আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৩ জানুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৩ জানুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৪, ১৩, ২২

শুভ বাৰসমূহঃ দেওবাৰ, মঙলবাৰ, বুধবাৰ

শুভ ৰংসমূহঃ ৰঙা, তীখাৰ লেখীয়া মটীয়া, নীলাৰ ছাঁৰ লেখীয়া

                                                                            আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৩ আজিৰ দিনটোৰ ৰাশিফল)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপোনাক প্ৰেমিক-প্ৰেমিকা দুয়োৰে নিজা কৰ্ম-আঁচনি থাকিব ৷ এই কৰ্ম-আঁচনিক বাস্তৱায়িত কৰাৰ বাবে দুয়োৰে যথেষ্ট প্ৰস্তুতি থাকিব লাগিব৷ আপুনি আপোনাৰ কামৰ অগ্ৰাধিকাৰসমূহ বাছি ল'ব লাগিব ৷ আপোনাৰ আচাৰ-আচৰণৰ বাবে আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপুনি কঠিন প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি পাব ৷ আপোনাৰ বাবে আজিৰ দিনটো লাভদায়ক দিন হ'ব৷ স্বামী-স্ত্ৰীৰ মাজত বান্ধোন ভাল হ'ব ৷

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে দৃঢ়তাৰে কাম কৰিবলগীয়া হ'ব পাৰে ৷ আপুনি নিজৰ কৰ্মৰ ফল ভোগ কৰিবলৈও কামক কেনেদৰে ভাল পাব, সেয়া নিশ্চিত কৰিব লাগিব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰাও ইতিবাচক সঁহাৰি পাব ৷ আপুনি আপোনাৰ কিছু কামৰ জৰিয়তে পূৰ্ণ সন্তুষ্টি পাব ৷ আপোনাৰ স্বাস্থ্য ভাল হ'ব ৷ আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ সম্পূৰ্ণৰূপে সন্তুষ্ট হ'ব ৷

মিথুন : (মে ২২ - জুন ২১)

আপুনি আপোনাৰ প্ৰিয়জনৰ লগত অতি প্ৰত্যাশিত ভ্ৰমণটো কৰিবলৈ সক্ষম হ'ব ৷ আপুনি এই কাম নিত্য-নৈমিত্তিকভাবে কৰিবলৈ বিচাৰিব, কাৰণ ইয়ে আপোনাক সুখী আৰু এক অবিস্মৰণীয় অভিজ্ঞতা দিব ৷ আপুনি নিজে পৰিশ্ৰম কৰিব আৰু আপোনাৰ অধীনৰ কৰ্মচাৰীৰ বাবেও যথেষ্টখিনি কৰিব ৷ আপুনি আপোনাৰ ভৱিষ্যত উন্নত কৰিবলৈও কাম কৰিব ৷ সময় আপোনাৰ বাবে অনুকূল ৷ আপুনি সুখী হ'ব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপুনি আপোনাৰ চুম্বকীয় শক্তি বৃদ্ধি অব্যাহত ৰাখিব আৰু আপোনাৰ মোহনীয় শক্তিয়ে আজি শীৰ্ষতম বিন্দুত অৱগাহন কৰিব ৷ আপুনি প্ৰায়ে বহু মানুহক নিজৰ প্ৰতি আকৰ্ষণ কৰিব ৷ আজি আপোনাৰ জীৱনলৈ এক অভূতপূৰ্ব প্ৰেম আনি আজিৰ দিনটোৱে আপোনাক হতবাক কৰিব ৷ আপুনি ক'ৰবাত আৱদ্ধ হৈ থকা ধন পাব ৷ আপোনাৰ প্ৰত্যাশিত এক অনুষ্ঠান সম্পন্ন হ'ব আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ ভৱিষ্যতকলৈ আজি কিছু সমস্যাজড়িত সিদ্ধান্ত ল'বলগীয়া হ'ব ৷ জীৱনসংগীৰ লগত আপোনাৰ সম্পৰ্ক উন্নত হ'ব ৷ আপুনি ভাল খবৰ পাব। আপুনি কৰা কামৰ বাবে ভৱিষ্যতে পুৰস্কৃত হ'ব। আইন সংক্ৰন্তীয় বিষয়ত আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লবলগীয়া হ'ব পাৰে। আপুনি কোনো বিষয় আলোচনা নকৰাকৈ সম্ভৱতঃ থাকি গৈছে ৷ এতিয়া তেনে বিষয় আলোচনা কৰাৰ সময়। 

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপোনালোক প্ৰেমিক-প্ৰেমিকা দুজনৰ মাজত আজি এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাত হ'ব আপুনি এই সম্পৰ্ক ধৰি ৰাখিব বিচৰাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব ৷ সকলো দিশৰ পৰাই সময় আপোনাৰ বাবে অনুকূল ৷ বিত্তীয় দিশত আপুনি অতি শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ বাবে পিতৃ-মাতৃক দিবলৈ সময় উলিয়াব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কৰিবলগীয়া বহু কাম আছে ৷ দুয়োজনে ভাললগা কথা-বতৰা ভাগ-বাটোৱাৰা কৰিব। 

