আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২২ জুলাই, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২২ জুলাই, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি খং-ৰাগ নিয়ন্ত্ৰণ কৰক, কাৰণ আপোনাৰ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত এই সময়ছোৱা অতি ভাল সময় নহয়। কোনো গুৰত্ব নথকা সৰু-সুৰা কথাত অধিক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকক। আপুনি আংশিক পৰিৱৰ্তন সাধন কৰিব পাৰে, যিয়ে আপোনাৰ লাভ বৃদ্ধি কৰিব। সফলতা অৰ্জনৰ নতুন কিটিপ ছাত্ৰ-ছাত্ৰীয়ে শিকিব পাৰে।

বৃষ (২১ এপ্ৰিল – ২১ মে')

আপুনি এক সুখী আৰু অধিক শান্তিপূৰ্ণ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ বাবে আপুনি কথা-বাৰ্তাবোৰ সঠিকভাবে খাপ খুৱাবলৈ অধিক পদক্ষেপ হাতত লব লাগিব। আপুনি প্ৰেমৰ সম্পৰ্কলৈ অধিক উত্সাহ-উদ্দীপনা অনাৰ বাবে প্ৰিয়জনৰ লগত এক চুটি ভ্ৰমণলৈ যাব পাৰে। আপুনি পেচাগত দিশত উন্নতি সাধনৰ বাবে ভাল সুযোগ পাব। আপোনাক লৈ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সুখী হ'ব। আপুনি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰতো নতুন সংযোগ পাব।

মিথুন: (২২ মে' – ২১ জুন)

আপোনাৰ প্ৰেমৰ সম্পৰ্কক আপোনাৰ পৰিয়ালে স্বীকৃতি দিয়াৰ পৰিপ্ৰেক্ষিতত আপোনাৰ মন সুখানুভূতিৰে ভৰি পৰিব। এক ডাঙৰ কামৰ পৰিকল্পনা কৰাৰ বাবে এই সময় হৈছে এটা লাভদায়ক সময়। আপুনি ঘনিষ্ঠজনৰ মাজত ভাল সময় পাব। সন্ধিয়াৰ সময়ত কথা-বতৰাবোৰ সলনি হব পাৰে আৰু আপোনাৰ প্ৰতিটো পদক্ষেপেই সফল হ'ব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

প্ৰেমৰ ক্ষেত্ৰত সফল হোৱাৰ বাবে আপুনি মধ্যম পন্থা অৱলম্বন কৰিব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভাল বুজাবুজি থকা সম্পৰ্ক স্থাপনৰ বাবে অনেক ধৈৰ্য ধৰিব লাগিব। বিত্তীয় দিশত আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব। ভগৱানৰ ওপৰত আপুনি আপোনাৰ বিশ্বাস বৃদ্ধি কৰিব। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী বিষয়াসকলৰ লগত ঘনিষ্ঠ সম্পৰ্কলৈ আহিব আৰু তেওঁলোকে আপোনাক উত্সাহ যোগাই যাব।

সিংহ: (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আচাৰ-আচৰণে আপোনাক সন্দেহী কৰি তুলিব আৰু আপুনি কি কৰিব লাগিব, তাৰ বাবে আপুনি তেওঁৰ সৈতে পাৰস্পৰিক আন্তৰিকতাৰে কথা পাতিব বিচাৰিব। আপুনি ভয়ত বাস কৰিবলৈ নিবিচাৰিব। আপোনাৰ শত্ৰু সক্ৰিয় হৈ উঠিব আৰু আপুনি কোনো নীচ যড়যন্ত্ৰৰ বলি হব পাৰে। পৰিয়ালৰ সম্পত্তিক লৈ আপোনাৰ ভ্ৰাতৃসকলৰ লগত আপোনাৰ সম্পৰ্ক জটিল হৈ উঠিব পাৰে। আপুনি পৰিস্থিতি নিৰীক্ষণত ৰখাৰ প্ৰয়োজন হ'ব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

