আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২১ জুলাই, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটো
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২১ জুলাই, ২০২১)

                                                         আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ২১ জুলাই, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি নিজকে সম্পূৰ্ণ স্বাধীনতাৰহিত বুলি অনুভৱ কৰিব পাৰে । আপোনালোকৰ দুজনৰ মাজত সঘনে হৈ থকা কাজিয়া-পেচালৰ বাবে ইজনে সিজনক দোষাৰোপ কৰিব পাৰে। আপোনাৰ চিন্তা-ধাৰাৰ সম্প্ৰসাৰণে আপোনাক প্ৰচুৰ সহায় কৰিব পাৰে। অপোনাৰ প্ৰেম জীৱনৰ ক্ষেত্ৰত মিঠা অনুভূতি এটা স্পষ্ট কাৰণ হৈ থাকিব। আপুনি আপোনাৰ সৌন্দৰ্য আৰু ব্যক্তিত্ব বৃদ্ধিৰ এটা সুোগ পাব।, যিয়ে সকলোকে মুগ্ধ কৰিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি ব্যক্তিগত সমস্যা সমাধান কৰাৰ প্ৰয়োজন হ'ব, কিন্তু আপুনি তেনে সমস্যা সমাধানৰ কথা পাছলৈ থব, কাৰণ আপুনি আপোনাৰ প্ৰেম-জীৱনৰ কেতবোৰ বিষয়ত আপুনি জৰুৰীভাবে গুৰুত্ব দিয়াৰ প্ৰয়োজন হ'ব। অধিক ইতিবাচক হবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক দিন হব। আপোনাৰ বৈবাহিক জীৱনত সুখ বৃদ্ধি পাব । আপুনি কম দূৰত্ব ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ মানসিক আৰু শাৰীৰিক সামৰ্থ্য বৃদ্ধি পাব।

মিথুন: (২২ মে' - ২১ জুন)

আপুনি গুৰুত্বপূৰ্ণ কথা-কাণ্ডবোৰ সঠিকভাবে ঠান-থিত লগোৱাৰ বাবে আপুনি আপোনাৰ দৃষ্টিভংগী সলনি কৰিব লাগিব। যদি আপুনি অধিক নেতিবাচক হয়, তেতিয়া আপুনি অধিক সমস্যাৰ সন্মুখীন হব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্ক মসৃণ নহব। আপোনাৰ পিতৃ-মাতৃ আৰু ভ্ৰাতৃ-ভগ্নীয়ে আপোনাক সমৰ্থন কৰিব। তেওঁলোকে ঘৰত বাহিৰত খাই-বৈও আনন্দ-স্ফূৰ্তি কৰিব। আপোনালৈ নতুন চাকৰি /ব্যৱসায়ৰ অফাৰ আহিব।

কৰ্কট : (২২ জুন-২২ জুলাই)

