আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৪ জানুৱাৰী, শুকুৰবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৪ জানুৱাৰী, শুকুৰবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৫, ১৪, ২৩

শুভ বাৰসমূহঃ বুধবাৰ, শুকুৰবাৰ, শনিবাৰ

শুভ ৰংসমূহঃ মাখন, গেৰুৱা, সোণালী

                                                                            আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৪ জানুৱাৰী, শুকুৰবাৰ, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি অতীতৰ ভুল-ত্ৰূটি দূৰ কৰি জীৱনসংগীৰ সৈতে সফলতাৰ দিশত অগ্ৰসৰ হ'ব ৷ এক শান্তিপূৰ্ণ সহাৱস্থান আৰম্ভ হ'ব আৰু দুয়োজনে একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰিব ৷ মানুহে আপোনাৰ অৱদানক স্বীকাৰ কৰিব ৷ আপুনি আপোনাৰ কাৰণে কাপোৰ আৰু আ-অলংকাৰ ক্ৰয় কৰিব ৷ আপোনাৰ ব্যক্তিত্ব উজ্জ্বলি উঠিব ৷

বৃষ : (এপ্ৰিল ২১- মে ২১)

কিছু নতুন কামত আপুনি প্ৰচুৰ সময় ব্যয় কৰিবলগীয়া হ'ব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিয়াৰ বাবে যুঁজ-বাগৰ কৰিব লাগিব ৷ অৱশ্যে আপুনি সকলোখিনিয়েই সুন্দৰকৈ চম্ভালি ল'বলৈ সক্ষম হ'ব ৷ আপুনি এটা বিবাহ উৎসৱত অংশ ল'ব ৷ আজিৰ দিনটো অতি ফলদায়ক দিন ৷ আপুনি এটা নতুন ফ্লেটো বা ভূমি অথবা এখন গাড়ী কিনাৰো পৰিকল্পনা কৰিব ৷ আপোনাৰ ধনৰ সমস্যা নাথাকিব ৷

মিথুন : (মে ২২ - জুন ২১)

প্ৰেমৰ সম্পৰ্ক গভীৰতৰ হ'ব পাৰে আৰু আপুনি অধিক দায়িত্বশীল হোৱাৰো প্ৰয়োজন হ'ব ৷ আপুনি আপোনাৰ ভৱিষ্যতৰ গুৰুত্বপূৰ্ণ লক্ষ্যকলৈ পৰিকল্পনা বিষয়ে আলোচনা কৰিব লাগিব ৷ এইক্ষেত্ৰত বিবাহে মূল স্থান ল'ব৷। আপুনি বহু কাম-কাজত অংশ ল'ব আৰু মানুহৰ লগত চিন্তা-চৰ্চাৰ ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি নতুন পৰিকল্পনাও প্ৰস্তুত কৰিব ৷ আপুনি নতুন প্ৰযুক্তি আৰু বিজ্ঞানৰ সৈতে জড়িত বিষয়ৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)

খন্তেক সময়ৰ বাবে বিচ্ছেদৰ ইংগিত সূচিত হৈছে।আপোনাৰ প্ৰেমৰ সম্পৰ্ক কি দিশত গতি কৰিছে, তাৰ বাবে আপুনি নিজকে জুঁকিয়াই চোৱাৰ বাবে ই এটা সুযোগ হ'ব ৷ আপুনি আপোনাক আমনি কৰি থকা কেতবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ'ব ৷ আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব ৷ আপুনি আপোনাৰ বিৰোধীক পৰাভূত কৰিবলৈ সক্ষম হ'ব আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব ৷ আপুনি আপোনাৰ নতুন দায়িত্বও দায়বদ্ধতাৰে পালন কৰিব ৷ 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপুনি এই সময়ছোৱাত কম পৰিমাণে বাধ্য হ'ব লাগিব আৰু আপুনি কি ধৰণেৰে কাম কৰি আছে, তাক অৱহেলা কৰিব নালাগিব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আবদাৰে মন-মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰিব ৷ ইয়ে আপোনাক নিজকে অনুপযুক্ত আৰু ভয়াতুৰ যেন অনুভৱ কৰিব ৷ আপুনি সহ্যশীল হ'ব আৰু আপোনাৰ জীৱনত কি গুৰুত্বপূৰ্ণ তাকলৈ সচেতন হ'ব ৷ আপুনি কিছু অহংবোধ মনত পোষণ কৰিব আৰু নিজৰ কাম নষ্ট কৰিব ৷ বৰ্তমানৰ পৰিস্থিতি আপোনাৰ বাবে অনুকূল ৷ 

