ৰাশিফলঃ আপোনাৰ আজিৰ দিনটো (শুকুৰবাৰ , ২৫ জুন, ২০২১)ৰ

২৫ জুনত যিসকলৰ জন্মদিন, তেওঁলোকৰ বৰ্ষফল
ৰাশিফলঃ আপোনাৰ আজিৰ দিনটো (শুকুৰবাৰ , ২৫ জুন, ২০২১)ৰ

                                                                                            ২৫ জুনত যিসকলৰ জন্মদিন, তেওঁলোকৰ বৰ্ষফল

যদি আপোনাৰ জন্মদিন ২৫ জুন, তেন্তে আপোনাৰ সৌৰ প্ৰত্যাৱৰ্তন তালিকাত চন্দ্ৰই ইউৰেনাছৰ লগত ত্ৰিকোণ কৰিছে আৰু ইয়ে আপোনাক সুন্দৰ ফল দিব। জীৱনত উন্নতি কৰাৰ বাবে আপুনি প্ৰচুৰ সুযোগ পাব। আপোনালৈ ধনৰ আগমন অব্যাহত থাকিব। আপুনি নতুন ব্যৱসায়ৰ সন্ধান কৰিব। আৰু অংশীদাৰী বা যৌথ ব্যৱসায়ত প্ৰৱেশ কৰিব পাৰে। আপুনি আপোনাৰ সুন্দৰ কঠন কৌশল ব্যৱহাৰ কৰি সুযোগ লব পাৰিব। ইয়াৰ জৰিয়তে আপুনি কোনো ডাঙৰ ঠিকা বা কামৰ অৰ্ডাৰ আপুনি জড়িত থকা প্ৰতিষ্ঠানৰ হকে উলিয়াব পাৰিব। আপুনি আনন্দকৰ প্ৰেমৰ সম্পৰ্কত সাঙোৰ খাব পাৰে। সম্পৰ্কৰ বান্ধোন আগবাঢ়িব। আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিব আৰু জীৱনত সংস্থাপিত হব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত কঠোৰ পৰিশ্ৰম কৰিব আৰু পৰীক্ষা বা সাক্ষাতকাৰত সফলতা অৰ্জন কৰিব। বিদেশত চাকৰিৰ সন্ধান কৰি থকাসকলে সফলতা লাভ কৰিব। সৃষ্টিশীল কামৰ সৈতে জড়িতসকলে খ্যাতি অৰ্জন কৰিব। সমাজৰ প্ৰতি আপুনি আগবঢ়োৱা বৰঙণিৰ বাবে আপুনি ৰাজহুৱাভাবে সম্বৰ্ধিত হব। আপুনি পৰিয়ালৰ সদস্যবৰ্গৰো তত্বাৱধান লব। আৰু আপুনি দায়িত্ব গ্ৰহণৰ পৰা মূৰ পোলোকা নামাৰে।

শুভ তাৰিখসমূহ : ৭, ১৬, ২৫

শুভ বাৰসমূহ : মঙলবাৰ, বুধবাৰ, শনিবাৰ

শুভ ৰংসমূহ : বেঙুণীয়া, মেজেণ্টা, মুগা

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : ( ২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি কামত ব্যস্ত থকাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ জীৱনসংগীক সময় দিব পৰা নাছিল। এতিয়া আপুনি জীৱনসংগীৰ লগত কিছু অপূৰ্ব মুহূৰ্ত কটোৱাৰ চেষ্টা কৰিব। আপুনি দৈনন্দিন সময়সূচীৰ কাম সম্পূৰ্ণ কৰিবলৈ আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপুনি ব্যৱসায় বা কামত এটা ডাঙৰ সুযোগো পাব। তীব্ৰ প্ৰতিদ্বন্দ্বিতা সত্বেও আপুনি ভাল ফলাফল পাব।

বৃষ : ( ২১এপ্ৰিল-২১ মে')

