আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৭ নৱেম্বৰ, শনিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৭ নৱেম্বৰ, শনিবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

 ৯, ১৮, ২৮

শুভ বাৰসমূহ


সোমবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহ


 মেজেণ্টা, নীলা, বগা ৷

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)

আপুনি সামাজিক ক্ষেত্ৰত উপেক্ষিত হোৱাৰ অনুভৱে আপোনাৰ চিন্তা-চৰ্চা ঘেৰি ৰাখিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সকলো চেষ্টা কৰিব। ইয়ে আপোনাক আবেগিকভাবে ধৰাশায়ী কৰিব আৰু মনত অশান্তি অনুভৱ কৰিব ৷ আপুনি এক দয়ালু আৰু উদাৰচিতীয়া দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰয়োজন হ'ব ৷ আপুনি পৰম শক্তি আৰু দৃঢ়তা অৰ্জন কৰিব ৷ আপুনি বহু বস্তু ক্ৰয় কৰিব ৷ আপুনি ঘৰুৱা দায়িত্বও সুন্দৰভাবে সমাপন কৰিব ৷ 

বৃষ : (২১ এপ্ৰিল – ২১ মে')

বিত্তীয় লাভ অৰ্জনে আপোনাৰ মন ভাল কৰিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভাল বয়বস্তু ক্ৰয় কৰি কিছু সুন্দৰ সময় পাৰ কৰিব আৰু সময় উপভোগ কৰিব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে ব্যয়বহুল উপহাৰো কিনিব পাৰে ৷ এজন সফল ৰাজনীতিকৰ দৰে কামত আপোনাৰ দখল থাকিব ৷ আপুনি আপোনাৰ আত্মীয়ৰ পৰা লাভ পাব ৷ আপুনি আপোনাৰ কামৰ শৈলী আৰু চিন্তা-ধাৰালৈ পৰিৱৰ্তন আনিব ৷

মিথুন : (২২ মে'- ২১ জুন)

কৰ্মই নিচাত পৰিণত হোৱাসকলৰ বাবে আজিৰ দিনটো কৰ্মৰ মাজতে লৰা-ঢপৰাকৈ পাৰ হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিকাৰ লগত কিছু সুন্দৰ সময় অতিবাহিত কৰিব ৷ দিনটোৰ শেষৰফালে কোনো ভুল বুজাবুজি হ'ব পাৰে, যিয়ে আপোনালোক দুজনৰ মাজত কিছু ক্ষণস্থায়ী সংঘাতৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি যানবহন ক্ৰয় কৰিব পাৰে ৷ জীৱিকাৰ উৎসৰ প্ৰতি মনোযোগ দিয়ক ৷

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি ভাল বুজাপৰা থকা জীৱনসংগী পোৱাৰ বাবে সৌভাগ্যবান ৷ আপুনি নিজকে অধিক সামাজিক কৰি তুলিব আৰু নতুন নতুন ব্যক্তিৰ লগত বন্ধুত্ব গঢ়িব ৷ আপোনাৰ প্ৰেমিকা বা প্ৰেমিকাই কামৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব আৰু ইয়ে আপোনাৰ মন অশান্ত কৰি ৰাখিব ৷ আপুনি ঘনিষ্ঠ ব্যক্তিৰ লগত কাজিয়া-পেচাল কৰিব পাৰে ৷ যিকোনো স্বাৰ্থ-সংঘাত এৰাই চলক ৷ ধ্যান আৰু প্ৰাৰ্থনাৰ প্ৰতি মনোযোগ দিয়ক ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আজি হঠাতে অধিক সক্ৰিয় হৈ উঠিব ৷ কাৰণ আজি আপুনি প্ৰেমৰ সংগী বিচাৰি পাব ৷ আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা দুয়োজেনে বহু সুখৰ মুহূৰ্ত উপভোগ কৰিব। আপুনি এতিয়া ব্যৱসায় আৰু ধনৰ ক্ষেত্ৰত লাভ অৰ্জন কৰাৰ সময়। আপোনাৰ কাম সম্পূৰ্ণ হব। আপোনাৰ ব্যৱসায়ত অনুকূল শ্ৰীবৃদ্ধি ঘটিব। আপোনাৰ চাকৰিৰ ক্ষেত্ৰতো ভাল। আপুনি কাম পাৰদৰ্শিতাৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। 