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপোনালোক প্ৰেমিক-প্ৰেমিকা দুজনৰ মাজত আজি এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাত হ'ব আপুনি এই সম্পৰ্ক ধৰি ৰাখিব বিচৰাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব ৷ সকলো দিশৰ পৰাই সময় আপোনাৰ বাবে অনুকূল ৷ বিত্তীয় দিশত আপুনি অতি শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ বাবে পিতৃ-মাতৃক দিবলৈ সময় উলিয়াব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কৰিবলগীয়া বহু কাম আছে ৷ দুয়োজনে ভাললগা কথা-বতৰা ভাগ-বাটোৱাৰা কৰিব। 

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

উমৈহতীয়া আগ্ৰহৰ বিষয়ত জড়িত হৈ পৰাটোৱে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপোনাৰ ওচৰ চপাই আনিব ৷ আপুনি এটা প্ৰকল্পৰ কামৰ বাবে তেওঁৰ সহায় ল'ব পাৰে। এই প্ৰকল্পই আপোনাৰ বহু সময় লোৱাৰ সম্ভাৱনা আছে ৷ আপুনি সমস্যা বা অশান্তিৰ পৰা মুক্তি পাব ৷ আয়তকৈ আপোনাৰ ব্যয় অধিক হ'ব ৷ ধন হাতলৈ অহাৰ পূৰ্বেই ওলাই যাব ৷ আপুনি শান্ত হৈ থকাৰ প্ৰয়োজন আৰু কামত গুৰুত্ব দিয়া উচিত।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপোনাৰ যাত্ৰাপথলৈ অহা প্ৰতিবন্ধকতা দূৰ কৰাটো কঠিন হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা পোৱা প্ৰতিক্ৰিয়াও আপোনাৰ মনত পীড়া বা উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত সংযোগ স্থাপন কৰিব ৷ ব্যক্তিগত লাভালাভ আৰু কেৰিয়াৰৰ মাজত অহংবোধক প্ৰাধান্য বিস্তাৰ কৰিবলৈ নিদিব ৷ আপোনাৰ কাম হৈ উঠিব ৷ 

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপোনাৰ সুখ বৃদ্ধি পাব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে সুবিধাজনক স্থান পাব ৷ ভুল-শুদ্ধৰ মাজেৰে আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব ৷ কোনোবাই আপোনাৰ মানহানি কৰাৰ অপচেষ্টা চলাব পাৰে ৷ ব্যৱসায়তো আপুনি এটা সাহসী সিদ্ধান্ত ল'ব ৷ আপুনি আপোনাৰ কামক গুৰুত্বসহকাৰে ল'ব ৷ আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব। 

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপুনি নিজকে সামাজিক কৰি তোলাৰ আৰু বহুতৰ লগত বন্ধুত্ব গঢ়াৰ সুযোগ পাব ৷ আপুনি আপোনাৰ কোনো অতি ঘনিষ্ঠ এজন ব্যক্তিৰ লগত বিয়া চিঙা-কটা কৰিব পাৰে ৷ এই খবৰে আপোনাৰ পৰিয়াললৈ হাঁহি আৰু আনন্দ কঢ়িয়াই আনিব ৷ আপুনি বিত্তীয় লাভ পাব। আপুনি শ্বেয়াৰ, মিউচুৱেল ফাণ্ড আদিত বিনিয়োগ কৰিব পাৰে। আপুনি আপোনাৰ জ্যেষ্ঠ কৰ্মীৰ লগত কোনো বিষয় আলোচনা কৰিব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)


আপুনি সকলো দিশতে আপোনাৰ উন্নতি আশা কৰিব পাৰে ৷ আপোনাৰ প্ৰেম-ৰোমান্স অধিক জীৱন্ত হ'ব ৷ আপুনি ইয়াক লৈ আনন্দিত আৰু সন্তুষ্ট হ'ব। আপোনালোক দুয়োজনে উমৈহতীয়া লক্ষ্য স্থিৰ কৰিব। স্বামী-স্ত্ৰীৰ মাজত উচ্চ পৰ্যায়ৰ বুজাবুজি থাকিব ৷ আপোলোকে পৰস্পৰৰ ভালপোৱা আৰু আগ্ৰহৰ কাম কৰিব ৷ আপুনি ঘৰুৱা বয়-বস্তু ক্ৰয় কৰি ধন ব্যয় কৰিব ৷

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপুনি সৰু-সুৰা কথাক অন্তৰেৰে গ্ৰহণ কৰাৰ অভ্যাস ত্যাগ কৰক। আপুনি ডাঙৰ কথাৰ প্ৰতি গুৰুত্ব দিব ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক তিক্ত হোৱাটো নিবিচাৰিব। সফলতাপ্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ আকাংক্ষা আৰু অভিপ্ৰায়ৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছে ৷ ব্যৱসায়ত আপুনি নতুন সিদ্ধান্ত ল'ব ৷ আপুনি প্ৰেমৰ সমানে নিজৰ কাম আৰু কেৰিয়াৰকো ভাল পাব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com