Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২৯ অক্টোবৰ, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২৯ অক্টোবৰ, শুকুৰবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Oct 2021 4:42 AM GMT


মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কথা-বতৰাবোৰ ঠিক-ঠাকে আছেনে নাই, সেয়া লক্ষ্য কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিছে । আপুনি ইয়াৰ বাবে নিজৰ শক্তি-সামৰ্থ প্ৰয়োগ কৰিব আৰু প্ৰেমৰ সম্পৰ্ক ঠিকে ৰাখিবলৈ যত্নৰ ত্ৰুটি নকৰিব। আপোনাৰ পৰা আপোনাৰ আত্মীয়-স্বজনৰ অনেক প্ৰত্যাশা থাকিব। আপুনি গুৰুত্ব দিয়া ব্যক্তিসকলৰ বাবে বহুখিনি কৰিব। আপোনাৰ আয় ভাল। আপোনালৈ চাকৰিৰ নতুন প্ৰস্তাৱ আহিব পাৰে।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰোঁতে পূৰ্বে বিষয়টোৰ আঁতি-গুৰি জানি ল'ব। আপোনাৰ জীৱনসংগীয়ে গুৰুত্বপূৰ্ণ কথা চম্ভালি লোৱাৰ বাবে মানসিকভাবে প্ৰস্তুত নাথাকিব পাৰে। আপুনি কাৰোবাক ধাৰে দিয়া বা কৰবাত আবদ্ধ হৈ থকা ধন আপুনি লাভ কৰিব পাৰে। আপুনি আপোনাৰ তলতীয়া বিষয়া-কৰ্মচাৰীৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰিব।

মিথুন : (২২ মে'- ২১ জুন)

পেচাগত কাম-কাজে আপোনাক এনেদৰে ব্যস্ত ৰাখিব যে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক দিবলৈ সময় নাপাব পাৰে । ইয়ে আপোনালোকৰ সম্পৰ্কত কিছু সংঘাতৰ সৃষ্টি কৰিব পাৰে, যাৰ বাবে আপোনাৰ মনত অপৰাধবোধৰ সৃষ্টি হ'ব পাৰে। কিছুদিন ধৰি দম বান্ধি থকা কাম সম্পূ্ৰ্ণ হৈ উঠিব আৰু ইয়াৰ স্বীকৃতি আপুনি পাব।

কৰ্কট: (২২ জুন- ২২ জুলাই)

আপোনৰ মন উত্সাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে এপাক ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব। আপুনি তেওঁৰ সান্নিধ্য উপভোগ কৰিবলৈ অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ ভ্ৰাতৃ বা ভগ্নীৰ বাবে এটা বিয়াৰ প্ৰস্তাৱ পাব। আপুনি প্ৰচুৰ সততা আৰু উত্সাহে কাম কৰিব। আপুনি কোনো পুৰণি বন্ধুক লগ পাব পাৰে আৰু তেওঁৰ সৈতে সুন্দৰ সময় পাৰ কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ত প্ৰৱেশ কৰিব পাৰে। ইয়াৰ ফলাফল আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতিক্ৰিয়ৰ ওপৰত নিৰ্ভৰ কৰিছে। আপুনি ভাল খবৰ পাব। আপুনি কৰা কামৰ বাবে ভৱিষ্যতে পুৰস্কৃত হ'ব। আইন সংক্ৰন্তীয় বিষয়ত আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লবলগীয়া হ'ব পাৰে।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি অধিক স্বাধীনতা বিচৰাৰ পৰিপ্ৰেক্ষিতত আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন বিচাৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথাবোৰ আলোচনা কৰাৰ প্ৰয়োজন হব। কোনো কাৰণ অবিহনেই আপুনি কোনো ব্যক্তিৰ লগত তৰ্কাতৰ্কি কৰিব পাৰে। আপোনাৰ শত্ৰু আৰু বিৰোধী বৃদ্ধি পাব। আপুনি মাথোঁ নিজৰ লক্ষ্য নাপাহৰিব।

