Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২ ফেব্ৰুৱাৰী, বুধবাৰ, ২০২২)'

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২ ফেব্ৰুৱাৰী, বুধবাৰ, ২০২২)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Feb 2022 5:00 AM GMT

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ২,১১, ২০

শুভ বাৰসমূহ: মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ

শুভ ৰংসমূহ : সুমথিৰা, হালধীয়া, বগা

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২ ফেব্ৰুৱাৰী, বুধবাৰ, ২০২২)'

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি কিছু বিশেষ কাম কৰিব, যাৰ বাবে আপুনি প্ৰচুৰ নাম আৰু যসস্যা আহৰণো কৰিব। আপুনি মানুহক সাক্ষাততো ব্যস্ত থাকিব। আপুনি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ স্থিতিৰ বিষয়ে আপোনাৰ জীৱনসংগীক জনাই সন্তুষ্ট হব। আপুনি আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি যি বিচাৰে, সেয়া ইতিমধ্যে পাইছে ৷ আপুনি আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গই সন্মুখীন হোৱা সমস্যা দূৰ কৰিবলৈ আপুনি নিজৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি চেষ্টা কৰিব ৷

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপোনাৰ বাবে আজিৰ দিনটো সন্মান আৰু যষস্যাৰ দিন। আপুনি আপোনাৰ কাম বা চাকৰিত শ্ৰীবৃদ্ধি লক্ষ্য কৰিব। আপুনি আপোনাৰ কামত জিৰণিও লব। আপুনি কোনো উৎসৱ-পাৰ্বণ উদযাপন কৰিব ৷ আপোনাৰ পৰিয়ালত কোনো নতুন সংযোগ ঘটিব ৷ আজিৰ দিনটো আপোনাৰ বাবে অতি সুখদায়ক দিন হ'ব ৷ ক্ৰয়-বিক্ৰয় আৰু ঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাম দ্ৰুতগতিৰে হ'ব ৷

মিথুন : (মে ২২ - জুন ২১)

আপুনি আপোনাৰ জীৱনসংগীৰ লগত অপূৰ্ব সুন্দৰ সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ প্ৰতিৱেশীৰ লগত শুভবাৰ্তা ভাগ-বাটোৱাৰা কৰিব। আপুনি আপোনাৰ হবিও পূৰণ কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আলোচনা কৰাটোৱেই সৰ্বশ্ৰেষ্ঠ উপায় হ'ব ৷ আপুনি নিজকে অধিক সামাজিক কৰি তুলিব ৷ এই সময় হৈছে কোনো ডাঙৰ কামৰ পৰিকল্পনা কৰাৰ সময় ৷ ভাগ্য আপোনাৰ অনুকূলে আছে ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)