এক ডাঙৰ পৰিসৰত আপুনি আধ্যাত্মিকতাৰ ফালে ঢাল খাব। আপুনি গ্ৰহণ কৰা সকলো পদক্ষেপত আপোনাৰ জীৱনসংগীয়ে আপোনাক সমৰ্থন কৰি যাব। ইয়ে আপোনালোকৰ সম্পৰ্কত ইতিবাচক প্ৰভাৱ পেলাব। আজি আপুনি বুদ্ধিমত্তা আৰু সন্তুষ্টিৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব।

মিথুন : (২২ মে' - ২১ জুন)

আপুনি আপোনাৰ জীৱনলৈ প্ৰেমক আদৰণি জনাব। আৰু কোনোবাজনৰ সৈতে আপুনি প্ৰেমপাশত আবদ্ধ হব। আপোনাৰ সংগীয়ে আপোনাৰ পৰা অংগীকাৰ বিচাৰিব আৰু আপুনিও প্ৰেমৰ সম্পৰ্কক স্থায়ী ৰূপ দিবলৈ ভাল পাব। আপুনি আনৰ কামত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিব। আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে আপোনাক দমন কৰাৰ চেষ্টা কৰিব, কিন্তু তেওঁলোক সফল নহ'ব।

কৰ্কট : ( ২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ জীৱনসংগীক বহুখিনি দিয়াৰ প্ৰতিশ্ৰুতি দিব। কিন্তু এনে প্ৰতিশ্ৰুতি কিছু অবাস্তব যেন বোধ হব, কাৰণ আপুনি এনে প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সক্ষম নহ'ব। আপুনি আপোনাৰ জীৱনসংগীৰ ক্ষেত্ৰত কিছু প্ৰেক্টিকেল হোৱাৰ প্ৰয়োজন হ'ব। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ এটা ধাউতি থাকিব আৰু আজি আপুনি কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে। ইয়ে আপোনাৰ উন্নতিৰ পথৰ দুৱাৰ মুকলি কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বহু বস্তু দিয়াৰ প্ৰতিশ্ৰুতি দিব। কিন্তু এনে কিছু প্ৰতিশ্ৰুতি বাস্তৱত পূৰণ কৰিব নোৱাৰিব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কিছু অধিক প্ৰেক্টিকেল হোৱাৰ প্ৰয়োজন। আপোনাৰ পৰিয়ালৰ এক বিবাদ নিষ্পত্তি হব। যুৱক-যুৱতীসকল উত্সাহিত হব। শিশুৰ সৈতে সম্পৰ্কিত সমস্যা সমাধানৰ সূত্ৰ ওলাব।

কন্যা : ( ২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আজি আপোনাৰ উদ্যম অটুট থাকিব। আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আনন্দ-স্ফূৰ্তিৰ মাজেৰে দিন পাৰ কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে কোনো ব্যয়বহুল উপহাৰ ক্ৰয় কৰিব। কিন্তু আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত বাক-বিতন্দাত লিপ্ত হব পাৰে। আপুনি বিবাদ আগবঢ়াই নিনিয়াটো গুণীৰ পৰিচায়ক হব। বিবাদ দূৰ হব। কিন্তু আপুনি নিজক চম্ভালিব লাগিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আবেগিক দিশত বিচৰা সুস্থিৰতা আহি আছে। আপুনি এটা দৃঢ় আধাৰত আপোনাৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ বিচাৰিব। কাৰণ এনে সম্পৰ্কত আপুনি সুৰক্ষা আৰু ঘনিষ্ঠতা বিচাৰি পাব। আপোনাৰ উত্সাহ-উদ্দীপনা আৰু আত্মবিশ্বাস তুংগত থাকিব। আপোনাৰ কৰ্মস্থলীত কিছু ইতিবাচক ঘটনা সংঘটিত হব। সৰ্বশেষত কথা-কাণ্ডবোৰ আপোনাৰ পক্ষত ঘটিব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি কোনো জটিল পৰিস্থিতিৰ মাজত নিজকে আৱিষ্কাৰ কৰিব পাৰে আৰু তাৰ পৰা নিষ্কৃতি পাবলৈ আপুনি পথৰ সন্ধান কৰিব পাৰে। আপুনি বহু বিকল্প পথৰ সন্ধান পাব আৰু ইয়ে আপোনাৰ লগতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো সুখী কৰিব। কৰ্মস্থলীত কাম-কাজবোৰে অপ্ৰত্যাশিতৰূপ লব। সেয়ে আপুনি আপোনৰ মেজাজ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আৰু কথা—বতৰাত সাৱধানতা অৱলম্বন কৰা উচিত।

