আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৬ আগষ্ট, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৬ আগষ্ট, শুকুৰবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল )

টকা-পইচাৰ সমস্যাই আজি আপোনাক জুমুৰি দি ধৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ অংশীদাৰৰ লগত দীৰ্ঘম্যাদী চুক্তি নকৰিব পাৰে। এতিয়া প্ৰথমে আপোনাৰ প্ৰেমক গুৰুত্ব দিয়ক। আপোনাৰ ব্যয় বৃদ্ধি পাব। আপুনি কোনো অ-প্ৰত্যাশিত সমস্যাৰ মাজত সোমাই পৰিব পাৰে। আপুনি আপোনাৰ খং নিয়ন্ত্ৰণত ৰাখিব লাগিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আজি আপুনি সন্মুখীন হোৱা জটিল প্ৰত্যাহ্বান আপোনাৰ শক্তিশালী ব্যক্তিত্বৰ বলত অতিক্ৰম কৰিবলৈ সক্ষম হব। আপোনাৰ ক্ষেত্ৰত ঘটা কেতবোৰ সমস্যাকলৈ আপুনি ভয় নকৰিব আৰু ইয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্কক জটিলতাৰ পৰা মুক্ত কৰিব। আপোনাৰ কামে আপোনাৰ সদ গুণ প্ৰতিফলিত কৰিব। আপুনি প্ৰবাসৰ ব্যৱসায়িক অংশীদাৰৰ লগত প্ৰবাসত ব্যৱসায় কৰিব।

মিথুন : (২২ মে' - ২১ জুন)

কিছু উদ্বেগজনক ঘটনাই আপোনাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে । আপুনি কি কৰিব লাগে, সেয়া ঠিৰাং কৰিব নোৱৰা হব। হঠাতে ঘটা কিছুমান ঘটনাই আপোনাৰ মন, মানসিকতাত এটা ভাল প্ৰভাৱ পেলাব। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি কাৰোবাৰ ধাৰে দিয়া ধন আপুনি ঘূৰাই পাব। আপুনি সম্পূৰ্ণৰূপে সুস্থ-সবল হৈ থাকিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

মুহূৰ্তৰ উত্তেজনাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই কোৱা কথাই আপোনাৰ হৃদয় ভাঙি পেলাব পাৰে। আপুনি ইতিবাচক চিন্তাধাৰাৰ জৰিয়তে আগুৱাব পাৰিব। আপুনি কিছু নতুন কথা শিকিবলৈ আগ্ৰহী হব। ধন অৰ্জনৰ বাবে আপুনি ভাল সময় পাব পাৰে। আপোনাৰ সাহস আৰু মনোবল উচ্চ হৈ থাকিব। আপোনাৰ স্পৃহা আৰু উদ্যম অটুট থাকিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মোহনীয় গুণৰ দ্বাৰা মুগ্ধ হলে আপোনাৰ প্ৰেম-জীৱন সুন্দৰ হব। আপুনি ইয়াকে বাস্তৱত উপলব্ধ কৰিবলৈ খৰধৰ কৰিব পাৰে । ইয়ে আপোনাৰ ৰোমাণ্টিক জীৱন সোনকালেই অতি সুন্দৰ কৰি তুলিব পাৰে। আপুনি কোনো বস্তুৰ দাম-দৰ কৰোঁতে বিবেচনাপূৰ্ণ হবলৈ শিকা উচিত। ক'ৰবালৈ যাত্ৰা কৰি থাকোঁতে যান-বাহনৰ সমস্যাৰ সৃষ্টি হব পাৰে। অৱশ্যে দিনটোৰ শেষৰফালে পৰিস্থিতি উন্নত হব।

কন্যা : (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপোনাৰ বিত্তীয় অৱস্থা ভাল হব আৰু ইয়ে আপোনাৰ প্ৰেম-জীৱনত এটা ভাল প্ৰভাৱ পেলাব। আপোনাৰ ওপৰত কামৰ হেঁচা হ্ৰাস পাব আৰু বিবাহকে ধৰি ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ আপুনি সকাহ পাব। পুৰণি কোনো দুঃশ্চিন্তা মনৰ পৰা দূৰ হব। আপুনি নতুন বন্ধুবৰ্গ পাব পাৰে, কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰোঁতে অতি সাৱধান হব। কাৰ্যালয়ত আপোনাৰ গুৰুত্ব বৃদ্ধি পাব।

