আপোনাৰ এই সপ্তাহৰ ৰাশিফল ( দেওবাৰৰ পৰা শনিবাৰলৈ)

জন্মদিনৰ শুভাশুভ ( আজি দেওবাৰে জন্মদিন থকাসকলৰ)
আপোনাৰ এই সপ্তাহৰ ৰাশিফল ( দেওবাৰৰ পৰা শনিবাৰলৈ)

জন্মদিনৰ শুভাশুভ ( আজি দেওবাৰে জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৯, ১৮, ২৭

শুভ বাৰসমূহঃ : সোমবাৰ, বুধবাৰ, শুকুৰবাৰ

শুভ ৰংসমূহঃ : শেঁতা হালধীয়া, জিলিকি থকা বগা, পাতল নীলা

                                                                              আপোনাৰ এই সপ্তাহৰ ৰাশিফল ( দেওবাৰৰ পৰা শনিবাৰলৈ)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপোনাৰ এই সপ্তাহ উজ্জ্বলতাৰে আৰম্ভ হ'ব ৷ আপোনাৰ বাকী থকা সকলো কাম সম্পূৰ্ণ হ'ব ৷ আপুনি এটা গুৰুত্বপূৰ্ণ পদ পাব। আপুনি শকলো ক্ষেত্ৰতে জয় সাব্যস্ত কৰিব। চাকৰিত আপোনাৰ পদোন্নতিৰ যুগ আছে। আপুনি আপোনাৰ পথৰ পৰা প্ৰতিবন্ধকতা দূৰ কৰিব পাৰিব ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু অধীনৰ কৰ্মচাৰীসকলক মুগ্ধ কৰিবলৈ সক্ষম হ'ব ৷ আপুনি আপোনাৰ লক্ষ্যপ্ৰাপ্তিৰ বাবে যিকোনো পৰ্যায়লৈ যাব ৷ আপুনি উচ্চাকাংক্ষী হ'ব আৰু আনৰ দ্বাৰা অৱনমিত বা নিয়ন্ত্ৰিত হ'বলৈ ভাল নাপাব ৷ আপুনি শুভাকাংক্ষী আৰু বন্ধুবৰ্গৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকিব ৷ ব্যৱসায়-বাণিজ্যত আপোনাৰ অনুকূল পৰিৱেশ সৃষ্টি হ'ব৷ আপুনি আপোনাৰ জীৱনসংগীৰ লগত কথা-বতৰা ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি প্ৰচুৰ ধন অৰ্জন কৰিব।  

বৃষ : (এপ্ৰিল ২১- মে ২১)

এই সপ্তাহে আপোনালৈ ইতিবাচক ফল কঢ়িয়াব ৷ গুৰুত্বপূৰ্ণ ব্যক্তিৰ লগত হোৱা সাক্ষাতে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব ৷ আপুনি আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ আৰু অৰ্ধঃস্তন কৰ্মচাৰীসকলৰ পৰা সকাহ-সমৰ্থন পাব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰো ভালদৰে যতন লব। আপুনি ধনৰ লাভ অৰ্জন কৰিব। আপুনি যান-বাহন বা সম্পত্তি ক্ৰয়ৰো পৰিকল্পনা কৰিব। আপুনি আপোনাৰ সহকৰ্মী আৰু উৰ্ধতন বিষয়াৰ পূৰ্ণ সমৰ্থন পাব ৷ আপুনি আপোনাৰ চাকৰি বা কামত কঠোৰ পৰিশ্ৰম কৰিব আৰু প্ৰত্যাশিত ফল পাব ৷ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰা উচিত ৷ বিয়া অথবা কোনো উৎসৱ-পাৰ্বন হ'ব পাৰে ৷ আপুনি এজন উৎসাহী ব্যক্তি লগ পাব পাৰে ৷ তেওঁ আপোনাক জীৱনৰ প্ৰকৃত পথ দেখুৱাব পাৰে ৷ আপোনাৰ পাৰদৰ্শিতা আগতকৈ উন্নত হব। 

মিথুন : (মে ২২ - জুন ২১)

