আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ জানুৱাৰী, সোমবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ জানুৱাৰী, সোমবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ১, ১০, ১৯, ২৮

শুভ বাৰসমূহঃ বুধবাৰ, শুকুৰবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ বেঙুনীয়া, মৌৰস মিহলি হালধীয়াৰ দৰে, ক'লা

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ জানুৱাৰী, সোমবাৰ, ২০২২)

                                                                             আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ জানুৱাৰী, সোমবাৰ, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি কোনো পৰিৱৰ্তন সাধন কৰিবলৈ যোৱাৰ পূৰ্বে কিছু ৰৈ চিন্তা কৰাৰ প্ৰয়োজন ৷ যিহেতু তাৰ সৈতে আপোনাৰ বৃহৎ স্বাৰ্থ জড়িত আছে, গতিকে আপুনি ব্যক্তিগত সিদ্ধান্ত সাৱধানতাৰে আৰু লাহে-ধীৰে লোৱা উচিত ৷ আপুনি আপোনাৰ শুভাকাংক্ষী আৰু পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আলোচনা কৰাটো ভাল হ'ব ৷ আপুনি অপ্ৰত্যাশিতভাবেও কাৰোবাৰ পৰা সমৰ্থন পাব ৷ আপোনাৰ আয় ভাল হ'ব ৷

বৃষ : (এপ্ৰিল ২১- মে ২১)

সময়ে সময়ে আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ আশা-আকাংক্ষাৰ প্ৰতি গুৰুত্ব দিয়া নাই। আপুনি আপোনাৰ জীৱনসংগীক সন্তুষ্ট কৰিবলৈ অতি খৰধৰ কৰে ৷ গতিকে আপুনি কোনো গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰাৰ প্ৰয়োজন ৷ আপুনি আপোনাৰ দৃষ্টিভংগী তেওঁৰ ওচৰত তুলি ধৰাৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব ৷

মিথুন : (মে ২২ - জুন ২১)

আপোনাৰ জীৱনসংগীৰ লগত হোৱা ভুল বুজাবুজিৰ বাবে আপুনি মনত দুঃখ অনুভৱ কৰিব পাৰে ৷ সময়মতে কাম শেষ কৰিবলৈ আপোনাৰ ওপৰত হেঁচা থাকিব আৰু আপোনাৰ কিছু পৰিৱৰ্তন ঘটিব ৷ কিন্তু প্ৰয়োজনত তৎপৰ হ'ব ৷ আপুনি কোনো মন্দিৰ বা ধৰ্মীয় অনুষ্ঠান দৰশন কৰিবলৈ যাব। আপুনি প্ৰচুৰ মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুখ পাব ৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

যদি আপুনি অবিবাহিত তেন্তে কোনোবাজনে আপোনাৰ প্ৰতি অনেক গুৰুত্ব দিব ৷ আপুনি কিছু উত্থান-পতন আশা কৰিব পাৰে ৷ আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিব আৰু প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব ৷ আপুনি আইনী বিষয়ত সফলতা অৰ্জন কৰিব ৷ প্ৰেম আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হব। 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপোনাৰ প্ৰেম-জীৱন ৰোমান্সকৰ হৈ উঠিব ৷আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সুখী কৰি ৰাখিব ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ৷ আপুনি কৰ্ম সংক্ৰান্তীয় বিষয়ত সফলতা অৰ্জন কৰিব ৷ আপুনি আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ আপুনি নিজৰ মাজত ইতিবাচকতা অনুভৱ কৰিব ৷ 

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপুনি কোনো বিবাদে জটিল ৰূপ ধাৰণ কৰাৰ পূৰ্বে সেইটো সমাধা কৰিব লাগিব ৷ আপোনাৰ প্ৰেম-জীৱন উন্নতৰ কৰিবলৈ খৰধৰ নকৰিব ৷ সময়ত এয়া নিজেই হ'ব ৷ আপুনি অতিশয় সুখী হ'ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ আপুনি কিছু খেলাধূলাও কৰিব আৰু তাৰ সৈতে ব্যস্ত থাকিব ৷ আপুনি আপোনাৰ কৰ্ম-জীৱন আৰু ৰোমান্সৰ মাজত ভাৰসাম্য ধৰি ৰখাৰ প্ৰয়োজন হব। 

