Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ জুলাই, ২০২১)

মেষ, বৃষ, মিথুন আদি ব্যক্তিসকলৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১০ জুলাই, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 July 2021 4:19 AM GMT

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ প্ৰেম-ৰোমান্স তুংগত উঠিছে নেকি ? কিঞ্চিত আৰু সৃষ্টিশীল হ'বলৈ চেষ্টা কৰক আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক অধিক শুভেচ্ছা দিয়ক । ইয়ে অতি সুন্দৰ কাম কৰিব আৰু আপোনালোক দুয়োজন সুখী হব। আপোনাৰ জ্যেষ্ঠ বিষয়াসকল আৰু আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আপোনাৰ পাৰদৰ্শিতাক লৈ সন্তুষ্ট হব। আপোনাক বদলি কৰা হব পাৰে। আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ ডাঙৰ সিদ্ধান্ত লব পাৰে।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আপুনি ভালপোৱাতকৈ কামৰ লগত জড়িত বিষয়ে আপোনাক অধিক ব্যস্ত কৰি ৰাখিব। অৱশ্যে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কটাবলৈ সময় উলিয়াব। আপুনি তেওঁৰ লগত ভাল ভাবৰ আদান-প্ৰদান কৰিব আৰু ইজনে সিজনৰ সংগ উপভোগ কৰিব। আপুনি আবেগ, খং , ৰাগ আদি নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন। আপুনি খৰখেদা কৰিলে কোনো ভুল সিদ্ধান্ত লব পাৰে আৰু প্ৰয়োজনতকৈ অধিক উত্সাহ প্ৰদৰ্শন কৰিব পাৰে। আপোনাৰ ক্ষেত্ৰত কোনো দুৰ্ঘটনা বা অপ্ৰীতিকৰ ঘটনা সংঘটিত হব পাৰে।

মিথুন : (২২ মে' – ২১ জুন)

আপুনি বিচৰাখিনি পাই আছেনে? আজিৰ এই নতুন দিনে আপোনালৈ নতুন আশা কঢ়িয়াব আৰু আপুনি প্ৰেমৰ নতুন অৰ্থপূৰ্ণ সম্পৰ্ক প্ৰত্যাশা কৰিব পাৰে। আপোনাৰ বিয়াৰ কথাও আলোচনা হব পাৰে। ঋতুকালীন বেমাৰ প্ৰতিৰোধৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰক। কৰ্মত আপোনাৰ পাৰদৰ্শিতা অধিক উন্নত হব আৰু চমতকাৰ হব। দীৰ্ঘদিন ধৰি পৰি থকা চৰকাৰী কাম সম্পূৰ্ণ হৈ উঠিব।

কৰ্কট : (২২ জুন- ২২ জুলাই)

নতুন অনুভূতি জাগ্ৰত কৰিব পৰাকৈ আপোনাৰ প্ৰেমৰ সম্পৰ্কই গভীৰ ৰূপ লব । আপুনি অনুভৱ কৰিব যে আপুনি জীৱনটো কটাব বিচৰা ব্যক্তিজনক লগ পাইছে। আপুনি আপোনাৰ সকলো লক্ষ্য-উদ্দেশ্য পূৰণ কৰিব। আপুনি মানুহৰ লগত যোগাযোগ বৃদ্ধি কৰিব আৰু সামাজিক বৃত্ত বৃদ্ধি পাব। আপুনি ব্যৱসায়ত অ-প্ৰত্যাশিত লাভ অৰ্জন কৰিব। আপুনি পাবলগীয়া ধন উদ্ধাৰ কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

কোনোবা নতুন ব্যক্তিক লগ পোৱাৰ সুযোগ আপুনি পাব। আপুনি তেওঁৰে সাক্ষাতৰ সময়ত আনন্দত উঠলি উঠিব পাৰে। সেই ব্যক্তিজনৰ কমনীয়তাই আপোনাৰ অন্তৰ দখল কৰাটো নিশ্চিত । আপোনাৰ বিত্তীয় অৱস্থা অধিক ভাল হ'ব। লিখা, সম্পাদনা কৰা আৰু অন্যান্য সৃষ্টিশীল কামৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে অতি অনুকূল সময়। সকলোৰে আগত আপোনাৰ সৃষ্টিশীল ক্ষমতা প্ৰতিফলিত হব।

