আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( সোমবাৰ, ২৭ ডিচেম্বৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( সোমবাৰ, ২৭ ডিচেম্বৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৮, ১৭, ২৬

শুভ বাৰসমূহঃ সোমবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ নীলা, সেউজীয়া, বগা

                                                               আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( সোমবাৰ)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি বিচাৰি থকা আকৰ্ষণ নোপোৱাৰ বাবে আপুনি সুখী হ'বলৈ বিচাৰিব ৷ আপুনি প্ৰেমৰ ক্ষেত্ৰত দিয়ক ৷ অন্যথা আপোনাৰ প্ৰেমিকাই আন কথা চিন্তা কৰিব ৷ আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে এয়াই সঠিক সময়। আপুনি আপোনাৰ প্ৰিয়জনক লগ পাব। ব্যৱসায়ীসকলে বস্তুৰ গুণগত মানৰ লগত আপোচ নকৰিব আৰু লাভ অৰ্জন কৰিব। 

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সাংঘাতিক সকাহ-সমৰ্থন পাব ৷ একোৱেই অসম্ভৱ নহয় যেন বুলি আপুনি অনুভৱ কৰিব ৷ আপোনাক আবেগৰ মুহূৰ্তত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বিয়াৰ প্ৰস্তাৱ দিব পাৰে ৷ আপুনি এটা ভাল দিন অতিবাহিত কৰিব ৷ আপোনাৰ আধৰুৱা কাম সম্পূৰ্ণ হৈ উঠিব ৷ আপুনি সন্মুখীন হ'বলৈ ভয় কৰা সমস্যাসমূহ সহজে সমাধান হ'ব ৷

মিথুন : (মে ২২ - জুন ২১)

আজিৰ দিনটো আপোনাৰ আৱেগিক দিন হ'ব ৷ কাৰণ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে থাকিবও নোৱাৰে বা তেওঁক এৰি চলিবও নোৱাৰে ৷ আপুনি মন শান্ত কৰক আৰু প্ৰকৃততে কি বিচাৰে, সেয়া চিন্তা কৰক ৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু তাৰ সুফল পাব ৷ পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণত থাকিব৷ আজিৰ দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ দিন হ'ব। আপুনি বন্ধু-বান্ধৱক লগ পাব ৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপুনি আপোনাৰ প্ৰিয়জনক লগ পোৱাৰ লগে লগে আপুনি আলসুৱা হৈ উঠিব পাৰে ৷ গভীৰ প্ৰেমৰ পৰা আপুনি উদ্বিগ্ন হ'ব পাৰে ৷ আপোনালোকে পৰস্পৰৰ প্ৰতি অধিক মৰম-স্নেহ অনুভৱ কৰিব ৷ বিনিয়োগৰ পূৰ্বে ভালদৰে ভাবি-চিন্তি ল'ব ৷ অন্যথা আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে ৷ আপুনি ঘনিষ্ঠজনৰ পৰা সহায় পাব আৰু সন্তুষ্ট হ'ব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপুনি আজি জটিল পৰিস্থিতিত সোমাই পৰিব পাৰে ৷ কাৰণ আপোনাৰ সৈতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মাজত এটা অমীমাংসিত সমস্যা বৰ্তি থাকিব পাৰে ৷ আপুনি এই প্ৰেমৰ সম্পৰ্কৰ পৰা যিমান সোনকালে পাৰে, সিমান সোনকালে ওলাই আহিবলৈ বিচাৰিব ৷ যুৱক-যুৱতীসকলে যিকোনো পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব আৰু জয়ী হ'ব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক ৷ আপনি ঘৰ বা সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰিব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপুনি আজি কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে ৷ ইয়ে আপোনাৰ হৃদয়ত আলোড়ন তুলিব ৷ আপোনাৰ আবেগে বিস্ফোৰকৰ ৰূপ ল'ব পাৰে আৰু আপুনি অতি সুখী হ'ব ৷ আপুনি মনৰ কথা খুলি ক'বলৈ বিচাৰিব। আপুনি যি কামেই নকৰক কিয়, সফল হ'বই ৷ আপোনাৰ চৰকাৰী কাম সম্পূৰ্ণ হৈ উঠিব ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাক সহযোগ কৰিব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

