আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৩, ১২, ২১

শুভ বাৰসমূহ: মঙলবাৰ, শুকুৰবাৰ, দেওবাৰ

শুভ ৰংসমূহঃ নীলা, গুলপীয়া, বগা 

                                                                আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰ, ২০২২) 

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি প্ৰেমত পৰাৰ সুযোগ পোৱা সত্বেও পূৰ্বৰ প্ৰেমৰ হৃদয় বিদাৰক বিচ্ছেদৰ বাবে পুনৰ প্ৰেমত পৰিবলৈ সংকোচ কৰিব। আপুনি পুনৰ অন্তৰত আঘাত পোৱাৰ আতংকত ভুগিব। আজিৰ দিনটো আপোনাৰ বাবে প্ৰচুৰ সফলতাৰ দিন হব। আপুনি এটা ব্যৱসায়িক ভ্ৰমণত যাব। এই ভ্ৰমণ বিত্তীয়ভাবে লাভদায়ক হব। এই সময়ছোৱাত আপুনি আপোনাৰ ঘনিষ্ঠজনৰ সান্নিধ্যত কটাব।

বৃষ : (এপ্ৰিল ২১- মে ২১)

যদি আপুনি সঠিক দৃষ্টিভংগী ধৰি ৰাখে, তেন্তে আপুনি আপোনাৰ প্ৰতি অনেক মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হব। আপোনাৰ মোহনীয় গুণৰ বলত আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক এটা ভাললগা সম্পৰ্কত পৰিণত কৰিব ৷ আপুনি আপোনাৰ কাম বা ব্যৱসায়ত সফলতা অৰ্জন কৰিব ৷ আপোনাৰ মানসিক দুঃশ্চিন্তা দূৰ হ'ব ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷ আপোনাৰ শত্ৰু আৰু বিৰোধী পৰাভূত হ'ব ৷ 

মিথুন : (মে ২২ - জুন ২১)

আপুনি জীৱনৰ এটা নতুন অৰ্থ বিচাৰি পাব পাৰে ৷ আপুনি যাৰ সৈতে নতুনকৈ প্ৰেমত পৰিছে, সেই ব্যক্তিজনক বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰো পূৰ্ণ সম্ভাৱনা আছে। ধনৰ পাছত অন্ধভাবে নৌ-দৌৰিব। এই সময়ছোৱাত আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰিব। আজিৰ পিছবেলাৰ সময়ছোৱা আপোনাৰ বাবে অধিক ভাল হ'ব। আপুনি অগ্ৰাধিকাৰ ভিত্তিক ঘৰৰ সকলো কাম কৰিব। লগতে কাৰ্যালয়ৰ বাকী থকা কামো কৰিব। 

৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দুয়োৰে মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব ৷ আপুনি স্বভাৱজাতভাবে একাত্মতাৰে শান্তিপূৰ্ণভাবে কাম কৰিবলৈ ভাল পাব। আপোনাৰ ধনৰ আৰ্জন ভাল। অধিক হাবিয়াস নকৰিব ৷ আপুনি এই সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ কাম কৰিব। 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

কিছু সময় ঘৰত বাহিৰত কটোৱাৰ বাবে আপুনি ওলাই যাব ৷ লগত প্ৰেমিক বা প্ৰেমিকাকো নিব পাৰে ৷ আপুনি কিছুমান কামৰ বাবে সমালোচিত হ'ব পাৰে ৷ আপোনাৰ প্ৰিয়জনে আপোনাৰ ভুল-ত্ৰুটি আঙুলিয়াই দিব। আপুনি তেওঁক শান্ত কৰিবলৈ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপোনাৰ উদ্যম অটুট থাকিব। আপুনি আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপুনি আপোনাক একক ব্যক্তিৰূপে সকলোৱে গ্ৰহণ কৰাটো বিচাৰিব। যিমান পাৰে তৰ্ক-বিতৰ্ক এৰাই চলিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক কম দূৰত্বৰ ভ্ৰমণ কৰিব পাৰে । পূৰ্বৰে পৰা বুজাপৰা থকা কোনো ব্যক্তিক আপুনি সাক্ষাত কৰিব পাৰে। পৰিয়ালৰ লগত আপুনি কোনো অনুষ্ঠান সুখেৰে উদযাপন কৰিব। আপোনালৈ নতুন কোনো চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাৱ আহিব পাৰে ।

