Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৮ডিচেম্বৰ, শনিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৮ডিচেম্বৰ, শনিবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2021 6:42 AM GMT

শুভ তাৰিখসমূহ : ৯, ১৮, ২৭

শুভ বাৰসমূহ : মঙলবাৰ, শুকুৰবাৰ, দেওবাৰ

শুভ ৰংসমূহ : হালধীয়া-মুগা, মাখন, মৌৰাৰ দৰে নীলা



আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৮ ডিচেম্বৰ, শনিবাৰ, ২০২১)


মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)



আপোনাৰ সংবেদনশীলতা জড়িত কোনো সৰু কথাক লৈয়ে আপুনি অন্তৰত আঘাত পাব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকা অধিক বিবেচনাশীল হোৱাটো বিচাৰিব আৰু আপোনাৰ এনে আচৰণে তেওঁক বিৰক্ত কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলাফল দেখুবাব আৰু মন পছন্দৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হব। আপুনি আজি ধন বিনিয়োগ কৰিব পাৰে। চাকৰি বিচাৰি থকাসকল সফল হব।

বৃষ : (এপ্ৰিল ২১- মে ২১)




আপুনি কামনা কৰি থকা কোনো উজ্জ্বল ব্যক্তিত্বৰ ব্যক্তিৰ প্ৰেমত পৰিব পাৰে। তেওঁ সকলো সময়তে আপোনাৰ মন-প্ৰাণ সম্পূৰ্ণৰূপে দখল কৰি ৰাখিব। আপোনাৰ অন্তৰত অন্তৰত নতুন অনূভূতি জাগ্ৰত হব। আপুনি আপোনাৰ প্ৰিয়জনক লগ পাব ৷ আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হৈ থাকিব ৷ ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবেই এয়াই সঠিক সময়। ছাত্ৰ-ছাত্ৰীসকল পৰীক্ষাত উজ্জ্বলি উঠিব।

মিথুন : (মে ২২ - জুন ২১)



আপুনি কোনো ভুল ধাৰণাৰ বশবৰ্তী হৈ ভুল কৰিব পাৰে। কিন্তু সেই ভুল আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই শুধৰোৱাটো নিশ্চিত।আপুনি আজিৰ সন্ধিয়াটো বন্ধু-বান্ধৱৰ লগত কটাব। এই সময়ছোৱা আপোনাৰ বাবে আনন্দদায়ক হব। আপুনি হঠাতে প্ৰচুৰ ধন পাব পাৰে৷ বৃহস্পতিৰ স্থানে আপোনাৰ লাভ বৃদ্ধি কৰিব আৰু আপোনাৰ যশস্যাও বৃদ্ধি পাব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)




আপুনি বিপদ মণ্ডলৰ পৰা ওলাই অহাৰ চেষ্টা কৰক। আপুনি ত্ৰিকোণ প্ৰেমত আবদ্ধ হবলৈ নিবিচাৰে, গতিকে নিজৰ প্ৰেমৰ প্ৰতি গুৰুত্ব ৷ আপুনি সকলো কামতে সফলতা অৰ্জনা কৰিব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু সেই অনুসৰি ফল পাব ৷ মহিলাসকলে কাম আৰু নিজকে পুনৰ সজীৱ কৰাৰ বাবে সময় উলিয়াব পাৰিব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)



আপুনি কামৰ মাজতে ব্যক্তিগত জীৱনৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব লাগিব। এইক্ষেত্ৰত আপুনি সফল হব। এক ৰোমাণ্টিক সন্ধিয়া সূচিত হৈছে। সময় সুবিধাজনক আৰু আপোনাৰ অনুকূলে আছে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু আপোনাৰ অধীনৰ কৰ্মচাৰীসকলে আপোনাক প্ৰচুৰ সহায় কৰিব ৷ আপুনি সামাজিক কাম আৰু ৰাজনীতিৰ প্ৰতিও আগ্ৰহী হ'ব পাৰে।

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)




