Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১২ জুলাই, ২০২১ )

মেষ, বৃষ, মিথুন আজি বিভিন্ন ৰাশিৰ ব্যক্তিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১২ জুলাই, ২০২১ )

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 July 2021 3:44 AM GMT

মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)

আপোনাৰ প্ৰেমিক-প্ৰেমিকা সৰ্বকালৰ অধিক সহায়কাৰী আৰু মৰমীয়াল হৈ উঠিব আৰু আপোনাক কিহে অশান্তি দি আছে, সেয়া জানিবলৈ বিচাৰিব। আপুনি সুয়োগ-সুবিধা লওক কাৰণ ইয়ে আপোনাক আপোনাৰ মন ভাঙি পৰাৰ ৰক্ষা কৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। আপোনাৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰত আপোনাৰ শত্ৰু সফল নহব। আপুনি ব্যৱসায়ত উন্নতিৰ বাবে সম্ভৱপৰ সকলো কামেই কৰিব আৰু সফল হব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

প্ৰেম-জীৱনত অশান্তি কৰি থকা কথাবোৰ মীীমাংসা কৰোতে আপোনাৰ দৃঢ়তা অধিক বৃদ্ধি পাব আৰু সহজতে সমস্যা সমাধান কৰিব। আপুনি কিছুমান নতুন কথা শিকিবলৈ পাব। আজিৰ পিছবেলাৰ সময় শান্তিপূৰ্ণ হব। এই সময় হৈছে আপোনাৰ ব্যক্তিগত সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ সময়। আপুনি আনক উদ্বুদ্ধ কৰিব। আপুনিও আনৰ বাবে কাম কৰিবলৈ প্ৰস্তুত থাকিব। এই সময়ছোৱা আপোনাৰ বাবে অনুকূল সময়।

মিথুন : (২২ মে' – ২১ জুন)

যদি আপুনি দুখৰ যন্ত্ৰণা এৰাব বিচাৰে তেন্তে আপুনি কোনো বন্ধুক যোগাযোগ কৰাৰ সুযোগ নেহেৰুৱাব। আপুনি প্ৰচুৰ আনন্দ মিশ্ৰিত উত্তেজনাৰ মুহূ্ৰ্ত পাব পাৰে। আপুনি কম দূৰত্বৰ ভ্ৰমণ হাতত লব পাৰে। আপুনি স্বাস্থ্যজনিত কোনো সমস্যাৰ সন্মুখীন হব পাৰে। আপোনাৰ পাৰদৰ্শিতাক লৈ আপোনাৰ জ্যেষ্ঠ বিষয়াসকল সন্তুষ্ট হব। ব্যৱসায়ৰ চুক্তিৰ ক্ষেত্ৰত দৃষ্টি ৰাখক, অন্যথা হাতৰ পৰা সুযোগ হেৰাব পাৰে।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বুজাপৰাৰ গুণে আপোনাৰ মন উজলাই তুলিব। অন্যথা অতিৰিক্ত কাম আৰু দুয়ো একলগে সময় পাৰ কৰিবলৈ সুয়োগ নোপোৱাটোৱে আপোনাৰ মনত বিৰক্তিবোধৰ জন্ম দিব পাৰে। আপুনি কৰ্ম-জীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য বৰ্তাই ৰখাৰ প্ৰয়োজন। আপুনি নতুন বস্তুৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। সংবাদ মাধ্যম, কলা, ব্যৱসায় আৰু সৃষ্টিশীল কামে আপোনাক আকৰ্ষণ কৰিব। আপুনি বিয়াৰ লেখীয়া কামৰ বাবে প্ৰস্তুতি চলাব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ বাবে আজিৰ দিনটো সুন্দৰ হব। আপুনি শেহতীয়াকৈ কাৰোবাৰ প্ৰতি অনুভৱ কৰা আকৰ্ষণে আপোনাৰ ব্যস্ত কৰি ৰাখিব আৰু আপোনাৰ মনক হতাশ হবলৈ নিদিব। প্ৰমেৰ দেৱতাই আপোনাক আনন্দ-উদ্দীপনাৰ শীৰ্ষত বান্ধিব। আপুনি আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰো ভালদৰে তত্বাৱধান লব। আপুনি আপোনাৰ ঘৰৰ চাকৰ-নাকৰকো সুবিধা প্ৰদান কৰিব আৰু তেওঁলোকৰো তত্বাৱধান লব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

