আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৬ নৱেম্বৰ, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৬ নৱেম্বৰ, শুকুৰবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

 ৮, ১৭, ২৬

শুভ বাৰসমূহ


মঙলবাৰ, বৃহস্পতিবাৰ, দেওবাৰ

শুভ ৰংসমূহ


 মেজেণ্টা, নীলা, সেউজীয়া ৷

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)

পাৰিবাৰিক কথাই আজি আপোনাক কিছু ব্যস্ত ৰাখিব পাৰে ৷ কিছু অ-পৰিকল্পিতভাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিবলগীয়া হ'ব পাৰে ৷ আপুনি আজি এটা ছাৰপ্ৰাইজ পাব পাৰে , যিটো আপুনি ভাল পাব ৷ ব্যৱসায়ত আপুনি কিছু লোকচান ভৰিব পাৰে; কিন্তু লাভো অৰ্জন কৰিব ৷ আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিব ৷ অধিক সংবেদনশীল আৰু মানুহক সততে লগ দিয়া স্বভাৱ ত্যাগ কৰক ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা কথা লুকুৱাই ৰাখিলেই সমস্যাৰ পৰা মুক্তি নাপাব ৷ ইয়ে ইতিমধ্যে অৱনতি ঘটা প্ৰেমৰ সম্পৰ্কত অধিক আঘাত হানিব৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক কথাবোৰ খুলাখুলিকৈ কওক আৰু আপোনাৰ আবেগ-অনুভৱ প্ৰকাশ কৰক ৷ ইয়ে আপোনাক সহায় কৰিব পাৰে ৷ আপোনাৰ কনিষ্ঠসকল আৰু সহকৰ্মীসকলে আপোনাৰ কাষত থিয় দিব ৷ আপোনাৰ কাম-কাজৰ ধৰণ আনৰ পৰা সুকীয়া হ'ব ৷ স্বামী-স্ত্ৰীৰ মাজত স্বাভাৱিক বুজা-পৰা থাকিব ৷

মিথুন : (২২ মে'- ২১ জুন)

আপোনাৰ ব্যক্তিগত জীৱন সজাই তোলাৰ বাবে আপোনাৰ ধাউতি থাকিব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰো ইয়াৰ প্ৰতি আগ্ৰহ থাকিব আৰু তেঁৱেই প্ৰথম পদক্ষেপ ল'ব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা-বতৰাবোৰ খুলাখুলিকৈ আলোচনা কৰক ৷ আজি আপুনি আনদিনতকৈ ভাল অনুভৱ কৰিব ৷ বৃহস্পতি আৰু চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ ভাগ্য উদয় হ'ব ৷ আপুনি চাকৰি বা কামত লাভান্বিত হ'ব ৷ 

কৰ্কট : (২২ জুন- ২২ জুলাই)

ব্যস্ততা সত্বেও আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক উপেক্ষা কৰি নচলিব ৷ আপোনালোক দুয়োজনেই বিয়াৰ কথা চিন্তা কৰিব পাৰে আৰু আনকি দুয়োজনে একেলগে বজাৰ কৰাৰ পৰিকল্পনা কৰিব পাৰে ৷ কাম আৰু ৰোমাণ্টিক জীৱনৰ ভাৰসাম্য বৰ্তাই ৰাখি আপুনি জীৱনৰ মাধুৰ্য উপভোগ কৰিব পাৰে ৷ আপুনি আপোনাৰ সন্তানৰ তত্বাৱধানত সময় অতিবাহিত কৰিব ৷ কিন্তু আপুনি সন্তুষ্ট নহ'ব ৷ আপুনি বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

কোন খবৰে আজি গোটেই দিন আপোনাৰ স্পৃহা-উদ্যম তুংগত তুলি ৰাখিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰো ভালদৰে কেয়াৰ ল'ব ৷ ধনৰ সৈতে সম্পৰ্কিত আপোনাৰ সকলো কাম সফল হ'ব ৷ কোনো প্ৰত্যাশিত বা ভাল কাম বাস্তৱায়িত হ'ব পাৰে ৷ আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