এই সময়ছোৱা সম্পৰ্ক বৃদ্ধিৰ বাবে উপযুক্ত সময়। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে একেলগে সৰুৰে ডাঙৰ-দীঘল হৈছে ৷ সেয়ে আপুনি তেওঁক ভালদৰে বুজি পায় ৷ আপুনি আপোনাক সদায়ে সহায় কৰিবলৈ সাজু থকা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায় লওক ৷ গুৰু বৃহস্পতিয়ে আপোনাক সহায় কৰিব ৷ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নহ'ব ৷ 

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপুনি প্ৰকাশ নকৰিলেও আপোনাৰ আবেগ-অনুভূতি অতি গভীৰ ৷ আপুনি স্পষ্টকৈ মনৰ ভাব প্ৰকাশ কৰাৰ বাবে পৰিস্থিতিৰ উদ্ভৱ হ'ব ৷ আপোনাৰ প্ৰেম-ৰোমান্স আগবাঢ়িব পাৰে ৷ আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বহু কথা আলোচনা কৰিবলগীয়া আছে ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বিক্ৰেতাসকলৰ বাবে পৰিস্থিতি ভাল ৷ আপুনি যি কামেই নকৰক কিয়, তাতে সফলতা অৰ্জন কৰিব ৷ 

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপুনি প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব বিচৰা ব্যক্তিজনক বুজি পোৱাটো সিমান সহজ নহ'ব ৷ বিশেষকৈ যেতিয়া আপোনাৰ বিপৰীত লিংগৰ কোনো এজনে সুযোগ ল'বলৈ বিচাৰিব । আপুনি তেওঁৰ প্ৰস্তাৱ অস্বীকাৰ কৰিব। আপুনি শাৰীৰিকভাবে সক্ষম হৈ থাকিব ৷ আপুনি প্ৰেমত অনুভৱৰ ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি হঠাতে দুৰ্ভাগ্য বহন কৰিবলৈ অপাৰগ হ'ব ৷ আপুনি সাৱধান হোৱা উচিত। 

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

কোনো অ-প্ৰত্যাশিত ঘটনা আপোনাৰ প্ৰেমৰ বাবে ভাল হ'ব পাৰে ৷ আপুনি একে মানসিকতাৰে প্ৰেমত সুস্থিৰতা বিচাৰে ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব৷ বিয়া, ৰোমান্স আৰু বিনিয়োগে আপোনাক লাভান্বিত কৰিব ৷ আপোনাক প্ৰয়োজনত এজন বন্ধুৱে বহু সহায় কৰিব ৷ তেওঁ আজি আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই লগ কৰিবলৈ বিচাৰিব পাৰে ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)

আপুনি আপোনাতকৈ শক্তিশালী ব্যক্তিত্বৰ গৰাকী কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে ৷ কিন্তুু ইয়াক লৈ আপুনি সন্তুষ্ট নহ'ব ৷ কাৰণ সেই ব্যক্তিজনৰ ইচ্ছা-অনিচ্ছা অনুসৰি আপুনি চলা-ফুৰা কৰিব লাগিব ৷ আপোনাৰ পেচাগত কামে পূৰ্ণ ৰূপ ল'ব ৷ আপুনি কিছু আলোচনাত অংশ লৈ ব্যস্ত হৈ থাকিব লাগিব ৷ আপুনি আপোনাৰ সংস্থাত এটা ভাল স্থান অৰ্জন কৰিব ৷

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

কোনোবা এজনৰ সৈতে আপোনাৰ ঘটা সাক্ষাতে প্ৰেমৰ সম্পৰ্কৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি তেওঁৰ লগত অনেক সময় অতিবাহিত কৰিবলৈ বিচাৰিব ৷ কাষত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা থাকিব ৷ আপুনি নতুন সংযোগ স্থাপনত অতুলনীয়ভাবে পাৰদৰ্শী ৷ আপোনাৰ কাৰ্যালয়ত আপোনাৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মীৰ লগত আপোনাৰ ব্যৱধান থাকিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com