এটা ডাঙৰ সমস্যা আপুনি যিমান পাৰে সিমান সোনকালে সমাধা কৰাৰ প্ৰয়োজন হব, কিন্তু তাকে কৰিবলৈ হলে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সমস্যাটোৰ কথা খুলি কব লাগিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আপুনি তৰ্কাতৰ্কিত লিপ্ত হবলগা হব পাৰে, যিয়ে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। আপুনি আপোনাৰ ঘৰৰ বাবে কোনো নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে । এই সময়ছোৱাত আপুনি সম্পূ্ৰ্ণৰূপে আধ্যাত্মিক আৰু নৈষ্ঠিক হ'ব পাৰে। মানুহ আপোনাৰ দ্বাৰা প্ৰভাৱিত হ'ব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ মাজত থকা বহুসংখ্যক ঋণাত্মক দিশ আঙুলিয়াই দিব পাৰে, গতিকে আপুনি এনে দিশ আঁতৰোৱাৰ বাবে আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিবলগা হব। আপুনি তেওঁক চম্ভালি লোৱাৰ বাবে তেওঁক সন্তুষ্ট কৰিবলৈ সুকীয়া সুকীয়া পথৰ কথা চিন্তা কৰিব পাৰে। আপুনি গৱেষণা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সময় উত্সৰ্গা কৰিব আৰু আধ্যাত্মিক আৰু ধৰ্মীয় গ্ৰন্থও পঢ়িব পাৰে। আপুনি বিত্তীয় লাভ অৰ্জন কৰাৰ ইংগিত ফুটি উঠিছে।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক অধিক উত্সাহ-উদ্দীপনা যোগাব লাগিব । স্বাৰ্থপৰতাই প্ৰাধান্য পোৱাত আপোনাৰ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত এটা ভয়-আশংকাৰ সৃষ্টি হব পাৰে। আপোনাৰ পিতৃৰ সৈতে বা আপোনাৰ ভাড়াতীয়াৰ লগত আপোনাৰ সৰু-সুৰা মত পাৰ্থক্য থাকিব । আপোনাৰ আত্মীয়-স্বজনে অশান্তিৰ সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত আপুনি ধৈৰ্য ধৰিব লাগিব আৰু নিজক সম্বৰণ কৰিব লাগিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

সঠিকভাবে কথা-বতৰাবোৰ আগনাবাঢ়িলে এক ভাৰসাম্যশীল দৃষ্টিভংগী ধৰি ৰাখিব। সময়ৰ সৈতে অহা উত্থান-পতনক মোকাবিলা কৰাৰ বাবে আপোনাক এটা অধিক প্ৰায়োগিক দৃষ্টিভংগীৰ প্ৰয়োজন হ'ব পাৰে। সন্তানৰ সৈতে জড়িত উদ্বেগ-আশংকা ভালেখিনি নিৰাময় হব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হোৱাত আপোনাৰ কেৰিয়াৰ সুস্থিৰ হ'বলৈ গতি কৰিছে।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি এটা ভাল সময়ৰ দিশে অগ্ৰসৰ হৈছে । পূৰ্বৰ তুলনাত আপুনি জীৱন অধিক উপভোগ কৰিবলৈ পাব। আপোনাৰ প্ৰেম-ৰোমান্সলৈ অহা সকলো ভাবুকি বোধহয় দূৰ হব। গতিকে আপুনি প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত সফল হোৱাৰ দিশত অগ্ৰসৰ হৈছে। আপোনাৰ প্ৰতিষ্ঠা, মৰ্যাদা আৰু গৌৰৱ উৰ্ধমুখী হ'ব। পৰিস্থিতি যিয়েই নহওক কিয়, আপুনি আপোনাৰ মূল্যবোধ আৰু আদৰ্শৰ সৈতে আপোচ নকৰিব ।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি কোনো নতুন চিনাকিৰ সৈতে প্ৰেমত পৰিব আৰু মুহূৰ্তৰ উত্তেজনাত তেওঁক বিয়াৰ প্ৰস্তাৱ আগবঢ়াব । এতিয়া আপুনি আপোনাৰ জীৱনৰ সম্পূৰ্ণৰূপে এটা নতুন অৰ্থ পাব। ব্যৱসায়ত আপোনাৰ লাভ বৃদ্ধি পাব। আপুনি আপোনাৰ ব্যৱসায়ত এটা পৰিৱৰ্তন সাধন কৰিব। ই আপোনাৰ বাবে লাভদায়ক প্ৰমাণিত হব। আপুনি বিত্তীয় লাভ অৰ্জনৰ ইংগিত সূচিত হৈছে।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক নতুন পৰিৱৰ্তনেৰে পূৰ্ণ হব আৰু ইয়ে অনেক ইতিবাচকতাৰ সংযোজন ঘটাব । এনে ইতিবাচক কথা আপোনাৰ প্ৰেমত পূৰ্বে নাছিল। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সুখী কৰিবলৈ আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। কোনো পক্ষৰ পৰা পাবলগীয়া ধন দীৰ্ঘদিনৰ মূৰত আপুনি লাভ কৰিব। আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে যিমানেই চেষ্টা নকৰক কিয়, আপোনাক পৰাভুত কৰিবলৈ সক্ষম নহ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com