Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ জুলাই, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ জুলাই, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 July 2021 4:08 AM GMT

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

এটা ভাল খবৰে আপোনাক সুখী কৰিব । কৰ্মস্থলীৰ কথাই আপোনাৰ প্ৰেম-জীৱনত ব্যাঘাত হানিব। অৱশ্যে পৰাজয় স্বীকাৰ নকৰিব আৰু প্ৰেম-জীৱন আৰু কাম- দুয়োটাকে চম্ভালী ল'বলৈ সকলো উজাৰি দিব । প্ৰায় শেষ হোৱা কামটো বাধাগ্ৰস্ত হব। কামত অসাৱধান হোৱাৰ বাবে আপুনি মূল্য ভৰিব লাগিব। সাৱধানবাণীক দলিয়াই নেপেলাব।

বৃষ : (২১ এপ্ৰিল- ২১ মে')

আপুনি জীৱনত আন এক শিখৰত অৱগাহন কৰিব আৰু সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ যো-জা চলাব। সৃষ্টিশীল ব্যক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সংগ উপভোগ কৰিব আৰু সৃজনশীলতাকো উপভোগ কৰিব। আপুনি বৈষয়িক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ আকাংক্ষাবোৰ পূৰণ হব। আপুনি জ্ঞানবৰ্ধক সাহিত্য পঢ়ি সময় অতিবাহিত কৰিব।

মিথুন : (২২ মে' – ২১ জুন)

প্ৰেমৰ সম্পৰ্ক আপোনাৰ নিয়ন্ত্ৰণলৈ আহিব, গতিকে আতংকিত হোৱাৰ প্ৰয়োজন নাই। আপোনাৰ ধূৰ্তামিক লৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা বিমোৰত পৰিব আৰু আপোনালোকৰ সম্পৰ্ক ক'লৈ অগ্ৰসৰ হৈছে, তাৰ বিষয়ে ভাবিব। আপুনি ব্যৱসায়ত এটা ডাঙৰ সুযোগ পাব। কঠিন প্ৰতিদ্বন্দ্বিতা সত্বেও আপুনি ভাল ফল পাব। আপুনি ভাল উন্নতি সাধন কৰিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

প্ৰেমৰ সম্পৰ্ক অধিক অৰ্থপূৰ্ণ কৰাৰ বাবে আপোনালোক দুয়োজনে শান্ত মগজুৰে সুন্দৰকৈ কথাবোৰ চিন্তা কৰা উচিত । আপোানলোকে আপোনালোকৰ সম্পৰ্কত নথকা সাম্যতা ঘূৰাই আনিব পাৰিব। আপুনি টেঙৰালি আৰু ইচ্ছাশক্তিৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হব। কাৰ্যালয়ত আপুনি দুঃশ্চিন্তামুক্ত হৈ থাকিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি বহুখিনি কৰিবলগীয়া হ'ব । কাৰণ কথা-বতৰাবোৰ আপোনাৰ পক্ষত নাই। আপোনাৰ প্ৰিয়জনৰ দুঃশ্চিন্তাৰ কাৰণৰ বিষয়ে জানক। তাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে সেয়া জানক। আপোনাৰ পাৰদৰ্শিতাকলৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ মুগ্ধ হব। আপুনি এটা পদোন্নতি পাব পাৰে। আপুনি কৰ্মস্থলী বা ব্যৱসায়ত উল্লেখনীয় সফলতা অৰ্জন কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে বহু সময় কটাবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি আপোনাৰ প্ৰেম-জীৱনৰ বাবে সময় দিবলৈ আহৰি নাপাব। কিন্তু এনে অৱস্থা দীঘলীয়া সময় ধৰি নাথাকে, গতিকে তাকে লৈ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল হব। আপুনি আলহী-অতিথিক আদৰণী জনোৱাত ব্যস্ত থাকিব আৰু এটা বন্ধৰ দিন লব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি অতীতৰ কোনো অপ্ৰীতিকৰ প্ৰসংগ উত্থাপন কৰাৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাক লৈ বিৰক্ত হব। আপুনি পৰিস্থিতি কেনেদৰে চম্ভালিব, সেই কথা নাজানি আপুনি হৃদয়ত দুঃখ পাব আৰু এনে কিছুমান কথা কব যিবোৰৰ বাবে আপুনি অনুতপ্ত হব। আপুনি কোনো ডাঙৰ প্ৰতিযোগিতাত জয়ী হব। আপুনি স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিব আৰু নিজক সুস্থ-সবল কৰি ৰাখিব। আপুনি মানসিক শান্তি পাব আৰু আগতকৈ ভাল অনুভৱ কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি কামেৰে ভৰি থকা এটা দিনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে ফুৰিবলৈ যাব পাৰে। আপোনালোক দুয়োজনে বিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিব। আপুনি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান দৰ্শন কৰিব আৰু মানসিক শান্তি পাব। আনৰ কাম বা কথাত হস্তক্ষেপ নকৰিব। শত্ৰুৱে আপোনাক বশ কৰিব নোৱাৰে।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

এই সময় আপুনি নিজে সিদ্ধান্ত লৈ আগবঢ়াৰ সময়। পৰিয়ালৰ সকলো সদস্য গোট খাই দিনটো বিশেষভাবে উদযাপন কৰিব পাৰে। সকলোৰে বাবে এই সময় মহত্বপূৰ্ণ সময় হ'ব পাৰে । সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ এটা ধাউতি থাকিব আৰু আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

কিছু সময়ৰ বাবে আপুনি মানসিকভাবে সকলোৰে শীৰ্ষত অৱগাহন কৰি থাকিব। আপুনি উপলব্ধি কৰিব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সুখী কৰি ৰখাটো ইমান সহজ নহয়। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বিশেষ অনুভৱ কৰাৰ বাবে পদক্ষেপ লব। আপোনাৰ জীৱনত থকা প্ৰতিবন্ধকতা দূৰ হব। সমাজত আপোনাৰ স্থান বৃদ্ধি পাব। আপোনাৰ সন্তানৰ সৈতে জড়িত সমস্যা সমাধান হব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

অ-সুৰক্ষিত অনুভৱ কৰা কাৰ্যই আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ অন্তৰংগতা হ্ৰাস কৰিব। আপুনি নিশ্চিত হব বিচাৰিব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায় বিচাৰিব। প্ৰয়োজনত তেওঁৰ দিহা-পৰামৰ্শও বিচাৰিব। এজন মহান ব্যক্তি বা সন্যাসীৰ পৰা আপুনি আশীৰ্বাদ লাভ কৰিব । কামৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা দূৰ হব। শত্ৰুৱে আপোনাক বশ কৰিব নোৱাৰিব।

মীন : ( ১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি নিবিচাৰিলেও আপুনি ৰোমাণ্টিক জীৱনৰ ক্ষেত্ৰত সিদ্ধান্ত লব লাগিব। আপোনাৰ প্ৰজ্ঞাই এইক্ষেত্ৰত আপোনাক সহায় কৰিব। আপুনি নিজৰ চিন্তাৰ মাজতে উত্তৰ বিচাৰি পাব। আপুনি সেয়া অনুধাৱন কৰা উচিত। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী আৰু সুস্থিৰ হব। আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব।

Next Story
চাকৰি