কোনো নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে এয়াই হৈছে সঠিক সময়। আপুনি সঠিক সিদ্ধান্ত লব। আপুনি ভাল দৰমহাৰ এটা চাকৰিৰ প্ৰস্তাৱো পাব। আপুনি সম্পৰ্ক পুনৰ ভাল কৰাবলৈ অতিৰিক্ত চেষ্টা কৰিব লাগিব ৷ আপোনাৰ ধৰ্মীয় স্থানত চন্দ্ৰ সক্ৰিয় হৈ আছে ৷ গতিকে ধৰ্ম-কৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব ৷ আপোনাৰ ইতিবাচক দৃষ্টিভংগী আৰু চিন্তাই আপোনাক আগলৈ লৈ যাব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আজিৰ দিনটোৰ প্ৰথমছোৱা সময়ত আপোনাৰ জীৱনত প্ৰেম-ৰোমান্স নাথাকিব। কিন্তু সময় আগবঢ়াৰ লগে লগে আপুনি দৈনন্দিন কামৰ মাজতে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কিছু মুহূৰ্ত পাৰ কৰিব। মনোযোগৰ ফলত জীৱনত সুখ বিৰাজ কৰিব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ সংগ সহায়ক হ'ব ৷ আপুনি ধৰ্মীয় কাম-কাজকলৈ ব্যস্ত থাকিব ৷ আপুনি ধনৰ লাভ অৰ্জন কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপোনাৰ ৰোমাণ্টিক জীৱনে উত্থান-পতন উপভোগ কৰিব নোৱাৰিব। আপোনালোক দুয়োজনে অনেক আনন্দ-স্ফূৰ্তি কৰিব ৷ আপোনালোকে সন্তষ্টিৰ বাবে এক চমু ভ্ৰমণ কৰিব ৷ আপোনাৰ শত্ৰু আৰু বিৰোধী সক্ৰিয় হৈ উঠিব৷ কিন্তু আপুনি তেওঁলোকক সহজে পৰাজিত কৰিব৷ আপুনি আলোচনা-বিলোচনাৰ মাজেৰে সময় অতিবাহিত কৰিব ৷ কামৰ অত্যধিক চাপে আপোনাক ভাৰাক্ৰান্ত কৰিব পাৰে ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকলৈ সুখী হ'ব ৷ কাৰণ তেওঁ আপোনাক আপোনাৰ প্ৰেমৰ প্ৰতিদান দিব। আপোনাৰ সপোনৰ ব্যক্তিজন আপোনাৰ ওচৰলৈ আহিবলৈ লৈছে। গতিকে আপুনি প্ৰফুল্লিত মনেৰে সাজু হওক। কাৰণ তেওঁ আপোনাৰ হৃদয় জয় কৰিব। আপোনাৰ স্বাস্থ্য ভাল হ'ব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সময় অতিবাহিত কৰিব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপুনি মানুহৰ সংগ উপভোগ কৰিব আৰু আপোনাৰ মোহনীয় ব্যক্তিত্বই বহু মানুহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব ৷ আপুনি নতুন প্ৰেম-ৰোমান্স আৰম্ভ কৰাৰ ইংগিত সূচিত হৈছে ৷ এই প্ৰেম-ৰোমান্সত বহু সুখ থাকিব ৷ আপুনি উৎসাহ-উদ্দীপনাৰ মাজত থাকিব ৷ আপুনি আপোনাৰ আকাংক্ষা পূৰণৰ চেষ্টা কৰিব পাৰে ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতেও সময় অতিবাহিত কৰিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপুনি আকাংক্ষিত ফল পাবলৈ হ'লে এটা নতুন দৃষ্টিভংগী ল'ব লাগিব পাৰে । আপোনাৰ জীৱনসংগীয়ে আপোনাৰ পৰামৰ্শলৈ অপেক্ষা কৰিব আৰু জীৱন কেনেদৰে আকৰ্ষণীয় কৰিব পাৰি, তাৰ চিন্তা কৰিব ৷ কামৰ চাপৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যে আপুনি পৰিয়ালৰ লগত ওচৰৰে ক'ৰবালৈ ফুৰিবলৈ যাব ৷ গতিকে আপুনি আপোনাৰ মনৰ সন্দেহ মৰিষণৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা-বতৰা হওক

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপুনি অধিক আৱৰণী ব্যৱহাৰ নকৰিব, কাৰণ আপোনাৰ প্ৰকৃত ৰূপেই মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰে ৷ আপুনি জানে যে আপোনাৰ জীৱনত প্ৰেম-ভালপোৱা নাই। আপুনি কোনো ঘনিষ্ঠজনক উপদেশ দিব ৷ আপোনাৰ জীৱন মসৃণতাৰে আগবাঢ়িব ৷ সৃজনশীল চিন্তাৰে আপোনাৰ মন ভৰি থাকিব ৷ আপোনাৰ কামৰ প্ৰতি নিচা আছে ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)

আপুনি প্ৰেমৰ ক্ষেত্ৰত প্ৰথমে অগ্ৰসৰ হ'বলৈ আত্মবিশ্বাসৰ অভাৱ ঘটিব ৷ আপোনাৰ ভাললগা ব্যক্তিজন আপোনাৰ প্ৰতিও আকৰ্ষিত হব। আপোনাৰ মনলৈ বিয়াৰ চিন্তা আহিব আৰু ইয়ে আপোনাক অধিক সুৰক্ষিত অনুভৱ কৰাব ৷ জ্ঞানৰ ক্ষেত্ৰত আপুনি আপোনাৰ সহকৰ্মীসকলতকৈ আগত থাকিব ৷ আপুনি পদোন্নতিও পাব ৷ আপুনি আৰাম কৰক।

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আজিৰ দিনটোৰ অধিকাংশ সময় আপোনাৰ বাবে সুখৰ সময় হ'ব ৷ আপুনি গভীৰ অনুধাৱনেৰে কিছু কাম কৰা উচিত ৷ আপুনি নিজকে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। আপোনাক আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনে দিক-নিৰ্দেশনা দিব ৷ আপুনি আপোনাৰ অতিথিৰ লগত আনন্দ উপভোগ কৰিব ৷

Next Story
চাকৰি