আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৯ জুলাই, বৃহস্পতিবাৰ, ২০২১)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল চাওক
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৯ জুলাই, বৃহস্পতিবাৰ, ২০২১)
Published on

                                                                                  আজি  ২৯ জুলাই, বৃহস্পতিবাৰ, ২০২১

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

যদি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপুনি সন্মুখীন হৈ থকা সমস্যাৰ বিষয়ে খুলাখুলিকৈ কয়, তেন্তে তেওঁৰ পৰা আপুনি সহায় পাব। তেওঁৰ সৈতে আপোনাৰ বান্ধোন সুদৃঢ় হবলৈ গৈ আছে। আপুনি আৰাম কৰিব পাৰে। আপুনি এটা নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। ছা্ত্ৰ-ছাত্ৰীসকলে্ অধ্যয়নত মনোনিৱেশ কৰিব। আপুনি সাক্ষাতকাৰ ভাল কৰিবলৈ যত্ন কৰিব। এটা চাকৰি গোটোৱাত তেওঁলোক সফল হব।

বৃষ: (২১ এপ্ৰিল -২১ মে')

আপোনাৰ প্ৰেম-জীৱন সফল হব। আপোনালোক দুয়োজনে সম্পূৰ্ণৰূপে জীৱন উপভোগ কৰিবলৈ অগ্ৰসৰ হৈছে। আপুনি বন্ধুবৰ্গৰ সৈতে আজিৰ সন্ধিয়াতো পাৰ কৰিব। আপোনাৰ পৰিয়ালত শান্তি-সম্প্ৰীতি বিৰাজ কৰিব। বিবাহে জীৱনলৈ শান্তি আনিব। আপুনি ব্যৱসায বা ব্যক্তিগত কামত ভ্ৰমণ কৰিব। শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ ক্ষতি কৰাৰ চেষ্টা চলায়ো সফল নহব।

মিথুন : (২২মে' – ২২ জুন )

আপুনি নতুন প্ৰেমৰ সম্পৰ্কত বান্ধ খোৱাটোৱে জীৱনক এটা নতুন অৰ্থ দিব আৰু আপুনি জীৱন সুন্দৰ বুলি অনুভৱ কৰিবলৈ লব। আপুনি যাৰ সৈতে নতুনকৈ প্ৰেমত পৰিছে, সেই ব্যক্তিজনক বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ধনৰ পাছত অন্ধভাবে নৌদৌৰিব। এই সময়ছোৱাত আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰিব। আজিৰ পিছবেলাৰ সময় আপোনাৰ বাবে অনুকূল হব। আপুনি অগ্ৰাধিকাৰ ভিত্তিক ঘৰৰ সকলো কাম কৰিব। লগতে কাৰ্যালয়ৰ বাকী থকা কামো কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন সাধন হব। আপুনি আৰু আপোনাৰ প্ৰিয়জনে দুয়োৰে মাজৰ সম্পৰ্ক সুদৃঢ় কৰাত সফল হব। আপুনি কামত একাত্মতাৰে শান্তিপূৰ্ণভাবে কাম কৰিবলৈ ভাল পাব। ধনৰ পাছত অন্ধ হৈ নৌদৌৰিব। আপুনি এই সময়ছোৱাত এটা গুৰুত্বপূৰ্ণ কাম কৰিব। আপোনাৰ ব্যৱসায়ত ধনৰ প্ৰয়োজন হব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

