আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১২ জানুৱাৰী, বুধবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১২ জানুৱাৰী, বুধবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৩, ১২, ২১, ৩০

শুভ দিনসমূহঃ বুধবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ ময়ূৰৰ দৰে নীলা, মৌৰ দৰে নীলা, শেঁতা হালধীয়া

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১২ জানুৱাৰী, বুধবাৰ, ২০২২)

                                                                         আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১২ জানুৱাৰী, বুধবাৰ, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপোনাৰ প্ৰেম-জীৱন ভাল হ'ব ৷ আপুনি এটা প্ৰতিশ্ৰুতি দিবলৈ সাজু হ'ব আৰু আপোনাক অতি আনন্দিত কৰি প্ৰতিশ্ৰুতিটো গৃহীত হ'ব ৷ আপুনি এক চমু দূৰত্ব ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ বাবে আজিৰ দিনটো ভাল আৰু শান্তিপূৰ্ণ হ'ব ৷ আপুনি একেবাৰে কম কাম কৰি অধিক আয় কৰিব ৷ আপুনি অতীতত কৰি অহা কঠোৰ পৰিশ্ৰমৰ ফল ভোগ কৰাৰ বাবে এয়া সঠিক সময় ৷ আপুনি লাভ পাব ৷

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ অধিক যোগাযোগ অব্যাহত ৰখাৰ প্ৰয়োজন, যাতে পাছত ভুল বুজাবুজিৰ সৃষ্টি নহয় ৷ এনে অৱস্থা। হ'লে আপোনাৰ ওপৰত মানসিক চাপৰ সৃষ্টি হ'ব ৷ ইয়াৰ প্ৰভাৱ আপোনাৰ প্ৰেমৰ সম্পৰ্কত নেতিবাচক হ'ব ৷ এই সময়ছোৱা আপোনাৰ জটিল সময় হ'ব, কাৰণ আপুনি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত চূড়ান্ত সিদ্ধান্ত ল'ব লাগিব ৷ কোনো ঘনিষ্ঠজনৰ সহায় ল'লে, আপুনি বহুলাংশে উপকৃত হ'ব পাৰে ৷ 

মিথুন : (মে ২২ - জুন ২১)

আজিৰ দিনটো আপোনাৰ বাবে এটা অতি সৌভাগ্য কঢ়িয়াই অনা দিন হ'ব। আপুনি উপযুক্ত পাত্ৰ বা পাত্ৰীৰ পৰা বিয়াৰ প্ৰস্তাৱ পাব ৷ আপোনাৰ পৰিয়ালে এই প্ৰস্তাৱলৈ সন্মতি জনাব ৷ আপুনি দলগত উদ্যমেৰে আপোনাৰ কাৰ্যালয়ত কাম কৰিব ৷ সহকৰ্মীৰ লগত একেলগে কাম কৰাটোৱে সৰ্বোত্তম ফলাফল দিব ৷ আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব ৷ আপোনাৰ মনত শান্তি বিৰাজ কৰিব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপুনি ব্যৱসায়ৰ নতুন প্ৰস্তাৱ পাব ৷ আপুনি এটা যৌথ ব্যৱসায়ৰ অংশীদাৰিত্বত সোমাই পৰিব পাৰে ৷ আপুনি চাকৰিটো পদোন্নতি পাব৷ জীৱনসংগীৰ লগত আপুনি ভাল সম্পৰ্ক উপভোগ কৰিব ৷ ভৱিষ্যতৰ বাবে লাভদায়ক প্ৰমাণিত ক্ষেত্ৰত আপুনি বিনিয়োগ কৰিব ৷ আপোনাৰ পথৰ পৰা লাহে লাহে বাধা আৰু প্ৰতিবন্ধকতা আঁতৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নতৰ হ'ব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপুনি অনেক মানুহ লগ পাব আৰু তেওঁলোক আপোনাৰ আচৰণৰ দ্বাৰা মুগ্ধ হ'ব। যদি আপুনি চাকৰি কৰে, তেন্তে আপুনি নিজৰ পচন্দৰ স্থানলৈ বদলি হ'ব পাৰে ৷ আপুনি আপোনাৰ সন্তানৰ যতন লোৱাৰ প্ৰয়োজন ৷ কাৰণ তেওঁলোকক আপোনাৰ দিহা-পৰামৰ্শৰ প্ৰয়োজন। আপুনি এজন নতুন ব্যক্তিৰ লগত সংযোগ স্থাপন কৰিব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আজিৰ দিনটো আপোনাৰ বাবে এটা অতি সুন্দৰ দিন হ'ব ৷ আপুনি আপোনাৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ ধোঁৱাখুলি ধন খৰচ কৰিব ৷ আপোনাৰ ৰোমাণ্টিক জীৱনত কিছু নতুন আৰু আনন্দদায়ক ঘটনা সংঘটিত হ'ব ৷ ই আপোনাৰ জীৱনত হঠাতে কোনোবা নতুন এজন ব্যক্তিৰ প্ৰৱেশো হ'ব পাৰে ৷ ৷ আপুনি এই সম্পৰ্ক ধৰি ৰাখিব বিচৰাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি উদ্ভাসিত হৈ উঠিব আৰু সহজে বন্ধুত্ব গঢ়িব পাৰিব ৷ বিপৰীত লিংগৰ ব্যক্তি আপোনাৰ প্ৰতি আকৰ্ষিত হব। আপুনি বন্ধুবৰ্গৰ এজনক আকৰ্ষণীয় অনুভৱ কৰিব ৷ আপুনি এক প্ৰগতিশীল সময়ৰ অধ্যায়ত আছে ৷ পৰিয়াল আপোনাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ'ব ৷ আপুনি আপোনাৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে আপুনি অংশীদাৰী ব্যৱসায়ৰ চুক্তি কৰিব পাৰে ৷ যিটো আপোনাৰ সহজে ফলদায়ক প্ৰমাণিত হ'ব।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

