ৰেমৰ ক্ষেত্ৰত কিছু সুন্দৰ মুহূৰ্ত উপভোগ কৰিব আৰু সময়ৰ সৈতে অগ্ৰসৰ হ'ব ৷ আপুনি কিছু উত্থান-পতন আশা কৰিব পাৰে ৷ আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিব আৰু প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব ৷ আপুনি আইনী বিষয়ত সফলতা অৰ্জন কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি নিজৰ মতক লৈ আঁকোৰগোজ থাকিব আৰু মাজে-সময়ে মইমতীয়া স্বভাৱৰ হ'ব ৷ কিন্তু সিয়ে আপোনাৰ উপকাৰ সাধন কৰিব ৷ কিন্তু কাৰোৰে সৈতে তৰ্ক-বিতৰ্ক নকৰিব, কাৰণ মাৰপিত হ'ব পাৰে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ৷ আপুনি কৰ্ম সংক্ৰান্তীয় বিষয়ত সফলতা অৰ্জন কৰিব ৷ আপুনি আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ আপুনি নিজৰ মাজত ইতিবাচকতা অনুভৱ কৰিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ কথা আপোনাৰ জীৱনসংগীয়ে বুজি পোৱাৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। কিন্তু আপোনাৰ প্ৰেম-জীৱন উন্নতৰ কৰিবলৈ খৰধৰ নকৰিব ৷ সময়ত এয়া নিজেই হ'ব ৷ আপুনি অতিশয় সুখী হ'ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ আপুনি কিছু খেলাধূলাও কৰিব আৰু তাৰ সৈতে ব্যস্ত থাকিব ৷ আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ প্ৰেম বৰ্তাই ৰখাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ চকুলৈও নাচাব পাৰে, কিন্তু সেয়া স্থায়ী হ'বলৈ নিদিব ৷ আপোনাৰ ব্যয় বৃদ্ধি পাব ৷ আপোনাৰ কাম সম্পন্ন হ'ব ৷ আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব ৷ আপুনি নিজকে পুনৰ সজীৱ কৰাৰ বাবে অফুৰন্ত সময় পাব আৰু পাৰ্টীত অংশ ল'ব ৷ আনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী স্থিতিস্থাপকতা পূৰ্ণ হ'ব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আজি আপুনি কোনো অনুষ্ঠান পৰৱৰ্তী দিনলৈ স্থগিত ৰাখিবলগীয়া হ'ব পাৰে ৷ আপুনি প্ৰেমৰ ক্ষেত্ৰত কোনো নাটকীয় পৰিৱৰ্তন সাধন কৰিবলৈ নাযাব ৷ প্ৰথমে আপোনাৰ ভেটি শক্তিশালী হ'বলৈ দিয়ক ৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হ'ব ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব ৷ কিন্তু এয়াও গুৰুত্বপূৰ্ণ ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰিয়তম বা প্ৰিয়তমাৰ বাবে প্ৰচুৰ সময় আৰু শক্তি ব্যয় কৰিব ৷ আপোনাৰ বিবেচনাপূৰ্ণ দৃষ্টিভংগী অথলে নাযায় ৷ আজি আপুনি অতিশয় সুখী হ'ব ৷ আপুনি আপোনাৰ এজন বন্ধুক সহায় কৰাটো সুন্দৰ মনৰ কাৰ্য হ'ব ৷ পৰিয়ালৰ সৈতে থকা আপোনাৰ ব্যৱধান দূৰ হ'ব ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আপোনাৰ প্ৰিয়জনক সন্তুষ্ট কৰাৰ বাবে প্ৰেমৰ নতুন নীতি প্ৰস্তুত কৰক ৷ আপুনি আবেগিকভাবে কোনো কথা ক'ব পাৰে কাৰণ ইয়াৰ জৰিয়তে আপুনি কাৰোবাৰ অন্তৰত আঘাত দি পাচত অনুতাপ কৰিবলগীয়া হ'ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত মনোনিবেশ কৰিব ৷ আজিৰ দিনটো আপুনি সুন্দৰভাবে পাৰ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ লগত আনন্দ-স্ফূৰ্তি কৰিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায় পাব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ প্ৰিয়জনৰ লগত আজি আনন্দ-স্ফূৰ্তি কৰিব ৷ আপোনাৰ প্ৰেম-জীৱন অতি সুন্দৰ আৰু উৎসাসদ্দীপক হ'ব ৷ আপুনি আজিৰ সন্ধিয়াটো বন্ধুবৰ্গৰ লগত পাৰ কৰিব পাৰে ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷ আপুনি আপোনাৰ কামত উজলি উঠিব ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ'ব ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব আৰু সেই অনুসৰি কাম কৰিব ৷

মীন ( ১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আপোনাৰ প্ৰেম-জীৱনে এটা আকৰ্ষণীয় স্তৰত প্ৰৱেশ কৰিব ৷ আপুনি আপোনাৰ আশা-প্ৰত্যাশা সীমিত কৰাৰ প্ৰয়োজন আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা এতিয়াই অধিক বিচৰাতো আগতীয়া কথা হ'ব ৷ আপোনাৰ ভাই-ককাইৰ লগত থকা ব্যৱধান দূৰ হ'ব ৷ আপোনাৰ সৃষ্টিশীল গুণ মুখ্যভাবে প্ৰতিফলিত হ'ব ৷ আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি আকৰ্ষিত হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com