ধনু: (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

কাম আৰু প্ৰেম-ৰোমান্স একেলগে চলাই যোৱাটো সহজ নহ'ব । এই দুয়োটাকে পৃথক কৰাত সফলতাৰ ওপৰত আপোনাৰ বহু কথাই নিৰ্ভৰ কৰিছে। যিমানেই চেষ্টা নচলাওক কিয়, আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ সক্ষম নহ'ব। ছাত্ৰ-ছাত্ৰীসকলে বিৰক্তি অনুভৱ কৰিব আৰু অধ্যয়ন আকৰ্ষণীয় নহয় বুলি অনুভৱ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হৈ থাকিব।

মকৰ: (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আপোনাৰ পৰিয়াল আৰু জীৱনসংগীৰ লগত কিছু উত্পাদনশীল সময় পাৰ কৰাৰ সিদ্ধান্ত লব। ই আপোনাৰ বাবে এক অপূৰ্ব অভিজ্ঞতা হব আৰু প্ৰিয়জন আপোনাৰ অধিক ওচৰ চাপি আহিব। দুয়োৰে ক্ষেত্ৰত প্ৰেমা-কাংক্ষা প্ৰতিফলিত হব। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য অব্যাহত থাকিব। আপুনি যিকোনো মূল্যৰ বিনিময়ত কোনো কাম কৰাৰ সিদ্ধান্ত লব পাৰে। আপোনাৰ সন্মান আৰু যশস্যাৰ ক্ষেত্ৰ আৰু বৃদ্ধি পাব।

কুম্ভ: (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি আপুনি কৰা কঠোৰ শব্দ প্ৰয়োগে আপোনালোকৰ সম্পৰ্কত ব্যাঘাত জন্মাব পাৰে। ইয়াৰ পূৰ্বে আপোনালোকে আলাপ কৰা উচিত আৰু প্ৰেম কেনেদৰে কৰিব লাগে, সেয়া শিকা উচিত। আপোনাৰ পৰিয়ালৰ কোনো সদস্যক আপোনাৰ পৰামৰ্শই উপকৃত কৰিব। অৱশ্যে তাৰ বাবে সেই সদস্যজনে ভাল মনোভাবেৰে আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগিব। আপুনি ভাৰসাম্যশীল দৃষ্টিভংগীৰে অগ্ৰসৰ হব। ইয়ে আপোনাক বহুলভাবে উপকৃত কৰিব।

মীন: (১৯ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত অত্যধিক তুষ্টিলাভৰ পৰা বিৰত থাকক। আপুনি আগুৱাই য়োৱাটো বাঞ্চনীয় আৰু সাৱধান হব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক ধৰি ৰখাৰ বাবে আপুনি বাহ্যিকতাতো গুৰুত্ব দিয়াৰ প্ৰয়োজন। কিন্তু আপোনাৰ অভিপ্ৰায় সদ হ'লেও আপুনি সহকৰ্মীক দিয়া কোনো পৰামৰ্শই তেওঁক হতাশ কৰিব। বিষয়টো অধিক আগবঢ়াই নিনিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com