আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২৬ অক্টোবৰ, মঙলবাৰ, ২০২১)
মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : ( ২১ মাৰ্চ – ২০ এপ্ৰিল )
আপুনি সু-খবৰ আশা কৰিব পাৰে ৷ ব্যক্তিগত সম্পৰ্কত পৰিৱৰ্তন সূচিত হৈছে। আপুনি কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে আৰু ঘটনাৰ নাটকীয়তাত বন্দী হ'ব। আপুনি আপোনাৰ লক্ষ্য-উদ্দেশ্যক লৈ অতি স্পষ্ট হ'ব লাগিব ৷ আপোনাৰ সহকৰ্মীৰ সৈতে সাধাৰণ কথাতে মতানৈক্য হ'ব পাৰে ৷ আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হ'বলগা হ'ব পাৰে ৷
বৃষ : (২১ এপ্ৰিল – ২১ মে)
আজিৰ দিনটো আপোনাৰ বাবে ঘটনাবহুল দিন হ'ব। আপুনি বিদেশৰ পৰা আশাব্যঞ্জক খবৰ পাব ৷ আপুনি নিজকে সামাজিক কৰি তুলিব আৰু কোনো সামাজিক অনুষ্ঠানত আপোনাৰ প্ৰিয়জনৰ সৈতে অংশ ল'ব ৷ পাৰিবাৰিক বিষয়কলৈ আপুনি দুঃশ্চিন্তাত থাকিব ৷ আপুনি কৰ্মস্থলীত নিজকে হীন বুলি অনুভৱ কৰিব ৷ বহু আলোচনা-বিলোচনাৰ পাছতহে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব ৷
মিথুন : (২২ মে' – ২১ জুন)
আপুনি দৃষ্টিভংগীৰ জৰিয়তে আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক সবল কৰি তুলিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা তেনে দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ ক'ব, যাতে সময় উপভোগ কৰিব পাৰে ৷ আপোনাৰ প্ৰগতিৰ পথ উজ্জ্বল ৷ আপুনি কৰ্মস্থলীত সুবিধাজনক স্থানত থাকিব ৷ আৰু আপুনি পদোন্নতিও পাব ৷
কৰ্কট : (২২ জুন – ২২ জুলাই)
আপুনি আপোনাৰ প্ৰিয়জনক লগ পোৱাৰ লগে লগে সুন্দৰ অভিজ্ঞতা অৰ্জন কৰিব ৷ ই এক ছাৰপ্ৰাইজ উপহাৰ হ'ব ৷ আপোনালোকে পৰস্পৰৰ প্ৰতি অধিক মৰম-স্নেহ অনুভৱ কৰিব ৷ বিনিয়োগৰ পূৰ্বে ভালদৰে ভাবি-চিন্তি ল'ব ৷ অন্যথা আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে ৷ আপুনি এটা ভাল খবৰ পাব। গভীৰভাবে ভাবি-চিন্তিহে কোনো ডাঙৰ সিদ্ধান্ত ল'ব ৷
সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)
আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব ৷ আপোনাৰ প্ৰেম মুক্তভাবে অগ্ৰসৰ হ'ব ৷ আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ ওচৰত বহুত সমল থাকিব। আপুনি কামত সম্পূৰ্ণৰূপে নিমজ্জিত হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ যতন ল'ব।
কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)
আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সলনি কৰাৰ কথা চিন্তা কৰিব আৰু সামাজিক কাম-কাজৰ সৈতে জড়িত হ'ব ৷ ইয়ে আপোনাৰ মনত আনন্দৰ সৃষ্টি কৰিব আৰু আপুনি উৎসাহেৰে কামত জড়িত হ'ব ৷ আপুনি এজন প্ৰেৰণদায়ক ব্যক্তিক লগ আৰু তেওঁ আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ'ব ৷
তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)
আপুনি আজি কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব ৷
আপুনি আপোনাৰ সমস্যা সমাধানৰ বাবে সুযোগ পাব। আপুনি আপোনাক সদায়ে সহায় কৰিবলৈ সাজু থকা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায় লওক ৷ আপুনি আজি কোনো প্ৰিয় স্থান ভ্ৰমণলৈ যাব আৰু তাৰ পৰাই কাম কৰিব ৷ আপোনাৰ সাহস আৰু শক্তি-সামৰ্থ বৃদ্ধি পাব ৷
বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)
আপুনি আজি আপোনাৰ প্ৰিয়জনৰ লগত এক চুটি ভ্ৰমণ কৰিব পাৰে ৷ এই ভ্ৰমণৰ সময়ত আপুনি আনন্দদায়ক প্ৰেম-ৰোমান্স উপভোগ কৰিব ৷ আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বহু কথা আলোচনা কৰিবলগীয়া আছে ৷ আপুনি অধিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বিক্ৰেতাসকলৰ বাবে পৰিস্থিতি ভাল ৷ আপুনি যি কামেই নকৰক কিয়, তাতে সফলতা অৰ্জন কৰিব ৷
ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)
মাজে-সময়ে আপোনাৰ মইমতীয়া আচৰণে আপোনাক ডাঙৰ সহায় কৰিব ৷ বিশেষকৈ যেতিয়া আপোনাৰ বিপৰীত লিংগৰ কোনো এজনে সুযোগ ল'বলৈ বিচাৰিব । আপুনি তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰিব। আপুনি শাৰীৰিকভাবে সক্ষম হৈ থাকিব ৷ আপুনি প্ৰেমত অনুভৱৰ ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি হঠাতে দুৰ্ভাগ্য বহন কৰিবলৈ অপাৰগ হ'ব ৷ আপুনি সাৱধান হোৱা উচিত।
মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)
আপুনি আজি কাৰ্যালয়ৰ সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ'ব পাৰে আৰু আধৰুৱা কাম ঘৰলৈ আনিব। ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰিব ৷ কাৰণ তেওঁ আজি আপোনাক লগ কৰিবলৈ বিচাৰিব ৷
কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)
আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব ৷ পূৰ্বৰ ভুল বুজাবুজি আঁতৰিব আৰু সম্পৰ্ক মধুৰ হ'ব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গ আৰু সহকৰ্মীৰ পৰা প্ৰত্যাশিত সহায় পাব ৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অধিক বিনয়ী আৰু মৃদুভাষী হ'ব লাগিব ৷ আজিৰ দিনটোত আপোনাৰ বহু ধন খৰচ হ'ব।
মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)
আজি দিনটো আপোনাৰ বাবে শিথিলতাৰে আগবাঢ়িব ৷ আপুনি অধিক কাম আশা নকৰিব আৰু দিনটো ভালদৰেই আগবাঢ়িব ৷ কাৰণ গোটেই দিন আপোনাৰ কাষত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা থাকিব ৷ আপুনি নতুন সংযোগ স্থাপনত অতুলনীয়ভাবে পাৰদৰ্শী ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত মৰম-স্নেহ থাকিব ৷ আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব আৰু ইয়ে সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব ৷