আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৪ জুলাই, ২০২১ )

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটো
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৪ জুলাই, ২০২১ )

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ আত্মবিশ্বাস কম হ'ব, গতিকে আপুনি প্ৰথমে পদক্ষেপ লবলৈ সংকোচবোধ কৰিব। আপুনি আকৰ্ষণ অনুভৱ কৰা ব্যক্তিজন আপোনাৰ প্ৰতিও আকৰ্ষিত হ'ব। আপোনাৰ কৰ্মৰ গতি আজি দুপৰীয়াৰ পৰা হ্ৰাস পাব। টকা-পইচাৰ ক্ষেত্ৰত আপুনি ঠগ খাব পাৰে। হঠাতে কিছু সমস্যাই দেখা দিব পাৰে। আপুনি কোনো ইতিবাচক কাম কৰিবলৈ সক্ষম নহব। কামৰ হেঁচাৰ মাজত আপুনি বোজা অনুভৱ কৰিব। আৰাম কৰক।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

সকলো ধৰণৰ চিন্তাই আপোনাৰ মন ভৰি পৰিব । ফলত আপুনি অস্থিৰ অনুভৱ কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ সন্দেহৰ কলীয়া ডাৱৰৰ সৃষ্টি হব আৰু আপুনি মানসিক শান্তি হেৰুওৱাব। আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত সকলো সমস্যা সমাধান হ'ব। পাৰস্পৰিক সম্পৰ্কত শত্ৰুতা দূৰ কৰি আপুনি কামত গুৰুত্ব আৰোপ কৰিব। কোনো অভিজ্ঞ ব্যক্তিৰ দিক-নিৰ্দেশনাত প্ৰতিবন্ধকতা আঁতৰ হব। আজি আপুনি সৃষ্টিশীলতাৰ ক্ষেত্ৰত সৰ্বোচ্চ চূড়াত উপনীত হ'ব।

মিথুন : (২২ মে' – ২১ জুন)

এটা ইতিবাচক দৃষ্টিভংগীয়ে আপোনাৰ প্ৰেমৰ মাত্ৰা বৃদ্ধি কৰিব। প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপোনাক আজি একোৱেই ৰখাব নোৱাৰে। আনকি কৰ্ম-জীৱনত অধিক মনোযোগৰ প্ৰয়োজন হলেও আপুনি প্ৰেম-ৰোমান্সৰ প্ৰতিহে অধিক গুৰুত্ব দিব। আপুনি প্ৰিয় আৰু জ্ঞানদায়িনী সাহিত্য পঢ়ি অধিক সময় পাৰ কৰিব। আজিও দিনটো আপোনাৰ বাবে সৰ্ব-দিশৰ পৰা লাভান্বিত হোৱাৰ দিন। আপুনি বন্ধুবৰ্গৰ লগত পুৰণি স্মৃতি ৰোমন্থন কৰিব। আপোনাৰ উপস্থাপনো সাংঘাটিক হব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

কেতবোৰ সমস্যা সত্বেও আপুনি আপোনাৰ প্ৰেম ধৰি ৰাখিব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মন জয় কৰিবলৈ সক্ষম হব। আপুনি জীৱন মান উন্নত কৰাৰ ধাৰণা বা আইডিয়া বিচাৰি পাব। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী বা আন কোনো জ্যেষ্ঠ বিষয়াৰ পৰা পৰামৰ্শ লবলগা হব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত সু-বিবেচনাৰে বিনিয়োগৰ সিদ্ধান্ত লওক।

সিংহ : (২৩ জুলাই -–২৩ আগষ্ট)

আপুনি প্ৰেমত পৰাৰ সময়ৰে পৰা আপোনাৰ চিন্তাৰ প্ৰসাৰ বা মানসিক স্বাধীনতা পাবলৈ সক্ষম নহ'ব পাৰে । কিন্তু ইয়াকে লৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কাজিয়া নকৰিব। সময় আপোনাৰ অনুকূলে আছে। অভিজ্ঞ ব্যক্তিৰ সংগই আপোনাক সুখ দিব। সম্পত্তিৰ লগত জড়িত কাম সম্পন্ন হ'ব। আপুনি কৰ্ম-পৰিধি বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা অনুসৰি কাম কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ প্ৰিয়জনৰ প্ৰতি গুৰুত্ব দিয়ক। কাৰণ তেওঁ আপোনাৰ দ্বাৰা অৱহেলিত হোৱা বুলি অনুভৱ কৰিব পাৰে। আপুনি ভবাতকৈ এই কাম কৰা সহজ আৰু ইয়াৰ ফলাফল হিয়াভৰা হ'ব। আপোনালৈ কিছু ভাল খবৰ আহিব। আপুনি পদোন্নতি পাব পাৰে। আপুনি বসবাসৰ স্থান সলনি কৰিব পাৰে। আপুনি লক্ষ্যত উপনীত হব। আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