এই মুহূৰ্তবোৰ উপভোগ কৰাৰ বাবে আপুনি কোনো ঠাই ভ্ৰমণ কৰিব। আপুনি যি সপোন আৰু আশাৰ কথা আপোনাৰ জীৱনসংগীৰ লগত ভাগ-বাটোৱাৰা কৰিছে, সিয়ে দুয়োজনৰে জীৱন অধিক উপভোগ্য কৰিব। এই সময় অতি উপভোগ্য সময়। আপোনাৰ গৃহত এক সুখ-শান্তিৰ বাতাবৰণ বিৰাজ কৰিব। চৰকাৰী চাকৰিয়ালসকল লাভান্বিত হব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি এতিয়ালৈকে অনভিজ্ঞ হৈ থকা প্ৰেমৰ কোনো ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰে। আপুনি অধিক আগ্ৰাসী হব পাৰে আৰু ভাল ফলাফল পাব। আপুনি আপোনাৰ কৰ্তব্য অতি ভালদৰে সম্পাদন কৰিবলৈ সক্ষম হব। আপোনাক সুখ দিয়া কোনো কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম হব আৰু ভাল লাভ পাব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি সমস্যাৰ সমাধান বিচাৰি পাব। আপুনি কৰি থকা অপেক্ষাৰ অন্ত পৰিব। আকৌ এবাৰ আপোনাৰ জীৱনলৈ সুখ ঘূৰি আহিব। আপোনাৰ আজিৰ দিনটো আনন্দ-স্ফূৰ্তিৰ হব। সময়ে আপোনাক ভাল ফল দিব। আপোনাৰ জীৱন প্ৰাচুৰ্যৰে ভৰি পৰিব। আপুনি আন্তৰিকতাৰে কামত গুৰুত্ব দিব। আপোনাক কৰ্মত উন্নতি কোনো বন্ধু বা আত্মীয়ই সহায় কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

এক আনন্দিত মনে আপোনাৰ মনক অধিক অভিযানপ্ৰিয় কৰি তুলিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত জীৱনে দিয়া সকলোখিনি আপুনি উপভোগ কৰিবলৈ বিচাৰিব। ভাল খবৰে আপোনাৰ সুখৰ অনুভূতি অধিক বৃদ্ধি কৰিব। সময়মতে আপুনি সকলো কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হব। আপোনাৰ সুবিধাৰ বাবে আপুনি কিছুমান সামগ্ৰী সংগ্ৰহ কৰিব। আপুনি আপোনাৰ সহকৰ্মীৰ লগতো সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

প্ৰেমৰ সম্পৰ্কই আপোনাক দোধোৰ-মোধোৰত পেলাব পাৰে। আপুনি কেনেদৰে পৰিস্থিতি চম্ভালিব, সেয়া নজনাৰ বাবে পৰিস্থিতি অদিক বেয়া হব পাৰে। অৱশ্যে অ-প্ৰত্যাশিতবাবে কাৰোবাৰ পৰা সহায় পাব পাৰে। আপুনি আপোনাৰ কামত ব্যস্ত থাকিব। আপুনি চাকৰি বা ব্যৱসায় সলনি কৰাৰ বাবে এয়াই সঠিক সময়। আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি কথা-কাণ্ডবোৰ সহজভাবে নলব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি বিশৃংখলাতাৰে এটা প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰিব পাৰে আৰু সেই সম্পৰ্ক শেষ হোৱাৰ আশংকাত থাকিব। অৱশ্যে আপুনি সোনকালেই নিজক বুজি পাব আৰু কাম-কাজবোৰ শীতল মগজুৰে চম্ভালি লব। আপোনাৰ পৰিয়ালত একতা অব্যাহত থাকিব । আপোনাৰ লগত ভ্ৰাতৃ-ভগ্নীৰ সম্পৰ্ক অধিক বৃদ্ধি পাব। আপুনি আয় বৃদ্ধিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব। আপুনি কাম আৰু পৰিয়ালৰ কৰ্তব্যৰ মাজত ভাৰসাম্য ভালকৈ ধৰি ৰাখিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

নিজকে এবাৰ ওভতি চোৱা কাৰ্যই আপোনাক বহুলভাবে ুপকৃত কৰিব। যিহেতু প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপোনাৰ আইডিয়াই কোনো ফল দিয়া নাই, গতিকে আপুনি আপোনাৰ চিন্তা-চৰ্চা কিঞ্চিত সলনি কৰা প্ৰয়োজন। আপুনি নিজৰ মাজতে কিছু পৰিৱৰ্তন অনুভৱ কৰিব। আপুনি আপোনাৰ কামত সফলতা অৰ্জন কৰিব। আপোনাৰ শত্ৰুবোৰ পৰাজিত হব। আপুনি কোনো ঘনিষ্ঠজনৰ লগত শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব।

Next Story
চাকৰি