জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)
শুভ তাৰিখসমূহঃ ১, ১০, ১৯, ২৮
শুভ বাৰসমূহঃ মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ
শুভ ৰংসমূহঃ ৰঙা, নীলা, সেউজীয়া
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (২৮ জানুৱাৰী, শুকুৰবাৰ, ২০২২)
মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)
সমস্যাকলৈ উদ্বিগ্নতা থকাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটো আপোনাৰ বাবে অতি ভাল দিন নহ'ব। আপোনাৰ দৃষ্টিভংগী মূল্যবোধ আৰু আচাৰ-আচৰণলৈ পৰিৱৰ্তন আহিব পাৰে ৷ আপুনি ভাল স্পৃহা-উদ্যমেৰে কোনো কাম দলগতভাবে কৰিব ৷ ইয়ে আপোনাৰ মান আৰু সন্মান বৃদ্ধি কৰিব ৷ আপুনি লাভান্বিত হোৱা ব্যৱসায়িক ভ্ৰমণ হাতত লব। আপুনি আপোনাৰ ঘৰুৱা আৰু পাৰিবাৰিক বিষয়ৰ প্ৰতিও গুৰুত্ব দিব।
বৃষ : (এপ্ৰিল ২১- মে ২১)
কিছু আশংকাৰ সংকেতবাণীয়ে পৰৱৰ্তী পৰ্যায়ত কি কৰিব লাগে, তাকেলৈ আপোনাৰ মনত সন্দেহ-বিমোৰতাৰ সৃষ্টি কৰিব ৷ আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হৈ থাকিব ৷ ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে এয়াই সঠিক সময়। আপুনি আপোনাৰ প্ৰিয়জনক লগ পাব ৷ আপুনি এক নিৰ্জন তথা সুন্দৰ স্থান ভ্ৰমণ কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা অতি ভাল হব।
৷
মিথুন : (মে ২২ - জুন ২১)
মুহূৰ্তৰ উত্তেজনাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কিছু কঠোৰতাৰে কথা কোৱাৰ বাবে আপুনি অন্তৰত দুঃখ পাব পাৰে ৷ সমস্যা সমাধানৰ আগলৈকে আপুনি সাধাৰণ ভাবে জীৱন অতিবাহিত কৰা উচিত ৷ মহিলাসকলে কাম আৰু নিজকে পুনৰ সজীৱ কৰাৰ বাবে সময় উলিয়াব পাৰিব ৷ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব ৷ শত্ৰুৱে চেষ্টা চলায়ো আপোনাৰ ক্ষতি কৰিব নোৱাৰিব।
৷
কৰ্কট : (জুন ২২ - জুলাই ২২)
আপুনি কোনোবা এজনক লগ পাব পাৰে আৰু তেওঁৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে ৷ প্ৰেমিক-প্ৰেমিকাসকলে এটা সুন্দৰ সম্পৰ্কৰ বান্ধোন উপভোগ কৰিব ৷ আৰু বিবাহপাশত আৱদ্ধ হোৱাৰ কথা চিন্তা কৰিব ৷ আপুনি বিশেষ গুৰুত্ব থকা কোনো চাকৰিৰ বাবে বাচনিভুক্তও হ'ব ৷ ইয়ে আপোনাৰ পৰিয়াললৈ হাঁহি আৰু আনন্দ কঢ়িয়াব। আপোনাৰ পৰিয়ালত সামগ্ৰিকভাবে সুন্দৰ পৰিৱেশ বিৰাজ কৰিব ৷
সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)
বৰ্তমানৰ পৰিস্থিতিত বিৰক্ত হৈ আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ধৰি ৰখাটো কঠিন যেন অনুভৱ কৰিব। আপোনাৰ মূল্য বৃদ্ধি পাব ৷ আপুনি জনপ্ৰিয় হৈও উঠিব৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টিতো আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ কৃতিত্বক লৈ তেওঁ অতি গৰ্বিত হব। আপোনাৰ আত্মবিশ্বাস গগণচুম্বী হব। আপোনাৰ সামৰ্থৰ ওপৰত আপোনাৰ পূৰ্ণ বিশ্বাস থাকিব।
কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)
আপুনি আজি প্ৰচুৰ বিত্তীয় লাভ অৰ্জন কৰিব পাৰে ৷ আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি কৰিব। হৈছে। সময় সুবিধাজনক আৰু আপোনাৰ অনুকূলে আছে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু আপোনাৰ অধীনৰ কৰ্মচাৰীসকলে আপোনাক প্ৰচুৰ সহায় কৰিব ৷ আপুনি সামাজিক কাম আৰু ৰাজনীতিৰ প্ৰতি আগ্ৰহী হ'ব ৷ আপুনি সহকৰ্মীৰ লগত বাদানুবাদ এৰাই চলিব।
তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)
আজিৰ দিনটো সামগ্ৰিকভাবে এটা সুন্দৰ দিন। কথা-বতৰাবোৰ সঠিক দিশলৈ অহাৰ বাবে আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো সহায় কৰিব আৰু দিনটো আপোনাৰ প্ৰিয়জনৰ সৈতে আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ কৰিব ৷ আপুনি এটা নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে ৷ আপুনি আপোনাৰ দুঃশ্চিন্তামুক্ত হৈ কাম উপভোগ কৰিব।
বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)
আপুনি সঠিক স্থানত সঠিক জীৱনসংগীৰ সৈতে অৱস্থান কৰা বুলি মনত সৃষ্টি হোৱা অনুভৱে আপোনাৰ প্ৰেম গভীৰ কৰি তুলিব ৷ আপুনি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অধিক বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব। চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত সময় আপোনাৰ বাবে অনুকূল ৷ আপুনি প্ৰচুৰ ধন লাভৰ ইংগিত সূচিত হৈছে ৷ আপুনি আপোনাৰ পৰিয়াল আৰু স্বামী বা পত্নীক অপৰ্যাপ্ত সময় দিব ৷
ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)
আপুনি পাবৰ যোগ্য এক জীৱন লাভৰ বাবে নিজৰ সৰ্বোত্তমখিনি উজাৰি দিব ৷ আপুনি কিছু বিত্তীয় সমস্যাৰ সন্মুখীন হ'বলগা হ'ব পাৰে ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে সকাহদায়ক হ'ব আৰু আপোনালৈ সহায়ো আগবঢ়াব ৷ আপুনি আপোনাৰ প্ৰেমৰ প্ৰতি স্বেচ্ছাই আৰু সততাৰে কাম কৰিব ৷ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই।
মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)
আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত খাপ খাব নোৱৰাৰ বাবে বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ত্যাগ কৰাৰ কথা চিন্তা কৰিব ৷ আপুনি সুৰক্ষা আৰু ঘনিষ্ঠতা পাব ৷ আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ-উদ্দীপনা সাংঘাতিক হ'ব ৷ কৰ্মস্থলীত কোনো ইতিবাচক ঘটনা সংঘটিত হব। আপুনি সপোনৰ পৃথিৱীৰ পৰা বাস্তৱৰ পৃথিৱীলৈ ওলাই অহা উচিত। আপোনাৰ কঠোৰ পৰিশ্ৰমে সুফল কঢ়িয়াব ৷
কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)
আপুনি এজন আকৰ্ষণীয় আৰু প্ৰেৰণাদায়ক ব্যক্তিক লগ পোৱাৰ সুযোগ পাব। মানুহক অধিক বিশ্বাস কৰাৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ'ব পাৰে ৷ আপুনি দুই চকু খোলা ৰখা উচিত। অন্যথা আপুনি ঠগ খাব পাৰে ৷ ৰাজহুৱা জীৱনত আপুনি অতি বাস্তৱসন্মত হোৱাৰ প্ৰয়োজন হ'ব ৷
মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)
আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক লৈ আপোনাৰ পৰিয়ালৰ কোনো সদস্য সুখী নহ'ব পাৰে ৷ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৷ আপুনি আপোনাৰ পৰিয়ালৰো ভালদৰে তত্বাৱধান কৰিব ৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ সৈতে সু-সম্পৰ্ক বৰ্থাই ৰাখিব। কোনো কাম হাচিলৰ বাবে তেওঁলোকৰ ওপৰত বল প্ৰয়োগ নকৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব ৷