আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ,( ৪ ডিচেম্বৰ, শনিবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ,( ৪ ডিচেম্বৰ, শনিবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজিৰ দিনটোত জন্মদিন থকাসকলৰ) :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

 ৪, ১৩, ২২, ৩১

শুভ বাৰসমূহ


সোমবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহ


 গুলপীয়া, নীলা, বগা।

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)

আজিৰ দিনটো আপোনাৰ বাবে ভাল হ'ব । আপুনি কৰ্মজীৱনত উন্নতি সাধন কৰিবলৈ সক্ষম হোৱাটোৱে আপোনাৰ মন প্ৰফুল্লিত কৰিব ৷ আপুনি আনন্দ-স্ফূৰ্তি কৰিব ৷ জীৱনত আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব ৷ নতুন কামত আপুনি অতিৰিক্ত চেষ্টা কৰিব লাগিব ৷ আপুনি সপোন দেখা বন্ধ কৰি বাস্তৱিক চিন্তা কৰা উচিত ৷ আৰু নিজৰ কামৰ লগত ব্যস্ত হওক। 

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি এই সময়ছোৱাত জীৱনত ডাঙৰ পৰিৱৰ্তন সাধন কৰিব নোৱাৰিব ৷ ইতিমধ্যে আপুনি কৰিবলগীয়া বহুখিনি কৰিছে ৷ আপুনি বন্ধুবৰ্গৰ সৈতে আজিৰ সন্ধিয়াতো পাৰ কৰিব। আপোনাৰ পৰিয়ালত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব। আপুনি ব্যৱসায় বা ব্যক্তিগত কামত ভ্ৰমণো কৰিব পাৰে । শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা চলায়ো সফল নহ'ব। আপুনি মানসিক শান্তি পাব।  

মিথুন : (২২ মে'- ২১ জুন)

আপুনি ইতিমধ্যে প্ৰেমত পৰিছে আৰু একপ্ৰকাৰ বিশ্বজয়ৰ দিশে অগ্ৰসৰ হৈছে৷ আপুনি দূৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷ আৰু আপুনি জীৱন সুন্দৰ বুলি অনুভৱ কৰিবলৈ ল'ব। আপুনি যাৰ সৈতে নতুনকৈ প্ৰেমত পৰিছে, সেই ব্যক্তিজনক বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ধনৰ পাছত অন্ধভাবে নৌ-দৌৰিব। আজিৰ পিছবেলাৰ সময়ছোৱা আপোনাৰ বাবে অধিক ভাল হ'ব। 

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি এক আধ্যাত্মিক পথ ল'ব পাৰে ৷ আৰু আধ্যাত্মিক ভাৱ-অনুভূতিক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভাগ-বাটোৱাৰা কৰিব পাৰে ৷ আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দুয়োৰে মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব ৷ আপুনি স্বভাৱজাতভাবে একাত্মতাৰে শান্তিপূৰ্ণভাবে কাম কৰিবলৈ ভাল পাব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি সঘনে নিজৰ কামৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰিবলগীয়া হ'ব পাৰে ৷ ইয়ে আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ ভাগ্য পুনৰ উদয় হ'ব আৰু আধৰুৱা হৈ থকা কাম সম্পূৰ্ণ হ'ব৷ আপুনি কিছুমান কামৰ বাবে সমালোচিত হ'ব পাৰে ৷ আপোনাৰ প্ৰিয়জনে আপোনাৰ ভুল-ত্ৰুটি আঙুলিয়াই দিব। আপোনাৰ উদ্যম অটুট থাকিব। আপুনি আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিব। 

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি কথা-বতৰাবোৰক লৈ অস্থিৰ আৰু অসন্তুষ্ট হ'ব পাৰে। আপোনাক প্ৰেমিক বা প্ৰেমিকাই আপোনাক সহায় কৰিব আৰু আপোনাক সুখী কৰিবলৈ চেষ্টা কৰিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক কম দূৰত্বৰ ভ্ৰমণ কৰিব পাৰে । পূৰ্বৰে পৰা বুজাপৰা থকা কোনো ব্যক্তিক আপুনি সাক্ষাত কৰিব পাৰে। পৰিয়ালৰ লগত আপুনি কোনো অনুষ্ঠান সুখেৰে উদযাপন কৰিব ৷ 