কন্যা: (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি কাৰোবাৰ লগত সম্পৰ্ক গঢ়াৰ পূৰ্বে কথাটো ভালদৰে আৰু নীৰলে চিন্তা কৰি লব। আপোনাৰ সকলো আবেগ-অনুভূতি প্ৰকাশৰ বাবে খৰখেদা কৰাৰ প্ৰয়োজন নাই। সম্পৰ্ক গঢ়াৰ পূৰ্বে সেই ব্যক্তিজনৰ বিষয়ে আপুনি প্ৰথমে ভালদৰে জানি লোৱা উচিত। আপুনি কোনো বিতৰ্ক বা আলোচনাৰ বিষয়বস্তু হব পাৰে। আপুনি বিতৰ্ক এৰাই চলাৰ প্ৰয়োজন। আপোনাৰ পৰিকল্পনা আৰু প্ৰকল্পসমূহ সফল হব। আপোনাৰ জীৱনযাত্ৰাচ মানসিক চাপ থাকিব।

তুলা : (২৩ চেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ আবেগ-অনুভূতি নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন আৰু ইয়ে জীৱনত এটা নতুন অধ্যায়ৰ সূচনা কৰিব। আপুনি মানসিক চাপক বিদায় জনাওক, কাৰণ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে এক সুখী মনেৰে আৰু অধিক দৃঢ়তাৰে জীৱনৰ মুখামুখী হব। আপুনি অধিক উত্সাহ আৰু খং দেখুৱাব পাৰে, যিয়ে আপোনাৰ পৰিকল্পনা নষ্ট কৰিব। এই সময়ছোৱাত আপুনি কোনো মানুহকে ধন ধাৰে নিদিব, কাৰণ সেই ধন ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ পৰা অনুগ্ৰহ বিচাৰিব পাৰে আৰু সেয়া দিবলৈ আপুনি ইচ্ছা প্ৰকাশ কৰিব । আপুনি আনন্দিত হৈ থাকিব, যিয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক সহজ আৰু নিশ্চিতভাবে অধিক সুখৰ কৰিব। সমাজ কল্যাণমূলক কামত আপুনি সফলতা অৰ্জন কৰিব। চন্দ্ৰ আপোনাৰ ৰাশিচক্ৰৰ ধৰ্মীয় স্থানত আছে, গতিকে আপুনি আধ্যাত্মিক কাম-কাজৰ প্ৰতি আকৰ্ষিত হব। আপোনাৰ প্ৰেম-ৰোমান্স বৃদ্ধি পাব আৰু প্ৰেমৰ ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আজি এটা সিদ্ধান্ত লব লাগিব। আপুনি প্ৰেমক গভীৰভাবে লৈছেনে, নে মাথোঁ ধেমালি বুলি লৈছে ? এই বিষয়ত আপুনি নিজৰ ওচৰতে বিবুধিত পৰিব আৰু সান-মিহলি অনুভৱৰ মাজত থাকিব। আপোনাৰ ইতিবাচক চিন্তা আৰু দৃষ্টিভংগীয়ে আপোনাক জীৱনত আগুৱাই নিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সংগ আপুনি জীৱনত উন্নতি সাধনত সহায়ক হব। আপোনাৰ কোনো বিত্তীয় সমস্যা নাথাকিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

অসন্মতি আৰু বাদানুবাদে আপোনাৰ প্ৰেমৰ সম্পৰ্ক তিক্ত কৰি তুলিব পাৰে। গতিকে আপুনি ভাল লগাকৈ থাকিবলৈ আৰু বাদানুবাদ এৰাই চলিবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক কম দূৰত্বৰ ভ্ৰমণ কৰিব পাৰে। আপুনি কঠিন কৰিব পৰা অৱস্থাত উপনীত হব। আপুনি সম্পদৰ সৈতে জড়িত বিষয়ত অধিক পদক্ষেপ লব। ঘৰৰ পৰা বাহিৰলৈ যাওঁতে আপুনি কোৱা খাদ্য আৰু পানীয়ৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব।

কুম্ভ: (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কোনো ঘনিষ্ঠ বন্ধুৰ পৰা পোৱা খবৰে আপোনাৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিব। আপুনি তেওঁৰ লগত ভৱিষ্যতৰ পৰিকল্পনা কৰিছে আৰু ইয়ে প্ৰচুৰ উত্সাহ-উদ্দীপনা আনিব। আপোনাৰ কামৰ পৰিৱেশ উন্নত হব। আপোনাৰ ঘৰৰ জ্যেষ্ঠসকলৰ পৰা পোৱা মৰম আৰু আশীৰ্বাদ আপোনাৰ বাবে ডাঙৰ সম্পদত পৰিণত হব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি ভাল কামৰ জৰিয়তে পুৰস্কৃত হব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি সহযোগিতাপূৰ্ণ হব । তেৱোঁ আপোনাৰ প্ৰতি এনে আচৰণ প্ৰদৰ্শন কৰিব। আপোনাৰ শত্ৰু আৰু বিৰোধীৰ বহু চেষ্টা সত্বেও আপোনাৰ ক্ষতি কৰিবলৈ সক্ষম নহব। বহু লোকে আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিব আৰু আপোনাক সমৰ্থন কৰিব।

Next Story
চাকৰি