আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৮ জানুৱাৰী, শনিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৮ জানুৱাৰী, শনিবাৰ, ২০২২)

শুভ তাৰিখসমূহঃ ৮, ১৭, ২৬

শুভ বাৰসমূহঃ সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ

শুভ ৰংসমূহঃ বগা, নীলা-বেঙুণীয়া, খাকী

                                                                  ' আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৮ জানুৱাৰী, শনিবাৰ, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি মাজে-সময়ে অনুভৱ কৰিব পাৰে যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক যথোচিত গুৰুত্ব দিয়া নাই ৷ এনে অনুভৱৰ বাবে আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক শেষ কৰাৰ কথা চিন্তা কৰিব ৷ কিন্তু এই অৱস্থা মাথোঁ সাময়িক ৷ আপোনাৰ সমস্যা আৰু উদ্বিগ্নতাৰ অন্ত সমাধা হ'ব ৷ আপোনাৰ কন্যাৰ বিয়া স্থিৰ হ'ব ৷ গৃহীণীসকলে দক্ষতা আৰু কাৰ্যকুশলতাৰে তেওঁলোকৰ সকলো কাম শেষ কৰিব ৷ 

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপুনি অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ কিন্তু এই অস্থিৰতাৰ কাৰণো বুজি নাপাব ৷ আপুনি নিজকে ভাল অনুভৱ কৰিব পাৰে, যদি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সহায় লয় ৷ সময়তেই আপোনাৰ সকলো কাম শেষ হ'ব ৷ আপুনি কিছু চমু দূৰত্ব ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ ব্যৱসায়ত উন্নতি হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল ৷

মিথুন : (মে ২২ - জুন ২১)

আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সম্পৰ্ক পুনৰ সু-দৃঢ় কৰি তুলিব আৰু সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ যথাযথভাবে সাজু হ'ব ৷ অবিবাহিতসকল বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে ৷ আপুনি কিছু চমু দূৰত্ব ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ ৰাশিচক্ৰত বৃহস্পতিৰ কক্ষপথে আপোনাৰ স্বাস্থ্য সৰ্বোত্তম কৰি ৰাখিব ৷ এজন প্ৰভাৱশালী ব্যক্তিৰ লগত হোৱা সাক্ষাতৰ সম্ভাৱনাই আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপোনালোক প্ৰেমিক-প্ৰেমিকাৰ মাজত থকা মৰম-স্নেহক আপোনাৰ অহংভাবে নষ্ট কৰিব পাৰে ৷ আপুনি আপোনাৰ চেষ্টাৰ জৰিয়তে প্ৰেমৰ সম্পৰ্কক লৈ সৃষ্টি হোৱা দুঃশ্চিন্তা দূৰ কৰিব পাৰিব ৷ কিন্তু আপুনি এই পৰিস্থিতিৰ নিজৰ বুদ্ধিমত্তাৰ বলত অতিক্ৰম কৰিব পাৰিব ৷ যদি আপুনি আপোনাৰ জীৱনসংগীৰ মতামত বুজি নাপায়, তেন্তে দুয়োৰে মাজত গুৰুতৰ ব্যৱধান সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

এই সময়ছোৱা আপোনাৰ বাবে ৰোমাণ্টিক সম্পৰ্ক গঢ়ি তোলাৰ সময় ৷ এই সম্পৰ্ক দীৰ্ঘস্থায়ী হ'ব ৷ আপুনি বুজি পোৱাটো দ্ৰুততৰে ভালদৰে সম্পন্ন হ'ব ৷ আপুনি প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব পাৰে ৷ আপুনি চাকৰি বা কামৰ নতুন সুযোগ পাব ৷ দিনটো ভালদৰে পাৰ হ'ব ৷ আপুনি নিজকে বিশ্লেষণ আৰু জুঁকিয়াই চাব ৷ আপুনি কোনো গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপুনি কোনো গুৰুত্বপূৰ্ণ বিষয়কলৈ আজি আপোনাৰ জীৱনসংগীৰ লগত আলোচনাত মিলিত হ'ব ৷ আপোনাৰ মতামতক আপোনাৰ জীৱনসংগীয়ে সমৰ্থন জনাব ৷ আপোনাৰ সক্ষমতা সকলোৰে ওচৰত ফুটি উঠিব ৷ আপুনি ভালদৰে কাৰ্য-সম্পাদন কৰিব ৷ আপুনি হঠাতে ব্যৱসায়ৰ কামত কোনো ভ্ৰমণলৈ যাব পাৰে ৷ এই ভ্ৰমণ আপোনাৰ বাবে লাভদায়ক হ'ব ৷ 

