Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (বৃহস্পতিবাৰ, ২৫ নৱেম্বৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (বৃহস্পতিবাৰ, ২৫ নৱেম্বৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Nov 2021 5:01 AM GMT


জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

৭, ১৬, ২৫

শুভ বাৰসমূহ


সোমবাৰ, বৃহস্পতিবাৰ, দেওবাৰ

শুভ ৰংসমূহ


ঘন বেঙুনীয়া, মেজেণ্টা, বেঙুনীয়া



মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)




আপুনি আপোনাৰ বন্ধু-বান্ধৱক আমন্ত্ৰণ জনাই এক সুখৰ অনুষ্ঠানৰ আয়োজন কৰিব ৷ এই অনুষ্ঠানত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সহযোগ কৰিব। হঠাতে সন্মুখীন হোৱা কোনো কথাক লৈ আপুনি অতি সংবেদনশীল হৈ পৰিব পাৰে ৷ কামৰ প্ৰতি আপুনি নিজক উৎসৰ্গা কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মন অধ্যয়নৰ প্ৰতি উৎসৰ্গিকৃত হ'ব ৷ কথা-বতৰাবোৰ স্বাভাৱিক বা গতানুগতিক হৈ থাকিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')



এনে কিছু অদৃশ্য পৰিস্থিতিৰ সৃষ্টি হ'ব যে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আশা পূৰণত ব্যৰ্থতা স্বীকাৰ কৰিব ৷ আপুনি পৰিকল্পনা প্ৰস্তুত কৰা ভ্ৰমণৰ আঁচনিয়ে বাস্তৱৰূপ নাপাব পাৰে ৷ আপুনি জীৱন শৈলীত এটা পৰিৱৰ্তনৰ সূচনা কৰিব ৷ সৰু-সুৰা ব্যৰ্থতাক বৃহৎ সফলতা অৰ্জনৰ প্ৰক্ৰিয়া বুলি গ্ৰহণ কৰিব ৷ আপুনি কেৰিয়াৰত ব্যাঘাতৰ সন্মুখীন হ'ব পাৰে আৰু বিত্তীয় জটিলতাই দেখা দিব পাৰে ৷

মিথুন : (২২ মে'- ২১ জুন)




আপোনাক কামে ব্যস্ত কৰি ৰাখিব আৰু আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা আঁতৰত ৰাখিব ৷ ইয়ে আপোনাক অ-সুখী কৰিব পাৰে ৷ আপুনি আপোনাৰ পৰিয়ালক সময় দিয়া উচিত ৷ আপুনি চেষ্টাৰ ফল পাচত পাব পাৰে ৷ কিন্তু বৰ্তমানে একোৱেই নাপাব ৷ গতিকে ধৈৰ্য ধৰি ৰখাৰ প্ৰয়োজন ৷

কৰ্কট : (২২ জুন- ২২ জুলাই)





আপোনাক দীৰ্ঘ সময় ধৰি অশান্তি দি থকা কেতবোৰ কথা এতিয়া আলোচনা কৰিবলৈ সাহস কৰিব ৷ ইয়ে সৰু-সুৰা সমস্যাৰ সৃষ্টি কৰিব যদিও আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলৈ সাজু হ'ব ৷ আপুনি নতুন ব্যক্তিৰ লগত সংযোগ স্থাপন কৰিব, যি ভৱিষ্যতে আপোনাক লাভান্বিত কৰিব ৷ আপোনাৰ সন্তানে আপুনি সন্তুষ্ট হ'বপৰা খবৰ দিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)





কোন খবৰে আজি গোটেই দিন আপোনাৰ স্পৃহা-উদ্যম তুংগত তুলি ৰাখিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰো ভালদৰে কেয়াৰ ল'ব ৷ ধনৰ সৈতে সম্পৰ্কিত আপোনাৰ সকলো কাম সফল হ'ব ৷ কোনো প্ৰত্যাশিত বা ভাল কাম বাস্তৱায়িত হ'ব পাৰে ৷ আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)





আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বিভিন্ন কাম কৰিব আৰু এয়া সম্পৰ্কক স্থায়ী ৰূপ দিয়াৰ বাবে উপাদান হ'ব। আপুনি কোনো ডাঙৰ কামৰ পৰিকল্পনা কৰিছে ৷ আপোনাৰ সফলতা সকলোৰে বাবে অনুকৰণীয় হ'ব ৷ আপুনি সকলোৰে পৰা প্ৰশংসা লাভ কৰিব ৷ কিন্তু আপুনি নথিপত্ৰ ভালদৰে ৰখা উচিত আৰু প্ৰতিদ্বন্দ্বীৰ পৰা সাৱধানে থকা উচিত ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)






