আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৩ জুলাই, ২০২১)

মেষ, বৃষ, মিথুন আদি বিভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটো
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৩ জুলাই, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক তিক্ত হোৱাৰ পৰা আপুনি ৰক্ষা কৰিব পাৰে, কাৰণ সকলো সমস্যাৰ সমাধান সূত্ৰ আপোনাৰ হাততে আছে। আপুনি সলো মানুহৰ প্ৰতি একে আৰু সমান আচৰণ কৰিব। ইয়ে আপোনাৰ আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বাবে অভূতপূৰ্ব কাম কৰিব। আজি আপুনি প্ৰচুৰ ধন লাভ কৰিব। আপুনি কিছুমান কামৰ ফল এতিয়া লাভ কৰিব। আপুনি সম্পূ্ৰ্ণ সক্ৰিয়তাৰে সামাজিক কামো কৰিব। আপুনি নতুন যোগাযোগৰ পৰা লাভান্বিত হব।

বৃষ: (২১ এপ্ৰিল – ২১ মে' )

এজন সৃষ্টিশীল ব্যক্তিৰূপে আপুনি আপোনাৰ প্ৰেম-ৰোমান্স অধিক আনন্দদায়ক কৰি তোলাৰ পথ বিচাৰি পাব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ বিচাৰিব পাৰে । আপোনাৰ চৰকাৰী কাম সম্পূ্ৰ্ণ হব। আপুনি খৰধৰকৈ লোৱা কোনো সিদ্ধান্ত সলনি কৰিব পাৰে। আপুনি আপোনাৰ ব্যক্তিগত কামৰ বাবে সময় নাপাব। আপুনি ক্ষোভ-অসন্তুষ্টি মনত সামৰি থব লাগিব।

মিথুন : (২২ মে' – ২১ জুন)

আপুনি এক ৰোমাণ্টিক ভ্ৰমণত যাব পাৰে আৰু এটা উদ্দেশ্যত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লগত নিয়াৰ কথা চিন্তা কৰিব পাৰে । আপুনি তেওঁক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। আজি আপুনি ব্যৱসায়ৰ কামত ভ্ৰমণ কৰিব পাৰে। আপুনি এই ভ্ৰমণ আপোনাৰ বাবে কেনেদৰে উপযোগী কৰিব, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে। আপুনি বহু সা-সুবিধা পোৱাৰ বাবে ভগবানক ধন্যবাদ জনাওক।

কৰ্কট : (২২ জুন – ২২ জুলাই)

হতাশাৰ অনুভূতিয়ে আপোনাৰ মন বেয়াকৈ ধৰাশায়ী কৰিব পাৰে। ইয়ে আপোনাৰ আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কত আউল লগাব পাৰে। আপুনি খৰতকীয়াভাবে আপোনাক চম্ভালি লোৱাৰ প্ৰয়োজন হব। আপোনাক ব্যৱসায় বা কামত ভালেখিনি উন্নতি ঘটিব। আপোনাৰ ভাগ্য চক্ৰত গ্ৰহৰ অৱস্থান ভাল। ব্যাপক আলোচনাৰ পাছত প্ৰতিটো কাম কৰিব। অধিক পাবলৈ আপোনাৰ লোভ থাকিলেও কিঞ্চিত মানতে সন্তুষ্ট হব লাগিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সুখী আৰু তেওঁৰ লগত আধ্যাত্মিক বান্ধোন গঢ়ি তুলিব। ভাল ভৱিষ্যতৰ ইংগিত দি দুয়োৰে মাজত মধুৰ সম্পৰ্ক বিৰাজ কৰিব । আপোনাৰ ঘৰ নতুনত্বৰে ভৰি পৰিব। ধন অৰ্জনৰ বাবে সময় অনুকূল। আপোনাৰ স্বাস্থ্য উন্নত হব। আপুনি ঘৰ বা সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ সৈতে বিবাহপাশত আবদ্ধ হবলৈ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক উদ্ধুদ্ধ কৰিব। অনেক উত্সাহ-উদ্দীপনাৰ মাজত আপোনাৰ বিয়াৰ আয়োজন হব পাৰে। আজিৰ দিনটোত আপুনি সৃজনশীলতা আৰু উত্পাদনশীলতাৰ দিশৰ পৰা সৰ্বোত্কৃষ্টতাৰ চূড়াত থাকিব। কোনোবা মানুহে আপোনাক প্ৰত্যাহ্বান জনাব পাৰে আৰু আপুনি আনন্দৰে তাক গ্ৰহণ কৰিব। ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আপোনাৰ অনুৰাগ থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

