আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , ( ২৮ অক্টোবৰ, বৃহস্পতিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , ( ২৮ অক্টোবৰ, বৃহস্পতিবাৰ, ২০২১)

মেষ : ( ২১ মাৰ্চ -২০ এপ্ৰিল)

কামৰ বৃহৎ বোজাই আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা আঁতৰাই ৰাখিব পাৰে ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপুনি সন্মুখীন হৈ থকা সমস্যাৰ বিষয়ে খুলাখুলিকৈ কয়, তেন্তে তেওঁৰ পৰা আপুনি সহায় পাব। আপুনি কিছু মুকলিমূৰীয়াকৈ থাকিব পাৰে। আপুনি এটা নতুন কামত মনোনিৱেশ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত গুৰুত্ব আৰোপ কৰিব। এটা চাকৰি গোটোৱাত তেওঁলোক সফল হব।

বৃষ: (২১ এপ্ৰিল -২১ মে')

আপুনি আপোনাৰ প্ৰেম-জীৱনৰ কেতবোৰ সুন্দৰ মুহূৰ্ত উপভোগ কৰিব পাৰে ৷ এনে বহু মুহূৰ্ত আপুনি পাব ৷ আপুনি আৰু আপোনাৰ প্ৰেমিকা বা প্ৰেমিকাই অংগীকাৰবদ্ধ হৈ অগ্ৰসৰ হৈছে। আপুনি বন্ধুবৰ্গৰ সৈতে আজিৰ সন্ধিয়াতো পাৰ কৰিব। আপোনাৰ পৰিয়ালত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব। বিবাহে আপোনাৰ জীৱনলৈ শান্তি আনিব। আপুনি ব্যৱসায় বা ব্যক্তিগত কামত ভ্ৰমণো কৰিব পাৰে ।

মিথুন : (২২মে' – ২২ জুন )

