জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)
শুভ তাৰিখসমূহঃ : ৪, ১৩, ২২, ৩১
শুভ বাৰসমূহ: সোমবাৰ, বুধবাৰ, শনিবাৰ
শুভ ৰংসমূহঃ : নেভী ব্লু, ধোঁৱা বৰণীয়া ক'লা , মুগা
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( মঙলবাৰ, ৪ জানুৱাৰী, ২০২২)
.
মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)
আপুনি ভালপোৱা আৰু আপোনাৰ আগ্ৰহ থকা বিষয়ৰ ক্ষেত্ৰত মনে মিলা কোনোবা এজন ব্যক্তিৰ সৈতে আপুনি ঘনিষ্ঠ হৈ উঠিব ৷ আপোনাৰ মোহনীয় বাৰ্তা সংযোগৰ কৌশলক ব্যৱহাৰ কৰক যাতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আপোনাৰ বুজা-পৰা অধিক উন্নত হয় ৷ আপোনাৰ বাবে সময় অতি ভাল নহয় ৷ কিন্তু আপুনি সমস্যাবোৰৰ লগত ভালদৰে খাপ খাই পৰিব ৷ এই জটিল সময়ত আপোনাক আপোনাৰ ঘনিষ্ঠজনে সহায় কৰিব ৷
বৃষ : (এপ্ৰিল ২১- মে ২১)
আপুনি কোনো উপলক্ষত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত গৃহস্থানৰ পৰা ক'ৰবালৈ বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ সম্পৰ্কৰ সামগ্ৰিক তত্বাৱধানৰ বাবে আপোনাৰ কোনো বন্ধুৱে বহুমূলীয়া উপদেশ দিব পাৰে ৷ আপুনি অতীতত জড়িত থকা কাম-কাজবোৰ অব্যাহত থাকিব ৷ আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গক দিবলৈ সময় পাব ৷ আপুনি কোনো ঘনিষ্ঠজনৰ সংসৰ্গত প্ৰেম আৰু সুখ পাব ৷
মিথুন : (মে ২২ - জুন ২১)
আপুনি আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে কৰা পৰিকল্পনাৰ ক্ষেত্ৰত বহু ইতিবাচক অনুভূতি-ধাৰণাৰ দ্বাৰা উদ্বেলিত হ'ব ৷ আপুনি কামক অগ্ৰাধিকাৰ দিব আৰু আপুনি আপোনাৰ ৰোমাণ্টিক জীৱন এনে হোৱাটো বিচাৰিব ৷ এই সময় হৈছে আপুনি আপোনাৰ প্ৰকৃত চৰিত্ৰ বুজি পোৱাৰ আৰু জীৱন যুঁজত জয় সাব্যস্ত কৰাৰ ৷ আপুনি কিছু নতুন কথা-বতৰা বা বস্তুৰ প্ৰতি আগ্ৰহী হ'ব ৷ সেইটো মূল্যবান হ'ব ৷
কৰ্কট : (জুন ২২ - জুলাই ২২)
আপোনাৰ প্ৰেম-ৰোমান্সে শীৰ্ষ পৰ্যায়ত অৱগাহন কৰিব ৷ আপুনি এতিয়া বহু নতুন ভাবানুভূতিৰ দ্বাৰা উদ্বেলিত হ'ব আৰু আপুনি অনুভৱ কৰিব যে আপুনি ইয়াকে বিচাৰি আছিল ৷ আপোনাৰ বাবে এটা সুন্দৰ সময় উপস্থিত হৈছে ৷ আপোনাৰ বাবে চন্দ্ৰৰ স্থান শান্তিপূৰ্ণ হ'ব ৷ আপুনি দায়িত্ব পূৰণত সাৱধান হ'ব আৰু মানুহৰ লগত যোগাযোগ কৰিব৷
সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)
আপোনালোক প্ৰেমিক-প্ৰেমিকাসকলে ভালনলগা কথা-বতৰাবোৰ এৰাই চলক ৷ কাৰণ কোনোজনেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মানসিকভাবে সাজু নাথাকিব ৷ সম্ভৱতঃ আজি আপুনি আপোনাৰ জীৱনসংগীৰ প্ৰতি গুৰুত্ব দিব লাগিব ৷ আপুনি ভাল লাভ পাব ৷ আপোনাৰ জীৱনত মানসিক শান্তি, সন্তুষ্টি আৰু ধনৰ আগমন অব্যাহত থাকিব ৷ আপুনি কৰা কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷
কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)
আজি আপোনাক প্ৰত্যাহ্বানে আমনি কৰিব নোৱাৰিব ৷ আপুনি আপোনাৰ প্ৰেম বৰ্তাই ৰখাটো এটা প্ৰত্যাহ্বান হ'ব আৰু ইয়াক আপুনি গ্ৰহণ কৰিব ৷ প্ৰেম বৰ্তাই ৰখাৰ বাবে আপুনি সকলো চেষ্টা গ্ৰহণ কৰিব। সেয়া ফলদায়ক হ'ব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ সংসৰ্গত থাকিব৷ আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ লগত সুখেৰে সময় কটাব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ প্ৰতি উৎসৰ্গিত কৰিব।
তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)
আপোনাৰ ৰাজহুৱা জীৱনে হঠাতে গতি ল'ব আৰু আপোনাক ব্যস্ত কৰি ৰাখিব। আপোনাৰ গতিশীল ব্যক্তিত্বৰ বাবে মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু আপোনাৰ বিষয়ে জানিবলৈ বিচাৰিব ৷ কোনো ঘনিষ্ঠজনৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে আপোনাৰ আজিৰ দিনটো অতি ভালদিন ৷ আপুনি জীৱনৰ এটা নতুন অৰ্থ পাব। আপুনি কিছু নতুনত্বৰ সন্ধান কৰিব আৰু সেয়া পাবও।
বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)
এটা দায়িত্বত অসফল হোৱাৰ পাছত আপুনি আন এটা অতিৰিক্ত দায়িত্ব ল'বলৈ বিচাৰিব পাৰে ৷ আপুনি এই দায়িত্ব ল'বলৈ ভালদৰে প্ৰস্তুত হ'ব আৰু নিশ্চিত কৰিব যে পূৰ্বৰ ভুলৰ পুনৰাবৃত্তি নঘটে ৷ এই জটিল সময়ত পেঞ্চনাৰসকলে লাভৰ চেষ্টা কৰিব। আপুনি এই মানসিক চাপ সৃষ্টিকাৰী পৰিস্থিতিৰ পৰা শীঘ্ৰে ওলোৱা উচিত ৷ আপুনি আপোনাৰ ভ্ৰমণৰ সময়ত এজন আকৰ্ষণীয় ব্যক্তিক লগ পাব ৷
ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)
প্ৰেমৰ অনুভূতি আপোনাৰ মনত প্ৰৱল হৈ উঠিব আৰু ইয়ে আপোনাৰ অন্তৰত এটা উজ্জ্বল ভৱিষ্যতৰ বীজ ৰোপণ কৰিব ৷ আপুনি সামাজিক ক্ষেত্ৰত লগপোৱা কোনো ব্যক্তিৰ লগত এটা আনন্দদায়ক সম্পৰ্ক গঢ়ি তুলিব ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷ বন্ধ হৈ পৰা ভাগ্যৰ দুৱাৰ মুকলি হ'ব ৷ আপুনি আপোনাৰ মূল আৰু নিজকে বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন হব। আপুনি লক্ষ্য আৰু উদ্দেশ্যত দৃষ্টি ৰাখিব ৷
মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)
অতীতৰ অসন্তুষ্টিদায়ক ঘটনাৰ বাবে আপুনি কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়াক লৈ সন্দেহৰ আৱৰ্তত সোমাই পৰিব ৷ অৱশ্যে আপুনি এই সন্দেহ মৰিষণৰ চেষ্টা কৰিব আৰু নিজকে সুখ অৰ্জনৰ বাবে মানসিকভাবে প্ৰস্তুত কৰি তুলিব ৷ আপোনাৰ ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে ৷ আপোনাৰ আত্মবিশ্বাসৰ মাত্ৰা বৃদ্ধিৰ বাবে আজিৰ দিনটো ভাল দিন ৷
কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)
দীৰ্ঘ সময়ৰ পাছত আপোনাৰ প্ৰেমৰ সম্পৰ্কত শান্তি আৰু শৃংখলা বিৰাজ কৰিব ৷ ভুল বুজাবুজিৰ সৃষ্টি কৰা বহু কথা দূৰ হ'ব। আপোনাৰ সামৰ্থ্যৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীও আপোনাৰ প্ৰতিভাক লৈ সন্তুষ্ট হ'ব ৷ আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ লগত সুন্দৰ সম্পৰ্ক ৰক্ষা কৰিব ৷ আপোনাৰ সৈতে সংযোগ থকা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাব ৷
Content Area
মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)
আপোনাৰ প্ৰেমৰ সম্পৰ্কত বহু বাদ-বিবাদ হ'ব পাৰে আৰু কথা-বতৰাবোৰ সঠিকভাবে আগনাবাঢ়িব। আপোনালোক দুয়োজনেই অতি উৎসাহী হ'ব পাৰে ৷ আপুনি আপোনাৰ সহকৰ্মীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হ'ব পাৰে ৷ ইয়াৰ বাবে আপুনি আপোনাৰ স্পৃহা হ্ৰাস পাবলৈ নিদিব ৷ আপোনাৰ চাকৰি পৰিৱেশ আপোনাৰ অনুকূলে থাকিব ৷ সকলো দিশৰ পৰাই আপোনাৰ বাবে সময় অনুকূল ৷ আপুনি যিয়েই নকৰক কিয়, সফলতা অৰ্জন কৰিবই ৷