অতি বেছি কামৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিব নোৱাৰি হতাশ হব। আপুনি বিৰক্তিকৰ প্ৰেমিক বা প্ৰেমিকাক বুজনি দিবলগীয়া হব পাৰে, কিন্তু আপুনি সুন্দৰকৈ বুজনি দিব। ধন অৰ্জনৰ আপোনাৰ তীব্ৰ আকৰ্ষণ থাকিব। আৰু আপুনি কিছু পৰিমাণে এই ক্ষেত্ৰত সফল হব। আপোনাৰ শত্ৰু শক্তিশালী হব

, কিন্তু আপোনাৰ সন্মুখত থিয় দিবলৈ সক্ষম নহব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি সপোন কঢ়িয়াই ফুৰক, কিন্তু একে সময়তে প্ৰেক্টিকেলো হব। আপুনি প্ৰত্যাশা হ্ৰাস কৰক কাৰণ তেনে প্ৰত্যাশা অতি কমসংখ্যক মানুৱেহে পূৰণ কৰিবলৈ সক্ষম হয়। সময় সম্পূৰ্ণৰূপে আপোনাৰ অনুকূলে থাকিব। আপুনি শান্তি আৰু শীতলতা অনুভৱ কৰিব। মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰাৰ আপোনাৰ চুম্বকীয় শক্তি আছে। আোপনাৰ কাম সম্পূৰ্ণ হৈ উঠিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লৈ সুখী হ'ব। কাৰণ তেওঁ আপোনাৰ দৰেই চিন্তা-চৰ্চাৰ গৰাকী হব। আপুনি ভদ্ৰ আৰু ৰুচীশীল হব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক প্ৰতিটো ক্ষেত্ৰতে পাৰ্যমানে সা-সুবিধা দিব। কাম-কাজবোৰ সুন্দৰ হব। আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি কৰবাৰ পৰা ভাল খবৰ পাব পাৰে। আপুনি কাম বা ব্যৱসায়ত সফল হব। আপোনাৰ আয় ভাল হব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি কোনো ভাও নধৰিব, সেয়া ইমানেই খাঁটি হব যে সিয়ে মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব। যদি আপুনি অ-বিবাহিত তেন্তে আপুনি আপোনাৰ বাবে উপযুক্ত জীৱনসংগী পাব। কোনোমতে ব্যৱসায় আৰম্ভ কৰিলেও আপুনি ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি ব্যক্তিগত যোগোযোগৰ বলত কাম আদায় কৰিবলৈ সক্ষম হব। মানুহে আপোনাক সহায় কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ )

আপুনি মানুহৰ সংগ উপভোগ কৰিব আৰু আপুনি আপোনাৰ কমনীয়তাৰে বহু মানুহক আপোনাৰ প্ৰতি আকৰ্ষণ কৰিব। আপুনি কোনো উদ্যমী তথা উজ্জীৱিত ব্যক্তিৰ প্ৰেমত পৰাৰ বাবে আপোনাৰ প্ৰেম-ৰোমান্স আকৰ্ষণীয় হৈ উঠিব। আপোনাৰ ভাগ্য উদয় হব। আপোনাৰ আত্মবিশ্বাস দৃঢ় হব। আপোনাৰ প্ৰাণ শক্তিৰে উজ্জীৱিত হৈ থাকিব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ আৰু শক্তিশালী হব। আপুনি বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত লব পাৰিব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি অতি মোহনীয় আৰু দৃঢ়তাসম্পন্ন হব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক এইটো গুণৰ বাবে অধিক ভাল পাব। আপোনালোক দুজনে পৰস্পৰৰ সংগ উপভোগ কৰিব আৰু দুয়ো নিজকে অধিক সামাজিক কৰি তুলিব। আপুনি বিবাদ বা আদালতৰ গোচৰৰ সন্মুখীন হবলগা হব পাৰে। স্বামী-স্ত্ৰীৰ মাজত ব্যৱধান থাকিব। কিন্তু আপুনি কাম বা ব্যৱসায়ত সফল হব। শান্ত-সৌম্য থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com