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আজি আপুনি আপোনাৰ মনে বিচৰা ব্যক্তিজনক লগ পাব পাৰে । ইতিবাচক ভাবৰ আদান-প্ৰদানে আপোনাৰ প্ৰেমৰ সম্পৰ্ক গতিশীল কৰি তুলিব ৷ আপোনাৰ বাবে আজিৰ দিনটো অতি সুন্দৰ দিন হ'ব। আপুনি কাম কৰি সন্তুষ্টি অৰ্জনৰ চেষ্টা কৰিব। আপুনি মনোৰঞ্জনমূলক কামত ব্যস্ত থাকি সন্তুষ্টি পাব। আপোনালৈ অপ্ৰত্যাশিতভাবে ধন আহিব পাৰে । 

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আজিৰ দিনটোত কামত অত্যধিক ব্যস্ত হ'বলগা হ'ব পাৰে ৷ সন্ধিয়া আপুনি আৰাম কৰিবলৈ সময় পাব ৷ আপুনি মনত শক্তি আৰু উদ্যম অনুভৱ কৰিব। আপোনাৰ বন্ধু বা পৰিচিতজনে সন্মুখীন হোৱা সমস্যাও দূৰ হ'ব। বিভিন্ন কৰ্মৰ জৰিয়তে আপুনি অতি জনপ্ৰিয়তা অৰ্জন কৰিব । আপুনি প্ৰিয়জনৰ লগত ভাল সময় পাৰ কৰিব। টকা-পইচাক লৈ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। 

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আজি কোনোবা এজনৰ সৈতে ঘটা সাক্ষাতে আপোনাৰ জীৱনত প্ৰেমৰ পাতনি ঘটাব পাৰে ৷ এই সম্পৰ্ক ওৰে জীৱনৰ বাবে হ'ব ৷ আপুনি আপোনাৰ মোহনীয় গুণৰ বলত অনেক গুণমুগ্ধৰ সৃষ্টি কৰিব পাৰিব ৷ ইয়ে আপোনালৈ প্ৰচুৰ মানসিক শান্তি আনিব ৷ আপুনি মনত প্ৰেৰণা অনুভৱ কৰিব। আপুনি ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। আপোনাৰ বিত্তীয় অৱস্থা ক্ৰমে উন্নত হ'ব 

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপোনাৰ অশেষ চেষ্টা সত্বেও আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সঁহাৰি নাপাব পাৰে। ইয়ে আপোনাৰ মনত নেতিবাচক ভাবৰ সৃষ্টি কৰিব পাৰে ৷ এইক্ষেত্ৰত কি ভুল হৈছে, সেয়া আপুনি আপোনাৰ কোনো বন্ধুৰ পাতিব পাৰে । আপোনাৰ উদ্যম তথা কৰ্ম-শক্তি বৃদ্ধি পাব। মনোবল অটুট থাকিব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। আপুনি ধনৰ আৰ্জন অব্যাহত ৰাখিব ।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আপুনি এক সুখী সময়ৰ দিশে অগ্ৰসৰ হৈছে। আপুনি হাঁহি-আনন্দৰ মাজেৰে সময় অতিবাহিত কৰিব পাৰিব ৷ আপোনাৰ শীঘ্ৰে বিয়া হ'ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল পাব ৷ ইয়ে আপোনালৈ অতিৰিক্ত আনন্দ কঢ়িয়াব। আপুনি কাৰ্যালয়ৰ কামো সম্পূৰ্ণ কৰিব। আপুনি প্ৰতিকূল পৰিৱেশৰ দ্বাৰা অনুৎসাহিত নহ'ব। আপোনাৰ মান-সন্মান বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব। 

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

কথা-বতৰাবোৰ যিদৰে আগবাঢ়িছে, সেয়া ভাল ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অতি মনোযোগ দিব আৰু তেৱোঁ তাকে কৰিব ৷ আপোনালোক দুয়োজনৰ মাজত প্ৰচুৰ বুজা-পৰা থাকিব ৷ ইয়ে আপোনাক সুখী কৰিব। আপোনাৰ পৰিয়ালৰ সৈতেও বান্ধোন দৃঢ় হ'ব ৷ আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা অতি ভাল হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com