আপুনি আজি কৰ্মময় দিনৰ দিশে অগ্ৰসৰ হৈছে ৷ কিন্তু আপোনাৰ প্ৰিয়জনৰ লগত বহু কথা ভাগ-বাটোৱাৰা কৰিবলৈ থাকিব ৷ আপুনি যাৰ সৈতে নতুনকৈ প্ৰেমত পৰিছে, সেই ব্যক্তিজনক বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ধনৰ পাছত অন্ধভাবে নৌ-দৌৰিব। এই সময়ছোৱাত আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰিব। আজিৰ পিছবেলাৰ সময়ছোৱা আপোনাৰ বাবে অধিক ভাল হ'ব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ সৈতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ এটা ব্যৱধান সৃষ্টি হ'ব পাৰে ৷ আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দুয়োৰে মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব ৷ আপুনি স্বভাৱজাতভাবে একাত্মতাৰে শান্তিপূৰ্ণভাবে কাম কৰিবলৈ ভাল পাব। আপোনাৰ ধনৰ আৰ্জন ভাল। অধিক হাবিয়াস নকৰিব ৷ আপুনি এই সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ কাম কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই প্ৰচুৰ মৰম-স্নেহ দিব ৷ লগত আপুনি আজি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো লৈ ফুৰিবলৈ যাব পাৰে ৷ আপুনি কিছুমান কামৰ বাবে সমালোচিত হ'ব পাৰে ৷ আপোনাৰ প্ৰিয়জনে আপোনাৰ ভুল-ত্ৰুটি আঙুলিয়াই দিব। আপুনি তেওঁক শান্ত কৰিবলৈ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপোনাৰ উদ্যম অটুট থাকিব। আপুনি আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ কোনো এটা যাত্ৰাত এজন নতুন ব্যক্তিক লগ পাব পাৰে আৰু ইয়াৰ জৰিয়তে প্ৰেম-ৰোমান্সৰ সৃষ্টি হ'ব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক কম দূৰত্বৰ ভ্ৰমণ কৰিব পাৰে । পূৰ্বৰে পৰা বুজাপৰা থকা কোনো ব্যক্তিক আপুনি সাক্ষাত কৰিব পাৰে। পৰিয়ালৰ লগত আপুনি কোনো অনুষ্ঠান সুখেৰে উদযাপন কৰিব। আপোনালৈ নতুন কোনো চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাৱ আহিব পাৰে ।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাক কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত জনাবলৈ ক'লে সংকোচবোধ কৰিব পাৰে ৷ আপুনি আপোনাৰ প্ৰেম-ৰোমান্স উপভোগ কৰাৰ বাবে কথা-বতৰাবোৰ গভীৰভাবে পৰ্যবেক্ষণ কৰিব লাগিব ৷ আপুনি মনোৰঞ্জনমূলক কামত ব্যস্ত থাকি সন্তুষ্টি পাব। আপোনাৰ ব্যৱসায় ভাল হব। আপোনালৈ অপ্ৰত্যাশিতভাবে ধন আহিব পাৰে । আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুন্দৰ হ'ব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি পাগলৰ দৰে ভালপোৱা কোনোবা এজনৰ সৈতে বিয়া ঠিক কৰিব পাৰে ৷ আপুনি মনত শক্তি আৰু উদ্যম অনুভৱ কৰিব। আপোনাৰ বন্ধু বা পৰিচিতজনে সন্মুখীন হোৱা সমস্যাও দূৰ হ'ব। বিভিন্ন কৰ্মৰ জৰিয়তে আপুনি অতি জনপ্ৰিয়তা অৰ্জন কৰিব । আপুনি প্ৰিয়জনৰ লগত ভাল সময় পাৰ কৰিব। টকা-পইছাক লৈ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। বিনিয়োগৰ জৰিয়তে আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি জীৱনত বিচাৰি থকা সুৰক্ষা এজন নতুন প্ৰেমিক বা এগৰাকী নতুন প্ৰেমিকাৰ জৰিয়তে পাব ৷ ইয়ে আপোনালৈ প্ৰচুৰ মানসিক শান্তি আনিব ৷ আপুনি মনত প্ৰেৰণা অনুভৱ কৰিব। আপুনি ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। আপোনাৰ বিত্তীয় অৱস্থা ক্ৰমে উন্নত হব। আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। আপোনাৰ ক্ষেত্ৰত থকা বাধা-বিঘিনী দূৰ হ'ব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি মূল্য দিয়া কোনো এজনে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ দিনটো আপোনাৰ পৰম আনন্দৰ দিন হ'ব। আপুনি প্ৰেমত এইবাৰ বিফল হ'বলগা নহ'ব । আপোনাৰ উদ্যম তথা কৰ্ম-শক্তি বৃদ্ধি পাব। মনোবল অটুট থাকিব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। আপুনি ধনৰ আৰ্জন অব্যাহত ৰাখিব ।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক সঠিক দিশত আগুৱাই নিয়াৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব। তাকে নকৰিলে আপুনি দুদোল্যমান অৱস্থাত থাকিব লাগিব ৷ আপুনি কাৰ্যালয়ৰ কাম সম্পূৰ্ণ কৰিব। আপুনি প্ৰতিকূল পৰিৱেশৰ দ্বাৰা অনুৎসাহিত নহ'ব। আপোনাৰ মান-সন্মান বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব। মানসিক শান্তিৰ বাবে আপুনি কোনো ধৰ্মীয় স্থান দৰ্শন কৰিব।

মীন: (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত কোনো সংঘাতৰ সৃষ্টি হ'ব পাৰে আৰু ইয়ে আপোনাৰ প্ৰেমলৈ পৰিৱৰ্তন আনিব ৷ আপোনাৰ ভাল স্বাস্থ্য অটুট থাকিব ৷ জীৱনসংগীৰ সৈতে আপোনাৰ বান্ধোন দৃঢ় হ'ব ৷ আপুনি মানসিক শান্তি লাভ কৰিব। কৰ্মস্থলীত আলোচনা-বিলোচনা এৰাই চলক ৷ আপুনি আপোনাৰ কাম আৰু দক্ষতাৰ মাজত এক ভাৰসাম্য বৰ্তাই ৰাখিব আৰু বিচাৰ-বিবেচনাৰে যিকোনো সিদ্ধান্ত ল'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com