আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩০ নৱেম্বৰ, মঙলবাৰ, ২০২১)
মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

জন্মদিনৰ শুভাশুভ :
জন্মদিনৰ শুভাশুভ | |
শুভ তাৰিখসমূহ | ৩, ১২, ২১, ৩০ |
শুভ বাৰসমূহ | সোমবাৰ, শুকুৰবাৰ, দেওবাৰ |
শুভ ৰংসমূহ | মুগা, ৰঙা, হালধীয়া
|
মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমক শীঘ্ৰেই বিয়াৰ ৰূপ দিয়াৰ কথা চিন্তা কৰিব ৷ আপুনি বৰ্তমানৰ প্ৰেমৰ সৌষ্ঠৱ বৃদ্ধিৰ বাবে সকলোখিনিয়েই কৰিব ৷ আপুনি আলোচনাৰ কেন্দ্ৰবিন্দু হ'ব ৷ আপুনি অধিক কৰ্তৃত্ব সাব্যস্ত কৰিব ৷ উত্তৰাধিকাৰী সূত্ৰে আপুনি সম্পত্তিৰ ভাগ পাব ৷
বৃষ : (২১ এপ্ৰিল – ২১ মে')

প্ৰেমত নতুন সৃষ্টি কৰাটো আপোনাৰ বাবে জটিল হ'ব ৷ সৰু-সুৰা কথাক লৈয়ে আপুনি অন্তৰত আঘাত পাব পাৰে । আপুনি আপোনাৰ জীৱনসংগী অধিক বিবেচনাশীল হোৱাটো বিচাৰে আপুনি বিৰক্তও হব পাৰে। আপুনি আপোনাৰ অহংবোধ ত্যাগ কৰক আৰু আনক সহায় কৰাত মনোযোগ দিয়ক। আপুনি কোনো উত্সৱ-পাৰ্বনত অংশ লৈ বিৰক্ত হব।
মিথুন : (২২ মে'- ২১ জুন)

আপুনি আজি এজন ভাললগা ব্যক্তিৰ দ্বাৰা পৰিচালিত হব আৰু তেওঁ গোটেই দিন আপোনাৰ মন-প্ৰাণ দখন কৰি থাকিব। তেওঁ আপোনাক আনন্দিত কৰিও ৰাখিব। খুব সোনকালে আপুনি তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব। আপোনাৰ কৰ্ম-গতি বাঢ়িব। আপুনি ঘৰৰ সকলো সৰু-সুৰা সমস্যা সামাধান কৰিব। আপুনি প্ৰচুৰ ধন অৰ্জন কৰিব আৰু বিদেশ ভ্ৰমণৰ সুয়োগ পাব।
কৰ্কট : (২২ জুন- ২২ জুলাই)