তুলা: (২৩ ছেপ্টেম্বৰ -২৩ অক্টোবৰ)

দীৰ্ঘদিন ধৰি আপোনাৰ জীৱনত প্ৰেমে ভুমুকি মৰা নাই। আপুনি কোনো ঠাইলৈ কৰা ভ্ৰমণৰ সময়ত কোনো ব্যক্তিৰ প্ৰেমত পৰিব পাৰে। এই সময়ছোৱা আপোনাৰ বাবে আনন্দকৰ সময়। আপুনি কৰা কটোৰ পৰিশ্ৰমৰ সুফল লাভ কৰিব। আপুনি আপোনাৰ উৰ্থন বিষয়াৰ সু-দৃষ্টি পাব। অধঃস্তন কৰ্মচাৰীৰ সৈতে আপোনাৰ ভাল বুজাবুজি থাকিব। তেওঁলোকে আপোনাৰ কথা মানি চলিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি হব। আপোনাৰ ভৱিষ্যতৰ আঁচনি প্ৰস্তুতৰ বাবে এয়াই উপযুক্ত সময়। আপুনি বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা ভাবিব পাৰে। আপুনি এক সন্ধিক্ষণত উপস্থিত হব আৰু নিজকে অসহায় অনুভৱ কৰিব পাৰে। আপোনাৰ আভ্যন্তৰীণ শক্তিয়ে সঠিক সময়ত আপোনাক সহায় কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক পূৰ্বতকৈ অধিক মৰমীয়াল অনুভৱ কৰিব। ই আপোনাৰ বাবে এটা সুন্দৰ উপহাৰ হব। বিত্তীয় দিশতো আপোনাৰ উন্নতি ঘটিব পাৰে। আপোনাৰ মনত থকা সকলো ধূসৰতা দূৰ হব। আপোনাৰ সফলতাৰ আঁৰত আপোনাৰ কোনো শুভাকাংক্ষী থাকিব। বিনিয়োগৰ ক্ষেত্ৰত আপুনি সফল হব। আপোনাৰ মনত সৃষ্টি হৈ থকা সকলো সন্দেহ আৰু অ-সুৰক্ষিতৰ ভাব দূৰ হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আপোনাৰ অন্তৰংগতা বৃদ্ধি পাব পাৰে । কাৰণ আপোনালোকৰ সম্পৰ্ক ক্ৰমে গভীৰ হবলৈ ধৰিছে। আপুনি আচল কথাবোৰ আলোচনা কৰাৰ প্ৰয়োজন হব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব। এজন নতুন ব্যক্তি আপোনা জীৱনলৈ আহিব। এই সময় আপোনাৰ বাবে সিদ্ধান্ত গ্ৰহণৰ সময়ৰ।

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপুনি এক নতুন প্ৰেমৰ সম্পৰ্কত বান্ধ খাব পাৰে। আপুনি তেওঁৰ পৰা অধিক আবদাব নকৰিব, কাৰণ ইয়ে আপোনাৰ লগতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবেও বেয়া। আপুনি ৰাজনীতিৰ লগত জড়িত কামত জয়ী হোৱাৰ সুয়োগ আছে। আপুনি জ্যেষ্ঠ কৰ্মীৰ সহযোগ-সমৰ্থন পাব। আপুনি কোনো অতি জটিল কাম সম্পাদন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ বিত্তীয় অৱস্থা অতি ভাল।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিলে আপুনি বহুলভাবে উপকৃত হ'ব। আপোনাৰ জীৱনত প্ৰচুৰ সুখ থাকিব। আপুনি কোনো ভ্ৰমণলৈ যাব। আপুনি আনক সহায় কৰি ভাল পায়। আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰেৰণা আৰু আশীৰ্বাদ পাব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব।

Next Story
চাকৰি