আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (বৃহস্পতিবাৰ, ৮ জুলাই, ২০২১)

মেষ, বৃষ. তুলা, আদি ৰাশিফল চাব পাৰে
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (বৃহস্পতিবাৰ, ৮ জুলাই, ২০২১)

                                                                                    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি সাধ্য অনুসৰি প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক চৌখিন বা বিলাসী সামগ্ৰী প্ৰদান কৰিব। তেওঁ আপোনাৰ প্ৰতি সঁহাৰি দিব আৰু দুয়োৱে একেলগে সুখৰ মুহূৰ্ত পাৰ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নত মনোনিৱেশ কৰিব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু আনক সহায় কৰিবলৈ ব্যগ্ৰ হব। আপুনি সকলোৰে সন্মান আদায় কৰিব। এই সময় হৈছে আপুনি নিজৰ চাকৰিৰ প্ৰতি নিজক উত্সৰ্গা কৰাৰ।

বৃষ: (২১ এপ্ৰিল – ২১ মে' )

আপোনোলোক প্ৰেমিক-প্ৰেমিকা দুয়োজনে সামাজিক কৰি তুলি জীৱন উপভোগ কৰিব। আপোনাৰ কৰ্ম-পদ্ধতিত আপুনি দৃঢ় বিশ্বাসী আৰু মোহনীয়। ইয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক শান্ত-সৌম্য কৰি তুলিব আৰু উন্নত কৰিব। লটাৰীত আপুনি লাভ আদায় কৰিব বা উত্তৰাধিকাৰী আদি সূত্ৰে লাভান্বিত হব। আপুনি কোনো নতুন পৰিকল্পনা কৰিব বা লাভ আদায় পাব।

মিথুন: (২২ মে' - ২১ জুন)

আপুনি অধিক কামৰ বাবে প্ৰিয়জনক সময় দিব নোৱাৰিব আৰু ইয়ে আপোনাক হতাশ কৰিব। আপুনি আপোনাৰ ক্ষুব্ধ প্ৰেমিক বা প্ৰেমিকাক বুজনি দিবলগা হব পাৰে, কিন্তু আপুনি কথা-কাণ্ডবোৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰত্যাশা অনুসৰি আপোনাৰ জীৱনত পৰিৱৰ্তন সাধন হ'বলৈ ধৰিব। আধ্যাত্মিক জগতৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। আপুনি প্ৰিয়জনৰ আকৰ্ষণ আৰু মৰম আদায়ৰ যত্ন কৰিব।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ ভাব-অনুভূতি প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ হৈ উঠিছে । আপুনি এতিয়া আবেগ-অনুভূতি ঢাকি নাৰাখিব। আপোনাৰ প্ৰিয়জনে শুনিবলৈ বিচৰাৰ সময়ত আপুনি কোৱাৰ প্ৰয়োজন। আপুনি আপোনাৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন। আপোনাৰ কঠোৰ দৃষ্টিভংগীৰ বাবে মানূহে আপোনাৰ বিৰুদ্ধে ঠিয় দিব পাৰে। এই সময় হৈছে আপোনাৰ আচল চৰিত্ৰ দেখুওৱাৰ। আপুনি বিনিয়োগ পুঁজিৰ প্ৰতি গুৰুত্ব দিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি ভাবিব যে আপোনাৰ দুখ-পীড়াৰ ভৰ কোনো অপৰিচিত আৰু আকৰ্ষণীয় এজন ব্যক্তি আহি দূৰ কৰিব। আপোনাৰ প্ৰেমে কেন্দ্ৰবিন্দুত অৱগাহন কৰিব। লাভ অৰ্জনৰ বাবে আপুনি কিছুমান নতুন পৰিকল্পনা কৰিব। আজিৰ দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ হব। আপুনি সময়ৰ মূল্য বুজি পাব। আপুনি এই জগতৰ বাস্তৱৰ লগত মুখামুখী হৈ থাকিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি ভাবিব পাৰে যে এই সময়ছোৱাত আপুনি উম্মাদনাপূৰ্ণ উত্সাহ উদ্দীপনা ত্যাগ কৰাৰ প্ৰয়োজন আৰু ধীৰ-স্থিৰ হৈ থকাৰ প্ৰয়োজন। আপুনি আপোনাৰ বাবে প্ৰেমিক বা প্ৰেমিকাৰ সন্ধান কৰিব পাৰে।, যিয়ে এক ধীৰ-স্থিৰ আৰু দৃঢ়তাপূৰ্ণ জীৱন পাৰ কৰাত সহায় কৰিব পাৰে। আপোনাৰ মৰ্যাদা আৰু আত্ম-সন্মান বৃদ্ধি পাব। কাৰ্যালয়ত আপোনাৰ সৈতে আলোচনা কৰি আপোনাৰ সহকৰ্মীয়ে প্ৰতিটো কাম কৰিব। আপোনাৰ কেৰিয়াৰত সুস্থিৰতা থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ- ২৩ অক্টোবৰ)

আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক আগবাঢ়িব আৰু আপুনি বিয়াৰ বন্দবস্তি কৰাৰ কথা চিন্তা কৰিব পাৰে। আপুনি এই বিষয়ে আপোনাৰ পৰিয়াল আৰু আপোনাৰ লগত যোগাযোগত থকা ব্যক্তিসকলক জনাব। আপুনি ধন অৰ্জনৰ বাবে চলোৱা চেষ্টা সফল হব। আজিৰ দিনটো আপোনাৰ বাবে সফলতা অৰ্জনৰ দিন। আপোনাৰ চৰকাৰৰে সম্পৰ্কিত কাম-কাজবোৰে গুৰুত্ব পাব। পেঞ্চনাৰসকলে প্ৰাপ্য ধন পাব।

বৃশ্চিক: (২৪ অক্টোবৰ -২২ নৱেম্বৰ)

আপোনালৈ কেৰিয়াৰৰ নতুন সুযোগ আহিব । কিন্তু ইয়াৰে এটা সুযোগ প্ৰেমসহ আহিব। আপুনি তত্পৰতাৰে বুদ্ধিমত্তাৰে এনে সুযোগ গ্ৰহণ কৰিব লাগিব। আদালতৰ গোচৰত আপুনি জয়লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস চূড়াত থাকিব। আপুনি উপহাৰৰ ৰূপত ধন লাভ কৰিব পাৰে । আপুনি ব্যৱসায়তো লাভ অৰ্জন কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ )

যদি আপুনি অ-বিবাহিত তেন্তে আপুনি শেহতীয়াকৈ লগ পোৱা কোনো কোনো ব্যক্তিৰ লগত ডেটিঙত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি অতি আকৰ্ষণীয় গতিকে লুক-ঢাক কৰাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ ভাবমূৰ্তি ভাল হব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি সফল হব। এজন বন্ধুৰ সহায়ত আপুনি টকা-পইচাৰে জড়িত সমস্যা সমাধান কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ প্ৰোজ্জ্বল অৱস্থিতিৰ জৰিয়তে আপুনি অনেক বন্ধু আৰু প্ৰেমিক বা প্ৰেমিকা পাব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ প্ৰেমত ইমান গভীৰভাবে বান্ধ খাব যে তেওঁৰ সৈতে আপুনি বিবাহপাশত আবদ্ধ হবলৈ অগ্ৰসৰ হব। আজিৰ দিনটো আপোনাৰ বাবে মানসিক শান্তিৰ দিন। আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি আপোনাৰ আত্মীয়-স্বজনক সুখী কৰি ৰাখিব। আপুনি আনন্দ-স্ফূৰ্তি দিয়া কামতো অংশগ্ৰহণ কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি সপোন দেখক, কিন্তু বাস্তৱসন্মত সপোনৰহে পিছ লওক। আপোনাৰ ধাৰণা বা চিন্তাইহে কেৱল উচ্চ বুলি নাভাবিব । অন্যথা আপোনাৰ প্ৰেমৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হব পাৰে। আপুনি আইন-আদালতৰ বিষয়ত জয়লাভ কৰিব। আপোনাৰ ভাবমূৰ্তি ভাল হব। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰিব। ধন বা টকা-পইচাৰ লগত জড়িত সমস্যা আপুনি সমাধান কৰিবলৈ সক্ষম হব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

মাজে-সময়ে বিষয়বস্তু বুজাত ভুল হব পাৰে আৰু আপোনাৰ প্ৰেম জীৱনত ইয়ে অনাকাংক্ষিত প্ৰভাৱ পেলাব পাৰে। আপুনি কৰ্মত বিশ্বাসী মানুহ হলেও কথা-কাণ্ডবোৰত বৌদ্ধিক ৰেশ দিব। আপুনি অকলে আপোনাৰ কাৰ্যালয়, কাৰ্যালয়ৰ সমস্যা আৰু ঘৰুৱা সমস্যাৰ জ্বালা বহন কৰিব লাগিব। আপোনাৰ ঘৰত তৰ্ক-বিতৰ্ক হব পাৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com