আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল,(২০ জুলাই , ২০২১)

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল,(২০ জুলাই , ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ প্ৰেমৰ সম্পৰ্কত পৰিৱৰ্তন ঘটাৰ বাবে আপুনি অশান্তি ভোগ কৰিবলগীয়া হব পাৰে। এইক্ষেত্ৰত ভাল কথাটো হ'ল যে আপুনি নতুনকৈ মূৰ দাঙি উঠিব আৰু এটা নিৰ্দিষ্ট ধৰণেৰে কথাবোৰ চম্ভালি ল'ব। আপুনি সাৱধানেৰে গাড়ী চলাব, অন্যথা সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি দীঘদিন ধৰি ভোগ কৰি থকা অসুখৰ পৰা সকাহ পাব। আপুনি যোগ, ধ্যান আৰু ধৰ্মৰ প্ৰতি আগ্ৰহী উঠিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

প্ৰেমৰ সম্পৰ্ক নিজৰ নিয়ন্ত্ৰণত ৰখাৰ বাবে সঘনে অস্থিৰতাৰ মাজত কাম কৰিব লাগিব। আপুনি ইতিবাচক দৃষ্টিভংগীৰ জৰিয়তে বহু অনুগামী লাভ কৰিব। আপুনি বিলাসী সামগ্ৰী ক্ৰয়ৰ বাবে হাতখুলি ধন খৰচ কৰিব। আপুনি এক কঠিন সময়ৰ সন্মুখীন হব। আপুনি অতিৰিক্ত দায়িত্বৰ বোজা ল'ব লাগিব। আপুনি জটিল সমস্যাৰ সন্মুখীন হব পাৰে আৰু পৰিয়ালক সময় দিব নোৱাৰিব পাৰে।

মিথুন : (২২ মে' - ২১ জুন)'

এটা উপভোগ্য জীৱনত অংশগ্ৰহণত যি ভয়ে দেখা দিছে, সেয়া এৰাই চলক । আপোনাৰ ভাল সামাজিক দক্ষতা আৰু এটা বন্ধুত্বসুলভ দৃষ্টিভংগী আছে । আপুনি সেই তীব্ৰ মোহনীয়তাৰ বলত সকলোকে নিজৰ ফালে সহজে আকৰ্ষণ কৰিবলৈ সক্ষম হব। আপুনি কোনো সভা বা আলোচনাচক্ৰত অংশ ল'ব, য'ত আপুনি আপোনাৰ জ়্ানৰ বলত সকলোৰে ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থলীত আপুনি চৰম উত্কৰ্ষ সাধন কৰিব।

কৰ্কট : (২২ জুন- ২২ জুলাই)

যদিও আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ কাষতে থাকিব, আপুনি কিন্তু যিকোনো সংকোচৰ ভাৱ শান্ত মনেৰে দূৰ কৰিব লাগিব। আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণত ৰাখিবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি জীৱনত ঘটা ঘটনাবোৰৰ প্ৰতি এটা ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। আপুনি বন্ধুত্বসুলভ আচৰণৰ সামাজিক দায়বদ্ধতাশীলতা আৰু আতিথ্য গুণেৰে এজন বুদ্ধিজীৱি বুলি প্ৰমাণিত হ'ব।

সিংহ : (২৩ জুলাই - আগষ্ট)

আপুনি কোনো পুৰণি প্ৰেমিক বা প্ৰেমিকাৰ লগত পুনৰ সম্পৰ্ক গঢ়াৰ তীব্ৰ আকাংক্ষা পুহি ৰখাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হব। আপোনালোক দুয়োজন ইয়াক আৰু দুয়ো দুয়োকে পুনৰ আৱিস্কাৰ কৰাৰ বাবে সুখী হ'ব । আপুনি মানুহৰ সমৰ্থন লাভ কৰিব। আপুনি সম্পূৰ্ণ উদাৰতাৰে কাম কৰিব। আপোনাৰ বৈবাহিক জীৱন ভাল হ'ব। আপুনি উত্সাহ-উদ্দীপনাৰে কাম সম্পূৰ্ণ কৰিব।