এই সপ্তাহত আপুনি অপ্ৰত্যাশিত লাভ অৰ্জনৰ ইংগিত সূচিত হৈছে ৷ আপুনি এই সপ্তাহত আৰ্থিক লাভো অৰ্জন কৰিব ৷ নতুন বৰ্ষক লৈ আপোনাৰ অনেক আশা-প্ৰত্যাশা থাকিব। আনকি আপোনাক অপৰিচিত ব্যক্তিয়েও অনেক সহায় কৰিব ৷ আপুনি নতুন নতুন বিনিয়োগ কৰিব ৷ আপুনি কল্পনাপ্ৰৱণ আৰু সৃষ্টিশীল মনৰ হ'ব৷ আপুনি আপোনাৰ মনত খেলোৱা ধাৰণাক বাস্তৱ ৰূপ দিবলৈ সক্ষম হ'ব৷ কিন্তু আপোনাৰ আবেগ-প্ৰৱণ প্ৰকৃতি আপোনাৰ প্ৰগতিৰ অন্তৰায় হ'ব ৷ ইয়াৰ পৰা আপুনি পৰিত্ৰাণৰ পথ বিচৰা উচিত ৷ আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ ভাল বুজাপৰা থাকিব ৷ আৰু আপুনি তেওঁক ব্যয়বহুল উপহাৰ দিব পাৰে ৷ আপুনি আপোনাৰ চাকৰি বা ব্যৱসায়ত অধিক কষ্ট কৰিবলগীয়াৰ প্ৰয়োজন হ'ব পাৰে ৷ অৱশ্যে আপুনি প্ৰত্যাশিত ধৰণে ফলাফল আৰু লাভ অৰ্জন কৰিব ৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

এই সপ্তাহটো আপোনাৰ বাবে অতি সুন্দৰ সপ্তাহ হ'ব৷ কঠিন কাম কৰাৰ প্ৰতি আপোনাৰ অন্তৰত হাবিয়াসৰ সৃষ্টি হ'ব ৷ আপুনি নতুন ব্যক্তিৰ সৈতে সংযোগ স্থাপনো কৰিব ৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু সফলতা অৰ্জন কৰিব ৷ আপুনি আপোনাৰ কাম বা চাকৰিত আন্তৰিকতাৰে কাম কৰাৰ প্ৰয়োজন ৷ সময়মতে আপুনি আপোনাৰ কাম শেষ কৰিব ৷ টকা-পইছাৰ সৈতে জড়িত কথাত আপুনি সাৱধান হোৱা উচিত ৷ আপোনাক প্ৰৱঞ্চনা কৰা বা আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলিব পাৰে ৷ অপৰিচিত ব্যক্তিৰ পৰা আঁতৰত থাকক ৷ আপোনাৰ পতি-পত্নীয়ে আপোনাৰ কামৰ জটিলতা বুজি পাব আৰু আপোনাক সহায় কৰিব ৷ আপুনি আপোনাৰ এজন পুৰণি বন্ধুক লগ পোৱাৰ সুযোগ পাব পাৰে। আপোনাৰ আত্মবিশ্বাস লাহে লাহে বৃদ্ধি পাব। 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব ৷ আপুনি কিছু ভাল স্মৃতিচাৰণো কৰিব ৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপুনি কামৰ জৰিয়ে প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব। আপোনাক অতি কৰ্ম-ব্যস্ততাৰ পৰা কিছু জিৰণিৰ প্ৰয়োজন হৈছে । আপুনি আদৰ্শবাদী, শৃংখলিত আৰু সন্মান প্ৰদৰ্শনকাৰী ব্যক্তি হ'ব৷ আপুনি ধনৰ লাভ অৰ্জন কৰিব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ মন জয় কৰিব ৷ আপুনি ৰোমাণ্টিক সম্পৰ্কত বান্ধ খাই পৰিব ৷ আপুনি শত্ৰু আৰু বিৰোধীৰ পৰা সাৱধান হ'ব ৷ আপুনি যিকোনো পৰিস্থিতি বিচক্ষণতাৰে আৰু নিৰ্ভয়ে সন্মুখীন হোৱা উচিত ৷ আপুনি ব্যৱসায়তো লাভ অৰ্জন কৰিব ৷ বন্ধুবৰ্গই আপোনাক সহায় কৰিব ৷ আপুনি কোনো বিশেষ প্ৰকল্পৰ কাম হাতত ল'ব ৷ ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব আৰু সুফল পাব ৷ আপুনি কৰা কোনো কাম পৰৱৰ্তী সময়ত ফলদায়ক প্ৰমাণিত হ'ব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপুনি প্ৰচুৰ ধনৰ আগমন ঘটা আঁচনি-পৰিকল্পনা ৰূপায়ন কৰিব ৷ আপুনি আকস্মিকভাবে প্ৰচুৰ লাভ অৰ্জন কৰিব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ প্ৰতি আনুগত্যশীল হৈ থাকিব ৷ আপুনি কোনো সম্পদ অথবা যানবাহন ক্ৰয় কৰিব ৷আপোনাৰ বিনিয়োগে ভাল লাভ দিব। আপোনাৰ সকলো অৰ্ধ-সম্পূৰ্ণ কাম সম্পূৰ্ণ হৈ উঠিব। যুৱক-যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিব। প্ৰতিবেশীৰ লগত আপোনাৰ বিবাদ নিষ্পত্তি হব। আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ সন্তুষ্ট হব। আপুনি নতুন কাপোৰ আৰু গহণা ক্ৰয় কৰিব পাৰে।আপুনি সঠিক-শুদ্ধ কাম কৰিব আৰু নিজৰ লক্ষ্যত উপনীত হ'ব ৷ বিৰোধীয়ে আপোনাক দমন কৰাৰ চেষ্টাত ব্যৰ্থ হব।