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি আপোনাক আদৰ-যতনকাৰীজনৰ ওপৰত আস্থা ৰাখক আৰু এনে আচৰণ অব্যাহত ৰাখক ৷ আপুনি আপোনাৰ অহং ভাবক প্ৰতিফলিত হ'বলৈ নিদিব। আপুনি বন্ধুবৰ্গৰ এজনক আকৰ্ষণীয় অনুভৱ কৰিব> পৰিয়াল আপোনাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ'ব ৷ আপুনি আপোনাৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে আপুনি অংশীদাৰী ব্যৱসায়ৰ চুক্তি কৰিব পাৰে ৷ আপোনাৰ সামাজিক সম্পৰ্ক বৃদ্ধি পাব আৰু আপুনি নতুন নতুন মানুহ লগ পাব ৷ 

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপুনি আপোনাৰ বাবে এজন প্ৰকৃত জীৱনসংগী লাভৰ ক্ষণত উপস্থিত হৈছে ৷ আপুনি অনেক মানুহৰ লগত সহজে বন্ধুত্ব গঢ়িব পাৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ বিচাৰিব ৷ আপুনি আনৰ অতি সহায়কাৰী হ'ব আৰু তেওঁলোকৰ দুখ-অসুবিধাৰ বিষয়ে জানিবলৈ বিচাৰিব ৷ আপুনি আন্তৰিকতাৰে আপোনাৰ কাম শেষ কৰিব ৷ আপুনি নাম-যশস্যা আহৰণ কৰিব আৰু মানুহৰ লগত প্ৰত্যক্ষভাবে কথা পাতিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপোনাৰ কথা-বতৰাৰ সৈতে আপোনাৰ প্ৰেমৰ বান্ধনো শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত প্ৰচুৰ সময় কটাবলৈ বিচাৰিব। যদি আপুনি চাকৰি কৰে, তেন্তে আপুনি নিজৰ পচন্দৰ স্থানলৈ বদলি হ'ব ৷ আপুনি আপোনাৰ সন্তানৰ যতন লোৱাৰ প্ৰয়োজন ৷ কাৰণ তেওঁলোকক আপোনাৰ দিহা-পৰামৰ্শৰ প্ৰয়োজন। আপোনাৰ পৰা আঁতৰি যাবলৈ ধৰা কোনো ব্যক্তিক ৰাখিবলৈ চেষ্টা নকৰিব ৷ কাৰণ আপুনি দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি দিব নোৱাৰিব ৷

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আুপনি আত্মবিশ্বাসৰ বলত মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব ৷ সময়। আপুনি সুখী হ'ব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো আপোনাৰ দৰেই কথাবোৰ চিন্তা কৰিছে ৷ আপোনাৰ জীৱনত ইতিবাচক চিন্তা, আনন্দ-স্ফূৰ্তি আৰু ধন থাকিব ৷ আপুনি সম্পূৰ্ণ আন্তৰিকতাৰে কাম কৰিব ৷ ব্যৱসায়ত আপুনি দুগুণ লাভ পাব ৷ আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক চলাই ৰাখিব বিচাৰে, তথাপি আপোনাৰ প্ৰেমত আন্তৰিকতা নাথাকিব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)

আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব ৷ আপোনাৰ মনত শান্তি বিৰাজ কৰিব। আপুনি পৰিপক্কতাৰে কৰা কামে আপোনাক সহায় কৰিব৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব ৷ আপুনি কোনো ধৰণৰ অনিশ্চয়তা সহ্য নকৰিব আৰু কোনোৱেই আপোনাৰ কামৰ প্ৰতি থকা আনুগত্যক অস্বীকাৰ কৰিব নোৱাৰিব ৷ আপুনি আপোনালোকৰ উমৈহতীয়া আগ্ৰহৰ বিষয়ত হতাশাৰ সূচনা হ'ব পাৰে ৷ 

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপোনাৰ লগত বিবাহপাশত বহিবলৈ পতিয়ন নিয়াবলৈ উৎসাহিত হ'ব ৷ ভাল পৰিৱেশ উপভোগ কৰি থকাৰ মাজতে আপুনি নিজৰ কামো সম্পূৰ্ণৰূপে কৰি শেষ কৰিব ৷ প্ৰচুৰ উত্সাহ-উদ্দীপনাৰ মাজত আপুনি নিজৰ বিয়াৰ প্ৰস্তুতিও চলাব। আপুনি আপোনাৰ ঘৰ আৰু কাৰ্যালয়ৰ ডেক'ৰেচন আৰু পুনৰ নিৰ্মাণৰ কাম কৰিব ৷ কোনো এজন ঘনিষ্ঠ ব্যক্তিয়ে আপোনাক সহায় কৰিব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com