আজিৰ দিনটো আপোনাৰ বাবে সম্মৰণীয় দিন হব। আপুনি মনে বিচৰা কোনো স্থান ভ্ৰমণ কৰিবলৈ বিচাৰিব। আপুনি আপোনাৰ প্ৰিয়জনক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। আপুনি আজি বিভিন্ন ধৰণৰ কামত ধন ব্যয় কৰিবলগা হব পাৰে। আপুনি এক সন্ধিক্ষণৰ সন্মুখীন হব পাৰে। আপোনাৰ প্ৰিয়জনৰ মন জয় কৰাৰ বাবে এয়া উপযুক্ত সময়।

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)




আপোনাৰ প্ৰেম-জীৱন অতি সুখময় হব। আপোনাৰ সমস্যাসমূহ সমাধান হব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে উমৈহতীয়া লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰিব। দূৰ ভ্ৰমণ এৰাই চলিবলৈ চেষ্টা কৰক। আজিৰ দিনটো আপোনাৰ প্ৰিয়জনৰ সৈতে আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ কৰিব ৷ আপুনি এটা নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)



আপুনি চিন্তা-ধাৰালৈ কিছু পৰিৱৰ্তন আনিব লাগিব। আপুনি পূৰ্বে কৰা পৰিকল্পনাই কাম নিদিব পাৰে আৰু আপুনি নতুনকৈ পৰিকল্পনা কৰিব পাৰে । চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত সময় আপোনাৰ বাবে অনুকূল ৷ আপুনি প্ৰচুৰ ধন লাভৰ ইংগিত সূচিত হৈছে ৷ আপুনি আপোনাৰ পৰিয়াল আৰু স্বামী বা পত্নীক অপৰ্যাপ্ত সময় দিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)



আপোনাক বিৰক্তি দি থকা কোনো বিষয় নিষ্পত্তিৰ বাবে চেষ্টা কৰিব লাগিব আৰু এইক্ষেত্ৰত আপুনি অগ্ৰগতি লাভ কৰিব। নহয়। আপুনি কিছু বিত্তীয় সমস্যাৰ সন্মুখীন হ'বলগা হ'ব পাৰে ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে সকাহদায়ক হ'ব আৰু আপোনালৈ সহায়ো আগবঢ়াব ৷ আপুনি আপোনাৰ সকলো লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ চেষ্টা কৰিব।

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)



আপুনি মিশ্ৰিত ফল লাভ কৰিব। দিনটো খেলিমেলিকৈ আগবাঢ়িব আৰু আপুনি কামৰ মাজত হেৰাই যাব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সময় অতিবাহিত কৰা উচিত আৰু ৰোমান্স উপভোগ কৰিব ৷ এই সময়ছোৱা আপোনাৰ বাবে অনুকল ৷ আপুনি সপোনৰ পৃথিৱীৰ পৰা বাস্তৱৰ পৃথিৱীলৈ ওলাই অহা উচিত। আপোনাৰ কঠোৰ পৰিশ্ৰমে সুফল কঢ়িয়াব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)




আপোনাৰ বৰ্তমানৰ মানসিকত স্থিতিৰ বলত আপুনি পৰিকল্পনা কৰা অনুসৰি নতুন অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হব। মানুহক অধিক বিশ্বাস কৰাৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে ৷ আপুনি দুই চকু খোলা ৰখা উচিত। অন্যথা আপুনি ঠগ খাব পাৰে ৷ ৰাজহুৱা জীৱনত আপুনি অতি প্ৰেক্টিকেল হোৱাৰ প্ৰয়োজন হ'ব ৷

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)



আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কত অধিক আগ্ৰাসী হব। কাৰণ আপোনাপ নিষ্ক্ৰীয় স্থিতিয়ে আপোনাৰ অস্তিত্ব নোহোৱা কৰিব পাৰে। আপুনি কোনো অজান ক্ষেত্ৰত সোমাই পৰিব পাৰে। আপুনি ধৈৰ্যসহকাৰে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব ৷ আপুনি আপোনাৰ পৰিয়ালৰো ভালদৰে তত্বাৱধান কৰিব ৷ আপোনাৰ দিক-নিৰ্দেশনাত এটা ডাঙৰ কাম সম্পন্ন হ'ব৷

Next Story
চাকৰি