আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( মঙলবাৰ, ২১ ডিচেম্বৰ, ২০২১)

জন্মদিনৰ শুভাশুভ ( ২১ ডিচেম্বৰ, মঙলবাৰে জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( মঙলবাৰ, ২১ ডিচেম্বৰ, ২০২১)

শুভ তাৰিখসমূহ :৩, ১২, ২১, ৩০

শুভ বাৰসমূহ : দেওবাৰ, বুধবাৰ, শুকুৰবাৰ

শুভ ৰংসমূহ : ৰঙা, হালধীয়া, বগা

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( মঙলবাৰ, ২১ ডিচেম্বৰ, ২০২১)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি আপোনাৰ জীৱনসংগীৰ সহায়ত সমস্যা সমাধা কৰিবলৈ সক্ষম হ'ব ৷ আপোনাক আপোনাৰ জীৱনসংগীয়ে সহায় কৰিবলৈ বিচাৰিলে তেওঁক বিমুখ নকৰিব। কাৰণ তেওঁ আপোনাক সহায় কৰিবলৈ সদায় সাজু থাকে । আজি আপুনি ঘৰৰ পৰা ফুৰিবলৈ যাব আৰু বহু মানুহৰ লগত কথা-বতৰা হ'ব ৷ আপুনি কোনো বস্তু কিনা-বেচাৰ পৰিকল্পনা কৰিব ৷ 

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপুনি প্ৰেম-ৰোমান্স বৃদ্ধি কৰিবলৈ বিচাৰিব ৷ আপোনাৰ কোনেও সুযোগ ল'ব বিচাৰিব আৰু আপুনি পোনপটীয়াকৈ তেওঁৰ প্ৰস্তাৱ নাকচ কৰিব ৷ আপুনি আপোনাৰ জ্ঞানৰ বলত কোনো এজনক প্ৰচুৰ লোকচান ভৰাৰ পৰা ৰক্ষা কৰিব ৷ আপুনি জ্ঞানবৰ্ধক সাহিত্য পঢ়ি সময় অতিবাহিত কৰিব পাৰে৷

মিথুন : (মে ২২ - জুন ২১)

আপুনি আজি দিনটো বিশ্ৰামৰ মাজেৰে আৰম্ভ কৰিব ৷ কিন্তু লাহে লাহে আপোনাৰ কামৰ গতি বৃদ্ধি পাব ৷ আপুনি অধিক কাম কৰিব পাৰিব বুলি আশা নকৰিব। কিন্তু আপোনাৰ দিনটো শান্তিপূৰ্ণভাবে পাৰ হ'ব ৷ আপুনি মানুহৰ সৈতে সংযোগ বৃদ্ধি কৰিব ৷ আপুনি আপোনাৰ ঘৰৰ নিৰ্মাণ কামো সম্পূৰ্ণ কৰিব ৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপুনি ভাল খবৰ আশা কৰিব পাৰে ৷ ব্যক্তিগত সম্পৰ্কত পৰিৱৰ্তনৰ সূচনা হ'ব ৷ আপুনি কোনো নতুন এজনৰ সৈতে সম্পৰ্ক গঢ়িবলৈ বিচাৰিব আৰু জীৱনলৈ নাটকীয়তা আহিব ৷ আপোনাৰ শত্ৰুৱে আপোনাৰ লগত বন্ধুত্ব গঢ়িব বিচাৰিব ৷ আপুনি মানুহৰ প্ৰতি উদাৰ হ'ব আৰু আনক সহায় কৰিব ৷ 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপোনাৰ প্ৰেম-ৰোমান্সত ইতিবাচক চিন্তাধাৰাৰ সূচনা হ'ব আৰু আপোনাৰ দৃষ্টিভংগীও ইতিবাচক হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো আপোনাৰ লেখীয়া হ'বলৈ উৎসাহিত কৰিব আৰু যাতে দুয়োজনে এটা ভাল সম্পৰ্ক উপভোগ কৰিব পাৰে ৷ আপুনি সহজেই জটিল কাম সম্পন্ন কৰিব ৷ আপুনি প্ৰাণশক্তিপূৰ্ণ আৰু তজবজীয়া হ'ব ৷ 