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক লৈ অতি গুৰুত্ব দিব আৰু এই সম্পৰ্কত অধিক বান্ধ খাই পৰিব ৷ আজি আপুনি কোনো অনুষ্ঠান পৰৱৰ্তী দিনলৈ স্থগিত ৰাখিবলগীয়া হ'ব পাৰে ৷ প্ৰথমে আপোনাৰ ভেটি শক্তিশালী হ'বলৈ দিয়ক ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ দীৰ্ঘকাল ধৰি পৰি থকা আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক লৈ অতি গুৰুত্ব দিব আৰু এই সম্পৰ্কত অধিক বান্ধ খাই পৰিব ৷ আজি আপুনি কোনো অনুষ্ঠান পৰৱৰ্তী দিনলৈ স্থগিত ৰাখিবলগীয়া হ'ব পাৰে ৷ প্ৰথমে আপোনাৰ ভেটি শক্তিশালী হ'বলৈ দিয়ক ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ দীৰ্ঘকাল ধৰি পৰি থকা আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। 

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপুনি আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন সাধনৰ কথা চিন্তা কৰিব ৷কিন্তু সকলোখিনি মসৃণভাবে আগবঢ়াৰ বাবে ইয়াৰ প্ৰয়োজন নহব। আপোনাৰ বিবেচনাপূৰ্ণ দৃষ্টিভংগী অথলে নাযায় ৷ আজি আপুনি অতিশয় সুখী হ'ব ৷ আপুনি আপোনাৰ এজন বন্ধুক সহায় কৰাটো সুন্দৰ মনৰ কাৰ্য হ'ব ৷ পৰিয়ালৰ সৈতে থকা আপোনাৰ ব্যৱধান দূৰ হ'ব ৷ আপোনাৰ ঘৰত কোনো বিশেষ আয়োজন হব পাৰে ৷ 

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপোনাৰ মন ইতিবাচক হৈ থাকিব ৷ কৰ্মস্থলীত আপুনি আগবঢ়োৱা এটা প্ৰস্তাৱে আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ পৰা অনুমোদন পাব ৷ আপুনি আবেগিকভাবে কোনো কথা ক'ব পাৰে কাৰণ ইয়াৰ জৰিয়তে আপুনি কাৰোবাৰ অন্তৰত আঘাত দি পাচত অনুতাপ কৰিবলগীয়া হ'ব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত মনোনিবেশ কৰিব ৷ আজিৰ দিনটো আপুনি সুন্দৰভাবে পাৰ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ লগত আনন্দ-স্ফূৰ্তি কৰিব ৷ 

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)

আপোনাৰ ৰসাল আৰু স্ফূৰ্তিবাজ স্বভাৱ পৰিস্ফুট হৈ উঠিব ৷ আপুনি আজিৰ সন্ধিয়াটো বন্ধুবৰ্গৰ লগত পাৰ কৰিব পাৰে ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷ আপুনি আপোনাৰ কামত উজলি উঠিব ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ'ব ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি সপোন পূৰ কৰিবলৈ সক্ষম হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বুজা-পৰা থকা গুণসম্পন্ন হ'ব ৷ 

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপুনি ঘৰত প্ৰচুৰ শান্তি উপভোগ কৰিব ৷ আপোনাৰ বৈবাহিক জীৱন অতি ভাল হ'ব ৷ আপোনাৰ প্ৰেম-জীৱনে এটা আকৰ্ষণীয় স্তৰত প্ৰৱেশ কৰিব । আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সুৰক্ষিত ভৱিষ্যতৰ পৰিকল্পনা কৰিব। ভাই-ককাইৰ লগত থকা ব্যৱধান দূৰ হ'ব ৷ আপোনাৰ সৃষ্টিশীল গুণ মুখ্যভাবে প্ৰতিফলিত হ'ব ৷ আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি আকৰ্ষিত হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com