সুযোগে আপোনাৰ জীৱনত এটা অ-প্ৰত্যাশিত আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু বহু অ-প্ৰত্যাশিত ঘটনা সংঘটিত হ'ব ৷ আপুনি কোনো এজন ব্যক্তিক লগ পাব পাৰে, যাৰ প্ৰতি আপোনাৰ হৃদয়ত গভীৰ অনুভূতিৰ সৃষ্টি হ'ব আপুনি আপোনালোকৰ উমৈহতীয়া আগ্ৰহৰ বিষয়ত হতাশাৰ সূচনা হ'ব পাৰে ৷ আপুনি নাম-যশস্যা আহৰণ কৰিব আৰু মানুহৰ লগত প্ৰত্যক্ষভাবে কথা পাতিব ৷ 

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপুনি আপোনাৰ জীৱনসংগীক কেৱল ধনেই নহয়, প্ৰশংসাৰেও ওপচাই দিব ৷ আপুনি কোনো এক অতি ৰোমাণ্টিক স্থান ভ্ৰমণৰ পৰিকল্পান কৰিব। আপুনি আনৰ লগত মিলি থকাৰ চেষ্টা কৰিলেও নিজকে অকলশৰীয়া অনুভৱ কৰিব ৷ গতিকে আপুনি আনৰ লগত খাপ খাবলৈ নিজৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন। আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপুনি এনে এজন ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব, যি কোনো সামাজিক অনুষ্ঠানৰ চালিকা শক্তি ৷ আপুনি সেই ব্যক্তিজনৰ বিষয়ে ভালদৰে জানিবলৈ বিচাৰিব আৰু তেওঁক সুকীয়াকৈ সাক্ষাতৰ বাবে চেষ্টাৰ ত্ৰুটি নকৰিব। আপুনি সমস্যা সমাধানৰ চেষ্টা কৰা উচিত আৰু তাৰ ফলাফল চাওক ৷ আপুনি অনুপ্ৰেৰণাদায়ক, জ্ঞানবৰ্ধক আৰু চিত্ৰাকৰ্ষক সাহিত্য পঢ়িব ৷ আপুনি কোনো নতুন কাম আৰম্ভ কৰিলে, একো বাধা নাপাব ৷ 

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)

আপুনি কোনোবা এজনৰ লগত ঘনিষ্ঠ হোৱাৰ আনন্দদায়ৰ সুযোগ পাব ৷ সেই ব্যক্তিজন আপোনাৰ পূৰ্ব পৰিচিত নহয় ৷ ভাল পৰিৱেশ উপভোগ কৰি থকাৰ মাজতে আপুনি নিজৰ কামো সম্পূৰ্ণৰূপে কৰি শেষ কৰিব ৷ আপুনি আপোনাৰ ঘৰ আৰু কাৰ্যালয়ৰ ডেক'ৰেচন আৰু পুনৰ নিৰ্মাণৰ কাম কৰিব ৷ আপুনি কথা-বতৰাবোৰ আপোনাৰ অনুকূলে থকাটো লক্ষ্য কৰিব ৷

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

ভৱিষ্যতৰ কথা মনত ৰাখি আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত যুটীয়াভাবে কোনো বিত্তীয় বিনিয়োগ কৰিব পাৰে ৷ আপুনি সেই ব্যক্তিজনক বিয়াৰ প্ৰস্তাৱো দিব পাৰে। আপুনি আপোনাৰ সহকৰ্মীসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব ৷ আপুনি কোনো ধৰণৰ অনিশ্চয়তা সহ্য নকৰিব আৰু কোনোৱেই আপোনাৰ কামৰ প্ৰতি থকা আনুগত্যক অস্বীকাৰ কৰিব নোৱাৰিব ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com