Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৯ জুলাই, সোমবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৯ জুলাই, সোমবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 July 2021 4:39 AM GMT

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমিকাৰ প্ৰয়োজনীয়তাৰ প্ৰতি অধিক গুৰুত্ব দিব আৰু সেয়া পূৰণ কৰাৰ চেষ্টা চলাব। এতিয়া আপুনি আপোনাৰ ৰোমাণ্টিক জীৱনত গুৰুত্ব দিবলৈ প্ৰচুৰ সময় পাব। কিন্তু তাকে কৰাৰ প্ৰয়োজনো নহব। আপুনি আধৰুৱা হৈ থকা কাম সম্পূৰ্ণ কৰিব। আপোনাৰ বাবে সময় ভাল নহয়, বৈবাহিক জীৱনত অশান্তি হব পাৰে। আপুনি ভাল সময়ৰ বাবে অপেক্ষা কৰিবলগীয়া হব পাৰে।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ প্ৰেম-জীৱন শামুকীয়া গতিৰে অগ্ৰসৰ হব, ইয়ে আপোনাৰ আত্মবিশ্বাস প্ৰকৃতাৰ্থতে হ্ৰাস কৰিব। এই দিশত আপুনি অধিক পদক্ষেপ লব, কাৰণ আপোনাৰ জীৱনত ইয়াৰ গুৰুত্ব আছে। আপুনি নিজতকৈ আপোনাৰ সন্তানকলৈ অধিক উচ্চাকাংক্ষী হ'ব। আমি আপোনাৰ সন্তানক বহু সা-সুবিদা দিব। আপুনি আপোনাৰ শুভাকাংক্ষীৰ দ্বাৰা পৰিৱেষ্টিত হৈ থাকিব।

মিথুন : (২২ মে' – ২১ জুন)

কোনো কোনো সময়ত আপোনাৰ প্ৰয়োজনীয়তা উপেক্ষিত হব পাৰে। যেতিয়া এনে ঘটে, তেতিয়া আপুনি নিজৰ অধিকাৰৰ বাবে যুঁজ দিব লাগিব।আৰু আপুনি দৃঢ়তা আৰু আগ্ৰসী ভাব প্ৰদৰ্শনো কৰিব লাগিব। আপুনি অভূতপূৰ্ব লাভ অৰ্জন কৰিব। সকলো চিন্তা-দুৰ্ভাৱনা সত্বেও আৰম্ভণি ভাল হব। টকা-পইচাৰ ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব। আপোনাৰ ব্যৱসায় বৃদ্ধি পাব।

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি মনে বিচাৰি থকাজনক আজি লগ পোৱাটোৱে দিনটোক স্মৰণীয় কৰি ৰাখিব। প্ৰেমৰ দেৱতা আপোনাৰ পক্ষত থকাৰ পৰিপ্ৰেক্ষিতত আপুনি নিশ্চিত থাকক যে সকলো ভালেই হব। প্ৰেমৰ ক্ষেত্ৰত আপুনি সফলতা অৰ্জন কৰিব। আপুনি নতুন কাপোৰ, আ-অলংকাৰ আৰু আন আন বস্তু ক্ৰয় কৰিব পাৰে। আপোনাৰ কামে গতি লব আৰু প্ৰচুৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সুন্দৰ সম্পৰ্ক ৰাখিব আৰু ইয়ে আপোনাৰ প্ৰেমক এটা নতুন উচ্চ শিখৰলৈ নিব। প্ৰবাসৰ কাৰোবাৰ লগত কৰা যোগাযোগৰ জৰিয়তে আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আজিৰ দিনটো আপোনাৰ বাবে অতি ভাল দিন। আপোনাৰ নাম-যশস্যা আৰু সন্মান বৃদ্ধি পাব । আপুনি কামত উন্নতি সাধন কৰিব। আপুনি আপোনাৰ ব্যৱসায়তো উত্তৰণৰ সুয়োগ পাব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ধৰি ৰখাৰ বাবে চেষ্টা চলালেও সফল হবনে নহয়, তাকে লৈ মাজে-সময়ে শংকিত হৈ থাকিব। আপোনাৰ প্ৰতি অনেক সহায়-সহযোগ আগবঢ়াই আপোনাৰ জীৱনসংগীয়ে আপোনাৰ মনোবল বৃদ্ধি কৰিব। আপুনি জীৱনত অনেক পৰিৱৰ্তন অনুভৱ কৰিব। আপোনাৰ প্ৰিয়জনক আপুনি উপহাৰ দিব পাৰে। কামৰ পৰিকল্পনা বাস্তৱত ৰূপায়িত হব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি ভাল সময়ৰ দিশে অগ্ৰসৰ হৈছে । আপুনি বিবাহপাশত আবদ্ধ হবলৈ বিচৰাৰ অ-প্ৰত্যাশিত অনুভৱে আপোনাৰ অন্তৰত দোলা দিব । গতিকে আপুনি আপোনাৰ প্ৰিয়জনক বিয়াৰ প্ৰস্তাৱ আগবঢ়াব। আপুনি কৰ্মত নিযুক্ত প্ৰচুৰ সুযোগ পাব। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব। কোনো অপৰিচিত ব্যক্তিৰ লগত কৰা লেনদেনে আপোনাক লাভান্বিত কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ প্ৰেম-জীৱন আৰু কৰ্ম-জীৱনত ভাৰসাম্য ৰখাৰ বাবে সময়ক লৈ মিছা মাতিবলগীয়া হব পাৰে। কাম আৰু প্ৰেম-জীৱন-দুয়োটাই আপোনাক ব্যস্ত কৰি ৰাখিব। ইয়ে আপোনাক ভাগৰুৱা কৰি তুলিব। আপোনাৰ বন্ধুবৰ্গ আৰু আন লোকক লগ কৰাৰ বাবে এয়াই শ্ৰেষ্ঠ সময় । আপুনি আপোনাৰ ভাড়াতীয়াৰ পৰা পাবলগীয়া পইচা পাব। আপুনি আপোনাৰ দায়িত্বও ভালদৰে কান্ধ পাতি ল'ব।