যদি আপুনি পৰিস্থিতিক লৈ সতৰ্ক নহয়, তেন্তে ক্ৰমে শেষ হবলৈ ধৰা প্ৰেমৰ সম্পৰ্ক পুনৰুদ্ধাৰ কৰাটো কঠিন হ'ব । আপোনাৰ মনৰ পৰা অদৰকাৰী চিন্তা-ভাৱনা দূৰ কৰক আৰু অধিক সঁহাৰিদায়ক হওক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো ফলদায়ক দিন । যদি ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা লোৱা হয়, তেন্তে তেওঁলোকে উন্নত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কলৈ আপুনি অধিক উত্সাহ-উদ্দীপনা কঢ়িয়াব পাৰে । আপুনি সন্মুখীন হোৱা সকলো প্ৰত্যাহ্বান এটা ইতিবাচক আৰু সৃষ্টিশীল পদ্ধতিৰে মোকাবিলা কৰিব পাৰে। আপোনাৰ ব্যয় বৃদ্ধি পাব, কিন্তু আয়ো ভাল হব। আপুনি সামাজিক কাম-কাজতো অংশ লব। আপুনি সমস্যা-অশান্তিৰো সন্মুখীন হব। কিন্তু কিবা প্ৰকাৰে আপুনি সমস্যাবোৰ সমাধান কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ উদ্যম-স্পৃহা কম থকাৰ পৰিপ্ৰেক্ষিতত আপুনি ৰোমাণ্টিক জীৱন উপভোগ কৰিব নোৱাৰিব। ইয়ে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত আপোনাক পিছুৱাই আনিব । আপোনাৰ পৰিয়ালৰ কোনো সদস্য হাস্পতাললৈ যাব পাৰে। আপুনি আপোনাৰ জীৱন উপভোগ কৰোঁতে সজীৱতা অনুভৱ কৰিব কাৰণ আপুনি এটা সুখপ্ৰদ খবৰ পাব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ গভীৰ প্ৰেমৰ সম্পৰ্কত বিত্তীয় সমস্যাই জটিলতাৰ সৃষ্টি কৰিব পাৰে। যদি কথাটো এনে হয়, তেন্তে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আকাংক্ষাৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন। আপুনি আপোনাৰ গৃহক আপোনাৰ স্বামী বা পত্নী আৰু সন্তানৰ বাবে উপযোগী কৰি তোলাৰ প্ৰয়োজন। সকলো কথাই সহজ হৈ উঠিব। আপুনি অতি ব্যস্ত থাকিব, কিন্তু আপুনি আপোনাৰ প্ৰিয়জনৰ সংগত সুখ-সন্তুষ্টি পাব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আত্মবিশ্বাসৰ অভাৱ আপোনাৰ বাবে এটা অনিৰ্ণীত বাধা হৈ দেখা দিব পাৰে। ইয়ে আপোনাক নিজকে খুলাখুলিকৈ প্ৰকাশ কৰাত বাধা দিব পাৰে। আপুনি আত্মবিশ্বাসেৰে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা পাতক, কাৰণ ইয়ে আপোনাক সহায় কৰিব পাৰে। ইয়াৰ ফলাফল ভাল হব। আজিৰ দিনটো আপোনাৰ বাবে ভাল আৰু শান্তিপূৰ্ণ হব। আপুনি কিঞ্চিতমান কামৰ জৰিয়তে অধিক লাভ অৰ্জন কৰিব। অতীতত কৰা কঠোৰ পৰিশ্ৰমৰ ফলৰ সুযোগ লোৱাৰ বাবে এয়াই হৈছে আপোনাৰ বাবে সঠিক সময়।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

প্ৰেম-জীৱন কেনেদৰে অধিক আকৰ্ষণীয় কৰিব পাৰি, তাৰ কিছুমান সুন্দৰ ধাৰণালৈ আপোনাৰ ওচৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা উপস্থিত হব। আপোনাৰ ক্ষেত্ৰত দেখা দিয়া কিছু সমস্যা সত্বেও আপুনি সপোন খেদি ফুৰিবলৈ ভাল পাব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকবি। অতীতৰ কেতবোৰ মুহূৰ্তকলৈ আপুনি আনন্দিত আৰু সুখী হব। আপোনাৰ আত্মীয়সকলে নিজৰ নিজৰ উপস্থিতি আপোনাক অনুভৱ কৰাব।

মকৰ: (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

অনাকাংক্ষিত পৰিস্থিতিয়ে আপোনাক আপোনাৰ কেতবোৰ গুণৰ অনুভৱ কৰাব, যিবোৰে আপোনাক অধিক আগ্ৰাসী অনুভৱ কৰাইছিল। আপুনি একালত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱ এতিয়া নথকা যেন অনুভৱ কৰিব। ঘৰত আপুনি কোনো মাংগলিক অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিব। আপুনি সুখী হব। আপোনাৰ আয় ভাল হব।আপোনাৰ স্বাস্থ্য অটুট থাকিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

হঠাতে সৃষ্টি হোৱা কেতবোৰ ডাঙৰ সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ জীৱনসংগীৰ সহায় বিচাৰিব। আপুনি সকলো সময়তে ভাল নাম-যশস্যাৰ মাজত থাকিব। আপুনি ভূমি আৰু সম্পত্তিৰ ক্ষেত্ৰত কৰা কাম আৰম্ভ হব। আপুনি নতুন বস্তু ক্ৰয় কৰিব। আপোনাৰ আচাৰ-আচৰণে ওচৰ-চুবুৰীয়াক সন্তুষ্টি দিব আৰু আপুনি তেওঁলোকৰ লগত ভাল সম্পৰ্ক বৰ্তাই ৰাখিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ কাম-কাজবোৰ সঠিক দিশত আগবঢ়াত আপুনি সুখী হব । আপুনি কোনো এক বিশেষ কাৰণত আপোনাৰ প্ৰিয়জনৰ লগত বাস কৰা স্থানৰ পৰা বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লব পাৰে। আপুনি ভালপোৱা কোনো নতুন স্থানলৈ বাস কৰা স্থান সলনি কৰিব পাৰে। আপুনি আৰাম অনুভৱ কৰিব। আপুনি পৰোক্ষভাবে পদোন্নতি পাব পাৰে আৰু ভাট্টাও লাভ কৰিব পাৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com