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপোনাৰ বাবে আজিৰ দিনটো অতি সুন্দৰ দিন হ'ব। আপুনি কাম কৰি সন্তুষ্টি অৰ্জনৰ চেষ্টা কৰিব। আপুনি মনোৰঞ্জনমূলক কামত ব্যস্ত থাকি সন্তুষ্টি পাব। আপোনাৰ ব্যৱসায় ভাল হব। আপোনালৈ অপ্ৰত্যাশিতভাবে ধন আহিব পাৰে । আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুন্দৰ হ'ব। 

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আজিৰ দিনটো আপোনাৰ বাবে অতি ফলদায়ক দিন হ'ব। আপুনি মনত শক্তি আৰু উদ্যম অনুভৱ কৰিব। আপোনাৰ বন্ধু বা পৰিচিতজনে সন্মুখীন হোৱা সমস্যাও দূৰ হ'ব। বিভিন্ন কৰ্মৰ জৰিয়তে আপুনি অতি জনপ্ৰিয়তা অৰ্জন কৰিব । আপুনি প্ৰিয়জনৰ লগত ভাল সময় পাৰ কৰিব। টকা-পইছাক লৈ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। বিনিয়োগৰ জৰিয়তে আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰে।

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আজি আপুনি জীৱনত কোনো নতুনত্বৰ সন্ধান কৰিব। ইয়ে আপোনালৈ প্ৰচুৰ মানসিক শান্তি আনিব ৷ আপুনি মনত প্ৰেৰণা অনুভৱ কৰিব। আপুনি ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। আপোনাৰ বিত্তীয় অৱস্থা ক্ৰমে উন্নত হব। আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। আপোনাৰ ক্ষেত্ৰত থকা বাধা-বিঘিনী দূৰ হ'ব।

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আজিৰ দিনটো আপোনাৰ পৰম আনন্দৰ দিন হ'ব। আপুনি প্ৰেমত এইবাৰ বিফল হ'বলগা নহ'ব । আপোনাৰ উদ্যম তথা কৰ্ম-শক্তি বৃদ্ধি পাব। মনোবল অটুট থাকিব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। আপুনি ধনৰ আৰ্জন অব্যাহত ৰাখিব ।

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)







পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনাৰ সন্তানে উন্নতি লাভ কৰিব ৷ আপোনাৰ সন্তান নিজ নিজ ক্ষেত্ৰত উজলি উঠিব। ইয়ে আপোনালৈ অতিৰিক্ত আনন্দ কঢ়িয়াব। আপুনি কাৰ্যালয়ৰ কামো সম্পূৰ্ণ কৰিব। আপুনি প্ৰতিকূল পৰিৱেশৰ দ্বাৰা অনুৎসাহিত নহ'ব। আপোনাৰ মান-সন্মান বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব। মানসিক শান্তিৰ বাবে আপুনি কোনো ধৰ্মীয় স্থান দৰ্শন কৰিব। 

 

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আজি আপুনি এটা ভাল খবৰ পাব পাৰে ৷ ইয়ে আপোনাক সুখী কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে বান্ধোন দৃঢ় হ'ব ৷ আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা অতি ভাল হ'ব। আপুনি আপোনাৰ কাম আৰু দক্ষতাৰ মাজত এক ভাৰসাম্য বৰ্তাই ৰাখিব আৰু বিচাৰ-বিবেচনাৰে যিকোনো সিদ্ধান্ত ল'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com