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

এই সপ্তাহত আপোনাৰ বাবে কথা-বতৰাবোৰ ভাল হ'ব ৷ এজন তৃতীয়পক্ষৰ ব্যক্তিৰ সহায়ত কোনো দীৰ্ঘদিনীয়া বিবাদ নিষ্পত্তি হ'ব ৷ ইয়ে আপোনালৈ প্ৰচুৰ সকাহ কঢ়িয়াব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ হৈ থাকিব ৷ আপুনি ধাৰে দিয়া বা ক'ৰবাত আবদ্ধ হৈ থকা ধন আপুনি ঘূৰাই পাব ৷ আপুনি অধিক সপ্ৰতিভ হ'ব ৷ আপুনি বুদ্ধিমত্তাৰে কাম কৰিব আৰু তাৰ বাবে পুৰষ্কৃত হ'ব ৷ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এই সময় উপভোগ্য সময় ৷ তেওঁলোকে পৰস্পৰৰ সংগ উপভোগ কৰিব ৷ আপুনি আপোনাৰ মূল্যবোধৰ সৈতে আপোচ নকৰিব ৷ আপোনাক লৈ আপোনাৰ পিতৃ-মাতৃ অতি সুখী হ'ব ৷ তেওঁলোকে আপোনাক আশীৰ্বাদ দিব ৷ আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ লগতো কিছু সময় কটাব ৷ আপুনি এটা প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিব ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

এই সপ্তাহটো আপোনাৰ বাবে অতি সুন্দৰ সপ্তাহ হ'ব ৷ ঘনিষ্ঠজনৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ'ব ৷ আপুনি আপোনাৰ স্বাস্থ্যৰো যতন লোৱাৰ প্ৰয়োজন। আপোনাৰ মনত নতুন বিষয়ৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হব আৰু নিজৰ জীৱন উপভোগ কৰিব। প্ৰেম-ৰোমান্সৰ বাবে আপোনাৰ ব্যক্তিগত জীৱন শীতল হৈ পৰিব। আপুনি এখন নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক কোনো কথা ক'বলৈ বিচাৰিব পাৰে। কথা-বতৰাবোৰ আপোনাৰ অনুকূলে ঢাল খাব। আপোনাৰ বাবে এক উত্তম সময় আৰম্ভ হওঁ হওঁ হৈছে। আপুনি অনুকূল সময়ছোৱা ব্যৱহাৰ কৰক। আপোনাৰ শত্ৰু পৰাভূত হ'ব ৷ আপুনি এক অতি সন্তুষ্টিদায়ক ব্যৱসায়িক ভ্ৰমণ কৰিব।

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

এই সপ্তাহটো আপোনাৰ বাবে এটা অতি প্ৰতিশ্ৰুতিসম্পন্ন সপ্তাহ হ'ব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব ৷ কৰ্মস্থলীত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। গুণৰ বলত আপুনি অনেক অনুগামীৰ সৃষ্টি কৰিব পাৰিব আৰু আপোনাৰ পাৰদৰ্শিতাক লৈ আপোনাৰ উৰ্ধতন বিষয়াও সন্তুষ্ট হব । আপুনি আপোনাৰ উৰ্ধতন বিষয়াবৰ্গক সন্তুষ্ট কৰি ৰাখিবলৈ সক্ষম হ'ব ৷ আপুনি পাৰিবাৰিক বিষয়ৰ প্ৰতি অনেক গুৰুত্ব দিব ৷ ব্যস্ত হৈ থকাৰ মাজতো পৰিয়াল আপোনাৰ বাবে মূল হৈ থাকিব । আপুনি বিত্তীয় লাভো অৰ্জন কৰিব ৷ গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত আপুনি অনেক ধৈৰ্য ধৰিব লাগিব আৰু তাৰ প্ৰতি নিজক উৎসৰ্গা কৰিব লাগিব ৷ ৷ সকলো সময়তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়-স্বজন আপোনাৰ ওচৰত থাকিব ৷ আপুনি কাম আৰু নিজৰ সুখৰ মাজত এটা ভাৰসাম্য বৰ্তাই ৰাখিব।