কেতবোৰ কৰ্কশ শব্দ প্ৰয়োগে আপোনাৰ ভাল প্ৰেমৰ সম্পৰ্কত আঘাত হানিব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ক্ষেত্ৰত কিছু কৌশলী স্থিতি ল'বলগীয়া হ'ব পাৰে ৷ আপুনি কোৱা কথাই আপোনাৰ প্ৰকৃত অভিপ্ৰায়ক প্ৰতিফলিত নকৰিব পাৰে ৷ আপুনি আগ্ৰাসীভাবে কাম কৰিব ৷ টকা-পইছাৰ ক্ষেত্ৰত আপুনি লাভ বিচাৰিব ৷ আপুনি কিছু অলসতা অনুভৱ কৰিব পাৰে ৷ আপুনি আপোনাৰ ব্যৱসায় আৰু পৰিয়ালৰ কামৰ মাজত ভাৰসাম্য ধৰি ৰাখিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ বাবে আজিৰ দিনটো সুন্দৰ দিন হ'ব । আপুনি কিছুদিনৰ বিৰতিৰ পাছত আজি আপোনাৰ প্ৰিয়জনক সাক্ষাত কৰিবলৈ যাব। আপোনাক নিজৰ মানুহে সহায় কৰিব ৷ কোনো সিদ্ধান্ত গ্ৰহণৰ সময়ত আপুনি দোধোৰ-মোধোৰত পৰিব পাৰে। কিন্তু কোনোবাজনৰ সহায় লব। আপোনাৰ বিত্তীয় অৱস্থা অনুকূল। আপোনাৰ ঘৰত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আজিৰ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আপুনি ক'ৰবালৈ ফুৰিবলৈ যাব পাৰে ৷ অত্যন্ত ব্যস্ততাৰে পাৰ কৰিব লাগিব । কিন্তু তাৰ মাজতে আপুনি সৰু-সুৰা কথাক লৈ কাজিয়া-পেচালতো জড়িত হ'ব পাৰে ৷ আপুনি নিজকে বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন। আপুনি চৰকাৰৰ পৰা পুৰস্কাৰ পাব পাৰে। গৃহিণীসকলে দক্ষতাৰে কাম কৰিব আৰু জিৰণী লবলৈও সময় পাব। তেওঁলোকে নিজৰ সামৰ্থ্য অনুসৰি সা-সামগ্ৰী ক্ৰয় কৰিব। 

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব। আপুনি আপোনাৰ প্ৰিয়জনক ফুৰাবলৈ নিব পাৰে। আপুনি এটা সুন্দৰ উপহাৰ ক্ৰয় কৰিব আৰু মৰমেৰে সেইটো তেওঁক প্ৰদান কৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কল্যাণমূলক কামে আপোনাক আকৰ্ষণ কৰিব। আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব। আপুনি এটা পদোন্নতিও পাব পাৰে ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সহযোগিতামূলক মানসিকতাৰ হ'ব আৰু প্ৰেমৰ ক্ষেত্ৰত আপুনি সৌভাগ্যবান হ'ব ৷ আজিৰ দিনটো আপোনাৰ বাবে জ্ঞানবৰ্ধনৰ দিন হ'ব। আপোনাৰ সৃষ্টিশীলতাক সকলোৱে প্ৰশংসা কৰিব। আপুনি জীৱন উপভোগৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব। আপুনি এটা নতুন সম্পত্তি ক্ৰয় কৰিব। আপুনি আকাংক্ষিত ফল লাভ কৰিব ৷ 

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আপোনাৰ প্ৰেমৰ সংগী আপোনাৰ বাবে সন্তুষ্টিৰ কাৰক হ'ব ৷ আজি হঠাতে ঘটা ঘটনাই আপোনলোক দুজনৰ মাজৰ সম্পৰ্ক অধিক দৃঢ় কৰিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ভাল কামক প্ৰশংসা কৰিব ৷ দীৰ্ঘদিনীয়া এক সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব ৷ মঙলৰ অৱস্থানে আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

এই দিনবোৰত আপোনাৰ সৈতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আবেগিক সম্পৰ্ক অধিক শক্তিশালী হ'ব ৷ আপোনাৰ জীৱনসংগীয়ে আপুনি কৰা ভুলৰ শুধৰণি কৰিব । আপুনি আজিৰ সন্ধিয়াটো বন্ধুবৰ্গৰ সৈতে কটাব। আপুনি সুখী হব আৰু আনন্দ মুখেৰে থাকিব। আপুনি আপোনাৰ জীৱনশৈলীৰ উন্নতিসাধন কৰিব। আপুনি আপোনাৰ ব্যক্তিত্বৰ উন্নতি সাধন কৰিব আৰু জীৱনত প্ৰগতি লাভ কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com