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আজিৰ দিনটো আপোনাৰ বাবে এটা মহত্ত্বপূৰ্ণ দিন হ'ব। আপুনি ধীৰ গতিৰে কাম আৰম্ভ কৰিব, কিন্তু শেষ ভাল হ'ব ৷ আপোনাৰ দৰমহা বৃদ্ধি পাব ৷ ভাই-ভনীৰ মাজত মৰম-চেনেহ বৃদ্ধি পাব৷ পৰিয়ালত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব ৷ কামত আপুনি প্ৰচুৰ উন্নতি সাধন কৰিব ৷ 

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

এক সুকীয়া অভিজ্ঞতাই আপোনাক বিমোৰত পেলাব পাৰে ৷ এনে পৰিস্থিতিতো আপুনি কাৰোৰে সহায় নাপাব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক উদ্ধাৰৰ চেষ্টা চলাব, যিটো আপোনাৰ অহংবোধৰ ওপৰত আঘাত হ'ব ৷ আপুনি সমস্যাৰ পৰা মুক্ত হ'ব ৷ চাকৰি বা ব্যৱসায়ৰ সুযোগ বৃদ্ধি পাব ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আজিৰ দিনটো আপোনাৰ বাবে এটা জটিল দিন হ'ব ৷ কাম সম্পন্ন কৰিবলৈ আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব লাগিব ৷ কোনো গুৰুত্বপূৰ্ণ বিষয়ত সহমত পোষণ নকৰি আপোনাৰ জীৱনসংগীয়ে আপোনাৰ মনত দুঃশ্চিন্তাৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি আপোনাৰ কাৰণে বয়বস্তু ক্ৰয়ত ব্যস্ত থাকিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত তৰ্কাতৰ্কি কৰিব পাৰে ৷ আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ছেদ কৰিব পাৰে ৷ আৰু বিষয়টো গুৰত্বসহকাৰে আলোচনা কৰিব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপুনি মানসিকভাবে শক্তিশালী অনুভৱ কৰিব আৰু শক্তিসম্পন্ন হৈ থাকিব ৷ 

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন হ'ব৷ আপুনি আপোনাৰ প্ৰেমিকাক ফুৰাবলৈ নিব পাৰে ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে এটা আকৰ্ষণীয় উপহাৰ ক্ৰয় কৰিব ৷ ব্যৱসায়িক কামত জটিলতা থাকিব ৷ কিন্তু সময়ৰ লগে লগে সকলো সমধা হ'ব ৷ কামক লৈ আপোনাৰ দুঃশ্চিন্তা নাথাকিব ৷ 

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)

আপুনি কোনো কথা ভুলকৈ অনুধাৱন কৰি ভুল কৰিব পাৰে ৷ কিন্তু আপোনাৰ জীৱনসংগীয়ে সেয়া শুধৰাব ৷ আজি সন্ধিয়াটো আপুনি বন্ধু-বান্ধৱৰ লগত পাৰ কৰিব ৷ আপুনি সকলোৰে প্ৰিয়ভাজন হ'ব ৷ আপুনি আপোনাৰ আত্মীয়-স্বজনৰ সৈতে সু-সম্পৰ্ক ধৰি ৰাখিব ৷ আপুনি নতুন মানুহ লগ পাব। 

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপুনি বিতৰ্কৰ পৰা আঁতৰি থাকিব ৷ আপুনি এক পৰিস্থিতিত সাঙোৰ খাবলৈ নিবিচাৰিব, যাৰ পৰা পৰিত্ৰাণৰ উপায় নাপাব। আপুনি আপোনাৰ জ্ঞান আৰু বিচাৰ-বিবেচনা প্ৰয়োগ কৰা উচিত ৷ স্বামী-স্ত্ৰীৰ মাজৰ বুজাবুজি ভাল হ'ব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপোনাৰ স্বাস্থ্য ভাল হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com