আপুনি আৰু আপোনাৰ জীৱনসংগীয়ে এনে এটা স্থান ভ্ৰমণ কৰিব, যাৰ দ্বাৰা আপোনাৰ মনত সপোনৰ গৃহ ক্ৰয়ৰ ধাৰণা মনত পোথিত হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো ইতিবাচক দৃষ্টিভংগী লবলৈ অনুৰোধ জনাব। আপুনি চাকৰি বা ব্যৱসায়ত কথা-বতৰাবোৰ আপোনাৰ অনুকূলে আনিবলৈ অশেষ চেষ্টা কৰিব। আপুনি আপোনাৰ বিশেষ প্ৰতিভাৰ বলত নিজৰ এটা সুকীয়া পৰিচয় দিবলৈ সক্ষম হব।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)




আপুনি আপোনাৰ জীৱনত লক্ষ্য আৰু উদ্দেশ্য স্থিৰ কৰিবলৈ সক্ষম হ'ব ৷ কাৰণ আপুনি শেহতীয়াকৈ এইক্ষেত্ৰত সমস্যাৰ পৰা মুক্ত হৈছে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ফুৰিবলৈও যাব পাৰে ৷ আপুনি ব্যস্ততাৰ মাজেৰে দৈনন্দিন জীৱন অতিবাহিত কৰিব। তথাপি আপুনি আপোনাৰ বন্ধুবৰ্গক সময় দিব। আপুনি প্ৰেম-ৰোমান্সক লৈ ব্যস্ত থাকিব।


ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)






আপুনি প্ৰেম-ৰোমান্সৰ বাবে সময় বাচি লোৱাৰ বাবে এয়াই উপযুক্ত সময়। এই সময়ছোৱা আপোনাৰ বাবে অতি সুন্দৰ সময় ৷ এতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব। আপোনাৰ ব্যক্তিগত সমস্যা সমাধানৰ বাবে আপুনি আবেগিক হোৱাৰ প্ৰয়োজন নাই। আপুনি শান্ত মনেৰে চিন্তা কৰক আৰু প্ৰতিটো কাম কৰক। আপোনাৰ সামৰ্থ্যক স্বীকৃতি দিয়া হব আৰু আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)





আপুনি কেতবোৰ সৰু-সুৰা কথা লক্ষ্য নকৰিব, যিয়ে জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ পৰিস্থিতিৰ নাটকীয় পৰিৱৰ্তনে কেতবোৰ সিদ্ধান্ত লোৱাত আপোনাক বাধা দিব পাৰে ৷ আপুনি আপোনাৰ নিকটজনৰ বাবে বহুখিনি কৰিবলগীয়া হ'ব ৷ আজি আপোনাৰ কাৰ্যালয়ৰ কাম শেষ কৰিব নোৱাৰিব পাৰে আৰু বাকী থকা কাম ঘৰলৈ আনিব । কিন্তু আপোনাৰ জীৱনসংগীয়ে এই কথা ভাল নাপাব ।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)







প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ বাবে সকলোখিনিয়েই ভাল ৷ আপোনাৰ মনৰ পৰা সন্দেহৰ ভাব দূৰ হ'ব ৷ আপুনি প্ৰেমিক বা প্ৰেমিকাৰ লগত মুখামুখিকৈ কথা পতা উচিত ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক মনোযোগ আশা নকৰিব। কিন্তু আপুনি আজি এটা সুখৰ দিন অতিবাহিত কৰিব। কাৰণ আজি গোটেই দিন আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ কাষতে থাকিব। পুৰণি কাজিয়া-পেঁচাল দূৰ হব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)



আপুনি এটা কৰ্মময় অস্থিৰ দিনৰ দিশে অগ্ৰসৰ হৈছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ ওপৰত আস্থা ৰাখিব ৷ আপুনি সকলোৰে লগত কথা-বতৰা হ'ব ৷ এই মুহূৰ্তটো আপোনাৰ বাবে উপভোগ্য মুহূৰ্ত হ'ব আৰু পৰিস্থিতিৰ সৈতে আপুনি সুখী হ'ব৷ আপুনি যিকোনো মূল্যৰ বিনিময়ত নিজৰ লক্ষ্যত উপনীত হ'ব ৷

আৰু পঢ়ক : পাৰ্লাৰ আৰু চেলুনৰ পৰা ৫০,০০০ টকা জৰিমনা সংগ্ৰহ গুৱাহাটী পৌৰ নিগমৰ


Next Story
চাকৰি