ব্যৱসায়ত অংশীদাৰিত্ব সূত্ৰে আপুনি বৃহত্ লাভ আদায় কৰিব। কামৰ জৰিয়তে আপুনি ধন লাভ কৰি থাকিব। আপুনি পৰিয়ালৰ লগত ভাল সময় উপভোগ কৰিব। আপোনাৰ লগত আপোনাৰ জীৱনসংগীৰ মধুৰ বান্ধোন থাকিব। কৰ্মস্থলীত আপুনি কিছুমান কঠোৰ সিদ্ধান্ত লব। এনে সিদ্ধান্ত সমূহে আপোনালৈ ইতিবাচক ফল আনিব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ আৰু শক্তিশালী হৈ থাকিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আজি আপোনাৰ পদক্ষেপে আপোানলৈ সফলতা আনিব। আপুনি সভা-আলোচনাত ব্যস্ত থাকিব। আৰু আপুনি আনৰ ওপৰত ৰেখাপাত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী হৈ থাকিব। আপুনি দুখীয়া-নিচলাক সহায় কৰিব। ইয়ে আপোনালৈ মানসিক শান্তি কঢ়িয়াব। আপুনি আপোনাৰ পত্নী বা স্বামী আৰু সন্তানৰ পৰা সুখ পাব। আৰু আপুনি তেওঁলোকৰ সৈতে উত্পাদনশীল সময় অতিবাহিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষা আৰু সাক্ষাতকাৰত সফলতা অৰ্জন কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আজি ব্যৱসায় বা বৃত্তিত ডাঙৰ লাভ অৰ্জন কৰিব। আপুনি অভূতপূৰ্ব বিত্তীয় লাভালাভো অৰ্জন কৰিব। আপুনি নতুন ঘৰ বা বিলাসী গাড়ী কিনাৰ পৰিকল্পনা কৰিব। আপোনাৰ ঘৰত শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিব। আপুনি কোনো উত্সৱ বা ভোজভাতৰ বাবে আয়োজনত ব্যস্ত থাকিব। আপুনি মানুহৰ লগত যোগায়োগ স্থাপনৰ বাবে সকলো পথ মুকলি কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজি আপুনি এটা ভাল দিন উপভোগ কৰিব। আৰু আপুনি সুখে-সন্তোষেৰে থাকিব। আপুনি কৰ্মস্থলীত কৰ্তৃত্বৰে কাম কৰিব। আপুনি নিজা পদক্ষেপৰ জৰিয়তে ভাল ধন অৰ্জন কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ লগত অপূৰ্ব সুন্দৰ সময় অতিবাহিত কৰিব। আপুনি আমোদ-প্ৰমোদ, মনোৰঞ্জন আৰু আনন্দ—্ফূৰ্তি কৰিবলৈ যোৱাৰ সিদ্দান্ত লব। আপুনি আনৰ সহায়কো হব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আজিৰ দিনটো আপোনাৰ বাবে অপূৰ্ব সুন্দৰ দিন হব। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব। আপোনাৰ আয় দুগুণ হ'ব। আপুনি আপোনাৰ ঘৰ বা কাৰ্যালয় নতুনকৈ সজোৱা বা পুনৰনিৰ্মাণৰো সিদ্ধান্ত লব। আপোনাৰ কৰ্ম-ক্ষেত্ৰত আপুনি নিজৰ আধিপত্য বিস্তাৰ কৰিব। আপুনি আপোনাৰ অধীনৰ কৰ্মচাৰীৰ পৰা সন্মান আদায় কৰিব। কোনোবাই আপোনাক ব্যয়বহুল উপহাৰ দিব পাৰে।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আহি থকা সময়ৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ আজিৰ দিনটোৱেই ভাল দিন হব। আপুনি সামান্য কামৰ জৰিয়তে অধিক আয় কৰা অৱস্থানত থাকিব। আপুনি মানুহৰ সৈতে থকা যোগাযোগৰ উত্তম ব্যৱহাৰৰ কথা চিন্তা কৰিব। অতীতত কৰি অহা কঠোৰ পৰিশ্ৰমৰ সুযোগ লোৱাৰ বাবে এয়াই উপযুক্ত সময়। আপুনি ভূমি-সম্পত্তিৰ ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ নতুন ৰোমাণ্টিক সম্পৰ্ক গঢ় ল'ব পাৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com