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

সচৰাচৰ দৰে আজিও আপুনি কামত ব্যস্ত থাকিব ৷ আপোনাৰ প্ৰিয়জনৰ কোনো কামে আপোনাক বিৰক্ত কৰিব পাৰে ৷ ইয়াক লৈ দুয়োজনৰ মাজত বাক-বিতন্দাও হ'ব পাৰে ৷ আপুনি নিজৰ লক্ষ্যত দৃষ্টি নিবদ্ধ ৰাখিব আৰু আপোনাৰ মনোযোগ বিচ্ছিন্ন নহ'ব ৷ আপুনি মানুহক নিজৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ সুযোগ নিদিব ৷ আপুনি ভাৰসাম্যশীল হৈ থাকিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি আজি এটা সুযোগ পাব ৷ দৃষ্টিভংগীৰ জৰিয়তে আপোনাৰ প্ৰেম-ৰোমান্স শক্তিশালী কৰিব পাৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো ইতিবাচক দৃষ্টিভংগী লবলৈ অনুৰোধ জনাব। আপুনি চাকৰি বা ব্যৱসায়ত কথা-বতৰাবোৰ আপোনাৰ অনুকূলে আনিবলৈ অশেষ চেষ্টা কৰিব। আপুনি আপোনাৰ বিশেষ প্ৰতিভাৰ বলত নিজৰ এটা সুকীয়া পৰিচয় দিবলৈ সক্ষম হব।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পৰ্ক পুনৰ মধুৰ কৰিবলৈ অনেক চেষ্টা কৰিব লাগিব ৷ আপোনাৰ অন্তৰ্মুখী স্বভাৱৰ বাবে প্ৰেমৰ ক্ষেত্ৰত অনেক ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে ৷ আপুনি আপোনাৰ জ্ঞান বৃদ্ধি কৰিব ৷ আপুনি কিছু গুৰুত্বপূৰ্ণ কথা শিকিব পাৰে আৰু সেয়া কৰ্মস্থলীত প্ৰয়োগৰ চেষ্টা কৰিব ৷ 

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপুনি কোনো পুৰণি সহকৰ্মীৰ প্ৰেমত পৰিব পাৰে আৰু তেওঁৰ লগত স্থায়ী সম্পৰ্ক গঢ়িব ৷ এতিয়া আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ অধিক সুস্থিৰতা আহিব। আপোনাৰ ব্যক্তিগত সমস্যা সমাধানৰ বাবে আপুনি আবেগিক হোৱাৰ প্ৰয়োজন নাই। আপুনি শান্ত মনেৰে চিন্তা কৰক আৰু প্ৰতিটো কাম কৰক। আপোনাৰ সামৰ্থ্যক স্বীকৃতি দিয়া হ'ব আৰু আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

ঘৰত আপোনাৰ বিয়াৰ কথা আগবাঢ়িব পাৰে ৷ আপোনাৰ আজিৰ দিনটো মিশ্ৰিত অনুভূতিৰ দিন হ'ব ৷ আপুনি আপোনাৰ সম্ভাব্য জীৱনসংগীৰ কথা চিন্তা কৰি সময় পাৰ কৰিব ৷ আপোনাৰ মাত-কথা আৰু মানসিকতা নিয়ন্ত্ৰণত ৰাখিব। নেতিবাচক চিন্তাই আপোনাক বশ কৰিব পাৰে, কিন্তু এই পৰিস্থিতি আপুনি আপোনাৰ আত্মবিশ্বাস আৰু মনৰ জোৰত অতিক্ৰম কৰিব। 

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আুপনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পৰ্ক উন্নত কৰিবলৈ অনেক চেষ্টা কৰিব লাগিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা অধিক মনোযোগ আশা নকৰিব। কিন্তু আপুনি আজি এটা সুখৰ দিন অতিবাহিত কৰিব। কাৰণ আজি গোটেই দিন আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ কাষতে থাকিব। পুৰণি কাজিয়া-পেঁচাল দূৰ হব। দুখৰ অনুভূতিৰ মাজতে সুখ থাকিব। আপুনি নতুন ব্যৱসায়ত লাভ অৰ্জন কৰিব। 

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

পেচাগত দায়িত্বই আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা নিলগাই ৰাখিব পাৰে ৷ ফলত আপোনাৰ ৰোমাণ্টিক জীৱন লেহেমীয়া গতিৰে অগ্ৰসৰ হ'ব ৷ কিন্তু মনত ৰাখক যে লাহে-ধীৰে যোৱাসকলেহে জীৱনৰ দৌৰত জয়ী হয়। এই মুহূৰ্তটো আপোনাৰ বাবে উপভোগ্য মুহূৰ্ত হ'ব আৰু পৰিস্থিতিৰ সৈতে আপুনি সুখী হ'ব। আপুনি কোনো ঘনিষ্ঠজনৰ কথা ভাবিব আৰু আবেগিক হ'ব পাৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com