কিছু সময় বাহিৰত কটোৱাৰ বাবে আপুনি প্ৰেমিক বা প্ৰেমিকাৰ লগত ফুৰিবলৈ ওলাই যাব। কিছুমান কামৰ বাবে সমালোচিত হব। কিন্তু সেই সমালোচনাই আপোনাৰ ওপৰত কোনোধৰণে প্ৰভাৱ নেপেলায়। আপোনাৰ প্ৰিয়জনে আপোনাৰ ভুল-ত্ৰুটি আঙুলিয়াই দিব। আপুনি তেওঁক শান্ত কৰিবলৈ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। আপোনাৰ উদ্যম অটুট থাকিব। আপুনি আপোনাৰ বিত্তীয় অৱস্থা উন্নত কৰাৰ চেষ্টা অব্যাহত ৰাখিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাক ব্যক্তিৰূপে সকলোৱে গ্ৰহণ কৰাটো বিচাৰিব। তৰ্ক-বিতৰ্ক এৰাই চলিব। আপুনি প্ৰেমিক বা প্ৰেমিকাৰ লগত এক কম দূৰত্বৰ ভ্ৰমণসূচী হাতত লব পাৰে। বুজাপৰা থকা কোনো ব্যক্তিক আপুনি সাক্ষাত কৰিব পাৰে। পৰিয়ালৰ লগত আপুনি কোনো অনুষ্ঠান সুখেৰে উদযাপন কৰিব। আপোনালৈ নতুন কোনো চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাৱ আহিব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ বাবে আজিৰ দিনটো সুন্দৰ দিন হব। আপুনি কাম কৰি সন্তুষ্টি অৰ্জনৰ চেষ্টা কৰিব। আপুনি মনোৰঞ্জনমূলক কামত ব্যস্ত থাকি সন্তুষ্টি পাব। আপোনাৰ ব্যৱসায় ভাল হব। অপ্ৰত্য়াশিত উত্ৰ পৰা হাতলৈ ধন আহিব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুন্দৰ হব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে অতি ফলদায়ক দিন হব। আপুনি শক্তি আৰু উদ্যম অনুভৱ কৰিব। আপোনাৰ বন্ধু বা পৰিচিতজনে সন্মুখীন হোৱা সমস্যা দূৰ হব। কৰ্মৰ জৰিয়তে আপুনি অতি জনপ্ৰিয় হব। আপুনি প্ৰিয়জনৰ লগত ভাল সময় পাৰ কৰিব। আপোনাৰ বিত্তীয় ক্ষেত্ৰত কোনো উদ্বেগ-উত্কণ্ঠা নাই। বিনিয়োগৰ জৰিয়তে আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আজি আপুনি জীৱনত কোনো নতুনৰ সন্ধান কৰিব। ইয়ে আপোনালৈ প্ৰচুৰ মানসিক শান্তি আৰু প্ৰেৰণা কঢ়িয়াব। আপুনি ভাল কাম কৰিবলৈ অনুপ্ৰেৰণা পাব। আোপনাৰ বিত্তীয় অৱস্থা উন্নত হব। আপুনি আগুৱাই যাবলৈ সক্ষম হব। বাধা-বিঘিনী দূৰ হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজিৰ দিনটো আপোনাৰ পৰম আনন্দৰ দিন হব। আপুনি প্ৰেমত এইবাৰ পৰিত্যক্ত নহব। আপোনাৰ কৰ্ম-শক্তি বৃদ্ধি পাব। আপুনি আপোনাৰ লক্ষ্যত উপনীত হবলৈ সক্ষম হব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। ধনৰ আৰ্জন অব্যাহত থাকিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

অধ্যনত আপোনাৰ সন্তানে উন্নতি লাভ কৰাৰ ভাল খবৰ পাব। আপোনাৰ সন্তান নিজ নিজ ক্ষেত্ৰত উজলি উঠিব। ইয়ে আপোনালৈ অতিৰিক্ত আনন্দ কঢ়িয়াব। আপুনি কাৰ্য়ালয়ৰ কাম সম্পূৰ্ণ কৰিব। আপুনি প্ৰতিকূল পৰিৱেশৰ দ্বাৰা অনুত্সাহিত নহব। আপোনাৰ মান-সন্মান বৃদ্দি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভাল। আপুনি এক ধৰ্মীয় স্থান দৰ্শন কৰিব।

মীন: (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

এটা ভাল খবৰ পাই আজি আপুনি সুখী হব। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে বান্ধোন উপভোগ কৰিব। গতিকে আপোনাৰ ব্যক্তিগত জীৱন উদ্ভাসিত হব। আপুনি মানসিক শান্তি লাভ কৰিব। আপোনাৰ বিত্তীয় অৱস্থা অথি ভাল হব। আপুনি আপোনাৰ কাম আৰু দক্ষতাৰ মাজত এক ভাৰসাম্য বৰ্তাই ৰাখিব আৰু শক্তিশ্লী সিদ্ধান্ত লব। সৰ্বশেষত আপুনি জয়ৰ হাঁহি মাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com