ধনু: (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি কামত যথোচিত মনোযোগ দিয়া উচিত । কাৰণ ই আপোনাৰ বাবে অতি লাভদায়ক হব। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মুহূৰ্তত আপুনি দিয়া মনোযোগে আপোনাৰ সুখ আৰু শান্তি নিশ্চিত কৰিব। আপোনাৰ জ্ঞান বৃদ্দিৰ বাবে এয়াই ভাল সময়। সময়ৰ অগ্ৰগতি আপোনাৰ বাবে অনুকূল। চৰকাৰৰ সৈতে সম্পৰ্কিত আপোনাৰ কাম সম্পূৰ্ণ হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

কোনো বিষয়ক লৈ সন্মুখীন হবলগীয়া চিন্তাৰ বাবে আপুনি প্ৰস্তুত হওক । এজন ঘনিষ্ঠ বন্ধুৱে আপোনাক সহায় কৰিব আৰু আপোনাৰ যন্ত্ৰণা হ্ৰাসৰ চেষ্টা কৰিব। আপুনি ধন পাব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক গবীৰ হব। আপুনি আধ্যাত্মিক বিষয়ৰ প্ৰতি আকৰ্ষিত হব আৰু আধ্যাত্মিক জ্ঞান দিয়া ব্যক্তিজনৰ ওপৰত আপোনাৰ বিশ্বাস থাকিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি দোধোৰ-মোধোৰ অৱস্থাত থাকিব পাৰে। আপুনি মানসিকভাবে আগ্ৰাসী হোৱাৰ প্ৰয়োজন অনুভৱ কৰিব। কিন্তু আপোনাৰ আবেগ-অনুভূতিয়ে সেয়া কৰিবলৈ নিদিব। আপুনি কি কৰিব, মাথোঁ তাক লৈ চিন্তা কৰি থাকিব। এই দিনটো আপোনাৰ বাবে আমোদ-প্ৰমোদ আৰু আৰাম কৰাৰ দিন। আপুনি কাৰোবাক ধাৰে দিয়া ধন ঘূৰাই পাব। দূৰৈত বায় কৰা কোনো ব্যক্তিৰ সৈতে আপুনি সংযোগ স্থাপন কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

এটা সুন্দৰ দিন আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপুনি কোনো ব্যক্তিক লগ পাই ভালেখিনি শিঁহৰিত হব।আপুনি ধন-সম্পত্তি আৰু সুখ আহৰণ কৰিব। সকলো কামতে আপোনাৰ ক্ষমতা দেখি আপোনাৰ উৰ্ধতন বিষয়া সুখী হব । আজিৰ দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ দিন। আপোনাৰ আয় ভাল হব।

Next Story
চাকৰি