কন্যা: (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি প্ৰেমৰ সম্পৰ্ক নিজৰ নিয়ন্ত্ৰণত ৰাখিব বিচৰাৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা প্ৰায়ে বিৰক্ত হব। গতিকে আপোনাৰ প্ৰেম-জীৱনৰ পথ মসৃণ নহ'ব পাৰে । ভিন্ন প্ৰজন্মৰ মাজত থকা সংযোগৰ ব্যৱধান আপোনাৰ চেষ্টাত কিছু হ্ৰাস পাব। আপোনাৰ মৰমীয়াল প্ৰকৃতিয়ে আপোনাৰ বাবে বহুখিনি ভাল কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি কাৰ্যালয়ৰ কামত খৰধৰকৈ এটা ভ্ৰমণসূচী হাতত লব পাৰে আৰু এই ভ্ৰমণৰ সময়ত আপুনি কোনোবাজনৰ লগত প্ৰেমত পৰাৰ সম্ভাৱনা আছে । ই দীঘলীয়া প্ৰেমৰ সম্পৰ্ক হ'ব, কিন্তু ই এটা সুখপ্ৰদ সম্পৰ্ক হব। আপোনাৰ সামাজিক ক্ষেত্ৰ বৃদ্ধি পাব আৰু আপুনি আপোনাৰ বাসগৃহৰ মেৰামতি কৰিব। এজন তৃতীয় ব্যক্তিৰ সহায়ত আপোনাৰ আইনী বিবাদ নিষ্পত্তি হব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ ৰোমাণ্টিক জীৱন সুখৰ হ'ব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা দুয়োজনে আপোনালোকৰ সম্পৰ্কৰ বিষয়ে মানুহক জনাব আৰু বিবাহ নিশ্চিত কৰিব। আপুনি কোনো ঠাই ভ্ৰমণ কৰিব পাৰে। আপোনাৰ আয় বৃদ্ধি পাব। আপুনি মানসিক শান্তি লাভ কৰিব। আপুনি আবেগ-অনুভূতিৰ লগত জড়িত বিষয়সমূহক অগ্ৰাধিকাৰ দিব। ব্যৱসায়ত সহজে ধনৰ আগমণ ঘটাৰ বাবে আপুনি পৰিকল্পনা কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

কোনোবাই আপোনালৈ প্ৰেমৰ ইংগিত দিব পাৰে। আপুনি তাকে লৈ আনন্দিত হ'ব আৰু সেয়া বিচাৰিব, কিন্তু তাৰ বিষয়ে আপুনি অৱগত নহ'ব। সুখৰ সময় আহি থকা বুলি আপুনি অৱগত হওক। আপুনি বিলাস-প্ৰাচুৰ্যতাৰ মাজত বাস কৰিব। আপুনি আপোনাৰ ব্যৱসায়ত লাভ অৰ্জন কৰিব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলে আপোনাক প্ৰাপ্য সন্মান দিব। আপুনি আনন্দিত হ'ব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি পাৰ্টীত অংশ লব আৰু প্ৰচুৰ আনন্দ-স্ফূৰ্তি কৰিব। আপোনাৰ আয়বৃদ্ধিয়ে আপোনাক আপোনাৰ প্ৰেমিকা বা প্ৰেমিকাৰ বাবে ধন ব্যয় কৰিবলৈ উত্সাহিত কৰিব। আপুনি কোনো ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে। যদি আপুনি চাকৰিয়াল, তেন্তে আপোনাৰ দৰমহা বৃদ্ধি পাব পাৰে। আৰু যদি আপুনি ব্যৱসায় কৰে, তেন্তে আপুনি ব্যৱসায় সম্প্ৰসাৰণত সফলতা অৰ্জন কৰিব। আপোনাৰ পদক্ষেপ প্ৰশংসিত হব।

মীন : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা কিছুমান পৰিকল্পনাক আগত লৈ আগবাঢ়িব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সহায়ত এনে পৰিকল্পনা ৰূপায়ন কৰাটো সহজ হ'ব আৰু ইয়াৰ ফলাফলক লৈ আপুনি সন্তুষ্ট হ'ব। আপুনি এখন নতুন গাড়ী কিনাৰ পৰিকল্পনা কৰিব। আপুনি কূটনৈতিক ধৰণেৰে কাম সম্পূৰ্ণ কৰিব আৰু প্ৰত্যেকেই আপোনাৰ বুদ্ধিমত্তাক প্ৰশংসা কৰিব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি বিপদ-দুৰ্ভাৱনাৰ আশংকা কামৰ দায়িত্ব লোৱাৰ বাবে মানসিকভাবে সাজু হৈ নাথাকিব । আপোনাৰ সৃজনশীল গুণ কাম-কাজৰ ক্ষেত্ৰত সন্মুখলৈ আহিব। আপুনি প্ৰেম-ৰোমান্সক লৈ সুখী হোৱাৰ বহু কাৰণ বিচাৰি পাব আৰু ইয়ে আপোনাক সন্তুষ্ট কৰি ৰাখিব। আপুনি আপোনাৰ জ্ঞানৰ ভঁৰাল সমৃদ্ধ-চহকী কৰিব আৰু আপোনাৰ সন্তানৰ পৰা সন্তুষ্টি লাভ কৰিব। আপোনাৰ মনোবল ইতিবাচক হৈ থাকিব । আপুনি আপোনাৰ চেষ্টাৰ বলত প্ৰচুৰ ধন অৰ্জন কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com