আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

 ৬, ১৫, ২৪

শুভ বাৰসমূহ

সোমবাৰ, মঙলবাৰ, দেওবাৰ

শুভ ৰংসমূহ


 নীলা, হালধীয়া, মেৰুণ

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)

জীৱনক বিপৰ্যস্ত কৰাৰ পূৰ্বেই আপুনি সমস্যা সমাধানৰ চেষ্টা কৰাৰ উচিত ৷ আপোনাৰ প্ৰেমৰ সম্পৰ্কত সোমাই পৰা কোনো অনাকাংক্ষিতজনক লৈ আপুনি কঠোৰ হোৱা উচিত ৷ কোনো কথাই ভাল নালাগিলেও আপুনি এটা ডাঙৰ কাম কৰাৰ পৰিকল্পনা কৰিব৷ আপুনি ধন লাভৰ সম্ভাৱনা আছে ৷ বাধ-বিঘিনী সত্বেও ছাত্ৰ-ছাত্ৰীসকলে সফলতা অৰ্জন কৰিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি নিজকে এক ত্ৰিকোণ প্ৰেমৰ মাজত আৱিষ্কাৰ কৰি কি কৰিব লাগে, সেইটো বুজি নাপাব ৷ এই অৱস্থাৰ সৈতে মোকাবিলা কৰাটো সহজ নহ'ব, কিন্তু আপুনি এটা যথোপযুক্ত সিদ্ধান্ত ল'ব লাগিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সকাহ-সমৰ্থন পাব ৷ আপুনি ঘৰুৱা পৰিৱেশ উপভোগ কৰিব, কিন্তু বন্ধুবৰ্গৰ লগত বিশেষ সহজ অনুভৱ নকৰিব ৷  

মিথুন : (২২ মে'- ২১ জুন)

আপুনি আকাংক্ষিত ফলাফল লাভ নকৰিব পাৰে ৷ ইয়াৰ কাৰণ আপোনাৰ চেষ্টাত হয়তো ত্ৰুটি ৰৈ গৈছে ৷ এয়া ভাল কথা যে ইয়াৰ পৰিণতি আপোনাৰ প্ৰেম-জীৱনে ভোগ কৰিবলগীয়া হোৱা নাই ৷ কিন্তু প্ৰেমত সুখ নাথাকিব ৷ আপুনি মানসিকভাবে সন্তুষ্ট হ'ব ৷ আপুনি আজিৰ দিনটো সুখেৰে আৰু উপভোগ্যভাবে পাৰ কৰিব ৷ আপুনি সম্পূৰ্ণৰূপে উৎসাহী হ'ব ৷ আপোনাৰ কৰ্ম-আঁচনিয়ে মসৃণভাবে কাম কৰিব ৷

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি নিজকে উপভোগ কৰিবলৈ অনেক সুযোগ পাব ৷ এই সুযোগসমূহ আয়ত্ত কৰাৰ প্ৰৱণতা আপোনাৰ মনত থাকিব ৷ আপুনি ধন-সম্পদ আহৰণৰো সুযোগ পাব ৷ আপুনি আপোনাৰ পিতৃ-মাতৃৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব ৷ আপুনি কৰ্মস্থলীত পদোন্নতি লাভৰ সম্ভাৱনা আছে ৷ বিনিয়োগৰ পৰা বিৰত থাকক ৷ 

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আগবঢ়োৱা এটা মতামতক লৈ দোধোৰ-মোধোৰ অৱস্থাত পৰিব পাৰে ৷ তেওঁ কোৱাটো আপুনিও কৰাটো বিচাৰিব পাৰে ৷ এই কথা মনত ৰাখক ৷ আপুনি বজাৰ-সমাৰ কৰাত ব্যস্ত থাকিব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সুখী হ'ব ৷ যদি আপুনি জীৱনসংগীৰ সন্ধানত আছে, তেন্তে আপোনাৰ সন্ধানৰ অন্ত পৰিব ৷ 