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ধৰি ৰাখিবলৈ বিচাৰিব ৷ কাৰণ এই আপোনালোক দুয়োজনৰ বাবে লাভদায়ক হ'ব। আপুনি কাৰোবাৰ অন্তৰত আঘাত দি পাচত অনুতাপ কৰিবলগীয়া হ'ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত মনোনিবেশ কৰিব ৷ আজিৰ দিনটো আপুনি সুন্দৰভাবে পাৰ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ লগত আনন্দ-স্ফূৰ্তি কৰিব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায় পাব ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা বিচৰা সহায় নাপাব পাৰে ৷ প্ৰথমে আপোনাৰ ভেটি শক্তিশালী হ'বলৈ দিয়ক ৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হ'ব ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব ৷ কিন্তু এয়াও গুৰুত্বপূৰ্ণ ৷ আপোনাৰ পৰিয়ালত সুখ-শান্তি বিৰাজ কৰিব।

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপোনাৰ কৰ্মজীৱন বিশৃংখল হ'ব পাৰে ৷ যাৰ বাবে আপুনি কায় আৰু মনৰ লগতে সকলো সময় কৰ্মত দিবলগা হ'ব পাৰে ৷ আপোনাৰ প্ৰেম-জীৱনে অগ্ৰাধিকাৰ নাপাব পাৰে। আজি আপুনি অতিশয় সুখী হ'ব ৷ আপুনি আপোনাৰ এজন বন্ধুক সহায় কৰাটো সুন্দৰ মনৰ কাৰ্য হ'ব ৷ পৰিয়ালৰ সৈতে থকা আপোনাৰ ব্যৱধান দূৰ হ'ব ৷ ৷ আপোনাৰ সৃষ্টিশীল গুণ মুখ্যভাবে প্ৰতিফলিত হ'ব ৷

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি অশেষ মৰম প্ৰদৰ্শন কৰাৰ বাবে তেওঁ পূৰ্বতকৈ অধিক সুখী হ'ব৷ আপুনি আজিৰ সন্ধিয়াটো বন্ধুবৰ্গৰ লগত পাৰ কৰিব পাৰে ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷ আপুনি আপোনাৰ কামত উজলি উঠিব ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ'ব ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব আৰু সেই অনুসৰি কাম কৰিব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)

আপুনি বৰ্তমানৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সমানে অগ্ৰসৰ হ'ব ৷ আপোনাৰ ব্যয় বৃদ্ধি পাব ৷ আপোনাৰ কাম সম্পন্ন হ'ব ৷ আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব ৷ আপুনি নিজকে পুনৰ সজীৱ কৰাৰ বাবে অফুৰন্ত সময় পাব আৰু পাৰ্টীত অংশ ল'ব ৷ আনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী স্থিতিস্থাপকতা পূৰ্ণ হ'ব ৷ আপোনাৰ বিবেচনাপূৰ্ণ দৃষ্টিভংগী অথলে নাযায় ৷

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপোনাৰ প্ৰেম-জীৱন উন্নতৰ হ'ব ৷ আপুনি আশা কৰা দৰে সকলোখিনি উন্নত হ'ব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা এতিয়াই অধিক বিচৰাতো আগতীয়া কথা হ'ব ৷ আপোনাৰ ভাই-ককাইৰ লগত থকা ব্যৱধান দূৰ হ'ব । আপুনি আপোনাৰ প্ৰেম বৰ্তাই ৰখাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ চকুলৈও নাচাব পাৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com