তুলা: (২৩ ছেপ্টেম্বৰ- ২৩ অক্টোবৰ)

আপোনাৰ সন্মুখত কেতবোৰ নতুন প্ৰশ্ন বা সমস্যাৰ উদয় হব পাৰে আৰু ইয়াৰ সমাধান সূত্ৰ উলিয়াবলৈ আপুনি চেষ্টা কৰিব পাৰে। আপুনি আত্মানুসন্ধান কৰা উচিত, ইয়ে আপোনাক কিছু সহায় কৰিব পাৰে। বিক্ৰী বা নেটৱৰ্কিঙৰ জীৱিকাৰ লগত জড়িতসকলে উন্নত সুযোগ লাভ কৰিব পাৰে। আপোনাৰ সময় স্বাভাৱিক হব। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আপুনি আজি কাৰোবাৰ পৰা বিত্তীয় বোনাচ লাভ কৰিব পাৰে। ইয়ে আপোনাৰ জীৱন ৰজাৰ দৰে কৰি তুলিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বন্ধৰ উদয়াপন কৰিবলৈ য়াব পাৰে। আপুনি আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছু বস্তু লাভ কৰিব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা পূৰ্ণ সহযোগিতা পাব। আপুনি আয়ৰ এটা নতুন উত্স পাব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ অতীতৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সাক্ষাত ঘটিব পাৰে, যিয়ে আপোনাৰ মনত দুয়ো একেলগে পূৰ্বে পাৰ কৰা সুন্দৰ স্মৃতি আপোনাৰ মনত সজীৱ কৰি তুলিব পাৰে। আপুনি তেওঁৰ প্ৰেমত পুনৰ পৰিব পাৰে। আপোনাৰ হাতত থকা দায়িত্বই আপোনাক বৰ অধৈৰ্য কৰি তুলিব পাৰে। আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন কৰ্তৃপক্ষ অসন্তুষ্ট হব পাৰে আৰু আপোনাৰ পৰা অনেকখিনি প্ৰত্যাশা কৰিব। আপুনি কাম ভালদৰে কৰিব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপোনাৰ প্ৰেম-জীৱন সুশৃংখলীত হব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সৈতে আপোনাৰ সম্পৰ্ক মসৃণ হৈ থাকিব। আজিৰ দিনটোৰ শেষৰফালে আপুনি কাৰোবাৰ লগত আনন্দ-স্ফূৰ্তিত ভাগ লব পাৰে। আপোনাৰ মোহনীয় ব্যক্তিত্বক প্ৰত্যেকেই প্ৰশংসা কৰিব। আপুনি এজন প্ৰেৰণাদায়ক ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ সফলতাৰ সকলো পথ মুকলি কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

এক শিহৰণকাৰী পৰিস্থিতিৰ দ্বাৰা আপুনি বিৰক্ত হব পাৰে আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক জীয়াই ৰখাটো আপোনাৰ বাবে কঠিন হৈ উঠিব পাৰে। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত অন্তৰংগতাৰে পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন। আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হব। কিন্তু আপোনাৰ চেষ্টা সফল হব। আপুনি কাৰোবাৰ পৰা এটা উপহাৰ পাব পাৰে।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি এক সুন্দৰ-মাৰ্জিত দিনৰ দিশে অগ্ৰসৰ হৈছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ মাজত আধ্যাত্মিকতাৰ প্ৰতি স্পৃহা চাবলৈ ভাল পাব। আপোনালোক দুয়োজনে আজিৰ দিনটো সুন্দৰভাবে আৰম্ভ কৰিব। আপোনাৰ ব্যৱসায় মসৃণতাৰে আগুৱাব। আপুনি আপোনাৰ প্ৰতি মনোযোগ দিবলৈ সক্ষম হব। আপুনি যোগ, ধ্যান আৰু শাৰিৰীক ব্যায়াম-অনুশীলনৰ সৈতে একাত্ম হব। আপুনি নতুন ব্যক্তিৰ সৈতে সংয়োগ গঢ়ি তুলিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com