আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৬ জুলাই, ২০২১)

মেষ, বৃষ, মিথুন আদি ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৬ জুলাই, ২০২১)

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰিয়ালৰ সদস্যবৰ্গৰ লগত চিনাকি কৰাই দিয়া কাৰ্যই আপোনাক সুখী নকৰিব পাৰে। নিজৰ যোগ্যতাক লৈ নিশ্চিত নোহোৱাটোৱে আপোনাৰ অন্তৰত সোনকালেই ভয়-আতংকৰ বীজ ৰোপন কৰিব পাৰে। নীতি নিৰ্ভৰ বিষয়ত আপুনি কিছুমান সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তসমূহৰ কাৰ্যকাৰিতা আপুনি পিছত পৰ্যবেক্ষণ কৰিব লাগিব। আপোনাৰ নাম আৰু খ্যাতি বৃদ্ধি পাব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ সম্পৰ্কত ঘূণে ধৰিলেও আপুনি সম্পৰ্ক ভালে ৰাখিবলৈ সক্ষম হ'ব। যদি আপুনি সম্পৰ্ক জটিল কৰি তোলা বিষয়বোৰ সমাধান নকৰে তেন্তে ভুলৰ অৱতাৰণা হ'ব পাৰে। আপুনি আপোনাৰ শিক্ষা, পচ্ছন্দৰ কলেজ বাছনি আদিক লৈ আপোনাৰ মনত থকা দুঃশ্চিন্তাৰ অন্ত পৰিব।

মিথুন: (২২ মে' – ২১ জুন)

আপোনাৰ প্ৰেম-জীৱন অধিক মসৃণ আৰু অৰ্থপূৰ্ণ কৰিবলৈ আপুনি উত্সাহিত হ'ব। এয়া কৰাটো অতি কঠিন কাম নহ'ব। কাৰণ আপোনাৰ কাষত আপোনাক উত্সাহ-উদ্দীপনা দিয়া আপোনাৰ প্ৰেমিক বা প্ৰেমিকা থাকিব। সকলোখিনি ভাল হ'ব। আজি আপুনি প্ৰাণ-প্ৰাচুৰ্য আৰু উদ্যমৰে পূৰ্ণ হ'ব। আপোনাৰ বিত্তীয় অৱস্থা ভাল। আপুনি পদোন্নতিও পাব ।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপুনি পাৰ্টীত অংশ ল'ব পাৰে আৰু নিশা নাচিবলৈ ইচ্ছা কৰিব পাৰে। সন্ধিয়া এনে এটা বিশেষ অনুষ্ঠানত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে অংশ লোৱাৰ কথা ভাবিব পাৰে। এই অনুষ্ঠান অতি আকৰ্ষণীয় হ'ব। কোনো তুচ্ছ কথাক লৈ আপোনাৰ সহকৰ্মীৰ লগত আপোনাৰ সংঘাত হ'ব পাৰে। কথা কোৱাৰ আগতে আপুনি চিন্তা কৰাৰ প্ৰয়োজন। ইয়ে আপোনাৰ অনেক সহায় কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰকৃতিয়ে যিহেতু ফ্লাৰ্ট কৰিব বিচাৰে, গতিকে আপুনি কোনো অশান্তিদায়ক ৰোমান্সত পৰিব পাৰে আৰু আপুনি তেওঁক স্থায়ী সংগীৰূপে ৰাখিবলৈ বিচাৰিব। এটা আনন্দ-মিশ্ৰিত উত্তেজনাপূৰ্ণ দিনে আপোনালৈ অপেক্ষা কৰিছে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সহায়ত সকলো কঠিন সফলতাৰে কৰিব। আপুনি ফলদায়ক কাম-কাজত জড়িত থাকিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি উচাংগ হ'বলৈ বিচাৰিব আৰু আপোনাৰ সংগীয়ে আপোনাৰ যতন লোৱাটো বিচাৰিব। আপুনি নিশ্চয়তা নিশ্চয়তা বিচাৰিব। কাৰণ আপুনি লক্ষ্য হৈ পৰাৰ কথা চিন্তা কৰিবলৈ নাপাব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব। আপোনাৰ ব্যৱসায়ৰ শ্ৰীবৃদ্দিৰ বাবে আপুনি অংশীদাৰী চু্ক্তি কৰিব পাৰে। এয়া আপোনাৰ বাবে লাভদায়কৰূপে প্ৰমাণিত হ'ব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ সপোনৰ ব্যক্তিজন আপোনাৰ ওচৰলৈ আহিবলৈ লৈছে। গতিকে আপুনি প্ৰফুল্লিত মনেৰে সাজু হওক। কাৰণ তেওঁ আপোনাৰ হৃদয় জয় কৰিব। আপুনি গোপনে ৰাখিব বিচৰা কিছুমান কথা ফাদিল হ'ব পাৰে। আপোনাৰ স্বাস্থ্য ভাল হ'ব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ জীৱনসংগীয়ে কি বিচাৰে, সেয়া সময় ওলিয়াই চিন্তা কৰক । আপুনি কিছুমান কৌশলৰ আশ্ৰয় ল'বলগীয়া হ'ব পাৰে। আপুনি নিজৰ আকাংক্ষা পূৰণ কৰিব বিচাৰেনে? আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক কোনো কথা ক'বলৈ বিচাৰিব পাৰে। কথা-বতৰাবোৰ আপোনাৰ অনুকূলে ঢাল খাব। আপোনাৰ বাবে এক উত্তম সময় আৰম্ভ হওঁ হওঁ হৈছে। আপুনি অনুকূল সময়ছোৱা ব্যৱহাৰ কৰক।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হ'ব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত প্ৰতিটো মুহূৰ্তই কটাবলৈ বিচাৰিব। আপুনি নিশ্চিত হ'ব পাৰে যে আপোনাৰ বিয়াৰ সময় কাষ চাপিছে। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। পাৰিবাৰিক কাম-কাজত আপোনাৰ প্ৰতিপত্তী বৃদ্ধি পাব। পৰিয়াল আপোনাৰ সম্পূ্ৰ্ণ নিয়ন্ত্ৰণত থাকিব।