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

সময় আপোনাৰ বাবে অতি লাভদায়ক হ'ব ৷ আপোনাৰ ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে আৰু আপুনি পৰিয়ালৰ লগত সময় উপভোগ কৰিব ৷ আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব। ৷ কামত আপুনি নতুন দায়িত্ব পাব ৷ অবিবাহিতসকলে উপযুক্ত পাত্ৰ বা পাত্ৰীৰ বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে ৷ আপোনৰ প্ৰেমৰ সম্পৰ্কৰ পৰা ভুল বুজাবুজি দূৰ হ'ব৷ আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব ৷ জ্যেষ্ঠজনৰ মৰম আৰু আশীৰ্বাদত আপুনি অধিক আগুৱাই যাব ৷ আপোনাৰ আকাংক্ষা আৰু সপোনবোৰ পূৰণ হব। আপোনাৰ আধৰুৱা কাম সোনকালে সম্পূৰ্ণ হৈ উঠিব। আপুনি অনেক মানুহ লগ পাব। আপোনাৰ বাৰ্তা-সংযোগ অদ্বিতীয়। আপুনি প্ৰৱল উৎসাহেৰে আপোনাৰ দায়িত্ব পালন কৰিব। সময় আপোনাৰ বাবে অতি অনুকূল। 

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)

কাৰ্যক্ষেত্ৰত কিছু অতি ইতিবাচক ঘটনা সংঘটিত হ'ব৷ আপুনি বিদেশৰ পৰাও কোনো কামৰ অৰ্ডাৰ পাব ৷ আপোনাৰ দৃষ্টিভংগী প্ৰায়োগিক হ'ব আৰু কথাবোৰ খুলাখুলিকৈ ক'ব ৷ আপোনাৰ সপোন পূৰণ কৰাৰ বাবে নিজক উজাৰি দিয়ক ৷ আপোনাৰ বাবে গ্ৰহ-গতিৰ অৱস্থান অনুকূল ৷ বৃহস্পতি আৰু শনিয়ে আপোনাক ভাল ফল দিব ৷ বিদেশৰ সৈতে জড়িত বিষয়ত আপুনি সফলতা অৰ্জন কৰিব ৷ আপোনাৰ প্ৰেম-জীৱন অপূৰ্ব ৷ বিবাহিতসকলে সংগীৰ সৈতে সুন্দৰ সম্পৰ্ক উপভোগ কৰিব ৷ পৰিয়ালৰ সৈতে আপুনি আবেগ আৰু বান্ধোন ধৰি ৰাখিব ৷ অভিজ্ঞ ব্যক্তিৰ লগত ঘনিষ্ঠতা সহায়ক আৰু উপকৃতকাৰী প্ৰমাণিত হ'ব ৷ আপুনি আপোনাৰ দায়িত্ব সুন্দৰভাবে পালন কৰিব। 

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপুনি খৰধৰকৈ লোৱা কোনো সিদ্ধান্ত সলনি কৰিব আৰু তাকে কৰাৰ বাবে আপোনাৰ কোনো অনুশোচনা নাথাকিব ৷ আপোনাৰ প্ৰিয়জনে আপোনাক সমৰ্থন কৰিব ৷ স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব ৷ আপুনি আয়ৰ নতুন উৎস পাব ৷ নপঢ়াকৈ কোনো নথিপত্ৰত স্বাক্ষৰ নকৰিব ৷ আপুনি আপোনাৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সংযোগ গঢ়িব ৷ আপোনাৰ কামকলৈ আপোনাৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু মুৰব্বী বিষয়া সন্তুষ্ট হ'ব ৷ আপুনি আনন্দিত হ'ব ৷ অদৰকাৰী কথা-বতৰাত আপোনাৰ সময় অপব্যয় নকৰিব ৷ পৰিয়ালৰ বান্ধোনৰ ক্ষেত্ৰত ভুল বুজাবুজি দূৰ হ'ব । আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে এটা চুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কৰিছে। আপুনি আপোনাৰ ভাললগা আৰু আগ্ৰহৰ বস্তুৰ কথা বিবেচনা কৰা উচিত। আপুনি নিজকো সময় দিয়াৰ প্ৰয়োজন।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com