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে এটা সুখৰ দিন হ'ব। প্ৰেমিক-প্ৰেমিকাসকলে ইজনে সিজনৰ সান্নিধ্যত সন্তুষ্ট হ'ব ৷আপুনি আপোনাৰ পদক্ষেপৰ বাবে প্ৰশংসিত হ'ব ৷ আপুনি আপোনাৰ কামৰ প্ৰতি অতি অনুৰক্ত হ'ব ৷ আপুনি পদোন্নতি পোৱাৰ সম্ভাৱনা আছে ৷ আপুনি কেৰিয়াৰত গুৰুত্ব দিব আৰু সফলতা অৰ্জন কৰিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আজি এগৰাকী আকৰ্ষণীয় ব্যক্তিক লগ পাই বাকৰুদ্ধ হ'ব পাৰে ৷ কিন্তু আপুনি তেওঁক উষ্ম আদৰণি জনাব আৰু তেওঁৰ সান্নিধ্য উপভোগ কৰিব ৷ বন্ধুবৰ্গই আপোনাক সংগ দিব আৰু আপুনি মুক্ত অনুভৱ কৰিব ৷ বিয়া-বাৰু চিঙা-কটা বা বিয়াৰ লেখীয়া অনুষ্ঠানৰ আয়োজন হ'ব পাৰে ৷ আপুনি অতি আগ্ৰাসী মনৰ ব্যক্তিক আকৰ্ষণ কৰিব আৰু তেনে ব্যক্তিৰ লগত বন্ধুত্ব গঢ়িব ৷ 

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

যদি আপুনি কাৰোবাক কথা দিয়া নাই, তেন্তে আপুনি এগৰাকী আকৰ্ষণীয় ব্যক্তিক লগ পাব ৷ আজি আপুনি অত্যন্ত ব্যস্ততাৰে সময় পাৰ কৰিব। অৱশ্যে কামতকৈ আপুনি কৰি ভালপোৱা কাম বা খেলা-ধুলাই সম্ভৱতঃ অগ্ৰাধিকাৰ পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বহু সময় কটাব। গৃহিণীসকলে দক্ষতাৰে কাম কৰিব আৰু জিৰণী ল'বলৈও সময় পাব।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হব। আপুনি আপোনাৰ ভাললগা কোনো ব্যক্তিক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ সংকোচ কৰিব পাৰে ৷ তেওঁৰো আপোনাৰ প্ৰতি একেধৰণৰ অনুভৱ থাকিব পাৰে ৷ আপুনি এটা সুন্দৰ উপহাৰ ক্ৰয় কৰিব আৰু মৰমেৰে সেইটো তেওঁক প্ৰদান কৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কল্যাণমূলক কামে আপোনাক আকৰ্ষণ কৰিব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি বিপদ মণ্ডলৰ পৰা আঁতৰি থাকক। আপুনি ত্ৰিকোণ প্ৰেমত পৰিব নিবিচাৰে। আপুনি আবেগ-অনুভূতিৰ ক্ষেত্ৰত সাৱধানতাৰে আগবাঢ়ক ৷ আজিৰ দিনটো আপোনাৰ বাবে জ্ঞানবৰ্ধনৰ দিন হ'ব। আপোনাৰ সৃষ্টিশীলতাক সকলোৱে প্ৰশংসা কৰিব। আপুনি জীৱন উপভোগৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব। আপুনি এটা নতুন সম্পত্তি ক্ৰয় কৰিব। 

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত কোনোবাজনে ব্যাঘাত হানিব পাৰে ৷ গতিকে আপুনি প্ৰেমিক-প্ৰেমিকাক লৈ অনিশ্চয়তাত ভুগিব পাৰে ৷ আপুনি কিছু পৰিমাণে প্ৰেক্টিকেল হোৱা উচিত ৷ কিন্তু কাৰোবাৰ সৈতে সময় কটোৱা কাৰ্যই আপোনাৰ জীৱনলৈ কিছু পৰিৱৰ্তন আনিব। সম্পত্তি ক্ৰয়ৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপুনি নতুন বিনিয়োগৰো সুযোগ পাব। আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন। 

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ প্ৰেম-জীৱন আপোনাৰ অনুকূল নহ'ব পাৰে ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টা কৰিলেও, সেয়া আপুনি ভাল নাপাব পাৰে ৷ সময় অনুসৰি আপোনাৰ পৰিকল্পনালৈ শুধৰণি অনাৰ প্ৰয়োজন ৷ চন্দ্ৰৰ অৱস্থান আপোনাৰ বাবে ভাল ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com