এটা নতুন অভিজ্ঞতাই আপোনাক বিমোৰত পেলাব আৰু আপুনি কাৰোৰে সহায় নাপাব। আপোনাৰ পৰা সম্ভৱতঃ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আঁতৰি যাব. যিটো আপোনাৰ অহংবোধৰ প্ৰতি এটা আঘাত হব।তাকে লৈ আপুনি হীনমন্যতাত ভুগিব পাৰে। আপুনি কথাই সূক্ষ্মভাবে নিৰীক্ষণ কৰিব। আপুনি যান-বাহনৰ খুঁটি-নাতিৰ পৰীক্ষা-নিৰীক্ষা সময়মতে কৰাব যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়।
৷
সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আৰু আোপনাৰ প্ৰেমিক বা প্ৰেমিকাই পালন কৰা ভূমিকাক লৈ বিবাদৰ সূত্ৰপাত হ'ব পাৰে। আপুনি সম্পৰ্ক সলনি কৰিবলগীয়া হব পাৰে । আপুনি বৰ্তমানৰ সম্পৰ্কৰ বিষয়ে কোনো অতি ঘনিষ্ঠ ব্যক্তিৰ লগত ভালদৰে আলোচনা কৰিবলগীয়া হব পাৰে। আপুনি নতুন চিন্তা-ধাৰা প্ৰয়োগ কৰিব আৰু পৰিস্থিতি পুনৰীক্ষণ কৰিব। আপুনি বহু আলোচনা-বিলোচনাত অংশ লব।
কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে এটা জটিল দিন হব পাৰে। আপুনি সাহসেৰে পৰিস্থিতিৰ সন্মউকীন হব লাগিব। আপোনাৰ জীৱনসংগীয়ে দুঃশ্চিন্তাৰ সৃষ্টি কৰিব পাৰে । তেওঁ আপোনাৰ পৰিয়ালৰ মতামতৰ লগত সন্মত নহব পাৰে। ঘৰৰ জ্যেষ্ঠজনৰ লগত যুক্তি-তৰ্ক নকৰিব। আজিৰ দিনটোৱে আপোনালৈ অনেক সন্মান আৰু যশস্যা আনিব।
তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ বাবে আজিৰ দিনটো অপূৰ্ব সুন্দৰ দিন হ'ব । আপুনি কিছুদিনৰ বিৰতিৰ পাছত আজি আপোনাৰ প্ৰিয়জনক সাক্ষাত কৰিবলৈ যাব। আপুনি আজি তেওঁক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। কোনো সিদ্ধান্ত গ্ৰহণৰ সময়ত আপুনি দোধোৰ-মোধোৰত পৰিব পাৰে। কিন্তু কোনোবাজনৰ সহায় লব। আপোনাৰ বিত্তীয় অৱস্থা অনুকূল।
বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আজিৰ দিনটো আপুনি অত্যন্ত ব্যস্ততাৰে পাৰ কৰিব লাগিব । অৱশ্যে কামতকৈ আপুনি কৰি ভালপোৱা কাম বা খেলা-ধুলাই সম্ভৱতঃ অগ্ৰাধিকাৰ পাব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত বহু ঘণ্টা সময় কটাব। আপুনি চৰকাৰৰ পৰা পুৰস্কাৰ পাব পাৰে। গৃহিণীসকলে দক্ষতাৰে কাম কৰিব আৰু জিৰণী লবলৈও সময় পাব।
ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হব। আপুনি আপোনাৰ প্ৰিয়জনক ফুৰাবলৈ নিব পাৰে। আপুনি এটা সুন্দৰ উপহাৰ ক্ৰয় কৰিব আৰু মৰমেৰে সেইটো তেওঁক প্ৰদান কৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কল্যাণমূলক কামে আপোনাক আকৰ্ষণ কৰিব। আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব।
মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি বিপদ মণ্ডলৰ পৰা আঁতৰি থাকক। আপুনি ত্ৰিকোণ প্ৰেমত পৰিব নিবিচাৰে। আজিৰ দিনটো আপোনাৰ বাবে জ্ঞানবৰ্ধনৰ দিন হব। আপোনাৰ সৃষ্টিশীলতাক সকলোৱে প্ৰশংসা কৰিব। আপুনি জীৱন উপভোগৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিব। আপুনি এটা নতুন সম্পত্তি ক্ৰয় কৰিব।
কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আপুনি কোনোবা নতুন ব্যক্তিৰ সৈতে ঘনিষ্ঠ হব। কিন্তু এই কাম প্ৰকৃততে মূল্যবান হবনে নহয়, সেই কথা ভাবি আপুনি সময় খৰচ কৰিব। কিন্তু কাৰোবাৰ সৈতে সময় কটোৱা কাৰ্যই আপোনাৰ জীৱনলৈ কিছু পৰিৱৰ্তন আনিব। সম্পত্তি ক্ৰয়ৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপুনি নতুন বিনিয়োগৰো সুযোগ পাব।
মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি কিছুমান কথাৰ অশুদ্ধ ধাৰণা কৰি ভুল কৰিব পাৰে । কিন্তু আপোনাৰ জীৱনসংগীয়ে আপুনি কৰা ভুলৰ শুধৰণি কৰিব । আপুনি আজিৰ সন্ধিয়াটো বন্ধুবৰ্গৰ সৈতে কটাব। আপুনি সুখী হব আৰু আনন্দ মুখেৰে থাকিব। আপুনি আপোনাৰ জীৱনশৈলীৰ উন্নতিসাধন কৰিব। আপুনি আপোনাৰ ব্যক্তিত্বৰ উন্নতি সাধন কৰিব আৰু জীৱনত প্ৰগতি লাভ কৰিব।
আৰু পঢ়ক : পাৰ্লাৰ আৰু চেলুনৰ পৰা ৫০,০০০ টকা জৰিমনা সংগ্ৰহ গুৱাহাটী পৌৰ নিগমৰ