মকৰ: (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মাজত কোনো দিশ আৱিষ্কাৰ কৰিব। কোনো বাদানুবাদত লিপ্ত নহ'ব। অন্যথা প্ৰেমৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। আপুনি শান্ত মনেৰে সমস্যা সমাধান কৰিব লাগিব। ভ্ৰাতৃৰ সৈতে সম্পত্তি সম্পৰ্কীয় বিবাদ সৌহাৰ্দ্য পূৰ্ণতাৰে নিষ্পত্তি হ'ব। আপুনি আয়ৰ লগত সামঞ্জস্য ৰাখি ঘৰ পৰিচালনা কৰিব। ই লাভদায়ক হ'ব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ সুন্দৰ চেহেৰা আৰু আকৰ্ষণীয় আচাৰ-আচৰণে বহুতকে আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। তেওঁলোকে আপোনাৰ সৈতে সময় কটাবলৈ বিচাৰিব। আপুনি প্ৰেমৰ সম্পৰ্ক আগুৱাই নিবলৈ বিচাৰিব আৰু চিৰকাল বৰ্তাই ৰাখিবলৈ বিচাৰিব। আপুনি আজি টকা-পইচাৰে জড়িত বিষয়ৰ কামত ব্যস্ত থাকিব। আপুনি নিজৰ মূল্যায়ন কৰিব। এই সময় আপোনাৰ জীৱনৰ কেতবোৰ কথা সলনি কৰাৰ বাবে ।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

সময়ৰ বান্ধোনে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপোনাৰ কাষ চপাই আনিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সোনকালে বিয়াত বহিবলৈ ইচ্ছা নকৰিলেও আপুনি বিবাহপাশত আবদ্ধ হ'বলৈ ব্যগ্ৰ হৈ পৰিব। আপোনাৰ মনৰ পৰা দুঃশ্চিন্তা-দুৰ্ভাৱনা দূৰ হ'ব আৰু কামৰ ফলাফল ভাল হ'ব। আপোনাৰ মনত উদয় হোৱা নতুন নতুন চিন্তা-ভাৱনাত বুৰ যাব। আপোনাৰ ঘৰ আৰু পৰিয়াল আপোনাৰ প্ৰথম অগ্ৰাধিকাৰৰ বিষয় হ'ব। আপুনি ঘৰ আৰু পৰিয়ালৰ বাবে প্ৰচুৰ সময় ব্যয় কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com