আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২০ ডিচেম্বৰ, সোমবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ ( ২০ ডিচেম্বৰ, সোমবাৰে জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২০ ডিচেম্বৰ, সোমবাৰ, ২০২১)

শুভ তাৰিখসমূহ :২, ১১, ২০, ২৯

শুভ বাৰসমূহ : সোমবাৰ, বৃহস্পতিবাৰ, দেওবাৰ

শুভ ৰংসমূহ : মেজেণ্টা, হালধীয়া, মেৰুণ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( সোমবাৰ, ২০ ডিচেম্বৰ, ২০২১)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি ঘৰুৱা সমস্যাৰ সন্মুখীন হোৱাত কিছু সময়ৰ বাবে মন নিৰাশ হৈ থাকিব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বুজা-পৰা থকা গুণসম্পন্ন হ'ব ৷ সময়মতে কাম শেষ কৰিবলৈ আপোনাৰ ওপৰত হেঁচা থাকিব আৰু আপোনাৰ কিছু পৰিৱৰ্তন ঘটিব ৷ কিন্তু প্ৰয়োজনত তৎপৰ হ'ব। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব পাৰে।

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপোনাৰ মনত কৰ্তব্যৰ প্ৰতি শক্তিশালী চেতনা জাগ্ৰত হব পাৰে আৰু আপুনি পৰিয়ালৰ দায়িত্বও ভালদৰে পালন কৰিব। এক বিশেষ অনুষ্ঠানত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে ৷ সেই অনুষ্ঠানত আপুনি আপোনাৰ বিপৰীত লিংগক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব ৷

মিথুন : (মে ২২ - জুন ২১)

পেচাগত কামে আপোনাৰ অধিকাংশ সময় দখল কৰিব আৰু তাৰ বাবে আপুনি প্ৰেমিক বা প্ৰেমিকাক লগ কৰাটো প্ৰত্যাহ্বান হৈ উঠিব। আপুনি নিজকে বান্ধোন আৰু নিয়ম-কানুনৰ পৰা মুক্ত যেন অনুভৱ কৰিব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক জিপাল কৰি ৰাখিব। আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব ৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপুনি আপোনাৰ প্ৰিয়জনে সহমত পোষণ নকৰিলেও তেওঁৰ সৈতে তৰ্কাতৰ্কি নকৰিব। আপুনি কিছু উত্থান-পতন আশা কৰিব পাৰে ৷ আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিব আৰু প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব ৷ আপুনি আইনী বিষয়ত সফলতা অৰ্জন কৰিব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কোনো কামৰ পৰিকল্পনা কৰিব পাৰে। কাৰোৰে সৈতে তৰ্ক-বিতৰ্ক নকৰিব, কাৰণ মাৰপিত হ'ব পাৰে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ৷ আপুনি কৰ্ম সংক্ৰান্তীয় বিষয়ত সফলতা অৰ্জন কৰিব ৷ 

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপুনি কথা-বতৰাবোৰত গুৰুত্ব নিদিয়াৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা বিৰক্ত হব পাৰে। আপোনাৰ প্ৰেম-জীৱন উন্নতৰ কৰিবলৈ খৰধৰ নকৰিব ৷ সময়ত এয়া নিজেই হ'ব ৷ আপুনি অতিশয় সুখী হ'ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ 

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপোনাৰ প্ৰেমিকাই আপোনাক বুজি পায় আৰু তেওঁ আপোনাক সুখী কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যয় বৃদ্ধি পাব পাৰে। সময়মতে আপোনাৰ কাম সম্পন্ন হ'ব ৷ আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব ৷ আপুনি নিজকে পুনৰ সজীৱ কৰাৰ বাবে অফুৰন্ত সময় পাব আৰু পাৰ্টীত অংশ ল'ব ৷ 

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপুনি প্ৰেম-জীৱনত সফলতা অৰ্জন কৰিবলৈ নিজৰ সৰ্বশ্ৰেষ্ঠ উজাৰি চেষ্টা কৰিব। আপুনি ধৈৰ্য ধৰিব লাগিব। প্ৰথমে আপোনাৰ ভেটি শক্তিশালী হ'বলৈ দিয়ক ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব 

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

কৰ্মস্থলীত কোনো দুঃশ্চিন্তাৰ কাৰক সৃষ্টি হব পাৰে, যিয়ে আপোনাৰ মনত প্ৰভাৱ পেলাব। আপুনি আপোনাৰ প্ৰিয়তম বা প্ৰিয়তমাৰ বাবে প্ৰচুৰ সময় আৰু শক্তি ব্যয় কৰিব ৷ আপোনাৰ বিবেচনাপূৰ্ণ দৃষ্টিভংগী অথলে নাযায় ৷ আজি আপুনি অতিশয় সুখী হ'ব ৷ 

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

প্ৰেমৰ সম্পৰ্ক উদ্ভাসিত হোৱাৰ ফলত আপোনাৰ জীৱনলৈ অনেক হাঁহি আৰু সুখ কঢ়িয়াই আনিব পাৰে। আপুনি নিজৰে মাজতে দিনটো উপভোগৰ সমল পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত মনোনিবেশ কৰিব ৷ আজিৰ দিনটো আপুনি সুন্দৰভাবে পাৰ কৰিব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)

আপুনি আজি আপোনাৰ পূৰ্বৰ প্ৰেমিক বা প্ৰেমিকাক লগ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পৰা আপোনালোকৰ সম্পৰ্ক পুনৰ আৰম্ভ হব পাৰে। ৷ আপুনি আজিৰ সন্ধিয়াটো বন্ধুবৰ্গৰ লগত পাৰ কৰিব পাৰে ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ'ব ৷ সময় আপোনাৰ অনুকূল। 

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপোনাৰ প্ৰেমৰ সম্পৰ্ক যিদৰে আগবাঢ়িছে, তাক লৈ আপুনি সুখী হব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত কথা-বতৰাবোৰ ভাগ-বাটোৱাৰ কৰি সুখী হব। আপোনাৰ ভাই-ককাইৰ লগত থকা ব্যৱধান দূৰ হ'ব ৷ আপোনাৰ সৃষ্টিশীল গুণ মুখ্যভাবে প্ৰতিফলিত হ'ব ৷ আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতিও আকৰ্ষিত হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com